আমি মৌচাকৰ মৌগুটি
বিকাশ দিহিঙ্গীয়া
২০০৪-০৫ চন মানৰ কথা। তেতিয়া মই তৃতীয় নে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত আমাৰ গাওঁ। সেইসময়ত বিদ্যুতৰ ব্যৱস্থাটো দূৰৈৰ কথা, যান-বাহনৰে সু-চলাচল নাছিল। সেইদৰেই মনত কিতাপ পঢ়াৰ ভোক থাকিলেও তাক নিবাৰন কৰিবলৈ ওচৰত কিতাপৰ দোকান নাছিল। গাঁৱৰ কোনো দাদা-বাইদেউৰ ঘৰত পোৱা ফটা-চিতা পুৰণি সাধু-আলোচনীবোৰেই আছিল আমাৰ খাদ্য। এবাৰ তেনেকুৱাকৈ কিতাপ বিচাৰোঁতে হাত লাগিছিল ‘মৌচাক’ নামৰ কিতাপ এখনত।
‘মৌচাক’ – আলোচনীখনৰ নামটোতে এটা তীব্ৰ আকৰ্ষণ আছিল। মৌ-জোলৰ দৰে সুস্বাদু আৰু মিঠা মিঠা লেখনিৰে ভৰপূৰ আলোচনীখন পাই গো-গ্ৰাহে গিলিছিলো। তেতিয়া কৰৱী ডেকা হাজৰিকা বাইদেৱে অনুবাদ কৰা হেৰি পটাৰ ধাৰাবাহিক ভাবে প্ৰকাশ হৈ আছিল। পিছৰ খণ্ডসমূহ পঢ়িবলৈ বিৰাটেই ইচ্ছা হৈছিল যদিও পোৱা নাছিলো। প্ৰতিমাহে মৌচাক পাব পৰা কোনো ব্যৱস্থাও নাছিল।
মৌচাকে মোৰ সন্মুখত উন্মুক্ত কৰি দিছিল এখন নতুন পৃথিৱী। মৌচাকমামাৰ চিঠি, এণ্ডিখুৰাৰ সমিধান, বিদেশী বন্ধুৰ দেশত, সাঁথৰ, বিনিময় আদি শিতান সমূহৰ ভিতৰত সকলোতকৈ আকৰ্ষণীয় আছিল ‘পত্ৰবন্ধু’ নামৰ শিতানটো। বেটুপাতৰ দ্বিতীয় পৃষ্ঠাত অসমৰ বিভিন্ন ঠাইৰ ‘মৌ-গুটি’ৰ নাম/বয়স/ঠিকনা/হবি/লক্ষ্য আদিৰে ভৰপূৰ এক পৃষ্ঠা ! নিজৰ বয়স, ৰুচীৰ সতে মিল থকা বন্ধু-বান্ধৱী বিচাৰি ঠিকনালৈ চিঠি দিয়া, চিঠিৰ উত্তৰৰ বাবে ডাকোৱাললৈ আগ্ৰহেৰে বাটচোৱা... কি যে এক অনন্য অনুভৱ ! মুঠতে পত্ৰবন্ধুৱে মৌচাকখনক বিশেষভাৱে বিশেষ কৰি তুলিছিল। আৰু এই সকলোবোৰৰ আঁৰত আছিল আমাৰ শ্ৰদ্ধাৰ ‘মৌচাকমামা’। মামাৰ সতে কথা পাতিবলৈ, এবাৰ সন্মুখত লগ পাবলৈ আকুল হৈছিলো তেতিয়াই।
ডাঙৰ হওঁ মানে মৌচাকৰ পাতত ছপা আখৰত নিজৰ নামটো চুই চোৱাৰ হেঁপাহটোও মৌচাকমামাৰ আশীৰ্বাদত পূৰ হৈছিল। যাৰ ফলত মৌলিক কিবা এটা লেখা সৃষ্টি কৰিবলৈ প্ৰেৰণা লাভ কৰিছিলো। ইতিমধ্যে দুই এগৰাকীৰ সতে পত্ৰৰ দ্বাৰা বন্ধুত্বও গঢ়ি উঠিছিল।
