বনফুলৰ হাঁহি
~ বিকাশ দিহিঙ্গীয়া
(প্ৰথম দৃশ্য)
পানী বাঢ়ি আহিছে । সোৱনশীৰিৰ পানী বাঢ়ি পথাৰ উপচি পৰিছে । যোৱৰাতি ভকুন্দৈৰ ফালে উজানো পৰিছিল হেনো । পিছে মথাউৰিৰ পাৰৰ গাওঁকেইখনৰ মানুহবোৰৰ হে উজান ধৰিবলৈ সময় নাই । কিয়নো সোৱনশীৰিৰ বলিয়া বানে কোন মুৰ্হূতত মথাউৰি ভাঙি ঘৰ-দুৱাৰ বুৰাই তাৰ ঠিক নাই । তাকো বালিৰ মথাউৰিহে । ঠিকাদাৰে পাল মাৰি যেনেতেনে মথাউৰিৰ নামত কিবা এটা বনাই চৰকাৰী টকা কেইটা সৰকালে । সেইবাবে সকলোৱে নিজৰ নিজৰ দৰকাৰী তথা অত্যাৱশকীয় সা-সম্পদবোৰ টোপোলা বান্ধি মথাউৰিৰ সিতো পাৰলৈ ঢাপলি মেলিছে । গৰু-ছাগলীবোৰ আজি তিনিদিনৰ পৰাই মথাউৰিতেই ৰখা হৈছে ।
(দ্বিতীয় দৃশ্য)
গুৰুম . . . !
ভেকুলীৰ উচ্ছৃংখল কোৰ্হাল, ঝিলিৰ বিননিৰ মাজত যাঁও নাযাঁওকৈ আগবঢ়া ৰাতিটোৰ ১১ মান বজাত হোৱা ডাঙৰ শব্দটোৱে বিনিদ্ৰ ৰজনী কটোৱা মানুহবোৰক সঁচকিত কৰি তুলিলে । মথাউৰিটোত আশ্ৰয়লোৱা চাৰিওখন গাঁৱৰ মানুহবোৰৰ মাজত পুনৰ চিঞৰ বাখৰ, থেলা হেঁচা আৰম্ভ হৈ গ'ল ।সকলোৱে জানিছিল সেয়া মথাউৰি ভগাৰ শব্দ ।
সকলোৱে নিজৰ নিজৰ বয়-বস্তু আৰু ল'ৰা-ছোৱালীবোৰ লৈ এইবাৰ ঘাইপথলৈ অগ্ৰসৰ হ'ল । তোৰ-মোৰ বাদ দি একেলগ হৈ সকলোৱে মথাউৰিত থকা গৰু-ছাগলী, গাহৰি-কুকুৰা আদিবোৰ ঘাইপথৰ ফালে খেদিবলৈ ধৰিলে ।
ঘাইপথটো আগৰে পৰাই গৰু-ছাগলীৰে ভৰি আছিল । তাৰ মাজতে মানুহবোৰে কোনোমতে ৰাতিটো পাৰ কৰিলে ।
পিছদিনা, কাহিলি পুৱাতে মতা মানুহবোৰে গৰু-ছাগলীৰ বাবে ঘাঁহ বিচাৰি উলাল । পথৰ দাঁতিত থকা কলগছেৰে ভূৰ সাজিলে, গৰুৰ বাবেও দানা বনালে । এতিয়া বাঁহ কাটি তম্বু তৰিবৰ হে পাল
(তৃতীয় দৃশ্য)
চাৰিওফালে গেলা গোন্ধ । আজি তিনিদিন ধৰি এনে গোন্ধৰ হৈতে সহবাস কৰি সকলোৱে ঘাই পথত জীয়াতু ভুগি আছে । যোৱাকালি ৰিলিফৰ নামত গাইপতি এক কেজি কৈ চাউল আৰু এশ গ্ৰামমান কৈ দাইল আহিছিল । শিল-বালিৰ হৈতে একাকাৰ হৈ থকা চাউল-দাইলবোৰ ভালৰ দিনত হোৱাহলে গৰুকে খোৱালে হয় ।
খোৱা পানীও পাবলৈ নাই । নদীৰ গেলা পানীকে নিজনি কৰি খাব লগা হৈছে । ইফালে পানী শুকুৱাৰো কোনো লক্ষনেই দেখা নাই ।
