মই মাত্ৰ অলপ কিবাহে বিচাৰো

 

মই মাত্ৰ অলপ কিবাহে বিচাৰো

মূল বাংলাঃ হুমায়ূন আহমেদ

অসমীয়াঃ বিকাশ দিহিঙ্গীয়া

 

 

 

 

মোক ভাল পাব নালাগে

ভালপাওঁ‌ বুলিবও নালাগে

 

মাজে মাজে আবেগত ভাঁহি

গাল দুখন চুই দিবও নালাগে

বা মোৰ বাবে ৰাতি কৰিব

নালাগে টোপনি ক্ষতি

 

আন প্ৰেমিকযুগলৰ দৰে

মোৰ সতে ৰুটিন মানি দেখুওৱাবও নালাগে

নাইবা আবেলি একেলগে ফুটপাথত

ফুচকা খাবও নালাগে

 

ইমানবোৰ অসীম 'না' ৰ মাজত

কেৱল মাত্ৰ এটা

কামেই কৰিব লাগে, মই যেতিয়া

প্ৰতিদিনে এবাৰ 'ভালপাওঁ‌'

বুলি ক'ম, তুমি প্ৰতিবাৰে

এটা দীৰ্ঘশ্বাস এৰি

অলপ মৰমসনা

মাতেৰে, আদৰেৰে ক'বা 

পাগলী'

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post