ভালপোৱাই মানুহক বহুত অকলশৰীয়া কৰি তোলে
মূল বাংলাঃ তছলিমা নাছৰিন অসমীয়াঃ বিকাশ দিহিঙ্গীয়া
মোক তেওঁ ভাল নাপায়, কিন্তু ধৰি লওঁ পায়
তেওঁৰ কথাবোৰ ভুলকৈ অনুবাদ কৰোঁ, ইচ্ছাকৃত ভাবে কৰোঁ নে কি নাজানো।
আচলতে তেওঁৱো ভালপায় বুলি ধৰি ল'লে সুখী হওঁ বহুত। নিজকে সুখী কৰাৰ বাবেই এই অসম্ভৱ অনুবাদ নে কি মই নাজানো।
ভাল নাপাওঁ বুলি কৈ তেওঁ হাঁহিছে, খেলিছে, খাইছে, ঘূৰিছে
মোৰ সতে নিশা কটাই কোনোবা দিনা নিশব্দে গুচিও গৈছে
ভাল নাপাওঁ বুলি কোৱা বাবেই তেওঁ গুচি যোৱাত কোনো দুঃখ নাই
অকলেটো আগৰ পৰাই আছিলো, সেয়ে এতিয়াও অকলশৰীয়া যেন লগা নাই
তেওঁৰ সংগে, তেওঁ মিছাকথাবোৰে
মোক সঁচাকৈয়ে গ্ৰাস কৰি লৈছিল বুলি ধৰিলেহে অকলশৰীয়া যেন লাগে
কিমানবাৰ ভাবো পাহৰি পেলাওঁ সকলোবোৰ
তথাপিও দৰ্জাত শব্দ হ'লেই এনে লাগে যেন তেওঁহে আহিছে
ক'ৰবাত কিবা শব্দ হ'লেও চমকি উঠো
যেন তেওঁকে দেখা পাওঁ
কিমানবাৰ ভাবো যে আৰু কাকো ভাল নাপাওঁ
তাৰপিছতো ভুল মানুহক ভালপোৱা দি নিজকে শেষ কৰোঁ
যাক বিদায় দিয়াৰ বাবেই অত আয়োজন
তেওঁ যদি নিজেই গুচি যায়
ভুলতো এবাৰ ঘূৰি নাচায়, কষ্ট হয় বহুত; হৈ থাকে
ইমানবোৰ কথা বুজি পাওঁ
অথচ কষ্টৰ কাৰণ কি আজিও বুজি নাপাওঁ
-------***--------
