বনঘোষা


বনঘোষা

~ বিকাশ দিহিঙ্গীয়া


         "এই অলপ আগত যে দেখিছা কেঁকুৰিটো, সেইফালে সোমাই গৈ তিনিটা পদূলি পাৰ হৈ সোঁফালে থকা ঘৰটোৱেই ।" --- কেৰিয়াত খেৰৰ বস্তা এটা বান্ধি চাইকেল ঠেলি ঠেলি আহি থকা মানুহজনে ঘৰটোৰ অৱস্থান নিশ্চিত কৰি দিলে । মোৰ বুকুখনে যেন অলপ খৰকৈ ঢপ-ঢপাবলৈ ল'লে --- 'পালোহিয়েই চোন !' সাধাৰণতে আমাৰ অগোচৰেই অহৰ্নিশে ঢপ-ঢপকৈ বাজি থকা বুকুখন বিশেষ কিছুমান সময়ত খুব খৰকৈ আৰু সশব্দে বাজি উঠে । কাষত থকা মানুহেও গম পাই যায় যে ইয়াৰ কিবা এটা হৈছে ! আচলতে কলিজাটোৱে আমাক কয়, "তই অকলে নহয়, ময়ো আছো তোৰ সতে প্ৰতিটো খোজতে ।"
         সুদীৰ্ঘ চাৰি বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে এইখন ঘৰলৈ আহিছো । প্ৰথমবাৰ দেখি যোৱা ছবিখন ধুঁৱলী-কুঁৱলীহৈ মন আকাশত উৰি ফুৰিছে । হয়তো কেইজোপামান গছ আগতকৈ কমিল নাইবা কেইটামান ঘৰৰ বেৰবোৰ পকী হ'ল, নতুন ৰং সনা হ'ল । চাৰিবছৰৰ আগৰ ছবিখন মনৰ পৰা আনি এবাৰ বৰ্তমানত বহুৱাই চাবলৈ যত্ন কৰিলো । কেঁকুৰিটো পুৰণি চিনেমাৰ দৰে জিল-মিলাই উঠিল আৰু লেডী বাৰ্ড চাইকেলৰ টিলিং টিলিং শব্দেৰে সতে খিল-খিল হাঁহি এটা দূৰ কোনোবা কোণৰ পৰা ভাঁ‌হি আহি কাষেৰে পাৰহৈ গ'ল । দুজনী ছোৱালী চাইকেলৰ বেল বজাই বজাই মোৰ ফালে চাই ফিচিঙা ফিচিঙকৈ হাঁহি কেঁ‌কুৰীটোত নাইকিয়া হৈ গ'ল ।
         "বিয়াঘৰলৈ আহিছা হ'বলা ?" --- টিলিঙ টিলিঙ শব্দত আকৌ এবাৰ হেৰাই যাব ধৰোঁতেই কাষতে কাৰোবাৰ মাত শুনি ঘূৰি চালো । দুগৰাকী আইতা কেতিয়ানো আহি মোৰ কাষ পালেহি গমেই নাপালো । মই 'হয়' সূচক হাঁহি এটাৰে সম্ভাষণ জনালো ।
         "বোপায়ে লাজ কৰিছা হবপাই ?" --- আনগৰাকী আইতাই তামোলৰ সেলেঙীৰে ওঁ‌ঠ ৰাঙলী কৰি হাঁহি হাঁহি ক'লে ।
         "ব'লা বোপা । আমিও তালৈকে যাওঁ‌ ।"
