সেউজীয়া বেলিৰ ঠিকনা বিচাৰি


সেউজীয়া বেলিৰ ঠিকনা বিচাৰি

                     ~ বিকাশ দিহিঙীয়া 

(প্ৰকাশিত লেখা, নিয়মীয়া বাৰ্তা ২২/০৭/২০১৭)


           মই গাঁ‌ৱৰ ল'ৰা । সৰুৰে পৰা বিদ্যুতৰ ব্যৱস্থা নথকা সৰু ঠাই এখনত ডাঙৰ হৈছো । আমাৰ গাঁ‌ৱৰ কাষেৰে বৈ গৈছে ডাংধৰা নৈ । কেৰাচিন তেলৰ চাকি আৰু লেম্পৰ পাতল পোহৰ, জহকালি তামোলৰ ঢকুৱাৰ বিচনী, পাটিদৈৰ নগাঢাৰি আদিবোৰে আছিল সহযাত্ৰী । আজি-কালি এইবোৰ সাধুকথাৰ দৰে হৈ পৰিছে । আমাৰ মনবোৰ,মগজুবোৰ ক্ৰমশঃ যান্ত্ৰিক হ'ব ধৰিছে ।
       আমাৰ আজৰি সময় পাৰ হৈছিল গছৰ তলত, নদীৰ পাৰত, সাধু কিতাপৰ পাতত । তেতিয়া নাছিল ভিডিঅ' গেম'ৰ বাহাৰ, নাছিল কাৰ্টুনৰ বিচিত্ৰ জগত । সেইবোৰৰ কথা কেৱল কিতাপত হে পঢ়িছিলো । আমাৰ ঘৰলৈ মোবাইল আহিছিল মই সপ্তম নে অষ্টম শ্ৰেণীত থাকোতে । আজি কালি ল'ৰা ছোৱালীবোৰৰ দেখুন মোবাইল টিভি কম্পিউটাৰ আদিৰ পৰা আজৰিয়েই নাই ! আমিও আজি আহি আহি এই যান্ত্ৰিকতাৰ চক্ৰবেহুতেই সোমাই পৰিছো । তাহানিৰ সোণসেৰিয়া দিনৰ সেউজীয়া বেলিটো আজি কালি সৰাপাতৰ ৰঙৰ সতে একাকাৰ হৈ পৰিল । মানুহৰ মনবোৰলৈ পৰিবৰ্তন আহিল । নিজৰ স্বাৰ্থই সৰ্বস্ব হৈ পৰিল । সেই সেউজীয়া বেলিটো বিচাৰি বিচাৰি মই কেতিয়াবা ল'ৰালিৰ আলি কেঁ‌কুৰীবোৰলৈ সোমাই যাওঁ‌ । হেৰুৱাই পেলাওঁ‌ নিজক । পথভ্ৰষ্ট ল'ৰালি এটা হৈ উভতি আহোঁ সৰাপাতৰ হাবিখনলৈ । নাই……সেই বেলিৰ কতো চিন মোকাম নাই !!
       সেউজীয়া বেলিটোৰ ঠিকনা পালেই এখন চিঠি লিখিম, অলপ নীলা ৰ'দ বিচাৰি । যাতে সকলোৱে এক্ষন্তেকৰ বাবেও যান্ত্ৰিকতাৰ মুখা খুলি উপভোগ কৰিব পাৰে নীলা ৰ'দত সাঁ‌তুৰি সাঁ‌তুৰি তাহানিৰ নিভাঁজ মৰম চেনেহেৰে ভৰা সময়বোৰ ।

