Peeves the Poltergeist (হগৱাৰ্টচৰ ভিতৰুৱা কথা)




Peeves the Poltergeist

-----------(হগৱাৰ্টচৰ ভিতৰুৱা কথা)


        "পিভচ"ক চিনি পোৱানে ?? অশান্তি, কোলাহল, আতংকময় পৰিস্থিতি ভালপোৱা পিভচক ? হগৱাৰ্টচ যাদু মন্ত্ৰ আৰু তন্ত্ বিদ্যালয়ৰ সকলোৰে অপ্ৰিয় ভূত পিভচ । পিভচক ঠিক ভূতৰ শাৰীত থব নোৱাৰি, এটা অশৰীৰি শক্তি বুলি ক'ব লাগিব । ছাৰ কেডুগন, গ্ৰে লেডী, খুনি নৱাব, ছাৰ নিকোলাছৰ দৰে কেৱল কথা ক'ব পৰা ভূত নহয় পিভচ । পিভচ এটা জন্মগত ভূত । আৰু সেয়ে পিভচে ইচ্ছামতে কাপোৰ পিন্ধিব পাৰে, যিকোবস্তু ডাঙিব পাৰে, দলিয়াব পাৰে…মুঠতে মানুহৰ নিচিনাকৈ কাম পৰিব পাৰে । মন গ'লে অদৃশ্য হবও পাৰে ।
    'আৰ্গোচ ফ্লিচ' নামৰ স্কুলৰ চকিদাৰজন পিভচে আটাইতকৈ বেছি অশান্তি দিছিল । স্কুলৰ স্থাপন কালৰে পৰা স্কুলত স্বাধীন ভাবে ঘূৰি ফুৰা পিভচক স্কুলৰ পৰা খেদিবলৈ আৰ্গোচ ফ্লিচে কিমান যে উপায় নাভাবিছিল !! তেওঁৰ মেকুৰী 'মিছেচ নৰিছে" সদায় পিভচৰ গোচৰ আনিছিল ফ্লিচৰ ওচৰলৈ ।
   শান্তি তথা হাঁ‌হি ধেমালীৰ পৰিবেশ পিভচে বেয়া পাইছিল । স্কুলৰ ল'ৰা ছোৱালীক কেনেকৈ শাস্তি দিয়াব পাৰি সেই চিন্তাতে পিভচ ঘূৰি ফুৰিছিল । পিভচে নাগশক্তি হাউচৰ প্ৰমুখ্য ভূত "খুনি নৱাব"ৰ বাহিৰে কাৰোলৈকে ভয় নকৰিছিল, আনকি প্ৰফেচৰ ডাম্বলডৰলৈকো ! খুনি নৱাব আছিল এজন যুদ্ধত মৃত সৈনিক । হাতত খোলা তৰোৱাল আৰু গাত বগা বগা তেজৰ চেঁ‌কুৰা লৈ ঘূৰি ফুৰা খুনি নৱাবৰ নাম শুনিলেই পিভচে পলাই পতং দিছিল ।
    হেৰি পটাৰ, ৰণ, হাৰমায়নিহঁ‌তে যেতিয়া প্ৰথম বাৰৰ বাবে হগৱাৰ্টচলৈ গৈছিল তেতিয়া পিভচে গুৰুৰদ্বাৰ হাউচৰ কমন ৰূমৰ সন্মুখন সিহঁতৰ ওপৰত সৰু সৰু কাঠৰ টুকুৰা দলিয়াই আমনি দিছিল । আমি এতিয়া ক'বলৈ গ'লে নতুনকৈ অহা ল'ৰা ছোৱালীৰ ওপৰত পিভচে ৰেগিং কৰাৰ চেষ্টা কৰিছিল সদায়ে । পাৰ্চী ৱীজলি, যি নেকি সেইসময়ৰ প্ৰিফেক্ট আছিল গুৰুৰদ্বাৰ হাউচৰ সি খুনী নৱাবক মাতিম নেকি বুলি কোৱাত হে পিভচ আঁ‌তৰি গৈছিল । বাথৰূম নল খুলি দিয়া, ল'ৰা ছোৱালীক ভুল ৰাস্তা দেখুওৱা, মিছা কথাৰে মতি ভ্ৰম কৰা…এইবোৰত পিভচ ওস্তাদ আছিল । সকলোৱে পিভচ বেয়া পাইছিল যদিও পিভচে উপযুক্ত সময়ত সকলোকে সহায় কৰিছিল ।
