ভীম চৰিত

 

ভীম চৰিত

~ বিকাশ দিহিঙ্গীয়া


       বৈষ্ণৱ সাহিত্য বুলিলে সাধাৰণতে সেই শ্ৰেণীৰ সাহিত্যক বুজা যায় যিবোৰ ভগৱন্তৰ গুণ-গৰিমাসমূহেৰে সমৃদ্ধ। অসমীয়াত বৈষ্ণৱ সাহিত্যৰ চৰ্চা বা সৃষ্টি প্ৰাক্-শংকৰ যুগৰ পৰাই আৰম্ভ হৈছে বুলি ক'ব পাৰি। ইয়াৰ ভিতৰত মাধৱ কন্দলিৰ ৰামায়ণ, হৰিহৰ বিপ্ৰৰ লব-কুশৰ যুদ্ধ, হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ আদি প্ৰাক্-শংকৰ যুগৰ উল্লেখযোগ্য সাহিত্যকৰ্ম।

       ইয়াৰ পিছতে আহে নৱ-বৈষ্ণৱ সাহিত্য। মূলত শংকৰদেৱৰ নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মুখ্য উদ্দেশ্য হিচাপে লৈ সৃষ্টি হোৱা সাহিত্য সমূহকে নৱ-বৈষ্ণৱ সাহিত্য হিচাপে জনা যায়। সেই দৃষ্টিৰে শংকৰদেৱৰ পৰা শংকৰোত্তৰ কালৰ সাহিত্যলৈকে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য নিহিত হৈ থকা দেখা যায়। ইয়াৰ পিছতো সপ্তদশ-অষ্টদশ শতিকা পৰ্যন্ত সাহিত্যৰাজিত একেবোৰ লক্ষণ পৰিলক্ষিত হয়। সাহিত্যৰ বিভিন্ন ৰূপৰ মাজেদি বৈষ্ণৱ আদৰ্শকে সাৰোগত কৰি ৰাম সৰস্বতী, ভট্টদেৱৰ পৰা চৰিতকাৰ সকললৈকে; সকলোৰে ৰচনাসমূহতো প্ৰায় একে গতিৰেই প্ৰকাশ দেখিবলৈ পোৱা যায়।

       ৰচনাৰীতিৰ ওপৰত ভিত্তি কৰি বৈষ্ণৱ সাহিত্যক প্ৰধানকৈ ছটা ভাগত ভগাব পাৰি -- ক) কাব্য, খ) নাট্য, গ) গীত আৰু ভটিমা, ঘ) গদ্য, ঙ) অনুসৃষ্টি আৰু চ) চৰিত পুথি (অ.সা.ৰূ. - ড° মহেশ্বৰ নেওগ)। আকৌ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি বৈষ্ণৱ সাহিত্যক -- ক) ৰামায়ণী, খ) মহাভাৰতী, গ) পৌৰাণিক আৰু ঘ) ঐতিহাসিক শ্ৰেণীত ভগাব পাৰি (অ.সা.স.ই. - ড° সতেন্দ্ৰনাথ শৰ্মা)।

      মহাভাৰতীয় সাহিত্যৰাজীৰ ভিতৰত ৰাম সৰস্বতীৰ বধকাব্য বিশেষভাবে উল্লেখ্যযোগ্য। ৰাম সৰস্বতীক তেওঁৰ ৰচনাৰ ব্যাপকতা আৰু বৰ্ণনীয় কথা বস্তুৰ প্ৰতি লক্ষ্য ৰাখি ড° সতেন্দ্ৰনাথ শৰ্মাই অসমীয়া ব্যাস আখ্যা দিছে। ১৬-১৭শ শতিকাৰ কবি ৰাম সৰস্বতীয়ে বনপৰ্বত উল্লেখ কৰিছে যে তেওঁৰ প্ৰকৃত নাম অনিৰুদ্ধ হে, 'ৰাম সৰস্বতী' নৰনাৰায়ণ ৰজাই কবিক দিয়া উপাধিহে।