প্ৰথম খণ্ড
 (ক)
         L.P. স্কুলত পঢ়োঁতে গৰম দিন আহিলে আমি স্কুলত থাকিবলৈ বৰ বেয়া পাইছিলো । প্ৰখৰ ৰ'দত টিনপাটৰ তলত যেতিয়া নেওতা মুখস্থ দিব লগা হৈছিল, তাকো ওলোটাকৈ (মানে এশৰ পৰা একলৈ), সময়বোৰ নাযায় নুপুৱাই লাগিছিল ।
        তেতিয়া আমাৰ স্কুলত 'Toilet'ৰ ব্যৱস্থা নাছিল । সেইবাবে যেতিয়াই স্কুলত থাকিব মন নগৈছিল, তেতিয়া লগৰ কোনোবা এটাই হেড ছাৰক পায়খানা লাগিছে বুলি কয় আৰু মোক লগত লৈ আমাৰ ঘৰলৈ আহে। কিয়নো আমাৰ বাৰীত ফল-মূলৰ অভাৱ নাছিল । পনিয়ল, মধুৰিআম, আম, কঁ‌ঠাল, লিচু, অমৰা, জলফাই, আতলচ, থেকেৰা, আনাৰস আদিৰে বাৰী ভৰি আছিল । এইবোৰ খাবলৈ মানুহ নাছিল বুলিবই পাৰি, কিয়নো আমাৰ ঘৰলৈ চুবুৰিয়াৰ বৰ ভাল ভাৱ নাছিল আৰু সমনীয়াৰ লগত মোৰ ৰাহি নিমিলিছিল   । তাতে ঘৰখনৰ ময়েই আছিলো একমাত্ৰ ল'ৰা, বয়স তেতিয়া ৬বছৰ । ভন্টী এজনি আছিল, মোতকৈ ৫বছৰ সৰু । সেয়ে স্কুলত থকা সময়ত যাৰ লগত মোৰ অলপ ভাল আছিল, তাৰ সৈতে পায়খানাৰ বাহানা লৈ আমাৰ ঘৰলৈ আহিছিলো আৰু পেট ভৰাই ফল-মূল খাইছিলোঁ । বৰ বেছি গৰম লাগিলে বাৰীতে লাগি থকা নদীত সাঁ‌তুৰি-নাদুৰি পাৰ কৰিছিলো স্কুলীয়া সময় ।
          যিহেতু আমি পঢ়া L.P. স্কুল খন গাঁ‌ৱতে আছিল আৰু প্ৰধান শিক্ষকজনো গাঁ‌ৱৰে, সেয়ে বৰ বেছি ভয় কৰা নাছিলো । তেনেকৈ বাহানা বনাই স্কুলৰ পৰা আহি যেতিয়া ঘৰত সময় পাৰ কৰি উভতি গৈছিলো, প্ৰায় কেইদিন স্কুল ছুটী হোৱাৰ পাছত হে ঘূৰি গৈ স্কুলত উপস্থিত হৈছিলো । আমি তেনেকৈ ঘৰলৈ আহিলে লগৰ কেইটামান স্কুল ছুটী হোৱাৰ পাছতো আমাৰ কিতাপৰ বেগ আৰু বস্তা বোৰ ৰখি ৰৈ থাকিছিল আমালৈ, কিয়নো আমি ঘূৰি যাওঁ‌তে জেপ ভৰাই নিছিলো অমৰা, পনিয়ল, মধুৰি আদিবোৰ ।
         সপ্তাহত প্ৰায় দুই-তিনিদিন এনেকৈ ঘৰলৈ আহিছিলো, গৰমৰ দিনত আৰু যিদিনা নাহিছিলো সেইদিনা স্কুলৰ টিউৱেল (দমকল)ৰ পাৰত থকা জামুজোপাৰ তলত নাইবা স্কুলৰ পিছফালে বোৱালজোপাত থকা বেতগুটিৰ বাবে থেলা হেঁ‌চা লগাইছিলো ।
        প্ৰায়ে জিৰনিৰ সময়ত হেড-ছাৰে আমি ল'ৰা কেইটাক ঘামচি ফুটাব দিছিল । এই সুবিধাতে কোনোবাই ছাৰক সুধি ছাৰৰ ঘৰলৈ দৌৰ মাৰিছিল । কিয়নো ছাৰৰ ঘৰত আমলখি আৰু পামলখিবোৰে থোপা-থোপে মোক খা মোক খা কৈ পকি ডাল ভৰাই থৈছিল ।
        প্ৰথম শ্ৰেণীটো আমাৰ বাবে আছিল 'বৰ ক-শ্ৰেণী'। ক-শ্ৰেণী মানে আছিল, আখৰ অঁ‌কা শ্ৰেণী । য'ত কোনো ধৰা-বন্ধা নিয়ম নাছিল । চিলটত মাথো আমাক এঁ‌কা-বেঁ‌কা ৰেখাৰে আখৰৰ চিনাকি দিয়া হৈছিল । বৰ-ক শ্ৰেণীত শিকিব লগা হৈছিল একৰ পৰা এশ আৰু ক, খ, অ, আ । খ-শ্ৰেণী মানে দ্বিতীয় শ্ৰেণীত যোগ-বিয়োগৰ নেওতা আৰু অংক । তৃতীয় শ্ৰেণীত প্ৰথম ইংৰাজীৰ হৈতে চিনাকি হৈছিলো । শিকিব লগা হৈছিল A, B, C, D আৰু Twinkle Twinkle Little Star লগতে মুখস্থ কৰিব লগা হৈছিল পূৰণৰ সৰু ফলা আৰু মাজু ফলাৰ নেওতা । চতুৰ্থ শ্ৰেণীত শিকিছিলো পূৰণৰ বৰ ফলা, ব্যাকৰণৰ আদিপাঠ আৰু পৰিশ্ৰম কৰিব লগা হৈছিল বৃৰ্ত্তি পৰীক্ষাৰ বাবে । আৰু তাৰ পিছত যেতিয়া পঞ্চম শ্ৰেণীত হাইস্কুলত নাম লগাব লগা হল, তেতিয়াহে গম পাইছিলো, যেতিয়া শ্ৰেণীত শিক্ষক প্ৰবেশ কৰে তেতিয়া  'ছাৰ নমস্কাৰ'ৰ পৰিবৰ্তে 'Good Morning Sir' আৰু হাজিৰা মাৰোতে 'উপস্থিত ছাৰ'ৰ পৰিবৰ্তে 'Present Sir' কব লাগে ।
        লাহে লাগে ইংৰাজী শব্দৰ ব্যৱহাৰৰ হৈতে তাল মিলাই ল'ৰালিৰ ধেমালীবোৰ অতীত হবলৈ আৰম্ভ কৰিছিল । আমি সোমাই পৰিছিলোঁ 'পাৰচেন্টেজ'ৰ চক্ৰবেহুত । য'ৰ পৰা আজিও ওলাব পৰা নাই ।

