হেৰেমৰ বাসিন্দা
~ বিকাশ দিহিঙ্গীয়া
"সেইটো কিমান দামী আছিল তই জাননে ? তোৰ তিনিটা জনম গলেও তেনেকুৱা এটা কিনিব নোৱাৰ ! চাল্লা ভিকহুৰ জাত! !" ---- বনকৰা ল'ৰাটোৰ ঝাৰু দাল লাগি ফুলদানি এটা সৰি পৰিল । আৰু তাকে লৈ এতিয়া মালিকনীয়ে মা কালীৰ ৰূপ ধাৰন কৰিছে । পিছফালৰ বাৰাণ্ডাত আঁঠুকঢ়াই ঝাৰুদাল উভতাই লৈ তাক কোবাই আছে ।
ঠিক তেনেতে আগফালৰ চোতালত গলফৰ প্ৰেকটিছ কৰি থকা পুতেকৰ বলে আহি ৱাল টি ভিটো খহাই দিলে ।
"এইবাৰ এইটোতকৈ ডাঙৰ আৰু দামী এটা ল'ব লাগিব"--- ভয়ে ভয়ে মাকলৈ চাই থকা ল'ৰাটোক বুকুৰ মাজত সোমোৱাই লৈ ঘৰৰ মালিকনীয়ে ক'লে ।
পিছফালৰ বাৰাণ্ডাৰ পৰা এটা উচুপনি ভাঁহি আহিল ।
_____×_____
(প্ৰকাশঃ অসমীয়া খবৰৰ দেওবৰীয়া, ২১-০১-২০১৭)
#জীৱনৰ প্ৰথম অনুগল্প লিখাৰ সফল প্ৰয়াস।