বিংশ শতিকাৰ প্ৰথম দশকৰ পিছতে যেন দিনবোৰ বৰ খৰখেদাকৈ সলনি হৈ পৰিছিল ! ঘৰে ঘৰে মোবাইল ফোন আহিল। সমান্তৰালভাবে হাতে হাতে আহিল চছিয়েল মেডিয়া। বন্ধুত্বৰ দূৰত্ব দূৰ হ’ল - সহজ হ’ল দূৰৈৰ কাৰোবাৰ সতে চিনাকি হোৱা, বন্ধুত্ব গঢ়াৰ। এদিন মৌচাকৰ পাতৰ পৰাও হেৰাই গ’ল পত্ৰবন্ধু শিতানটো। ৰৈ গ’ল কেইখনমান ‘মৌ-গুটি’ৰ আবেগ সনা, ডাকোৱালে আনি দিয়া ‘চিঠি’। ডাকোৱালে দি যোৱা মনৰ আবেগ ঢালি বন্ধুলৈ লিখা চিঠিখন হাতত লৈ পঢ়ি চোৱা, হেঁপাহেৰে উত্তৰ লিখা, চিঠিৰ শেষত দুই এটা শাৰী – ‘নাই মোৰ চেহেৰা/আখৰ মোৰ লেতেৰা’,‘ক’লা হাতীৰ বগা দাঁত/উত্তৰ পালে ধন্যবাদ’, আদিবোৰৰ নিভাঁজ অনুভৱ লাভ কৰা আমিবোৰেই হয়তো শেষৰটো প্ৰজন্ম আছিলো। আৰু গৌৰৱেৰে ক’ব পৰাকৈ আমাক গঢ়িছিল মৌচাকমামাই মৌচাকৰ জৰিয়তে।
যেতিয়া যোগাযোগ-সংযোগ ব্যৱস্থা সহজ নাছিল তেতিয়া মৌচাকলৈ লেখা পঠিওৱাৰ এটাই পথ আছিল - ‘ডাকঘৰ’। ডাকঘৰৰো নানানটা সমস্যা - সময়মতে গৈ নাপায়, কেতিয়াবা বাটতে হেৰায়। এই সমস্যাবোৰে সকলো মৌগুটিকে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা আমনি দিছিল।
ছ’চিয়েল মেডিয়াত ভৰি থোৱাৰ পিছৰে পৰা মই বিচাৰি ঘুকুটিয়াই ফুৰিছিলো মৌচাকৰ পাতত দেখি দেখি চিনাকি হৈ পৰা নামবোৰ, মৌগুটিবোৰ। তেনে দুই এজন মৌগুটিক লগ পাই ফেচবুকত নিজাববীয়াকৈ ‘মৌচাকৰ মৌগুটি’ নামেৰ গ্ৰুপ এটা আৰম্ভ কৰিছিলো। এইয়া ২০১৪ চনমানৰ কথা। কামটো বৰ এটা ফলপ্ৰসূ নহ’লেও তাৰ দুবছৰমানৰ পিছত তিতাবৰৰ কস্তুৰী চুতীয়াক এনেকৈয়ে লগ পালো। ভালকৈ চা-চিনাকী হৈ কথা-বতৰা পতাৰ পিছত মই মোৰ পৰিকল্পনা জনালো। তেওঁ মৌচাকমামাৰ সতে যোগাযোগ কৰিলে। মাজুলীৰ কিৰণ দাসক লগত লৈ আমি তিনিওটাই মৌচাকমামাৰ সতে পৰামৰ্শ কৰি ২ ডিচেম্বৰ, ২০১৬-ত ’WhatsApp’-ত ‘আমি মৌচাকৰ মৌগুটি’ নামেৰে গ্ৰুপ এটা আৰম্ভ কৰিলো। উদ্দেশ্য আছিল ন-পুৰণি মৌগুটিসকলক একেখন মঞ্চত লগ পোৱা; তাহানিৰ পত্ৰবন্ধুৰ পৰা যি আশা কৰিছিলো তাক এইবাৰ সময়ৰ সতে খোজ মিলাই নতুন ধৰণেৰে পোৱাৰ। লগতে ডাক ব্যৱস্থাৰ যি গণ্ডগোলিয়া কাণ্ড তাৰপৰা মুক্ত হৈ খৰতকীয়া আৰু সহজভাবে মৌচাকলৈ লেখা প্ৰেৰণৰ ব্যৱস্থা এটা সৃষ্টি কৰা।
গ্ৰুপটোৰ আৰম্ভণিৰ দুদিনমান পিছতে মৌচাকমামাৰ পৰা মোলৈ এটা ফোন আহিল। সেইয়াই প্ৰথম মামাৰ সতে মোৰ বাৰ্তালাপ। মনত ভয় ভয় ভাব, নাৰ্ভাছ অনুভৱ। যিগৰাকী ব্যক্তিৰ বিষয়ে পঢ়িছোহে, যিগৰাকী ব্যক্তিৰ সৃষ্টিত ডুবিছো - সেইগৰাকী ব্যক্তিৰ সতে কথাপাতিবলৈ যাওঁতে খোকোজা লগাটো স্বাভাৱিক।