 (খ)
       L.P. স্কুলৰ ডেওনা পাৰ হৈ ২০০৬ চনত, ঘৰৰ পৰা প্ৰায় দেৰ কিলোমিটাৰ উজাই থকা সোণাৰী চাপৰি M.E. স্কুলত নাম ভৰ্তি কৰিলো । সোণাৰী চাপৰি তেতিয়া ঠিক Town নাছিল, কিন্তু আমাৰ বাবে Town-ৰ ধাৰণা এটাৰ দৰে আছিল । M.E. স্কুলখনৰ লগতে সোণাৰী চাপৰি ট্ৰাইবেল হাইস্কুলখনো সংলগ্ন । অফিচ একেটাই, স্কুলৰ উন্নয়ণ কমিটিও একেখনেই । মাথো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী সকলৰ ষ্টাফ দুটা । এটা হাইস্কুলৰ, আনটো M.E. স্কুলৰ । হেড-মাষ্টৰো দুজন । কিন্তু কোনো দেৱাল নাই মাজত । বাহিৰত সকলোৱে স্কুল এখন বুলিয়েই জানে । কোনোৱে M.E. স্কুলত পঢ়িলেও, সোণাৰী চাপৰি হাইস্কুলত পঢ়া বুলিয়েই কয় । কোনো ধৰা বন্ধা নিয়ম নাছিল যদিও, M.E. স্কুল ইয়াত পঢ়িলে হাইস্কুলও ইয়াতে পঢ়িব লাগিব বুলি এটা অখণ্ডনীয় আৰু অঘোষিত প্ৰবাদ আছিল । আজি কালি অৱশ্যে এই ধাৰণাটো আঁ‌তৰিছে ।
       আমাৰ গাঁ‌ৱৰ L.P. স্কুলৰ পৰা যোৱা ল'ৰা-ছোৱালী আছিলো এঘাৰজন । ময়শ্ৰী, পখিলী (এতিয়া অৱশ্যে ইহঁত দুইজনীৰ নাম বেলেগ), সাবিত্ৰী, পিংকি, বতু, কন্তু, মন্তু (ইহঁত তিনিটাৰো নাম এতিয়া বেলেগ), বুদ্ধি, আকাশ, জ্যোতি আৰু মই ।
      প্ৰথম গৈ কেৱল আমি গাঁ‌ৱৰ কেইটাইহে নিজৰ মাজত কথা পাতিছিলো, খেলিছিলো । পিছে বুদ্ধি আমাৰ গাঁ‌ৱৰ ল'ৰা নাছিল । সি সোণাৰী চাপৰিৰে মিছিং ল'ৰা আছিল । আমাৰ গাঁ‌ৱত সি অকলশৰীয়া বুঢ়ী এগৰাকীৰ ৰখিয়া হিচাপেহে আছিল । সেয়ে সি বহু খিনি ল'ৰা-ছোৱালী চিনি পাইছিল । লাহে লাহে তাৰ চিনাকিবোৰ আমাৰো চিনাকি হবলৈ ধৰিছিল ।
       স্কুল আৰম্ভ হোৱাৰ প্ৰায় একমাহ মানৰ ভিতৰত আমি সকলো 'তুমিৰ পৰা তই' হৈছিলো । আমাৰ শ্ৰেনীত মুঠ ল'ৰা-ছোৱালী আছিল ৭৯ জন । যিহেতু চিট পৰীক্ষা মানে Entrance Exam লৈ হে স্কুলত Admission ল'ব দিয়া হৈছিল, সেয়ে আমাৰ ৰোল নং বোৰো চিট পৰীক্ষাত পোৱা নম্বৰ অনুসৰিহে হৈছিল । মোৰ ৰোল নং আছিল ১৮ । যিহেতু মই আগতে কেতিয়াও শ্ৰেণীত দ্বিতীয় হৈয়ে পোৱা নাছিলো, সেয়ে মোৰ নিজৰে বহুত লাজ লাগিছিল । ঘৰত কোনেও এই বিষয়ত একো কোৱা নাছিল যদিও, বৰমায়ে মোক সদাই উৎসাহ দি আহিছিল । যাৰ ৰোল নং ১ আছিল, তাৰ নাম আছিল অসীম । জীৱনত কেতিয়াও তাৰ ল'গত কথা পাতি নাপালো । কিয়নো মই তাক মনে মনে হিংসা কৰিছিলো ।
        নাম ভৰ্তিৰ দুদিনৰ পাছৰ কথা । তেতিয়ালৈ আমাৰ কোন, ক'ত, কাৰ ল'গত বহিব, এইবোৰ বাক-বিতন্দা শেষেই হোৱা নাছিল ।
       আমাৰ লগত হাইস্কুলৰ বিজ্ঞান ছাৰৰ পুতেকও আছিল । বাপেক স্কুলতে আছিল বাবে তাৰ ভেমও বেছি আছিল । সেইদিনা নামভৰ্তিৰ পিছত সি প্ৰথম স্কুললৈ আহিছিল । বাপেকৰ লগত, চাইকেলত উঠি । ইতিমধ্যে সকলোৱে নিজৰ পচন্দৰ চিটত বিৰাজমান হৈছিলো । মই পিছৰ বেঞ্চত বঢ়িবলৈ বেয়া পাইছিলো । কিন্তু আমাৰ গাঁ‌ৱৰ লগৰ কেইটাই একেবাৰে শেষৰ বেঞ্চ কেইখন অধিকাৰ কৰি আছিল । মই তেতিয়ালৈ অচিনাকি ল'ৰা কেইটামানৰ ল'গত তৃতীয় বেঞ্চত বঢ়ি আছিলো । হৰ্ঠাৎ সি আহি মোক উঠাই মোৰ ঠাইত বহিবলৈ থেলা-হেঁ‌চা আৰম্ভ কৰি দিলে । ময়ো উঠি নিদিওঁ‌ এনেকৈ থেলা-হেঁ‌চা কৰি থাকোতেই, সিফালে বেলেগ শ্ৰেণীকোঠালৈ গৈ থকা বাপেকে আহি মোক কাণতলীয়া চৰ এটা মাৰি পুতেকক ঠাই এৰি দিবলৈ হুকুম দিলে । সকলো ল'ৰা-ছোৱালীৰ আগত মই বহুত লাজ পালো, কিয়নো জীৱনত প্ৰথম বাৰৰ বাবে কোনো শিক্ষকৰ পৰা, তাকো বিনা দোষত মাৰ খাইছিলো । লাজ অপমানত কাণতলীয়া চৰৰ বিষ অনুভৱ কৰিবলৈ পাহৰি গৈছিলো । বহুত খং উঠিছিল; সেইদিনাৰ পৰা আৰু স্কুল নাযাম যেন লাগিছিল । শেষৰ বেঞ্চলৈ আহি মনে মনে প্ৰতিজ্ঞা কৰিছিলো যে জীৱনত এই থাপৰৰ মূল্য পৰিশোধ কৰিহে এৰিম । বহুত দুখ লাগিছিল মনত, বিনা দোষত মৰাৰ বাবে, সেয়ে পাৰো মানে শাঁ‌ও দিছিলো, হৃদয়ৰ পৰা ।
        লাহে লাহে দিনবোৰ পাৰ হৈছিল । মনে মিলা লগৰবোৰৰ হৈতে কব নোৱাৰাকৈয়ে একো একোটা Team-ৰ বান্ধোন সৃষ্টি হৈছিল । জিতেন, ঘনশ্যাম, তিলজ্যোতি, ভাস্কৰ, বল (গোবিন্দ), তপন, নিজম, ৰনোজ, জ্যোতি, আকাশ, মাষ্টৰৰ পুতেক চতুৰ্দ্বীপ, আদি আমিবোৰ লাহে লাহে Close হবলৈ ধৰিছিলো ।
       আমাৰ গণিতৰ ছাৰজন বৰ কাঢ়া আছিল । বিয়া নপতা, ডেকা ল'ৰা  আছিল তেখেত । ক্ষীণ আৰু ওখ । সেয়ে তেওঁৰ Background-ত নাম আছিল 'পেৰেলেল'। নামটো আমাতকৈ ডাঙৰবোৰে দিছিল । কিবা নোৱাৰিলে বেতেৰে খু-উ-ব পিতিছিল । কাণত ধৰাই বাহিৰত আঠু কঢ়াই থৈছিল । আৰু আমি, যিবোৰে শাস্তি পাইছিলো; পাৰ্থনাৰ সময়ত পাৰ্থনা কৰিবলৈ নগৈ, লুকাই থাকি খু-উ-ব শাঁ‌ওপাত দিছিলো; ভগৱানৰ ওচৰত পাৰ্থনা জনাইছিলো, ছাৰজন যাতে বেলেগ স্কুললৈ যায়গৈ ।
         প্ৰাৰ্থনাৰ পৰা পলাই কেতিয়াবা বালিৰ মন্দিৰ সাজি তাত বালিত থকা নাচনি পোক ধৰি আনি এৰি দিছিলো । বালিত পোক বোৰে নাচি নাচি কিছুমান আকৃতিৰ সৃষ্টি কৰিছিল । আমি তাত ভৱিষ্যৎ চাইছিলো (যেনেকৈ বেজবোৰে মঙল চাই) আৰু খেলিছিলো, জীৱনৰ খেল ।
          এনেদৰেই হাইস্কুলত প্ৰথমটো বছৰ পাৰ হৈছিল । পঞ্চম শ্ৰেণীৰ ৰোল নং ওঠৰৰ পৰা তৃতীয় স্থানত ষষ্ঠ শ্ৰেণীলৈ উতীৰ্ণ হ'লো ।