      ৰাম সৰস্বতীয়ে নৰনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতা মহাভাৰতৰ পৰ্বসমূহৰ অনুবাদ বা মূল মহাভাৰতত থকা আখ্যানসমূহৰ অসমীয়া ৰূপান্তৰ কৰিছিল। ইয়াৰ লগে লগে তেওঁ মূল মহাভাৰতৰ লগত বিশেষ সম্পৰ্ক নথকা অথচ 'যামল সংহিতা', 'শিৱ ৰহস্য' আদি উপপুৰাণৰ ভিত্তিত মহাভাৰতৰ কিছুমান চৰিত্ৰক কেন্দ্ৰ কৰি এলানি কাব্যও ৰচনা কৰে। এই লানি কাব্যকেই বধকাব্য হিচাপে জনা যায়। এই  বধকাব্যসমূহে সাধাৰণ ৰাইজক কিংবদন্তীমূলক আখ্যানৰ আধাৰত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাইছিল।

     বঘাসুৰ বধ, খটাসুৰ বধ, অশ্বকৰ্ণ বধ, কালজঙ্ঘ বধ, বিৰাট পৰ্ব, ভীষ্ম পৰ্ব, ভীম চৰিত/চৰিত্ৰ, আদি বধকাব্যৰ অন্তৰ্গত কাব্যসমূহৰ ভিতৰত জনপ্ৰিয় আৰু সমাদৃত কাব্যখনেই হ'ল ভীম চৰিত/চৰিত্ৰ। ৰাম সৰস্বতীৰ ভণিত ভীম চৰিতখন পুনৰুদ্ধাৰ কৰি ভীম চৰিত্ৰ নামেৰে ২০১৮ চনত পাঠশালাৰ নিষ্ঠা প্ৰকাশনে পুনৰ প্ৰকাশ কৰে, যাৰ শাখা পানবজাৰতো আছে। মাথো ২০ টকা মূল্য আৰু ৪৮ পৃষ্ঠাৰ এই সৰু গ্ৰন্থখিনি পৰিবেশ কৰিছে উত্তৰ লখিমপুৰৰ নিউ শইকীয়া বুক ষ্টলে।

       ভীম চৰিতখনি তিনিটা অংশত বিভক্ত। প্ৰথম অংশত কবিতে কৌৰৱ-পাণ্ডৱৰ শিশুকালৰ ধেমালীবোৰ, দুষ্টালিবোৰ অতি সৰল তথা মনোগ্ৰাহীকৈ প্ৰকাশ কৰিছে এইদৰে --

      . . .  .    . .       . . .  . . . . .   .   . .  .

      ধৃতৰাষ্ট্ৰ নৃপতিৰ পুত্ৰ একশত।

      পাণ্ডৱে ক্ৰীড়িয়া ফুৰে তাহাৰ লগত।।

      সবাতো অধিক ভীমসেন মহাবলী।

      কৌৰৱসৱক ধৰি আচাৰয় তুলি।।

      . . .  .    . .       . . .  . . . . .   .   . .  .

     আগে নামাতিয়া সবে আসিলি গৰ্ব্বত।

     এবে পকা ফল যাচ কিলৰ ভয়ত।।

      . . .  .    . .       . . .  . . . . .   .   . .  .

      তথাপি ভীমে সেই বৃক্ষত ধৰিলা।

      ঠাটকাৰ কৰু বৃক্ষ মাজতে ভাঙ্গিলা।।

      . . .  .    . .       . . .  . . . . .   .   . .  .

      বলী ভীমলৈ সকলো শিশুৱেই ভয় কৰিছিল। ভীমেও নিজৰ বল-শক্তিৰে কৌৰৱগণক হাৰাশাস্তি কৰি পৰম আনন্দ লভিছিল। এবাৰ ভীমক লগ নধৰাকৈ জামু খাবলৈ যোৱা কৌৰৱ শিশুগণক ভীমে মাৰ-কিল কৰাত সিহঁতে হৈ ধৃতৰাষ্ট্ৰক ভীমৰ অত্যাচাৰৰ কথা লগালেগৈ। পুত্ৰমোহত বন্দী ধৃতৰাষ্ট্ৰই ভীমক লাডুৰ সতে বিষ খোৱাই মৰাৰ বুদ্ধি সাজে, কিন্তু ভীমৰ পিতৃ বায়ুদেৱৰ কৃপাত ভীমৰ একো হানি-বিঘিনি নহয়। ইয়াৰ পিছত ধৃতৰাষ্ট্ৰই কুন্তীসহ পাণ্ডৱক জতুগৃহ সাজি তাতে পুৰি মৰাৰ ষড়যন্ত্ৰ কৰে। তাতো কবিয়ে ভীমৰ বল-শক্তি বৰ্ণনা কৰিছে এইদৰে --

      . . .  .    . .       . . .  . . . . .   .   . .  .