প্ৰথমটো ফোনকলৰ অস্বাভাৱিকতা মামাৰ সতে দুই এবাৰ কথা পতাৰ পিছত লাহে লাহে দূৰ হ’বলৈ ধৰিলে। সৰু সৰু মৌগুটিবোৰক মৌচাকৰ মৌপান কৰাৰ যি আনন্দ সেই আনন্দ অনুভৱ কৰোৱাৰ পৰা ধৰি মৌগুটিৰ মাজত সৃষ্টিশীলতা বঢ়োৱাই হওক বা শিশুৰ মনবোৰৰ সতে খাপ খোৱাকৈ লিখাৰ কিটিপ আদি কথাবোৰ মামাই সহজ-সৰল ভাষাৰে বুজাই দি লিখিবলৈ, লিখাবলৈ প্ৰেৰণা দিয়ে। দিন যোৱাৰ লগে লগে মামাৰ সতে মনত খুন্দিয়াই থকা আন-আন বিষয়বোৰো আলোচনা কৰিব পৰা হ’লো। মৌচাকমামা হৈ উঠিল জীৱনৰ পথ-পৰিদৰ্শক।
কলম্বোত সাত দিন, টকিঅ’ত তেৰ দিন আদিৰ দৰে ভ্ৰমণ কাহিনীৰে মৌচাকমামাই আমাৰ কৈশোৰ কালক বিদেশ যাত্ৰাৰ আনন্দ প্ৰদান কৰিছিল। মৌচাকৰ পাতত সেইসমূহ ধাৰাবাহিকভাবে পঢ়িয়েই ভ্ৰমণৰ প্ৰতি আমি আগ্ৰহী হৈ উঠিছিলো। ভ্ৰমণ কৰিবলৈ গ’লে কেনে ধৰণে ঠাইবোৰ চাব লাগে বা কেনেদৰে ভ্ৰমণক জ্ঞান আহৰণৰ এক আনন্দদায়ক প্ৰক্ৰিয়ালৈ পৰিবৰ্তিত কৰিব পাৰি সেই কথা শিকিছিলো। এককথাত মোৰ আজিৰ যি ভ্ৰমণৰ প্ৰতি ৰাপ সেইয়াও কেৱল মৌচাকমামা আৰু মৌচাকৰে দান।
মামাৰ পৰামৰ্শৰে, মামাক মধ্যমণি হিচাপে লৈ আমি নতুন দিনৰ সতে খোজ মিলাই আগবাঢ়িলো। প্ৰায় পঞ্চাছ-ষাঠীগৰাকী ন-পুৰণি মৌগুটিৰে গ্ৰুপৰ মজিয়া এক-দুইমাহৰ ভিতৰতে ভৰি পৰিল। সকলোৱে হাঁহি-ধেমালীৰে চিনাকি হ’লো, কথা বতৰা পাতিলো, সৰু-ডাঙৰৰ ভেদা-ভেদ এৰি বন্ধুত্ব গঢ়িলো। পুৰণি দিনবোৰ নতুন মৌগুটিৰ সতে ভাগ-বতৰা কৰিলো। নতুন মৌগুটিৰ মনৰ কথা জানিলো। আৰু আমি সকলোৱে লগ হৈ প্ৰথমবাৰৰ বাবে ‘মৌ-মেলা’ পাতিলো।
ফুলে ফুলে উৰি ফুৰা মৌ-মাখিবোৰে যেতিয়া আমে মলিওৱা বা লিচু ফুলাৰ দিনত নাইবা ফুলা সৰিয়হৰ তলিত গোট খাই মেলা পাতে, গুণ-গুণ সুৰ তোলে; দূৰ-দূৰণিৰ পৰাই সেই ৰাগৰ ৰাগি লাগে আমাৰ দেহত, মনত। সেইদৰেই আমি মৌগুটিবোৰেও জানো মেলা পাতিব নোৱাৰো ? ‘ৰাণী মৌ’ মৌচাকমামাক সৰোগত কৰি আমি মৌগুটিবোৰে ২০১৭ চনৰ জুলাই মাহৰ ১৬ তাৰিখে প্ৰথমবাৰৰ বাবে গোট খালো যোৰহাটত। সেই মিলনৰ নাম থ’লো – ‘মৌ-মেলা’।