  (গ)
      তেতিয়া মই দশম শ্ৰেণীৰ ছাত্ৰ । সৰুৰে পৰা লগ-সংগ এৰাই চলিছিলো যদিও হাইস্কুললৈ যোৱাৰ পৰা দুই-এজনৰ সতে মিলিব পৰা হৈছিলো । টিউচনৰ সহায় নোলোৱাকৈয়ে দশম শ্ৰেণী পালোগৈ যদিও সন্মুখত মেট্ৰিক পৰীক্ষা আছে বাবে ঘৰত টিউচন ল'বলৈ ক'লে ।  ইংৰাজী আৰু গণিতৰ টিউচন ঠিক হ'ল সেইমতে । গ্ৰুপ টিউচন; ইংৰাজীৰ টিউচন ৰাতিপুৱা--- চাৰি কিলোমিটাৰ পেডেল মাৰা । আকৌ স্কুলৰ পৰা আহি আবেলি পুনৰ স্কুললৈ চাইকেল মৰা--- গণিতৰ টিউচন (গণিতত অলপ গাধা আছিলো) ।
     দিনবোৰ ভালেই গৈছিল । ইংৰাজীৰ টিউচন ভাল লাগিছিল, কাৰণ তাৰ লগৰবোৰৰ সতে মিলা-মিছা নাছিল । গণিতৰ টিউচনৰ কেইটা আছিল একে স্কুলৰ একে লগৰ ।
    এদিন ছাৰ অহাত পলম হ'ল । আধাঘন্টামান 'নাপাতিব লগা কথা' আলোচনা কৰাৰ অন্তত কোনোবাই পস্তাব দিছিল--- মদ আৰু চিগাৰেটৰ ! কোনোৱে বিশ টকা, কোনোৱে পঞ্চাছ টকা---- মুহূৰ্ততে সকলো যোগাৰ !!
    এইবোৰ আলোচনা তথা খোৱাৰ পৰা মই সদায় আঁ‌তৰত আছিলো । সিহঁতে জানে, তথাপি জোৰ কৰে প্ৰায়ে । মই নাখাওঁ‌ বাবে পইচা দিয়াৰো প্ৰশ্ন নুঠে ! তথাপি সিহঁতে খোৱাৰ মাজত মোকো খাবলৈ দিলে…… এক প্ৰকাৰৰ কথা, 'ইয়াক আজি খোৱামেই' !!!
    মন আছিল উৰণীয়া । সিহঁতে মোৰ ওঁ‌ঠত গুজি দিছিল জোৰকৈ চিগাৰেটৰ শেষৰ টুকুৰা !
     মা……দেউতা…………!!!!!
    'মা-দেউতাই যদি কেনেবাকৈ গ'ম পাই এইবোৰ কথা, মনত কিমান আঘাত পাব বাৰু !!!'---অকস্মাৎ ঘূৰাই পাইছিলো নিজক, কাৰণ কেই মুহূৰ্তমানৰ বাবে হেৰুৱাই পেলাইছিলো নিজক !!!!!
    বাদ দিছিলো টিউচন । ঘৰলৈ আহি, গধুলি মাক কৈছিলো কথাবোৰ খুলি । বুজিছিল মাহঁ‌তে ।
    অনুভৱ হয় আজি মোৰ,   সিহঁ‌ত বেয়া নাছিল । বেয়া মই আছিলো । সামাজিক হ'বলৈ নিশিকিলো । মানুহৰ সতে মিলি থাকিব নাজানো । তাতে সকলো কথা মা-দেউতাৰ লগত শ্বেয়াৰ কৰোঁ বাবে লগৰবোৰে সৰুৰে পৰা মোক বেয়া পাই । পৰিবেশ বেয়া আছিল, তথাপি মা-দেউতাই মোক শিকাইছিল সেইবোৰ পৰিৱেশৰ পৰা নিজক কেনেকৈ আঁ‌তৰাই ৰাখিব লাগে । শিকিছিলো অকলশৰে থকাৰ নীতি-নিয়ম ।

দ্বিতীয় খণ্ড
 (ক)