       হেন দেখি ভীমসেন আথ বেথ কৰি।

       চাৰি ভাই কুন্তীক যে এক হাতে ধৰি।।

       আৰো হাতে গদাগোট ভূমিত মাৰিলা।

       প্ৰহাৰেক মানে পথ ভূমি বিদাৰিলা।।

         . . .  .    . .       . . .  . . . . .   .   . .  .

    জতুগৃহৰ পৰা গৈ কুন্তী সহিতে পাণ্ডৱ বকাসুৰৰ ৰাজ্যত প্ৰৱেশ কৰিলে আৰু এজন ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় ল'লে। বকাসুৰক বছেৰেকত মানুহ একোটাকৈ খাবলৈ লাগে। প্ৰতিবছৰে পাল পাতি ৰাজ্যৰ মানুহে নিজৰ নিজৰ ঘৰৰ পৰা ভোজনৰ হ'বলৈ আগবাঢ়ি যায়। দৈবাৎ সেইবাৰ আকৌ পাল পৰিল ভীমহঁ‌তক আশ্ৰয় দিয়া ব্ৰাহ্মণ ঘৰৰে। ব্ৰাহ্মণৰ ঘৰত মাথো তিনিটি প্ৰাণী -- পুত্ৰ, পত্নী আৰু ব্ৰাহ্মণ নিজে। কোনেও কাকো মৰিবলৈ যাবলৈ দিব নুখুজে। তাকে দেখি কুন্তীয়ে ব্ৰাহ্মণক ক'লেগৈ যে মোৰে পুত্ৰ এটাক দিও। এনেয়েও পাঁ‌চটা আছে। এটা কমিলে একো হানি নহয়। কথামতেই ভীমত নি বকাসুৰৰ ভোজন হ'বলৈ ৰাইজে বান্ধি থৈ আহিলকৈ। মাজনিশা বকাসুৰ অহা গম পাই শিকলি চিঙি ভীমে বকাসুৰৰ সমস্ত ভোজন খাই শেষ কৰিলে আৰু তয়া-ময়া দন্দ কৰি বকাসুৰ আৰু তাৰ ভায়েক জম্ভাসুৰক বধ কৰি উলটি আহিল। তাৰপিছত সেই ব্ৰাহ্মণকে ৰাজ্যৰ ৰজা পাতি দিলে।

      প্ৰথম অংশ কবিয়ে সামৰণি মাৰিছে এইদৰে --

      . . .  .    . .       . . .  . . . . .   .   . .  .

      ৰাম সৰস্বতী ভণে এৰা আন কাম।

      পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম।।

      . . .  .    . .       . . .  . . . . .   .   . .  .

    ইয়াৰ পিছত দ্বিতীয় অংশ আৰম্ভ হৈছে কাম্যবনত ঘোৰ অৰণ্যৰ মাজত। ভোক-পিয়াহত আতুৰ হোৱা যুধিষ্ঠিৰে ভীমক কৈছে-- "চাহ ভীমহেন কত দূৰে আছে পানী"। পানী ক'ত আছে চাবলৈ বুলি গছত উঠা ভীমত ওজনৰ উমান কবিয়ে এইদৰে দিছে --

      . . .  .    . .       . . .  . . . . .   .   . .  .

      বৃক্ষত উঠিলা জল চাহিবাক বুলি।

     উঠন্তে সকল বৃক্ষ পৰে ভাঙ্গ চলি।।

      . . .  .    . .       . . .  . . . . .   .   . .  .

     তাৰপিছত পৰ্বতত উঠি চাই ভীমে দেখে যে দূৰৈত এটা সৰোবৰত পানী আছে। সৰোবৰ পৰা পানী আনিবলৈ গৈ সন্মুখীন হোৱা বিপদ সমূহৰ সতে মোকাবিলাৰ কৰা ৰসোতীৰ্ণ কাব্যই আমাক অনাবিল আনন্দ প্ৰদান কৰে। সৰোবৰটো আছিল কুবেৰৰ। কুবেৰে বাধা দিবলৈ অহাত ভীমে কুবেৰ, কাৰ্তিক আৰু গণেশকো এসেকা দিয়ে।

      কাম্যবণৰ অৰণ্যৰ মাজত খোৱা-বোৱাত কষ্ট হোৱাত ভীমে সকলোৰে পৰা অমুমতি লৈ শিৱৰ গৰু ৰখীয়া হ'বলৈ বুলি যায়। তাতো গৈ ভীমে কমখন গণ্ডগোল কৰা নাই! ভীমক খোৱাব বোৱাব পাৰিম বুলি ঘৰত ৰাখি লৈ ভীষণ পয়মাল হ'ল পাৰ্বতী আইৰ। পেট পুৰাই খোৱা যোগাৰ দিব নোৱাৰাত ভীমে পাৰ্বতীত বহু অপমান কৰে। লাজত পৰি পাৰ্বতীয়ে শিৱক খেতি কৰিবলৈ খাটনি ধৰিলে। এইচোৱা কাব্যৰ মাজৰ পৰাই সৃষ্টি হৈছে খোবা-খুবীৰ বৃত্তান্ত। খোবা-খুবুনীয়ে জ্বলাই আধ্যা পেলোৱা শিৱৰ খেতিৰ ফচল আনিবলৈ গৈ ভীমৰ হাতে হ'ল মাথো ছয় মুঠি।

      . . .  .    . .       . . .  . . . . .   .   . .  .

      ধান কাটি ভীমে আসি বুলিলেক বাক।

     এহি ধান দাইবে লাগি পঠাইলাহা আমাক।।

      . . .  .    . .       . . .  . . . . .   .   . .  .

       ভীমে আহি ছয়মুঠি ধান দি ভেঙুচালী কৰি শিৱৰ বিপক্ষে পাৰ্বতীৰ ঢেৰ কথা শুনালে। সেইবোৰ শুনি লাজ পাই পাৰ্বতীয়ে শিৱৰ লগত কাজিয়া কৰাত শিৱই খঙত ধান কেইমুঠিত জুই লগাই দিলে। সাত দিন সাত ৰাতি জুই জ্বলি থাকিও শেষ নোহোৱাত শিৱৰ খঙ মাৰ হ'ল আৰু কমণ্ডলুৰ পানীৰে জুই নুমুৱাই দিলে। জুইত পোৰা ধানবোৰেই আহু হিচাপে আজি স্বীকৃত। কবিয়ে তাৰ বৰ্ণনা কৰিছে এইদৰে -- 

      . . .  .    . .       . . .  . . . . .   .   . .  .

      কমণ্ডলুৰ জলে নুমাইলাহা মুণ্ডমালী।

      সিকাৰণে কিছু আহু কিছু ভৈলা শালী।।

      . . .  .    . .       . . .  . . . . .   .   . .  .

     ইয়াৰ পিছৰ পৰ্ব তথা অন্তিম পৰ্ব হৈছে শিৱই কুৱেৰক কৰা চূড়ান্ত লটি-ঘটিৰ ৰসোজ্জ্বল আৰু অনুপম বৰ্ণনা। শিৱ হ'ল কুবেৰৰ সখা। আগতেও ভিক্ষাৰী শিৱই কুবেৰৰ পৰা ধন সম্পত্তি ধাৰলৈ আনি ধাৰ নমৰাকৈ থৈছে। পাৰ্বতীয়ে ভীক্ষাৰ সামগ্ৰীৰে ঘৰ চলাব নোৱাৰি পুনৰ কুবেৰৰ পৰা টকা পইচা অলপ ধাৰলৈ আনিবলৈ গ'ল। পাৰ্বতীৰ ঘৰৰ গৰখীয়া ভীমে ইতিমধ্যে দুবাৰকৈ কুবেৰৰ যমৰ যাতনা দেখাই থৈছে। গতিকে এনেবোৰ কাৰণেই কুবেৰে পাৰ্বতীত ধন ধাৰলৈ নিদি অপমান কৰি খেদি পথালে। পাৰ্বতীয়ে ঘৰত আহি কোৱাত শিৱই নিজে কুবেৰৰ ওচৰলৈ যাবলৈ ওলাল। কবিয়ে বৰ্ণনা কৰিছে এইদৰে --

      . . .  .    . .       . . .  . . . . .   .   . .  .

      অন্যে ধন ধাৰে নিলে লাভে মূলে পায়।

      ভঙ্গুৱাক ধাৰে দিলে সমূহে হেৰায়।।

      হেন শুনি পাৰ্বতীয়ে মহেশত কৈলা।

      মই ধাৰে আনো বুলি মহেশে উঠিলা।।

      . . .  .    . .       . . .  . . . . .   .   . .  .