মৌ-মেলাৰ আগত মৌচাকমামাক কেতিয়াও লগ পোৱা নাছিলো। যেতিয়া মৌচাকৰ পাতত মৌগুটিয়ে মৌচাকমামাক লগ পোৱাৰ, মৌচাকৰ কাৰ্যালয়লৈ যোৱাৰ অভিজ্ঞতা পঢ়িছিলো - তেতিয়া কথাবোৰ সপোন সপোন লাগিছিল। মামাক লগ পোৱাৰ সপোন ময়ো দেখিছিলো। আৰু প্ৰথম বাৰ্ষিক মৌ-মেলাত সেই সপোনটো দিঠক হৈছিল।
অসমৰ বিভিন্ন ঠাইৰ পৰা অহা এমুঠিমান মৌগুটিৰ চা-চিনাকিৰে আমি মৌমেলাত হাঁহি-ধেমালীৰে মৌচাকমামাৰ সতে মত-বিনিময় অনুষ্ঠান আয়োজন কৰিছিলো। সকলোৱে প্ৰতি বছৰে এইদৰে মৌ-মেলা আয়োজনৰ পোষকতা কৰিছিল। সঁচাকৈ ক’ৰোণা মহামাৰীৰে আগভেটা নিদিয়ালৈকে (২০১৯ চনলৈকে) আমি প্ৰতিবছৰে মৌ-মেলাখনি উলহ-মালহেৰে উদযাপন কৰি আহিছিলো। আৰু পৰৱৰ্তী সময়ত ‘আমি মৌচাকৰ মৌগুটি’-ৰ ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে সকলোৰে মতামত গ্ৰহণ কৰি মৌ-মেলাখনি সামৰিছিলো।
মৌগুটি সকলক ভাল ভাল কিতাপ পঢ়া, কিতাপ পঢ়ি অনুভৱ লিখা, মাজে মাজে কুইজ, গল্প-কবিতাৰ অন্তাক্ষৰী খেল, প্ৰতি মাহে মৌচাক পঢ়ি উঠি আলোচনা লিখা, নতুন বছৰ বা গৰম বন্ধৰ লগতে বিভিন্ন উৎসৱ-পাৰ্বনৰ নিজৰ নিজৰ ৰসাল অভিজ্ঞতা লিখা, বছৰৰ শেষত গোটেই বছৰটোৰ ভাল-বেয়া সামৰি ‘বছৰৰ ডায়েৰী’ লিখা আদি কামত জড়িত কৰি তেওঁলোকৰ সৃষ্টিশীল মনটোক সুন্দৰ কৈ গঢ় দিয়াই আমাৰ লক্ষ্য। মৌচাকমামাই এই কাম-কাজসমূহৰ পৰা উৎকৃষ্ট লেখাসমূহ লৈ মৌচাকত প্ৰকাশ কৰি মৌগুটিসমূহক আগবঢ়াই লৈ যায়।
মৌচাক, মৌচাকমামা আৰু ‘আমি মৌচাকৰ মৌগুটি’ সম্পৰ্কে কিছুসংখ্যক মৌগুটিৰ মতামত এনেধৰণৰ –
“…মৌচাকৰ প্ৰতিটো সংখ্যাই আমাক বিশেষভাবে আকৰ্ষিত কৰিছিল। মামাক ওচৰৰ পৰা পোৱাৰ সৌভাগ্য হৈছিল ২০১৮ চনৰ দ্বিতীয় বাৰ্ষিক মৌমেলাত। হাঁহি মূখৰ মৰমীয়াল মৌচাকমামাৰ শিশুৰ মন জয় কৰিব পৰা ব্যক্তিত্ব তেওঁক লগ পাই অনুভৱ কৰিছিলো…” – মণ্টু কুমাৰ গগৈ, আমগুৰি
“…২০১৭ চনৰ মৌ-মেলাত শিশু সাহিত্যৰ পৰা আৰম্ভ কৰি অসমীয়া সাহিত্যৰ বিভিন্ন দিশবোৰ আলোচনা কৰা হৈছিল। মামাৰ চিন্তা-চেতনাৰ পৰিধিয়ে সেইদিনা কেৱল আমাক উৎসাহিত কৰাই নহয়, বহুতো নতুন চিন্তাৰ খোৰাক যোগাইছিল; যিয়ে আজি প্ৰায় পাঁচ বছৰৰ পিছতো মোৰ চিন্তাদাৰ্শক প্ৰভাৱিত কৰি আছে।…” – অৰ্চনা গীতা শইকীয়া, দেৰগাঁও