        মানুহবোৰে কোৱামতে, মই হেনু ছয়-সাতমাহ মান বয়সতে দৌৰিব পৰা হৈছিলো । দাঁ‌ত গজিছিল আৰু মাত ফুটিছিল । দেউতাক হে মই হেনু 'মা' বুলি মাতিছিলো ! চেহেৰাত এক্কেবাৰে পোৱালি আছিলো । মাটিত নামিবলৈ নাপাইছিলোৱেই হেনো পেহী, বাহঁ‌তৰ কোলাত ফুৰোতে ফুৰোতে । তাকে দেখি বুঢ়াদেউতাই (ককা) মাক কৈছিল বোলে --"এনেকৈ হ'লে দেখুন ই খোজেই কাঢ়িবলৈ নাজানিব' ! তথাপি মাটিত নমাৰ সুযোগ পালেই দৌৰিছিলো বৰমাৰ ঘৰলৈ । মায়ে ভৰিত জুনুকা এটা বান্ধি দিছিল । যাতে ক'ৰবালৈ মনে মনে পলালে জুনুকাৰ শব্দত গ'ম পায় ।
     দাদা-বাহঁ‌ত তেতিয়া হাইস্কুলত । বৰতা দিনটো দোকানত । বৰমা অকলশৰীয়া । সেয়ে মোকেই লৈ যায় সদায় । সৰুতে বৰমাহঁ‌তৰ দোকানৰ বিস্কুত, মৰ্টনবোৰৰ ওপৰত মোৰ অগাধ ৰাজত্ব আছিল । ভাওনা, থিয়েটাৰ, ৰাস আদি যিয়েই নহওক কিয় বৰমাই মোক দেখুৱাইছিলগৈ । বৰমাৰ দুবাৰ অপাৰেচন কৰা হৈছিল, হৃদৰোগৰ । তথাপি মোৰ বাবে সকলো কৰিছিল । বৰমা যাবা নোৱাৰিলেও দাদাৰ লগত পথাইছিল (যাবৰ মন নাথাকিলেও দাদাহঁ‌তৰ উপায় নাছিল) ।
     ৰাতি ক'ৰবাত প্ৰগেম থাকিলে সদায় মোক এটা চুক্তি কৰি নিয়া হৈছিল যে, ৰাতি বৰমাহঁ‌তৰ ঘৰতে থাকিব লাগিব । ময়ো থাকিম বুলি কৈছিলো যদিও, প্ৰগেম অলপ চোৱাৰ পিছতেই টোপনীয়ে হেঁ‌চা মাৰি ধৰিছিল আৰু ঘৰলৈ মনত পৰিছিল । শেষত মোৰ আমনিত দাদাহঁ‌তেও ইচ্ছা নাথাকিলেও প্ৰগেম এৰি গুচি আহিব লগা হৈছিল । তাৰ পিছত হে লাগিছিল আচল লেঠা ! বৰমাহঁ‌তৰ ঘৰৰ পদূলিত আৰম্ভ হৈছিল মোৰ নিশাৰ নৃত্য !! মা যাওঁ‌ মা যাওঁ‌ কৈ কান্দি কান্দি অৱস্থা নাইকিয়া হৈছিল । শেষত উপায়ন্তৰ হৈ গালি পাৰি পাৰি মোক ঘৰত থ'বহি ল'গা হৈছিল সৰু দাদাই । পিছদিনা আকৌ সেই একেই ভাওনা !!!  (কমখন  লটি-ঘটি কৰিছিলোনে বাৰু তাহানি) !!!
     চাৰিবছৰমান বসয়ত শিৱৰাত্ৰিৰ ভাওনা চাবলৈ মন গ'ল মোৰ ! মা-দেউতাৰটো সেইবোৰলৈ যোৱাৰ নিয়মেই নাই !! সেয়ে বৰমাক কুটৰিলোগৈ । বৰমাই দাদাহঁ‌তক ক'লে যদিও আগৰ ঘটনাবোৰ সুঁ‌ৱৰি দাদাহঁ‌তে এইটোক নিব নোৱাৰো দেই বুলি হাত দাঙিলে । উপায় নাপায় বৰমাই মোক লৈ গ'ল  ১ কিলোমিটাৰমান আঁ‌তৰত থকা শিৱ মন্দিৰত ভাওনা চাবলৈ ।অলপ দেৰি চোৱাৰ পিছত আৰম্ভ হ'ল মোৰ বৰশী টোপোৱা । বৰমাই নোৱাৰেই তথাপি যেনেতেনে আধাবাট মান আনিলে দাঙি । তাৰপিছত যেতিয়া মই টোপনীত লালকাল হ'ব ধৰিলো, উপায়ন্তৰ হৈ পকা ৰাস্তাৰ দাঁ‌তিতেই মোক কোলাতে শুৱাই বহি থাকিল মই সাৰ নোপোৱালৈকে ।
     সেই বৰমাৰ আঙুলিত ধৰিয়েই প্ৰথম স্কুললৈ গৈছিলো । তাৰ আগতেও গৈছিলো স্কুললৈ বাৰ ফ্ৰকত ধৰি । মন গ'লেই গুচি আহিছিলো । তাৰ পিছত বৰমাই স্কুলত নাম লিখাই দিছিলগৈ । ৰঙবোৰ প্ৰথম বৰমাই লগাইছিল মোৰ হাতত, মনত, আকাশলৈ চাই চাই আঁ‌কিবলৈ শিকাইছিল হনুমানে ফল বুলি বেলি খোৱাৰ দৃশ্য । মোৰ দিনবোৰ মা-দেউতাত কৈ বৰমাৰ লগত হে পাৰহৈছিল বেছিভাগ । পঞ্চম শ্ৰেণীত হাতত তুলি দিছিল 'কথা মহাভাৰত' (কাহিনীবোৰ আগতেই বৰমাই কৈ শেষ কৰিছিল মোক) ।
  
  (খ)
           সাত আঠ বছৰমান বসয়ত কথা নুশুনাৰ বাবে দেউতাই গধুলি হালোৱা এচাৰিৰে পিটি পিটি তেজ উলিয়াই দিয়াৰ দাগ এতিয়াও বুকুত স্পষ্ট ভাবে জিলিকি আছে । বৰমাৰ পিছফালে লুকাইয়ো তত নাপাইছিলো । শেষত যেনিবা 'নালাগে ই তহঁতৰ ঘৰত থাকিব' বুলি বৰমাহঁ‌তৰ ঘৰলৈ লৈ যোৱাত হে অলপ শান্তি পাইছিলো । কেতিয়াবা মায়ে আঁ‌ঠুকঢ়াই থৈছিল দুঘন্টামান ।
       কঠোৰ শাসন আৰু মৰমৰ মাজত ডাঙৰ হৈছো বাবেই নেকি সৰু সৰু কথাবোৰতেই মোৰ অভিমানৰ নদী উফন্দি উঠে । সৰু সৰু কথাবোৰেই সহজে বুজি নাপাওঁ‌ । মানুহটো সামাজিক হ'বলৈ নিশিকিলো । ঘৰত সোমাই থাকি ভাল পাওঁ‌ ।
      বিঃ দ্ৰঃ  আবেলি আবেলি নামঘৰৰ ফিল্ডত খেলিবলৈ যোৱা মানা আছিল । মাৰ্বল খেলা মানা আছিল । বৰশী বোৱা মানা আছিল । মুঠতে বাহিৰত সমনীয়াৰ সতে কিবা কৰা সম্পূৰ্ণভাবে মানা আছিল । ইয়াৰো কাৰণ আছিল, কিছুমান বেয়া মাত মাতিবলৈ লৈছিলো; নিশিকিব লগা কথা শিকিছিলো (যিবোৰ কথা কেৱল প্ৰাপ্তবয়স্ক সকলৰ বাবেহে) । তথাপি কেতিয়াবা পলাই গৈছিলো আৰু গধুলি পদূলিত ৰাস্তালৈ চাই আঁ‌ঠুকাঢ়ি থকা নতুবা দেউতাৰ এচাৰিৰ কোব খাই দেদাউৰি পাৰি শপত লৈছিলো কাইলৈৰ পৰা নাযাওঁ‌ ।
       লাহে লাহে নিজেই লগ-সংগ এৰাই চলিবলৈ ধৰিলো । ভাল কথা-বেয়া কথাবোৰ যেতিয়া বুজি পোৱা হৈছিলো তেতিয়ালৈ সম্পূৰ্ণভাবে অকলশৰীয়া হৈ গৈছিলো ।