         তুলতুল এন এল কলেজত মোৰ ক্লাছ মেট আছিল, লগতে ৰূমমেট । হায়াৰ চেকেণ্ডেৰি পঢ়িবলৈ আহি হোষ্টেলত ৰূমমেট হিচাপে পাইছিলো তাক । সি মেটছৰ লগত বায়'লজি লৈছিল আৰু মই জিঅ'গ্ৰাফী । সি আন্ধাৰ ভাল পাইছিল আৰু মই পোহৰ । এটা সেউজীয়া ডিম লাইটে এন্ধাৰ আৰু পোহৰৰ মাজত সাঁকো হৈ গোটেই ৰাতি পহৰা দিছিল আমাক । দিন যোৱাৰ লগে লগে হোষ্টেলৰ বন্ধ কোঠাত অংকুৰিত হ'বলৈ ধৰিছিল আমাৰ বন্ধুত্বৰ । এখন এখনকৈ খোল খাইছিল মনৰ গোপন কোঠাৰ দুৱাৰ । হায়াৰ চেকেণ্ডেৰি পৰীক্ষাৰ পিছত বন্ধৰ প্ৰথমভাগ সি আমাৰ ঘৰত কটাইছিল গৈ । তাৰ পিছত দীঘলীয়া সময়ৰ বাবে তাক লগ পোৱা হোৱাই নাই । সি মেডিকেল পঢ়িবলৈ শিলচৰলৈ গুচি গ'ল আৰু মই এন এল কলেজতেই বি এছ চি কৰি এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত এম এছ চি ।
         সেই তুলতুলৰে বায়েকৰ বিয়া । এসপ্তাহ আগতেই আহি হাজিৰ হোৱাৰ নিৰ্দেশ আছিল যদিও দুদিনৰ আগত হে আহিব পাৰিলো । বন্ধুত্বৰ গাঢ়তা আগৰ দৰে নাই যদিও আমি এতিয়াও সুখ দুখবোৰ হোৱাটচএপতে ভগাই লওঁ‌ । বাছ ষ্টপৰ পৰা সি মোক অনাগৈৰ কথা আছিল যদিও বিয়াৰ কিবা কামৰ বাবে এঠাইলৈ যাব লগা হোৱাত এতিয়া সুধি সুধি ওলাবহি লগা হৈছেহি । অৱশ্যে সি ঘৰত কৈ থৈছে হেনো মোৰ আগমনৰ কথা ।
         বিয়া বুলি তুলতুলহঁ‌তৰ ঘৰখনকো ন-সাজ পিন্ধোৱা হৈছে । বাৰী-চোতাল চিকণাই ৰভা দিয়া হৈছে । পদূলিমূৰৰ ৰাধাচূড়াজোপাকো ধুনীয়া ভাঁ‌জত কলম কৰি তাতে "শুভ-বিবাহ" লিখি তোৰণ বনোৱা হৈছে । গুলপীয়া ফুলবোৰ চাৰিওফালে সিঁ‌চৰিত হৈ পৰি আছে । ফুলিলেই ফুলৰ মৰণ -- ফুলিব জনাটোৱেই যেন ফুলৰ ভুল । বুকুৰ ঢপ-ঢপনিবোৰ হুমুনিয়াহ এটা হৈ নাকেৰে উলাই গ'ল ।
         "ঐ তহঁতে ইয়াক চিনি পাইছনে ?" --- গধুলি তুলতুলে ৰভাৰ তলত বিহু গাই থকা ল'ৰাকেইটাৰ মাজলৈ মোক লৈ গ'ল । আজি ডেকা-গাভৰুৰ ভোজ আছে । একেলগে ইমানদিনে হাঁহি-স্ফূৰ্তি কৰি কটোৱা লগ সংগবোৰৰ পৰা এই ভোজতেই কইনা গৰাকীয়ে বিদায় লোৱাৰ নিয়ম । ভোজ-ভাতৰ কামত লাগি থকা আন ল'ৰা-ছোৱালীবোৰেও ঢোল থমকি ৰোৱাত আমাৰ ফালে চালে । মই ওপৰে ওপৰে আটাইবোৰলৈ চাই পঠালো । মানুহে-নামে চিনি নাপালেও ইহঁত মোৰ মনৰ গভীৰত সোমাই আছে । জীৱনৰ আটাইতকৈ আনন্দৰ দিনকেইটা ইহঁতেই মোক উপহাৰ দিছিল ।