আনফালে, 'ভূতৰ উপৰত দানহ পৰা'দি লাহে লাহে বেমাৰবোৰেও নিজৰ জাল পেলাইছেহি । জ্বৰ, পানীলগা, জন্দিচ, মেলেৰিয়া, খৰ-খজুৱতী, আদিয়ে সকলোকে 'ঘটিয়ে ঘটিয়ে পানী খুৱা'ব ধৰিছে । ৰোগীক হস্পাতাললৈ নিয়াৰো কোনো সুবিধা নাই । হওঁতে কলৰ ভূঁৰ কেইখন মান আছে, কিন্তু কোবাল সোঁতত সেই কেইখনেৰে হস্পাতাললৈ যোৱাতকৈ পানীত জাপ দি মৰাই ভাল । অৱশ্যে মাজে মাজে কিছুমান স্বেচ্ছাসেৱী সংগঠনৰ সাহাৰ্য্যকাৰী নাওঁ আহে । লগত তেওঁলোকে জ্বৰ-পানীলগা, পানীয়ে খোৱা, খজুৱতি আদি সাধাৰন ৰোগৰ দৰৱ আনে । ঘূৰি যাওঁতে শোচনীয় অৱস্থাৰ ৰোগীসকলক নি চহৰৰ চিকিৎসালয়ত ভৰ্তি কৰি দিয়েগৈ ।
(চতুৰ্থ দৃশ্য)
পাঁচ দিন মানৰ মূৰত পানীয়ে 'শুকনি মুখ' লোৱা দেখি সকলোৰে মনত আশাৰ ৰেঙনি জিলিকিল ।
গেলা গোন্ধবোৰ ক্ৰমাত বাঢ়ি আহিছে । তাতে প্ৰখৰ ৰ'দ । বেমাৰ-আজাৰবোৰ কমক চাৰি বৃদ্ধিহে হ'ব লাগিছে । যি কি নহওক, পানী শুকুৱা দেখি চিন্তাৰ বোজা অলপ পাতল হৈছে । পানীৰ সোঁত কমিলেই চহৰৰ হস্পাতাললৈ যাবলৈ কোনো অসুবিধা নাথাকিব । এই আশাৰেই সকলোৱে পানী কমালৈ অপেক্ষা কৰিছে ।
আবেলিলৈ প্ৰায় দুই হাতমান পানী শুকাল । আৰু দুই হাতমান তললৈ নামিলেই পানীৰ সোঁত কমিব । মানে কাইলৈ পুৱালৈ চহৰ যাব পৰা হব ।
(পঞ্চম দৃশ্য)
"হাঁয়ৈ... ঐ.... মোক এৰি কলৈ গলি ঐ......."
নিশা তৃতীয় প্ৰহৰত ভেকুলী আৰু ঝিলিৰ মাতকো তল পেলাই এটা হিয়া ভগা বিননীয়ে সকলোকে কঁপাই গ'ল । কিছুসময় কাণ উনাই, মানুহবোৰে অনুমান কৰিলে, সেয়া থুলুকৰ মাকে কান্দিছে । থুলুকৰ ভাল নাম ৰক্তিম । যোৱাকালিৰ পৰা তাৰ তমোময় জ্বৰ হৈ আছিল । কাইলৈ তাক লৈ দেউতাক চহৰলৈ যোৱাৰ কথা আছিল । পিছে দূৰ্কপাল, আজি হৰ্ঠাৎ ৰক্তিম ঢুকাল !
খবৰটো বনজুইৰ দৰে ঘাই পথত আশ্ৰয় লৈ থকা মানুহবোৰৰ মাজত নিমিষতে বিয়পি গ'ল । কিবা এক অজান ভয়ে সকলোকে যেন জোকাৰি গ'ল । লাহে লাহে ৰক্তিমহঁতৰ গাঁৱৰ আৰু চিনাকি মানুহখিনিয়ে সিঁহতৰ তম্বুত ভিৰ কৰিলেহি । মহিলাবোৰৰ কোনোৱে মাকক সান্ত্বনা দিব ধৰিলে আৰু কোনোৱে দুখ সহিব নোৱাৰি মাকৰ হৈতে চকুলো বোৱাব ধৰিলে ।
ইফালে একমাত্ৰ সন্তানক হেৰুৱাই বাপেক বাকৰুদ্ধ হৈ পৰিল । চকুলো ওলাবলৈও যেন হৃদয়খন শূন্য হৈ গ'ল । কাৰো একো কথাই তাৰ কাণত নোসোমাল । মৃত পুতেকৰ জঠৰ মুখখনলৈ চাই ক্ৰমশ তাৰো বুকুখন শিল হ'ব ধৰিলে ।
গাঁৱৰ সকলোৰে মৰমৰ থুলুকৰ গুণ সুঁৱৰি, ইনাই-বিনাই, আতংক আৰু দুঃ-চিন্তাৰ মাজেৰে কোনোমতে ৰাতিটো পাৰ হ'ল ।
কান্দি-কাটি লেবেজান হোৱা মাকজনীৰো অৱস্থা তথৈবচ হ'ল । বাপেকটোৱেতো জুপুকা মাৰিয়েই আছে । কোনো কোনোৱে মাকক লৈ হস্পাতাললৈ যোৱাৰ কথা ক'লে, কোনোৱে আকৌ শৱটোৰ সৎকাৰ ক'ত কৰিব তাক লৈ আলোচনাত বহিল ।
_________*________
