‘পৃথিৱীৰ পঢ়াশালিলৈ’ - গ্ৰন্থালোচনা

 

 


গ্ৰন্থৰ নামঃ      পৃথিৱীৰ পঢ়াশালিলৈ’

লেখকঃ         সন্তোষ কুমাৰ কৰ্মকাৰ’

প্ৰকাশকঃ       বাণী মন্দিৰ’   (২০০৬ চনৰ বাণী মন্দিৰ সংস্কৰণ)

মূল্যঃ           ২৫ টকা

পৃষ্ঠাঃ           ৯৯ পৃষ্ঠা

 

মোৰ এজন বন্ধু বৰ্ণিলে প্ৰায়েই এখন কিতাপৰ কথা কৈছিল, যিখন তেওঁ সৰু হৈ থাকোঁতে পঢ়িছিল। তেওঁৰ মুখত শুনি শুনিয়েই কিতাপখনৰ প্ৰতি তীব্ৰ আকৰ্ষণ বাঢ়িছিল। ২০২০ চনৰ গুৱাহাটী গ্ৰন্থমেলাত হঠাতে কিতাপখন পাই ‘মানিক পোৱা যেন’ পাইছিলো।

শিশু-সাহিত্যৰ গ্ৰন্থসমূহ পঢ়িয়েই কিতাপৰ মায়াময় জগতখনৰ প্ৰতি আকৃষ্ট হৈছিলো। শিশু আলোচনী ‘মৌচাক’-এ আমাক সুস্বাদু সাহিত্যৰ যোগান ধৰি আমাৰ শৈশৱ-কৈশোৰ কালচোৱা সমৃদ্ধ কৰিছিল। ডাঙৰ হোৱাৰ পিছতো কোনোবাখিনিত এতিয়াও শিশু সাহিত্যত ৰৈ গ’লো যেন ! এটা কথা সত্য যে, শিশু সাহিত্য সৃষ্টি আটাইতকৈ কঠিন কাম। শিশুৰ মনস্তাত্বিক দিশটোক বিশ্লেষণ কৰি, শিশুৰ মনোজগতত বিচৰণ কৰি সাহিত্য ৰচনা কৰা সাহিত্যিকসকল সেয়ে মোৰ দৃষ্টিত সকলোতকৈ ওপৰত। কিয়নো, ডাঙৰ হৈ আখৰ চিনি-বুজি সকলোৱেই পঢ়িব পৰা হয়। প্ৰেম, বিৰহ, সংগ্ৰামে জীৱনটোত ভীৰ কৰেহি যেতিয়া; নিজৰ ভিতৰৰ বহু প্ৰশ্নৰ উত্তৰ বিচাৰি গল্প, কবিতা, উপন্যাস পঢ়া আৰু লিখি নিজৰ মনৰ কথাবোৰ বাহিৰ কৰি দিয়াৰ প্ৰৱণতা বৃদ্ধি পায়। কিন্তু যি সৰুতেই সাহিত্য পঢ়া নাই, যি সৰুতেই শিশু-আলোচনী পঢ়া নাই তেওঁলোকৰ পৰা ভাল সৃষ্টি আশা কৰিব পাৰিনে ? মনত প্ৰশ্ন জাগে, ডাঙৰ ডাঙৰ সাহিত্যিক সকলে (সকলো নহয়) শিশুৰ বাবে কিয় চিন্তা নকৰে ? শিশু অৱস্থাতেই যদি প্ৰজন্ম এটাক সাহিত্যৰ ৰসস্বাদন কৰাব নোৱাৰি তেনে ডাঙৰ হৈ সেই শিশুৱে ডাঙৰৰ বাবে লিখা কিতাপসমূহৰ প্ৰতি আকৃষ্ট হ’ব বুলি আশা কৰিব পাৰিনে ? অভিভাৱকসকলেও শিশুক সাহিত্যৰ (বাহিৰা কিতাপ) পৰা দূৰত ৰাখি কিদৰে আশা কৰে যে ডাঙৰ হৈ সন্তানে সাহিত্য পঢ়িব ? বহুসংখ্যক অভিভাৱক এনে আছে যিসকলে ভাবে পাঠ্যপুথিৰ বাহিৰে আন কিতাপ পঢ়ি বা বেলেগ কিবা কৰি একো লাভ নাই !