  (গ)
      সৰুৰে পৰা পখিলা, ফুল এইবোৰৰ প্ৰতি মোৰ দূৰ্বলতা আছে । ফুলবোৰক চুমা যাচি ভাল লাগে আৰু পখিলাৰ সতে কথা পাতি । সাধাৰনতে মই ঘৰৰ পৰা বৰকৈ ওলায়-সোমায় নুফুৰো । কেতিয়াবাবে বিহুৰ সময়ত হুঁ‌চৰি গাবলৈ যাওঁ‌ সমনীয়াৰ সতে । সৰুতেও গৈছিলো, মানে মোক নিয়া হৈছিল । কাৰণ, যদিও বজাব নাজানো তথাপি ৩-৪ বছৰমানৰ হওঁ‌তে দেউতাই মোৰ সৰুকৈ ঢোল এটা আনি দিছিল । তেতিয়াই দেখিছিলো গাওঁৰে এঘৰত °বগা কপৌফুল° । সেইটো বয়সত সেইবোৰ সংগ্ৰহ কৰাৰ চখ গঢ়ি উঠা নাছিল যদিও ফুলপাহে মোৰ মনত সাঁ‌চ বহুৱাইছিল । যেতিয়ালৈ সেইবোৰ সংগ্ৰহ কৰাৰ চখ গঢ়ি উঠিছিল তেতিয়ালৈ মই দেখা একমাত্ৰ বগা কপৌজোপাই জীয়াই থকাৰ ইচ্ছা সামৰিছিল । ক্ৰমশঃ ডাঙৰ হৈ আহিলো যদিও ইতিমধ্যে বগা কপৌজোপাই মোৰ মনৰ গভীৰলৈকে শিপাইছিল ।
         দহ-এঘাৰ বছৰমান হওঁ‌তে গৰু চৰাবলৈ গৈছিলো । ঘৰত নপঠিয়াইছিল যদিও মনৰ চখ পূৰাবলৈ গৈছিলো । নদীৰ সিপাৰে ডাঙৰ হাবি আছিল । ডাঙৰ ডাঙৰ গছ, কোনো কোনো ঠাইত ঝিলিৰ মাতে দিন দূপৰতে জয়াল কৰি ৰাখিছিল হাবিৰ ভিতৰচৰা । হাবিৰ ভিতৰলৈ যাবলৈ ভয় লাগিছিল । দুই তিনিটামান লগ হ'লে হাবিৰ ভিতৰলৈ গৈছিলো । নৈৰ পাৰৰ গছবোৰত ডাঙৰ ডাঙৰ লতা উলমি উলমি থাকিছিল । তেতিয়া টাৰ্জান নিজকে টাৰ্জান সজাই লৈ সেই লতাবোৰত উলমি উলমি খেলিছিলো । গৰুবোৰ হাবিৰ ভিতৰলৈ খেদি দিছিলো নতুবা পথাৰত চৰিবলৈ দিছিলো ।হাবিৰ ভিতৰত অকলে সোমাবলৈ সাহস নহৈছিল । কেতিয়া দুলনাৰ দৰে লতাত উলমি গৈ নদিৰ সোঁ‌মাজৰ পৰা আহিছিলো । কোনে কিমান দূৰলৈ যাব পাৰে তাৰে যেন প্ৰতিযোগীতা হে হৈছিল !! এটা কথা আমি চাই লৈছিলো যে লতা ডাল কিমান টান আৰু কিমান কটকটিয়াকৈ গছজোপাত লাগি আছে, নহ'লে চিগি যোৱাৰ সম্ভাৱনা থাকে যিহেতু ।
       ফাগুন মাহ সোমোৱাৰ লগে লগে আমি কেইটামান মান লগ হৈ পুনৰ হাবিলৈ গৈছিলো । দীঘল দীঘল পাতৰ কপৌফুল আৰু ভাটৌ ফুলৰ গছবোৰ গছত উঠি আলফুলে এৰুৱাই আনিছিলো ঘৰৰ আগফালে তামোলগছত লগাবলৈ । এই সময়ত আনিলে ব'হাগলৈ ফুলিছিল ফুলবোৰ । বগা কপৌ বিচাৰি হাবি বন চলাথ কৰিলো, কিন্তু দ্বিতীয় এজোপা বগা কপৌ নাপালো । মই বগা কপৌ দেখাৰ প্ৰায় ১০-১২ বছৰৰ পিছত, এদিন বহাগ মাহৰ আবেলি এটাত মায়ে আহি মোক ক'লে যে আমাৰ ঘৰৰ পিছফালে ওখ পূঁ‌জা গছ এজোপাত বগা কপৌ এজোপা আছে । মইটো জঁ‌পিয়াই উঠিছিলো, যাক ইমান বছৰে বিচাৰি ফুৰিছিলো সেইজোপাই এতিয়া আমাৰ ঘৰতে আছে !
      কথাটো মিছা নাছিল । ধুনীয়াকৈ তিনিপাহ ফুলেৰে বগা কপৌ এজোপাই সূহুৰিয়াই সূহুৰিয়াই ব'হাগৰ সুগন্ধি বিয়পাই আছিল আমাৰ ঘৰৰ পিছফালে ! ফুল সামৰাৰ পিছত এদিন গছ বগাই ফুলজোপা আনি গুলপীয়া কপৌ এজোপাৰ সতে মিতিৰি পতাই একেজোপা তামোলতে বান্ধি ৰাখিলো ।