     লৰ্ড ভল্ডেমৰ্ট ঘূৰি অহাৰ পিছৰ বছৰত হগৱাৰ্টচত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । যাদু মন্ত্ৰালয়ৰ পৰা ডাম্বলডৰক নিলম্বন কৰাৰ পিছত স্কুল পৰিচালনাৰ ভাৰ মন্ত্ৰ্যালয়ে কাঢ়ি নিছিল । "গুপ্ত মন্ত্ৰ শিক্ষা"ৰ অধ্যাপিকাৰ দায়িত্ব দিয়া হ'ল "ডলাৰ ওম্বৰিছ" নামৰ মহিলা গৰাকীক, যি নেকি যাদু মন্ত্ৰালয়ৰ বিষয়া আছিল । লাহে লাহে স্কুলৰ পৰিস্থিতি বেয়া হৈ যাবলৈ ধৰিলে । স্কুলৰ ভিতৰচৰাতে দুটা ফৈদৰ সৃষ্টি হ'ল । ওম্বৰিছৰ বিৰূদ্ধে নামি পৰিল একাংক ছাত্ৰ-ছাত্ৰী । পিভচেও ওম্বৰিছৰ বিৰূদ্ধে নিজা পৰিকল্পনাৰে বিভিন্ন কাম কৰিবলৈ ধৰিলে । পিভচক স্কুলৰ পৰা খেদিবলৈ ওম্বৰিছ উঠি পৰি লাগিল যদিও শেষ মুহূৰ্তত ভলডেমৰ্টৰ পদাৰ্পনে সকলো উলট পালট কৰি দিলে । দ্বিতীয় তথা অন্তিমখন যুদ্ধত হেৰি পটাৰ সপক্ষে থাকি পিভচেও ভলডেমৰ্টৰ বিৰূদ্ধে যুঁ‌জিলে । আৰু পৰিস্থিত ভাল হৈ অহাৰ পিছত আজিও পিভচে স্কুলৰ নতুন ছাত্ৰ ছাত্ৰীক অশান্তি তথা ভয় খুৱাবলৈ এৰা নাই ।
      ছাৰ নিকোলাচৰ মৃত্যুদিৱসৰ পাৰ্টি পিভচৰ উপস্থিতিক লৈ মত ভেদৰ সৃষ্টি হৈছিল যদিও শেষত থাক আহিবলৈ অনুমতি দিয়া হৈছিল । উল্লেখ্য যে *যাদুজগতৰ ইতিহাস* বিভাগৰ অধ্যাপক *প্ৰফেচৰ কাথবাৰ্ট বিনচ*ও পিভচৰ দৰে এজন ভূত আছিল ।
     যেতিয়াৰ পৰাই পিভচে গম পালে যে হেৰি পটাৰেই নাগশক্তি হাউচৰ উত্তৰাধীকাৰি, তেতিয়াৰ পৰাই তাৰ উৎপাত বাঢ়ি গ'ল । হেৰিক দেখিলেই
     _"পটাৰ পটাৰ, পাগল পটাৰ_
      _উল্টা পুল্টা মাত শুনা_
      _তুমি এটা চয়তান ল'ৰা…"_   এনেকুৱা গান কিছুমান সাজি সাজি গাবলৈ ধৰিলে । অৱশ্যে পিভচে ৰনৰ যঁ‌জা ককায়েকদ্বত ফ্ৰেড আৰু জৰ্জক ভাল পাইছিল । কাৰণ ফ্ৰেড আৰু জৰ্জেও স্কুলৰ নীতি নিয়মৰ বাহিৰত কাম কিছুমান কৰিছিল । এইটো কথাৰ পৰা নিশ্চিত ভাবে গম পোৱা যায় সে ফ্ৰেড আৰু জৰ্জে কৰা অন্যায় কামবোৰৰ খবৰ পিভচৰ হাতত থাকেই ।
    হেৰি পটাৰ চিৰিজৰ চিনেমাসমূহত  আন বহু কেইটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ দৰেই পিভচৰ চৰিত্ৰটোও দেখুওৱা হোৱা নাই ।

      Next:: ৱীংকি নামৰ ঘৰুৱা জিন (ভূত)জনীক চিনি পোৱানে ? বাৰ্টিমিয়াচ ক্ৰাউচ নামৰ যাদু মন্ত্ৰালয়ৰ আইন ৰক্ষক বিভাগৰ উচ্চপদস্থ বিষয়াজনৰ ঘৰুৱা ভূত ৱীংকি ! যাদু বিদ্যালয়ৰ ত্ৰিকোণীয় প্ৰতিযোগীতাত মৃৃত্যুৰ চিহ্ন উৎপন্ন কৰাৰ পিছত হেৰি পটাৰৰ যাদুদণ্ডৰ সতে মন্ত্ৰালয়ে ধৰা পেলোৱা ৱীংকি ? যিয়ে হেৰি পটাৰতকৈ আগতেই জানিছিল ভলডেমৰ্ট ঘূৰি আহিল বুলি !!

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post