         "ই তীৰ্থ আকৌ ! কিয় এবাৰ যে মোৰ লগত বিহু মাৰিবলৈ আহিছিল, পাহৰিলি হবলা ?" --- তুলতুলে সিহঁতকেইটাৰ চেহেৰা পঢ়ি ক'লে ।
         "নাই নাই, পাহৰা নাই । কেনেকে পাহৰিম সেই দৃশ্য !" --- গোটেইজাকে কিৰিলি পাৰি হাঁহিবলৈ ধৰিলে । দুটামানেটো বিহুৱেই গাই দিলে ---

"কিনো খাই পাহৰিম    তোকে ঐ মৰমী
কিনো খাই পাহৰিম তোক,
মিচিমি আহিব       বৰবিহ আনিব
তাকে খাই পাহৰিম তোক"
         বন্ধত আমাৰ ঘৰত দীঘলীয়াকৈ থাকিবলৈ যোৱা তুলতুলক থবলৈ আহি ইহঁতৰ লগত হুঁ‌চৰি মাৰিছিলো । আমাৰ ঠাইখন নগৰৰ দাঁ‌তিকাষৰীয়া হোৱা বাবে সংস্কৃতিকে ধৰি মৰম চেনেহবোৰতো লাহে লাহে যান্ত্ৰিকতাৰ পৰশ পৰিল । নিশা হুঁ‌চৰি মৰাৰ অনুভৱ কেনেকুৱা সেই বিষয়ে মোৰ কোনো ধাৰণা নাছিল । তুলতুলহঁ‌তৰ গাঁ‌ৱলৈ আহি সেয়ে মই কেতিয়াও নোপোৱা এক আনন্দ লাভ কৰিছিলো । বাছৰ পৰা নামি ঘৰলৈ খোজ কাঢ়ি আহি থাকোঁ‌তে সি চিনাকি কৰাই আহিছিল -- 'এইখন মই পঢ়া এল পি স্কুলখন । আমাৰ হেডছাৰজন বৰ কাঢ়া আছিল । নেওতা মুখস্থ দিব নোৱাৰিলে বেতেৰে হাত-ভৰি চবতে কোবাইছিল'; 'এইটো আমাৰ বৰদেউতাহঁ‌তৰ ঘৰ । মই সৰুতে ঘৰতকৈ বেছি ইয়াত থাকিছিলোহি'; "এইটো আমাৰ সৰুদাইহঁ‌তৰ ঘৰ । দাইহঁ‌তৰ ভন্টিয়ে এইবাৰ মেট্ৰিক দিছে । ইয়াৰ পৰা সেই কেঁকুৰীটোৰে সোমাইয়েই আমাৰ ঘৰ'' । 
         টিলিং টিলিং টিলিঙাৰ মাতত তুলতুলৰ চিনাকি পৰ্বত স্থবিৰতা আহি পৰিছিল । আমি আঁ‌তৰি দিয়াৰ লগে লগে তুলতুলহঁ‌তৰ সৰুদদায়েকৰ ঘৰৰ পদূলিৰে বেঙুণীয়া লেডি বাৰ্ড চাইকেল এখন হুৰহুৰাই সোমাই গৈছিল ।
         "তুলদা আহিলা ? লগত আলহী আনিছা হ'বলা ?" --- চাইকেল ওপৰৰ পৰা পিছলৈ ঘূৰি ছোৱালীজনীয়ে মোলৈ চাই পিছৰ প্ৰশ্নটো এৰি দিলে । হাঁহি থকা চকু দুটাত মোৰ চকু পৰা লগে লগে বুকুখন ঢম-ঢমকৈ বাজি উঠিল ।
         "কি হ'ল, ভেবা লাগিলি যে ?" --- ছোৱালীজনী যোৱাৰ পিছত তুলতুলে জোকোৱাৰ চলেৰে ক'লে, "সেইজনী দাইহঁ‌তৰ ভন্টীৰ লগৰ । নাম প্ৰজ্ঞা । মনে খাই গ'ল নেকি তোৰ ?"
         "ধেইত --! সোনকালে ব'ল ঘৰলে, মোৰ ভোক লাগিছে ।" --- পৰিস্থিতিৰ পৰা পলাবলৈকে ক'লো যদিও অনুভৱ কৰিলো সঁ‌চাকৈয়ে ভোক এটাই মোৰ ভিতৰত গা কৰি উঠিছিল ।
         তুলতুলহঁ‌তৰ গাঁওখন অলপ ভিতৰুৱা । বাছ ষ্টেণ্ডৰ পৰা মেজিকত ২০ টকা ভাৰাৰ বাট আহি দুখন গাওঁ‌ খোজ কাঢ়ি পাৰ হ'ব লাগে । কপৌ-কেতেকী, মালতী-তগৰৰ গোন্ধত চৌ-দিশ আমোল-মোলাই আছিল । গৰুবিহুৰ দিনালৈকে গাঁ‌ৱৰ ল'ৰাবোৰৰ লগতো সহজ হৈ পৰিছিলো । ছোৱালীবোৰেও বাটে-পথে দেখিলে মাত লগাব পৰা হৈছিল । কেৱল কথা-বতৰা পাতিব পৰা নাছিলো প্ৰজ্ঞাৰ সতে । তাইক দেখা পালেই বুকুখন খৰকৈ বাজিবলৈ ধৰে । তাইয়ো মাত দিয়া নাই চিধাকৈ । তেঁ‌ৰা-বেঁ‌কাকৈ অৱশ্যে কয় । চকুৱে চকুৱে পৰিলে তাইৰ চকু নমাই দিয়ে আৰু গোটেই মুখমণ্ডলত লাজৰ আভা বিয়পি পৰে ।
         সেইদিনা গধুলিৰ পৰা হুঁ‌চৰি মাৰি থাকোঁতে নিশা একমান বাজিছিল । টোপনি টোপনি ভাব এটা চকুৰ পতাত ওলমিব খুজিছিল ।
         "এইঘৰেই শেষ । তাৰপিছত আজিলৈ বিহু সামৰিম আৰু ।" --- দীঘলী পদূলি এটাৰ সন্মুখত ৰৈ ছোৱালীবোৰৰ ৰখীয়া হৈ যোৱা মহিলা কেইগৰাকীক ডেকাহঁ‌তে কৈছিল । তেওঁলোকে আগে আগে হৈ গৃহস্থৰ বাৰাণ্ডাত উঠিছিলগৈ ।
"দেউতাৰ পদূলিত গোন্ধাইছে মালতি
কেতেকী মলেমলাই ঐ গোবিন্ধাই ৰাম"
         পদূলি মূৰত আমি দুটামানে চিগাৰেট জ্বলাওঁ‌তে বাকীবোৰে হুঁ‌চৰি জুৰিছিলগৈ । শাৰী পাতি সকলোবোৰ দীঘল পদূলিটোৰে ঢোলৰ চেৱে চেৱে সোমাই গৈছিল । ছোৱালীজাকৰ মাজৰ পৰা এহাল চকুৱে হাতৰ চিগাৰেটতোলৈ চাই মোৰ চকুত চকু ৰাখি ভ্ৰু কোঁ‌চাইছিল । সেই চাৱনিৰ ৰাগি লাগি মোৰ হাতৰ পৰা চিগাৰেটতো আপুনা-আপুনি সৰি পৰিছিল ।
         ছোৱালীবোৰৰ ৰখীয়া হিচাপে আমাৰ লগত যোৱা মানুহকেইগৰাকীক গৃহস্থই ভিতৰলৈ নি বিহুৰ আপ্যায়ন কৰিছিল । বাহিৰত ল'ৰা-ছোৱালীবোৰে পাৰ ভগা যৌৱনৰ জাত-জাত বনৰীয়া নাম আৰম্ভ কৰিছিল । ল'ৰাবোৰে গাইছিল ---
"আকাশৰ জোনেবাই   নেপাওঁ‌ হাতে মেলি
ভৰি মেলি নেপালো পাটী,
চন্দ্ৰ-সূৰ্য্যক        কৰি যাওঁ‌ মিনতি
পুৱাওক ধীৰে ধীৰে ৰাতি"
         গাভৰুবোৰে উত্তৰত গাইছিল ---
"তোৰে তিনিখনি     মোৰে তিনিখনি
ছখনি কাপোৰৰ জাপ,
তোৰে তিনিখনি       ল বাছি বাছি
কুকুৰাই দিছে ডাক"
         ডেকামনত পিৰপিৰনি তোলা গান, ঢোলৰ চেও, বাঁ‌হীৰ সুৰ এইবোৰে দেহা ৰাই-জাই কৰি আনিছিল । এনে বনঘোষা, বিহুনামবোৰ কোনোবা বিহুৰ গৱেষকৰ কিতাপত হে পঢ়িবলৈ পাইছিলো । কিন্তু এনেকৈ শুনিবলৈ পোৱা নাছিলো । ভিতৰুৱা ঠাইবোৰত সঁ‌চাকৈ মুকুতা মনি লুকাই থাকে । ঘূৰি ঘূৰি নাচি থকা ছোৱালীজাকৰ মাজৰ পৰা এযোৰ চকুৱে চকুৱে পিৰিক পাৰাককৈ মোলৈ চাইছিল । চকুৱে চকুৱে পৰিলেই আনফালে চাই কঁ‌কাল ভাঙিছিল । জোঁ‌ৰৰ ৰঙচূৱা পোহৰত জিলিকা ঘৰ্মাক্ত মুখৰ পৰা মোৰ চকু আহি তাইৰ বুকুৰ সোমাজত ৰৈ গৈছিল । দেহৰ মাজেৰে যেন বিজুলীৰ সোঁ‌ত এটাহে উজাই আহি বুকুত খুন্দা মাৰি দিছিল ! বুকুখন খৰকৈ বাজি উঠিছিল । আঁ‌টি আঁ‌টি বন্ধা ৰিহাখনে খামুচীয়া কঁ‌কালটোক এক অন্যন্য ৰূপ প্ৰদান কৰিছিল । মই এপাকত নচাৰ চলেৰে গৈ তাইৰ কাষ পাইছিলোগৈহে -- হঠাতে তলপোন্ধ সলকি ধূতিখনত জোঁ‌ট লাগি তাইৰ গাতে বাগৰি পৰিলো । গোটেইজাক কিৰিলিয়াই উঠিছিল । তুলতুলে মোক তুলি ভিতৰলৈ নি ধূতিখন ভালকৈ পিন্ধাই দিছিল । বুকুখন ধান বনাদি বানিছিল ।
         "কি অ' ? কথা কি ?" --- তুলতুলে সুধিছিল ।
         "কিনো আৰু, দেখিছইচোন । নাচিবলৈ গৈ সেইয়াহে হ'ল ।" --- তুলতুলক সেইদিনা ফাঁকি দিব পাৰিছিলোনে নাই মই আজিও বুজি নাপালো । সি তেতিয়াৰ পৰা আজিলৈকে কেতিয়াও প্ৰজ্ঞাৰ কথা নুলিয়ালেই ।
         পিছদিনা বিহু নাচি থাকোঁতে আন্ধাৰৰ মাজত তাইৰ গাত মই ইচ্ছা কৰিয়েই গা লগাইছিলো । তাইৰ একো প্ৰতিক্ৰিয়া নেদেখি লাহেকৈ হাতখন ধৰিছিলো । বুকুখন এশ বিশ কিলোমিটাৰ বেগত যেন দৌৰিছিল -- ঢপ-ঢপ, ঢপ-ঢপ । হয়তো সেই শব্দ তাইৰ কাণতো পৰিছিল । মোৰ মুখলৈ চাই তাই হাতত চিকুটি দিছিল । নভবাকৈ ঘটি গৈছিল ঘটনাবোৰ । নিয়ন্ত্ৰণত নাছিল দেহ-মন । এঘৰৰ পৰা আন এঘৰলৈ যোৱাৰ মাজৰ সময়খিনিত তাইৰ গালত চুমা এটা আঁ‌কি দিছিলো । ঢক-ঢককৈ বাজি থকা মোৰ চেপেটা বুকুখন উঠন বুকু এখনে হেঁ‌চা মাৰি ধৰিছিল । লিৰিহি আঙুলিৰ ফুল থকা দুডাল লতাই মোক লেটিয়াই লৈছিল । কোমল ওঁ‌ঠ এযোৰৰ পৰা বৰ্হমথুৰীৰ ৰঙা অলপ বগাই আহি মোৰ শুকান ওঁ‌ঠত ফাকু খেলিছিল ।
         এজাক ডেকা-গাভৰুৰ মাজত পোন্ধৰ-বিশ মিনিটৰ বাবে নাইকিয়া হোৱা কাৰোবাৰ প্ৰতি লক্ষ্য সাধাৰণতেই কাৰোৰে নাথাকে । তাতে বিহুৰ বতৰত । ছোৱালী ৰখীয়া মানুহকেইগৰাকী ভিতৰত থাকোঁ‌তেই আমি সকলোৰে মাজত সোমাই মিলি গৈছিলো । তুলতুলে সন্দেহৰ দৃষ্টিৰে মোৰ ফালে চাইছিল । মই আওকান কৰি বিহুত মন দিছিলো । অলপ আগত ঘটি যোৱা ঘটনাটো যেন সপোন হে আছিল !
         কথাবোৰ মনত পৰাত বুকুখন আকৌ খৰকৈ বাজিবলৈ ধৰিলে ।
"তুমি পিছে পাহৰিলা নেকি হে বন্ধু ?" --- নয়ন বুলি কোৱাজনে বাউসীৰে ঠেলা এটা মাৰি সুধিলে । মোৰ লাজ লাগি গ'ল -- 'ইহঁ‌তে বাৰু কথাবোৰ গম পাইছিল নেকি !'
         কথা সলনি কৰিবলৈকে মই সিহঁতক হাঁহি মাৰি সুধিলো, "এতিয়া পিছে তোমালোকে কোনে কি কৰি আছা ?"
         আমাৰ কথাবতৰা শেষ হয় মানে খাবৰ হ'ল । সকলোৱে ৰভাৰ তলত শাৰী পাতি বহিল । মোৰ চকুৱে এখন বিশেষ মুখ বিচাৰি চাৰিওফালে ঘূৰিল --- 'নাই দেখুন ! তাইৰ কি বা হ'ল !'
         সেই ঘটনাৰ পিছদিনাই মই ঘৰলৈ উভতিছিলো । তুলতুল বা প্ৰজ্ঞাৰ মুখা-মুখি হোৱাৰ সৎ-সাহস মোৰ নাছিল ।
         "বিহু শেষ নকৰাকৈয়ে যাবলৈ ওলালি যে ? কি হ'ল তোৰ ?" --- তুলতুলে বাৰে বাৰে সুধিছিল । তাক নানা অজুহাত দেখাই সেইদিনা মই গুচি আহিছিলো হয়, কিন্তু তাৰপিছৰে পৰা তুলতুল আৰু মোৰ মাজত এক দূৰত্ব আহি পৰিছিল । আমাৰ বন্ধুত্বৰ গাঢ়তা যেন কমি গৈছিল ।
         প্ৰজ্ঞাক পাহৰিব নোৱাৰিলেও খবৰ লোৱাৰ সৎ সাহস মোৰ নাছিল । আজি চাৰি বছৰৰ পিছত কেৱল তাইক এবাৰ দেখা পোৱাৰ আশাতেই বিয়াখনৰ আপাহত গুচি আহিলো । কাৰোবাক সুধিবও নোৱাৰি কথাটো ! মনটো কেনেবা-কেনেবা লাগিল মোৰ । ভাত খাবলৈকে মন নগ'ল ।
         পিছদিনা আবেলিলৈ তুলতুলহঁ‌তৰ দূৰণীবটিয়া মিতিৰ-কুটুমবোৰ আহিল । আধা-আধি ভৰি থকা ঘৰখন এইবাৰ সম্পূৰ্ণকৈ ভৰি পৰিল । তুলতুল আৰু মোক সিহঁতৰ সৰুদদায়েকৰ ঘৰত ৰাতি থাকিবলৈ দিলে ।
         "তীৰ্থ দা, চাহ খাই ৰেডী হৈ আপুনি আহিব দেই সোনকালে । তুলদা কেতিয়াবাই উঠি গ'ল ।  মই এই বস্তুকেইটা দি বিয়াঘৰত দি আহোঁগৈ । মোৰ লগৰ ছোৱালী দুজনীমান সিটো কোঠাত আছে । কিবা লাগিলে মাত দিলেই হ'ল ।" --- বিয়াৰ দিনা পুৱা সন্মুখত চাহ ৰাখি তুলতুলৰ ভনীয়েকে কৈ কৈ ওলাই গ'ল ।
         চাহ খাই গা ধুবলৈ বুলি কাপোৰ সলালো । ব্ৰাছডাল তুলতুলহঁ‌তৰ ঘৰতেই থাকিল । 'আজি আঙুলিৰেই কাম চলাব লাগিব ।'  কথাটো ভাবিয়ে মাত দিলো --- "ভন্টী...” । কোনেও সঁ‌হাৰি নিদিলে যদিও কাষৰ কোঠাৰ পৰা অহা গুণগুণনিটো বন্ধ হ'ল ।
         "টুথপেষ্ট অকনমান পাম নেকি বাৰু ?"
         কোনোবা উঠি অহা যেন অনুমান হ'ল । মই খপজপাই গামোচা এখনেৰে গাটো ঢাকি ল'লো ।
         ক্ষন্তেক পিছতে কোঠাৰ পৰ্দাখন ঠেলি মুখ এখনে ভূমুকি মাৰিলে । সেই মুখত চকু পৰাত মই যেন লৰচৰ কৰিবলৈকো পাহৰি গ'লো । বুকুৰ গতি খৰ হৈ অহা অনুভৱ কৰিলো, যেন দহগুণ খৰকৈ বাজি উঠিছে বুকুৰ উঠা নমা !
         “প্ৰজ্ঞা !” – কন্ঠৰ বাহিৰ হ'ব নোৱাৰা মাতষাৰ মোৰ ভিতৰতে ঘূৰি থাকিল ।
*************


Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post