 (ঘ)
         হাল বাবলৈ নাজানো, যদিও খেতিয়কৰ ল'ৰা । সৰুতে নিদিছিল পথাৰত নামিবলৈ । কেতিয়াবা দেউতাক চাহ-জলপান দিবলৈ পথাৰলৈ গৈছিলো আৰু কেতিয়াবা মাৰ সতে ধান দাবলৈ ।
     জলপান দিবলৈ গৈ দেউতাই ৰখাই থোৱা হালখনৰ নাঙলৰ মুঠিত ধৰিবলৈ শিকিছিলো । "হুৰ্ হুৰ্…… আহ্ আহ্, ৰঙা ঘূৰ, কজলা ঐ চাপি আহ্……… যা যা…… ঘূৰি আহ্……" দেউতাৰ মুখত এইবোৰ শব্দ শুনি বৰ ভাল লাগিছিল, যেতিয়া দেউতাই হাল বাইছিল নতুবা মৈত মোক উঠাই মাটি সমাইছিল । দেউতাৰ দৰেই মাত মাতি মাতি নাঙলৰ মুঠিত খামুচি ধৰিছিলো, টানকৈ । বোকাত গুজি থোৱা এচাৰিডাল তুলি চটপ কৈ ৰঙাটোৰ টিকাত কোবাইছিলো……'ৰঙা ঘূৰ' । দেউতাই জলপান খাই থকাৰ মাজতে মোৰ ফালে চাই হাঁ‌হিছিল আৰু কৈছিল 'তেনেকৈ নহয়…' ! নাঙল কাহানিও 'আউচ'ত নগৈছিল । তেৰা বেকাকৈ দুই এপাক হাল বাইছিলোহে……দেউতাই আহি নাঙল ধৰিছিল "নালাগে আৰু তুমি হাল বাই ফালিব…!"
     ধাননিলৈ যাবলৈ তথা মোক নিবলৈ 'মা'তকৈ 'বৰমা'ই হে বেছি বাধা দিছিল…'ধানৰ পাতে কাটিব, গধুলি ভৰি হাত বিজ্-বিজাব' ! তথাপি গৈছিলো কান্দি কান্দি হ'লেও । আচল কথা আছিল 'ফুটকলা' কেইজোপা । পকা ফুটকলাবোৰ বাকলি গুচাই লানি চিলাই লৈছিলো । মায়ে জেওৰাৰ গোজ দুটাত চাদৰ মেলি ছাঁ‌ বনাই দিছিল । তাতে বহি বহি খাইছিলো । মাজে মাজে ময়ো ধান কাটো বুলি মাক আমনি কৰিছিল । কাচি কেতিয়াও দিয়া নাছিল মায়ে । কটাৰীৰেই ৰেপিছিলো দুই এটা মুঠি (হাতখননো আছিল কিমান ডাঙৰ !) নৰাৰ পেঁ‌পা বনাইছিলো, ছাটি বনাইছিলো……মুঠতে মোৰ পৃথিৱীত মই অকলে খেলিছিলোঁ ।
     কান্ধত বিৰিয়া লৈ নাইপোৱা আজিলৈকে । দেউতাই ডাঙৰি অনা দেখিলে মোৰো মন গৈছিল,  আব্দাৰ কৰিছিলো মোকো বিৰিয়া লাগে বুলি । দেউতাই সৰুকৈ বনাই দিছিল, ঠিক জেওৰাৰ গোজৰ দৰে । দুফালে দুটা ধানৰ মুঠি লৈ দেউতাৰ পিছে পিছে আহিছিলো । কিন্তু তাতকৈ বেছি ওজন ল'বলৈ নিদিলেই !

  (ঙ)
       সৰুতে মাঁ‌হতে শিকাইছিল, লগ-সংগ বেয়া ! সেয়েটো সাধু কথাৰ কিতাপবোৰত নিজক বিচাৰিছিলো । প্ৰথম আখৰ শিকিব পৰা হওঁ‌তে আমাৰ পুথাদেউৱে মোৰ হাতত তুলি দিছিল ধ্ৰুৱতৰাৰ সাধু নামৰ কিতাপখন । তাৰ পিছত যাত্ৰা আৰম্ভ হৈছিল মোৰ কিতাপ পঢ়াৰ আনন্দৰ । গ্ৰীচ দেশৰ সাধু পঢ়ি টোপনী গৈছিলো, টেটুন তামুলীৰ কাহিনী শুনি আচৰিত হৈছিলো, ধ্ৰুৱ তৰাৰ সাধু পঢ়ি ভাবিছিলো ইমান সৰু তিল এটা কেনেকৈ ভগাইছিলে বাৰু ! পুথাদেউ মোৰ বাবে আছিল সাধু কথাৰ কুঁ‌কি । কিমান যে সাধু শুনিছিলো তেওঁৰ পৰা !
   মৌচাকৰ সতে চিনাকি হৈছিলো LP স্কুলত থাকোতেই । আমাৰ তাৱৈৰ ল'ৰাটো আৰু মই খু-উ-ব কিতাপ পঢ়িছিলো । দুয়োটাৰ মাজত কিতাপৰ আদান প্ৰদান কৰিছিলো । এদিন সি মোক আলোচনী এখন পঢ়িবলৈ দিলে, °মৌচাক° । পঢ়ি ইমানেই ভাল পালো যে, তেতিয়াৰ পৰাই সুবিধা পালেই মৌচাক কিনি আনি পঢ়িবলৈ আৰম্ভ কৰিলো । আমাৰ ওচৰৰ কিতাপ দোকান কেইখনত মৌচাক নানিছিল । ১৫ কিলো মিটাৰ আঁ‌তৰত থকা ঢকুৱাখনাত হে পোৱা গৈছিল মৌচাক । কিন্তু মই যেতিয়া পঞ্চম শ্ৰেণীত সোণাৰী চাপৰিত নামভৰ্তি কৰিলো, তেতিয়া ওচৰৰ কিতাপ দোকান খনত মৌচাক প্ৰতি মাহে আনি দিবলৈ ক'লো । তেখেতে আনি দিছিল । তেতিয়াৰ পৰাই মৌচাকৰ মৌগুটি হৈ পৰিলো ।
     চিঠি পত্ৰৰ সতে মৌচাকৰ দ্বাৰাই চিনাকি হৈছিলো । আমাৰ শ্ৰেণীত আমি দুই তিনিজনমানে প্ৰতিমাহে মৌচাক আৰু নতুন আৱিষ্কাৰ পঢ়িছিলো । ইজনে সিজনলৈ চিঠি লিখিবলৈ শিকিছিলো ।
      ঘটনাটো ঘটিছিল আমি ষষ্ঠমানত থাকোতে । তেতিয়া নবোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষা হৈছিল । তেনেকুৱাতে লগৰ এটাৰ পকেটত লগৰ এজনেই দিয়া চিঠি এখন মই উদ্ধাৰ কৰিলো ! আমাৰ বাবে লোকৰ চিঠি পঢ়াটো খু-উ-চ স্ফুটিৰ কথা আছিল । সেইখন উত্তৰপত্ৰ হে আছিল, ইজনৰ বন্ধুত্বৰ পস্তাৱৰ । তাত কবিতাৰ সুৰেৰে লিখা শাৰি দুটা আজিও মোৰ মনত আছে । সি লিখিছিল---
      "ক'লা হাতীৰ বগা দাঁ‌ত
        উত্তৰ পালে ধন্যবাদ"
     এনেকুৱাতে আৰু এটা কথা মনত পৰিছে যে চিঠি পত্ৰত এনেধৰনৰ কবিতাৰ টুকুৰা বহুতো দেখিবলৈ পোৱা যাই । মোলৈ অহা চিঠিবোৰত থকা কিছুমান কাব্যপংক্তি এনেধৰনৰ আছিল------

     "ফুল পাই কাঁ‌ইটক পাহৰি নাযাবা
      সুখ পাই দুখক পাহৰি নাযাবা
      জীৱনক পাই মৰণক পাহৰি নাযাবা
      বেলেগ বন্ধু পাই মোক পাহৰি নাযাবা"

       "নাই মোৰ চেহেৰা
        আখৰ মোৰ লেতেৰা"

       "তুলসীৰ তলে তলে
        মৃগ পহু চৰে
        আখৰৰ মাজে মাজে
        কটা-কটি আছে"     ----------ইত্যাদি ।

      পুনশ্চঃ  সেই সোণালী শৈশৱ কৈশোৰৰ সেউজীয়া সময়বোৰে আজিও ৰিঙিয়াই । "আহ ঐ__ পথাৰত চিলা উৰুৱাবলৈ যাওঁ‌……"---- এই যেন ভাঁ‌হি আহিব দূৰ অতীতৰ পৰা । তামোলৰ ঢকুৱাৰে আজি কালি কোনেও বিচনী বনোৱা নেদেখো, ফেন আহিল যিহেতু । কোনেও আজি কালি গৰমৰ দিন বুলি গছৰ তলত নহবে, সকলোৱে ফেনৰ তলত বহি টিভি চাই থাকে । কোনেও আজি কালি আজৰি সময়ত হৈ-গুডু, কাবাদী, হৰি, বন্তি হাজৰিকা, টাংগুটি, খুলি, পকা, আপেল কটা, এছপেছ-ঢাপা, লুকা-ভাকু, ইত্যাদি খেলবোৰ খেলা নেখেলে । সকলোৰে মনত আজি কালি কেৱল প্ৰতিযোগীতা মূলক ভাৱ এটাই ক্ৰিয়া কৰি থাকে । হাতে হাতে মোবাইল, ভিডিঅ' গেম এইবোৰে নতুন উঠি অহা চামক বেলিৰ সেউজীয়া ৰূপ দেখাত বাধা দি আহিছে ।
     সেয়ে মই সেউজীয়া বেলিটোৰ ঠিকনা বিচাৰি এখন চিঠি লিখিব খোজো, অলপ নীলা ৰ'দ বিচাৰি । যাতে সকলোৱে এক্ষন্তেকৰ বাবেও যান্ত্ৰিকতাৰ মুখা খুলি উপভোগ কৰিব পাৰে নীলা ৰ'দত সাঁ‌তুৰি সাঁ‌তুৰি তাহানিৰ নিভাঁজ মৰম চেনেহেৰে ভৰা সময়বোৰ ।


_______________________________________

12 Comments

  1. ঢকুৱাখনাৰ পৰা অসমৰ সাহিত্য , সংস্কৃতি জগতৰ বহুতো মুকুতা উৎপত্তি হৈছে । আপুনি ও তাৰে এজন হব গৈ । আপোনাৰ প্ৰতিটো লিখনি এ উৎকৃষ্ট ।

    ReplyDelete
    Replies
    1. 🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾

      Delete
    2. বায়ে linkটো whatsappত পঠাই দিছিল পঢ়িবলৈ। ভাল লাগিল পঢ়ি পী-চাই। (বাৰু পিছে ময়ো গণিতত গাধ!😂) তুমি কোৱা এই সেউজীয়া বেলিটোৰ লগত কেতিয়াও experience হৈ পোৱা নাই, কিন্তু এতিয়া পঢ়ি এই সেউজীয়া বেলিটো চাবৰ বাবে সঁচাকৈয়ৈ হেঁপাহ জাগি উঠিছে।🙃

      Delete
  2. পঢ়িবলৈ আৰম্ভ কৰাৰ আগতে ভাবিছিলোঁ এই সেউজীয়া বেলিটো কি হ'ব....এতিয়া মাথোঁ ক'ম আপুনি দেখা সেউজীয়া বেলিটো মই দেখা নাই কিন্তু চাবলৈ হেঁপাহ জাগিছে।

    ReplyDelete
    Replies
    1. আহিবা, সেউজীয়া বেলিৰ সুকোমল পোহৰত এবাৰ জী চাবা 💚

      Delete
  3. Replies
    1. হয় 🥴🤪 এনেকুৱা মন্তব্যৰে আমাক গোটেই জীৱন ঠেলি থাকিব বুলি আশা ৰাখিলো

      Delete
  4. সুন্দৰ । তোমাৰ বিশ্লেষণ আৰু তাক উপস্থাপনৰ কৌশল মই অতি ভাল পাওঁ।
    তাৰোপৰি তোমাৰ সত্য অন্বেষণৰ অনিসন্ধিৎসু মনটোৱে বহু তথ্য নতুনকৈ বিচাৰ কৰিবলৈ শিকায় ।

    ReplyDelete
    Replies
    1. ধন্যবাদ দাদা। উৎসাহিত হ'লো।

      Delete
  5. বৰ ভাল লাগিল

    ReplyDelete
Previous Post Next Post