সকলো কথা মনত ৰখা হ’ব

 

সকলো কথা মনত ৰখা হ

মূল উৰ্দু – আমিৰ আজিজ

অসমীয়া – বিকাশ দিহিঙ্গীয়া


 
তোমালোকে আন্ধাৰ লিখা আমি জোনাকী লিখিম,
তোমালোকে যামিনী লিখা আমি মৃগাঙ্ক লিখিম;
তোমালোকে আমাক কাৰাৰুদ্ধ কৰা, আমি দেৱাল ভাঙি তাতো লিখিম
তোমালোকে FIR লিখা, আমি সাজু আছো বুলি লিখিম,
তোমালোকে আমাক হত্যা কৰা, আমি ভূত হৈ হ’লেও
সেই হত্যাকাণ্ডৰ সকলো প্ৰমাণ লিখিম।
 
তোমালোকে আদালতৰ সতে বহি কৌতুক লিখা
আমি ৰাস্তাই ঘাটে ন্যায়ৰ কথা লিখিম,
বধিৰেও যাতে শুনা পায় ইমান ডাঙৰকৈ ক’
অন্ধয়েও যাতে পঢ়িব পাৰে ইমান জিলিকাই লিখিম।
 
তোমালোকে ক’লা পদুম আঁ‌কা, আমি ৰঙা গোলাপ আঁ‌কিম
তোমালোকে মাটিত ইয়াক অপৰাধ বুলি লিখা
আমি আকাশত গৈ ‘ইনকিলাব’ লিখিম
 
সকলো কথা মনত ৰখা হ’ব,
সকলোবোৰ কথাই মনত ৰখা হ’ব।
তোমালোকৰ লাঠী আৰু গুলীৰ আঘাতত মৃত্যু হোৱা
মোৰ সতীৰ্থসকলৰ নামত মনত ক্ষোভ কঢ়িয়াই ফুৰা হ’ব।
 
তোমালোকে চিঞাহীৰে মিছাহে লিখিবা
আমাৰ জনা আছে,
নিজৰ তেজেৰে হ’লেও সঁ‌চাবোৰ
যেনেকৈয়ে নহওক লিখা হ’ব।
 
মোবাইল, টেলিফোন, ইণ্টাৰনেট সেৱা দিন-দূপৰতে বন্ধ কৰি,
শীতল ৰাতিৰ গধুৰ এন্ধাৰত গোটেই চহৰখনক বন্দী সজাই,
মনে মনে হাতুৰী লৈ মোৰ ঘৰত সোমাই
মোৰ সৰু ধুনীয়া জীৱনটো ঘুণীয়া কৰি যোৱা;
মোৰ প্ৰিয়বন্ধুক মাজৰাস্তাত মৰিয়াই মৰিয়াই মাৰি পেলোৱা
আৰু তাৰপিছত দলৰ ভীৰত সোমাই হাঁহি থকা তোমাৰ মুখ
সকলো মনত ৰখা হ’ব, সকলোবোৰ কথাই মনত ৰখা হ’ব
 
মিঠা মিঠা কথাৰে দিনভৰ জনতাক সকলো ঠিকে থকাৰ আশ্বাস দিয়া
আৰু ৰাতি হ’লেই
অধিকাৰ সাব্যস্ত কৰিব খোজা লোকৰ ওপৰত লাঠি চলোৱা, গুলী বৰ্ষণ কৰা,
আমাক আক্ৰমণ কৰি আমাকে আক্ৰমণকাৰী সজোৱা
সকলো কথা মনত ৰখা হ’ব
 
মই মোৰ হাঁড়ত খোদাই কৰি ৰাখিম এই সকলো কথা
যে এদিন মোৰ অস্তিত্বৰ প্ৰমাণ বিচাৰিছিলা।
দিয়া হ’ব, সকলো প্ৰমাণ তোমালোকক দিয়া হ’ব
আৰু এই যুঁজখনত তোমালোকৰ শেষ নিশ্বাস পৰ্যন্ত যুঁজি থকা হ’ব,
সকলোবোৰ কথাই মনত ৰখা হ’ব। 
 
এইটোও মনত ৰখা হ’ব যে কি কি ধৰণেৰে তোমালোকে 
দেশৰ ভিতৰতে বিভাজন আনিবলৈ ষড়যন্ত্ৰ কৰিছিলা, 
আৰু এইটোও মনত ৰখা হ’ব যে কি কি উপায়েৰে আমি  
দেশৰ একতা বজাই ৰাখিবলৈ যত্ন কৰিছিলো।
 
যেতিয়াই কাপুৰুষালিৰ কথা আহি পৰিব তোমালোকৰ নাম লোৱা হ’ব।
আৰু যেতিয়াই জীৱনাদৰ্শৰ কথা আহি পৰিব
মানুহে আমাৰ নাম ল’ব আৰু ক’ব যে – ‘কিছুলোক আছিল
যিসকলৰ আদৰ্শৰ হেৰফেৰ হোৱা নাছিল, যিসকলৰ স্বাভিমানে ঠিয় দি আছিল
সিহঁতে চেপি-খুন্দি ধৰাৰ পিছতো যিসকল তোমালোকৰ দৰে বিক্ৰী যোৱা নাছিল
কিছুলোক আছিল যিসকল অটল আছিল নিজৰ স্থিতিত কালধুমুহাৰ পিছতো,
যিসকল জীয়াই আছিল নিজৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতো।’
 
যদি চকুৱে পলক পেলাবলৈকো পাহৰে,
যদি জগতে সদায় ঘূৰিবলৈকো পাহৰে,
তথাপি আমাৰ ভগা ভৰিৰ সবল খোজবোৰ
আমাৰ ফটা গলাৰ উদাত্ত কথাবোৰ মানুহৰ মনত থাকিব।
তোমালোকৰ নাম, কামবোৰো মানুহৰ মনত ৰ’ব;
কিন্তু মানুহে সেইয়া অভিশাপ বুলিহে ল’ব।
 
কিয়নো সকলো কথা মনত ৰখা হ’ব,
সকলোবোৰ কথাই মনত ৰখা হ’ব।

11 Comments

Previous Post Next Post