     ইয়াৰ পিছত শিৱই ভীমক ভিতৰৰ পৰা ভীক্ষাৰ জোলোঙাখন আনি দিবলৈ পাছিলে। ভিতৰত গৈ জোলোঙাৰ লগত নৰ মুণ্ডমালা দেখি ভীমৰ ঘিণ লাগিল। ঘূৰি পকি জোঙাল শিলাখণ্ড এডাল উভালি জোলোঙাত তাতে সোমাই দূৰৰ পৰাই শিৱক দিলেগৈ। জোলোঙা দি --

      . . .  .    . .       . . .  . . . . .   .   . .  .

      ভীমে বোলে গুৰু তুমি থাকিয়ো ইঠাই।

     কুবেৰত ধন ধাৰে মই আনো যাই।।

      . . .  .    . .       . . .  . . . . .   .   . .  .

     ভীমত দেখি কুবেৰে পলাব খুজিছিল কিন্তু ভীমে পিছফালৰ পৰা কুবেৰৰ চুলিত ধৰি হাত দুখন বান্ধি পেলালে। পাৰ্বতী আইক তই অপমান কৰিলি, ইমান গৰ্ব তোৰ ! তোক আজি ইয়াৰ শিক্ষা দিম। এই বুলি ভীমে ষাঠী লাখ ৰূপৰ টকা আনি কুবেৰৰ মূৰত বোজা কৰি দিলে। আৰু কুবেৰক নানা ককৰ্থনা কৰি গদাৰে গতিয়াই গতিয়াই শিৱৰ ওচৰ পোৱালেগৈ। সখা কুবেৰৰ তেনে বিষম অৱস্থা দেখি বান্ধ আথে-বেথে খুলি দি ভীমক খঙেৰে সুধিলে -- 

      . . .  .    . .       . . .  . . . . .   .   . .  .

      শঙ্কৰে বোলে তই কোথেৰ দুৰ্জন।

     মোৰ প্ৰাণ সখিৰ কৰিলি বিকৰ্থন।।

      . . .  .    . .       . . .  . . . . .   .   . .  .

      ভীমো পৰি মৰা ভকত নহয়। উত্তৰত ভীমে কৈছে -- 

      . . .  .    . .       . . .  . . . . .   .   . .  .

      ভীমে বোলে শুন আৰে ভঙ্গুৱা শঙ্কৰ। 

      ততালিকে কথা দেখো লৰে তঁ‌হতৰ।।

      এতিক্ষণে বোলে কুবেৰক ধৰি আন।

      কিল ভুকি বাটত মাৰিবি পাৰেমান।।

      . . .  .    . .       . . .  . . . . .   .   . .  .

      ভীমে তাৰ কথা-বতৰা দেখি মনে মনে গুণিলে "ই বেটা কম নহয়।" শিৱই কুবেৰক মুকলি কৰি দিলে নিজৰ ঘৰলৈ পঠালে আৰু ভীমক মৰমেৰে তাৰ বিষয়ে সকলো খুলি ক'বলৈ ক'লে। ভীমেও কুৰুভাতৃসকলৰ ষড়যন্ত্ৰৰ পৰা ধৰি অৰণ্যত বনবাসলৈকে সকলো দুখ-দুৰ্দশাৰ কথা বিবৰি ক'লে। সকলো অপৰাধৰ ক্ষমা খুজিলে আৰু কিছু অস্ত্ৰ-বিদ্যা প্ৰাৰ্থনা কৰিলে। শিৱেও আনন্দমনেৰে ভীমৰ মনোকামনা পূৰণ কৰি তাক মাতৃ-ভাতৃৰ কাষলৈ ঘূৰাই পঠালে।

     ভীম চৰিত নামৰ ক্ষুদ্ৰ কাব্যপুথিখনি কবিয়ে নানা অলংকাৰ, চিত্ৰ-ধৰ্মিতা, হাস্যৰস আদিৰে মনোগ্ৰাহীভাবে ৰচনা কৰিছে। ভীমচৰিতে ধেমালীৰ চলেৰে আমাৰ সমাজ জীৱনকো প্ৰতিফলিত কৰিছে। অতিৰঞ্জিত আৰু হাস্যধৰ্মেৰে কৰা বৰ্ণনা বোৰ অতি সাৱলীল। আমাৰ ভাষাজ্ঞানৰ ভঁ‌ৰাল সমৃদ্ধিশালী কৰাতো ভীম চৰিতে অৰিহনা যোগাইছে।

 ______×______

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post