ৰুদ্ৰ মহম্মদ শহীদুল্লালৈ লিখা চিঠি - তসলিমা নাসৰিন

ৰুদ্ৰ মহম্মদ শহীদুল্লালৈ লিখা চিঠি

মূল বাংলাঃ তসলিমা নাসৰিন
অসমীয়াঃ বিকাশ দিহিঙ্গীয়া



মৰমৰ ৰুদ্ৰ,
প্ৰযত্নেঃ আকাশ

তুমি আকাশৰ ঠিকনাত চিঠি লিখিবলৈ কৈছিলা। আজি-কালি তুমি কি আকাশত থাকা ? তাতে উৰি ফুৰা ? ডাৱৰৰ দৰে, চৰাইৰ দৰে ? 
তুমি এই ইহজগত এৰি আকাশলৈ গুচি গৈছা। আচলতে তুমি বাচি গৈছা ৰুদ্ৰ। আচ্ছা, তোমাৰ চৰাই হৈ উৰি ঘূৰি আহিবলৈ মন নাযায় নে ? তোমাৰ ইন্দিৰা পথৰ সেই ঘৰটোলৈ, নাইবা সেই নীলক্ষেত্ৰ, ছাহবাগ, পৰীবাগ, লালবাগলৈ যাবলৈ ?  তোমাৰ যে মন নাযায় সেইয়া মোৰ বিশ্বাস নহয়। মন হয়টো ঠিকেই যায়, কিন্তু নোৱাৰা। অথচ এটা সময়ত তোমাৰ যি মন যায় তাকেই কৰিছিলা। মন গলেই ওৰেৰাতি টোপনি নগৈ কথা পাতিয়েই পাৰ কৰিছিলা সময়; কথাপাতিয়েই ! মন গলে গোটেই দিন পথে পথে খোজ কাঢ়ি ঘূৰি ফুৰি পাৰ কৰিছিলা; খোজকাঢ়িয়েই ! 
তোমাকনো কোনে বাধা দিব ? ‘জীৱন তোমাৰ হাতৰ মুঠিত আছিলএই জীৱনটোক লৈ কিমান যে খেলিছিলা। ভাবি আচৰিত হওঁ‌ যে জীৱনটো এতিয়া তোমাৰ মুঠিত নাই ! সিহঁতে তোমাক এখন ট্ৰাকত উঠালে আৰু সকলো খালী কৰি এৰি দিলেতুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। 
বাৰু, লাগবাগৰ তোমাৰ সেই প্ৰেমিকাৰ খবৰ কি, যি তোমাৰ নেলী খুৰীৰ সতে প্ৰেমত মচগুল হৈ আছিল দীৰ্ঘদিন ধৰি ? তাইৰ কাৰণে তোমাৰ দিস্তা দিস্তা প্ৰেমৰ কবিতা দেখি মই যে ইমান কান্দিছিলো এদিন ! তুমি আন কাৰোবাক ভালাপাবা, এইটো মই সহিব নোৱাৰিছিলো। কি যে অবুজন ছোৱালী আছিলো মই ! যেন ময়েই তোমাক ভালপাব লাগিব কেৱল। যেন আমি দুয়ো ইজনে সিজনৰ বাবেই জন্ম হৈছো। 
যিদিনা ট্ৰাকত তোমাক ঘৰলৈ লৈ গৈছিল, মোৰ উশাহ বন্ধ হৈ যাব যেন লাগিছিল। ঢাকা চহৰখনক ইমান শূন্য আৰু নিস্তব্ধ আনকালে কেতিয়াও লগা নাছিল। বুকুৰ মাজত ইমান হাঁ‌হাকাৰ অনুভৱ আগতে কেতিয়াও হোৱা নাছিল। সেইদিনা মই ঢাকা এৰি মৈমনসিংলৈ গুচি গৈছিলো। আমাৰ ঘৰত বাকচ ভৰি থকা তোমাৰ চিঠিবোৰ হাতত লৈ জন্ম হৈয়েই কন্দা শিশুৰ দৰে কান্দিছিলো। আমাৰ বিচ্ছেদ আছিল চাৰি বছৰৰ। ইমান বছৰৰ পিছতো তুমি বুকুৰ মাজত ইমান গভীৰলৈকে শিপাই ৰৈছিলা, মই জনাই নাছিলো। 
মোৰ বৰ হাঁহি উঠে দেখি যে এতিয়া তোমাৰ শ শ শুভাকাংক্ষী ওলাইছে। তেতিয়া সিহঁত ত আছিল, যেতিয়া তুমি টকাৰ অভাৱত মাথো এটা শিঙৰা খায়েই পাৰ কৰিছিলা দুপৰীয়াবোৰ। মইটো তোমাৰ বন্ধু হৈয়ো থকা নাছিলো সেইদিনবোৰত, এৰি আহিছিলো বাবে। এই যে এতিয়া তোমাৰ নামেৰে এখন মেলা পাতে, তোমাৰ চিনাকি বোধকৰোঁ কেৱল মইহে অনুপস্থিত থাকোঁ যিবোৰে এতিয়া ৰুদ্ৰ ৰুদ্ৰ বুলি হাঁ‌হাকাৰ কৰে বুজি নাপাওঁ সিঁ‌হঁতবোৰ তেতিয়া কত আছিল ? 
শেষৰফালে তুমি শাল্মলী নামৰ এজনী ছোৱালীক ভালপাইছিলা। বিয়াৰ কথাও চলিছিল তোমালোকৰ। মোক এদিন তাইৰ কথা কৈছিলা। মই শুনি থাকিছিলো... তুমি নুবুজিলা যে মোৰ বৰ কষ্ট হৈছিল। এই ভাবি যে তুমি ইমান সহজে প্ৰেম কৰিছা, আৰু সেই প্ৰেমৰ কথা শুনাইছা। আনৰ বাবে তোমাৰ অস্থিৰতা দেখি আৰু নিদ্ৰাহীন ৰাতি কতবাৰ সেই কথাবোৰ শুনি মই কান্দি উঠি নে নাই কোৱা ? 
তুমি শাল্মলীক লৈ কি কি কবিতা লিখিলা সেইবোৰ কৈ গলা; আৰু মোক সুধিলা, “কেনে হৈছে ! 
মই কলো, “খুব ধুনীয়া। 
শাল্মলী ছোৱালীজনীক মই কোনোদিন দেখা নাইতুমি তাইকেই যে ভালপোৱা সেইকথা যেতিয়া নিজেই কলা, তেতিয়া মোৰ কষ্ট মই তোমাক বুজিবলৈ নিদিলো। তোমা এৰি গুচি আহিলো ঠিকেই, কিন্তু আন কাকোৱেই ভাল পাব নোৱাৰিলো। ভালপোৱা যে যাকে তাকে দি ফুৰা বস্তু নহয় ! 
আকাশৰ সতে কত যে কথা হয় প্ৰতিদিন। সুখৰ কথা, দুখৰ কথা। 
এদিন আকাশভৰা জোনাকে দেহা উপচাইছিল আমাৰ। তুমি দুই-চাৰিটা কষ্টৰ কথা কৈ নিজৰ লিখা গান এটা শুনাইছিলা ভালে আছো, ভালে থাকা। আকাশৰ ঠিকনাত চিঠি দিয়া। 
ছাঁদ বহি গানটো যেতিয়া লিখিছিলা, মনে মনে তুমি কাৰ চিঠি পঢ়িছিলা ? মোৰ ? নেলী খুৰীৰ ? শাল্মলী? বহু দিনৰ পৰা মন গৈ আছিল তোমালৈ চিঠি লিখিবলৈ। এনে এটা সময় আছিল, প্ৰতিদিনে তোমালৈ চিঠি লিখিছিলো। তুমিও লিখিছিলা। সেইবাৰ আৰমানিটোলাৰ ঘৰত বহি দিছিলা মোক আকাশৰ ঠিকনা। 
তুমি পাবাটো এইখন চিঠি ? 
জীৱন আৰু জগতৰ মোহ মানুহৰ কেতিয়াও শেষ নহতাৰপিছতো মানুহ আৰু থাকেনো কেইদিন ? দিনবোৰটো গৈয়েই থাকে। মইয়েই বা কি গৈ থকা নাই ? 
তুমি ভালে থাকা। মই ভালে নাই। 
 
 ইতি, 
পুৱতি

পুনশ্চঃ মোক পুৱতি বুলি মাতিছিলা তুমি। কত যুগ ধৰি শুনা নাই সেই মাত। তুমি আকাশত থাকা পুৱা, মাজে মাজে মোক পুৱতি বুলি মাতা ? নে মইহে ভুল শুনি পাওঁ‌ কোৱা ?

Post a Comment

Previous Post Next Post