“…মৌচাকমামাক লগপোৱাৰ যি অপূৰ্ণ আশা সেইয়া মৌ-মেলাৰ যোগেদিয়েই পূৰণ হ’ল। মেলাত মামাৰ সাৰুৱা ভাষণৰ পৰা আমি যথেষ্ট উপকৃত হৈছিলো। লগতে মামাৰ মৰমীয়াল আৰু গম্ভীৰ ব্যক্তিত্বই মোৰ লগতে প্ৰতিজন মৌগুটিকে মোহিত কৰিছিল। মামাৰ সতে হোৱা ‘মত-বিনিময়’ আৰু তেওঁ দিয়া উপদেশে মনত নতুন উদ্যমৰ সৃষ্টি কৰিছিল।…” – প্ৰেৰণা হাজৰিকা, গৌৰীসাগৰ
“…মৌ-মেলাৰ অন্তৰংগ আলাপ অনুষ্ঠানত মৌচাকমামাক সুধিছিলো – ‘শিশুৰ বাবে মনোগ্ৰাহী হ'ব পৰাকৈ আমি লিখনীবোৰ কিদৰে প্ৰস্তুত কৰা উচিত ?’ মামাই উত্তৰত কৈছিল – ‘সহজ সৰল ভাষাৰে শিশুৰ মনোগ্ৰাহী হোৱাকৈ লিখিবলৈ চেষ্টা কৰিব লাগে, কবিতাসমূহ লিখোঁতে ছন্দৰ প্ৰয়োগত লক্ষ্য ৰাখিব লাগে।’ এই কথাই মোক ভালকৈ লিখাত যথেষ্ট সহায় কৰিছিল।…” – বিৰাজ বল্লভ গগৈ, চৰাইদেউ
“…২০১৯ চনৰ মৌ-মেলাৰ আলোচনাৰ বিষয়বস্তু আছিল ‘শিশু আৰু অভিভাৱকক গ্ৰন্থমুখী কৰিবলৈ আমি মৌগুটি হিচাপে হাতত ল'ব পৰা পদক্ষেপ’। স্বামিম নাছৰিন বাইদেউ, ড° মানৱজ্যোতি বৰদলৈ, শশাঙ্কজ্যোতি খাউণ্ড, আকাশদীপ্ত ঠাকুৰ আদিৰ লগতে মৌচাকমামাৰ বক্তব্যই আমাৰ লগতে মা-দেউতাহঁতকো আকৰ্ষিত কৰিছিল। মৌচাকমামাক লগ পাই বহুত সাহস আৰু কিবা এটা কৰাৰ স্পৃহা জাগি উঠিল।…” – ভৱতীৰ্থ গোস্বামী, গুৱাহাটী
“…যি কিছু সাহিত্য চৰ্চা কৰিব পাৰিছো তাৰ আঁৰত আছে মাথো মৌচাক, মৌচাকমামা আৰু ‘আমি মৌচাকৰ মৌগুটি’ গ্ৰুপটো।…” – ধ্ৰুৱজ্যোতি হাজৰিকা, মৰাণ
“…গ্ৰুপত অন্তৰ্ভুক্ত হোৱাৰ পিছত মোৰ লিখাৰ অভ্যাস এটা গঢ় লৈ উঠিছে। আমি মৌচাকৰ মৌগুটি’ৰ যি ‘বছৰৰ ডায়েৰী’ অনুষ্ঠান, ই মোৰ মাজত নিতৌ নহ’লেও উল্লেখনীয় কথাবোৰ টুকি ৰখাৰ এটা অভাস গঢ়ি তুলিলে। যাৰ ফলত বছৰৰ শেষত পাৰহোৱা বছৰটোত কৰা ভাল-বেয়া কামবোৰ চালি-জাৰি চাবলৈ শিকিলোঁ।…” – স্নেহা বৰা, গোলাঘাট
“…নতুন নতুন কিতাপৰ নাম গ্ৰুপটোৰ জৰিয়তেই গম পাইছিলো । মৌগুটিসকলৰ কিতাপ পঢ়াৰ উৎসাহ দেখি মইও পঢ়িবলৈ দুগুণ উৎসাহ পাইছিলো । লিখিবলৈও ইয়াতেই আৰম্ভ কৰিছো । আজি যি লিখো আজি যি পঢ়ো সেয়া ‘আমি মৌচাকৰ মৌগুটি’ৰেই অৱদান।...” – হীৰামণি দাস, বাক্সা
“…সৰুৰে পৰাই পঢ়ি ভাল পাওঁ কিন্তু সঁচা কথা কবলৈ গ'লে সেই বিদ্যালয়ৰ আলোচনীত কবিতা লিখাৰ বাহিৰে একোৱে লিখা নাছিলোঁ। আৰু সেই কবিতা লিখাৰ অনুপ্ৰেৰণা পাইছিলোঁ মৌচাকৰ পৰাই। এই গ্ৰুপত জইন হোৱাৰ পৰা মোৰ লিখাