বিশেষ প্ৰয়োজনযুক্ত শিশুৰ সমস্যাঃ মানসিক বাধাগ্ৰস্ততা

 


বিশেষ প্ৰয়োজনযুক্ত শিশু বুলিলে সেইসকল শিশুক বুজায়, যিসকল শিশু সাধাৰণ শিশুতকৈ শাৰীৰিক, মানসিক, সামাজিক, আবেগিক, শৈক্ষক আৰু শিকন ক্ষমতাৰ ক্ষেত্ৰত পৃথক। এই শিশুসকল শাৰীৰিক, মানসিক বা আবেগিক আদি ক্ষেত্ৰত বাধাগ্ৰস্ত হয়।

মানসিক বাধাগ্ৰস্ততা হ’ল এনে এটা অৱস্থা, য’ত বিকাশৰ সময়ছোৱাত ব্যক্তিৰ মানসিক বিকাশ ৰুদ্ধ হয় বা মনৰ পুৰ্ণ বিকাশ নহয়। ইয়াৰ ফলত ব্যক্তিৰ বুদ্ধিৰ বিভিন্ন দিশ,যেনে-বোধ ক্ষমতা,ভাষা,সামাজিক কৌশল আদিৰ ক্ষেত্ৰত দুৰ্বল প্ৰদৰ্শন পৰিলক্ষিত হয়।

মানসিক বাধাগ্ৰস্ততা সম্পৰ্কে অভিভাৱকৰ লগত আন মানুহে বহুতো ভুল ধাৰণা লোৱা পৰিলক্ষিত হয় --

ক) এনে শিশুৰ প্ৰতিটো অকৃতকাৰ্যতাকে তেওঁলোকে ইচ্ছাকৃত বুলি ভাবিবলৈ ধৰে। সেইহেতুকে খং-ৰাগ কৰাৰ লগতে শাস্তিমূলক ব্যৱস্থাৰে তাক ভাল কৰিবলৈ চেষ্টা কৰা দেখা যায়।

খ) বহুতেই ভাবে মানসিকভাৱে বাধাগ্ৰস্ত শিশু এটাৰ পৰা আন এটা শিশুৰ গালৈ এই সমস্যা সুঁ‌চৰিব পাৰে। গতিকে নিজৰ সাধাৰণ সন্তানক এনে শিশুৰ লগত খেলা-,ধুলা,একেলগে বহি খোৱা আদি কাম কৰিবলৈ নিদিয়ে।

গ) বহু অভিভাৱকে শিশু অৱস্থাত ধৰা পৰা এনে বাধাগ্ৰস্ত শিশুৰ বয়স বঢ়াৰ লগে লগে বুদ্ধি-বৃত্তিও নিজে নিজে বাঢ়ি যাব বুলি সমস্যাটোক আওকান কৰা দেখা যায়।

মানসিক বাধাগ্ৰস্ততা সম্পৰ্কে আমাৰ অভিভাৱকসকলৰ অজ্ঞতা আৰু সজাগতাৰ অভাৱৰ বাবেই আমি মানসিকভাৱে বাধাগ্ৰস্ত শিশু এটাক মানসিকভাৱে অত্যাচাৰ চলাওঁ। এনে নকৰি,
যেতিয়া আমি দেখা পাওঁ‌ যে শিশুটোৱে তাৰ বয়স অনুযায়ী বিভিন্ন কথা আৰু কাৰ্যবোৰ আয়ত্ত কৰিব পৰা নাই, তেতিয়া আমি অলপো পলম নকৰি এগৰাকী ক্লিনিকেল ছাইক’লজিষ্টৰ ওচৰলৈ লৈ গৈ বুদ্ধি পৰীক্ষা কৰোৱাই শিশুটিৰ বুদ্ধিৰ বিষয়ে শুদ্ধ আৰু সঠিককৈ জানি লোৱাটো দৰকাৰী। ইয়াৰ লগে লগে এনে শিশুৰ সম্বন্ধে প্ৰচলিত ভুল ধাৰণাসমূহ এৰাই চলি শিশুটোক সাধাৰণ শিশুৰ দৰেই সহজ ব্যৱহাৰ কৰিব লাগে । মানসিক বাধাগ্ৰস্ত শিশুৰ সমস্যাটো বুজি লৈ তেনে ক্ষেত্ৰত শিশুসকলক সহায় কৰিব লাগে।

কেইটামান উল্লেখনীয় মানসিক বাধাগ্ৰস্ততা হ'লঃ

ডিচকেলকুলচিয়া, অটিজিম, আদি।



----xxx---

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post