        এই কিতাপখনৰ মূল চৰিত্ৰ তেৰ বছৰীয়া কৃষ্ণৰ মাক পূৰ্ণিমাও সেইলৈয়ে চিন্তাত ভূগে। দেউতাক নোহোৱা ল’ৰাটোৰ পঢ়াতকৈ বাহিৰা কামত হে বেছি মন। কাঠৰ মূৰ্তি বনোৱা, নতুন নতুন ধৰণৰ চিলা বনোৱা, বাঁহ-কাঠৰ গাড়ী সজা, পুতলা সজা আদিবোৰতে সময় পাৰ কৰে। এনে নহয় যে কৃষ্ণই পঢ়া নোৱাৰে। পাঠ্যপুথিয়ে তাক বেছি সময় বহাই থ’বহে নোৱাৰে।

        আইতাকৰ আলাসৰ লাৰু, পিতৃহীন কৃষ্ণক মাকে গালি পৰা শুনিলেও আইতাক জঁকি উঠে। পুতেক কুলধৰে গঢ়ি যোৱা বাৰী-মাটি, খেতি-পথাৰ চাবলৈ; বংশটো আগবঢ়াই নিবলৈ নাতিয়েক কৃষ্ণৰ বাদে আন কোনো নাই। সেইদেখি আইতাকৰ বাবে কৃষ্ণক ‘মাটিত থ’লে পৰুৱাই পাই, মূৰত থলে ওকণিয়ে খায়’।

        গণিত, বিজ্ঞানৰ কথাবোৰে কৃষ্ণক সদায় মোহিত কৰে। নিশাৰ আকাশৰ তৰাবোৰ, সংখ্যাৰ খেলবোৰ, বতাহবোৰ – সকলোতে কৃষ্ণই প্ৰশ্ন বিচাৰি পায়। উদাহৰণ স্বৰূপে, ‘এটা সংখ্যাক সেই সংখ্যাটোৰে হৰণ কৰিলে ১ হয়। তেনে শূন্যই শূন্যক হৰণ কৰিলে ১ কিয় নহয় ?’; ‘তৰাবোৰ ক’লৈ গৈ থাকে ?’; ‘ৰশ্মিৰ তাপ কিয় নাথাকে ?’; ‘জোনাকৰ পোহৰশক্তি বেলিৰ সমান কিয় নহয় ?’; ‘শণিবাৰৰ ৰাতিটো কিয় বেয়া বুলি কয় ?’; আদি। এই প্ৰশ্নবোৰৰ উত্তৰত আইতাকৰ পৰা অন্ধবিশ্বাসৰ বাৰ্তা হে পায়। দেওলগা সময়, ভূত-প্ৰেত – এইবোৰক উফৰাই কৃষ্ণই বৈজ্ঞানিক দৃষ্টিভংগীৰে কথাবোৰ আইতাকক বুজাবলৈ বিচাৰে।

        এঠাইত দেখা গৈছে কৃষ্ণই তামোল পাৰিবলৈ গৈ গছত বগোৱাৰ সলনি কিদৰে তামোলবোৰ সিঁচৰতি নোহোৱাকৈ তললৈ আনিব পাৰি সেইটো চিন্তা কৰি শেষত নিজৰ বৈজ্ঞানীক চিন্তাৰ সহায়েৰে ৰচী লগাই তামোল পাৰিছে; আন এঠাইত বাল্টিৰে দমলকৰ পাৰত শ্বাৱাৰ সাজিছে; পেৰিস্কপ সাজিছে। মুঠতে কৃষ্ণৰ মাজেৰে লেখকে শিশু-কিশোৰৰৰ মনত ঘূৰি থকা অন্তহীন প্ৰশ্নবোৰে সঠিক বাট পালে কিদৰে নতুনৰ বাট কাটে সেইয়া খুব ধুনীয়াকৈ প্ৰকাশ কৰিছে।

        শিশু-কিশোৰ অৱস্থাৰ আৱেগ-অনুভূতিসমূহে জীৱনত কেনে ভূমিকা পালন কৰিব পাৰে সেইয়া গ্ৰন্থখনত কৌশলেৰে উপস্থাপন কৰা হৈছে। উদাহৰণ স্বৰূপে, মাকৰ গহীন ভাবমূৰ্তিৰ আগত কৃষ্ণৰ কৰুণ হৈ পৰা মন; আইতাকৰ মৃত্যুৱে তাৰ মনত পেলোৱা চাপ; সি স্কুললৈ গ’লে মাক অকলশৰীয়া হোৱা কথাটোত ঘৰতে পঢ়াৰ তাৰ সিদ্ধান্ত; আদি।

        কৃষ্ণৰ দৰে অনুসন্ধিৎসু মনৰ ল’ৰা এজনক পাঠ্যপুথিৰ সীমাত বান্ধি থ'ব নোৱাৰি। আৰু থোৱাটোও উচিত নহয়। এইকথা তাৰ মাক পূৰ্ণিমাৰ দৰে আমাৰ সমাজৰো সৰহসংখ্যক অভিভাৱকে বুজি নাপায়। ফলত শিশু-কিশোৰৰ মনত মানসিক চাপৰ সৃষ্টি হয়। অৱশ্যে আমাৰ কাহিনীৰ নায়ক কৃষ্ণ এনে চাপৰ সন্মুখীন হ'ব লগা হোৱা। তাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ গুৱাহাটীত অধ্যাপনা কৰা অন্ত মামাক আছে। ঘৰত তাক মুক্ত পৰিবেশ দিবলৈ আইতাক আছে।

        আইতাক ঢুকুৱাৰ পিছত অন্তত মামাকে কৃষ্ণক গাঁৱৰ ভিতৰৰ পৰা বহল পৃথিৱীৰ পঢ়াশালিলৈ লৈ যাব খোজে। মাকক এৰি গুৱাহাটিহেন ঠাইলৈ যাবলৈ মান্তি নোহোৱা কৃষ্ণক অনন্তই মহান বিজ্ঞানীসকলৰ কাহিনী কয়, মহান আৱিষ্কাৰৰ আঁৰৰ কথা কয়। ঘৰৰ চুকত সোমাই থাকিলে যে তাৰ প্ৰতিভা অথলে যাব সেইয়া বুজাই কয়। শেষত মাকৰ সতে কৃষ্ণক লৈ অনন্তই জ্ঞান-বিজ্ঞানেৰে ভৰা পৃথিৱীৰ পঢ়াশালিলৈ বুলি বাট লয়।

        একেবাৰে ওপৰে ওপৰে চাবলৈ গ’লে গ্ৰন্থখনৰ কাহিনীভাগ ইমানেই যদিও ‘নগৈ গড়গাঁৱৰ বাতৰি লৈয়ে সামৰিলে’ জানো ভিতৰ চৰাৰ বিষয়ে ভালকৈ জানিব পাৰি ? সেয়ে কিতাপখন সকলোৱে পঢ়া উচিত।

কৃষ্ণৰ দৰে শিশু আমাৰ ঘৰৰ ভিতৰে বাহিৰে সকলোতে বিৰাজমান। তেওঁলোকৰ মন বুজি তেওঁলোকক বাট দেখুওৱাটো আমাৰ কৰ্তব্য। আৰু তেওঁলোকৰ মন বুজিবলৈ কিতাপখনে নিশ্চিতভাবে সহায় কৰিব।

 

~ বিকাশ দিহিঙ্গীয়া


Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post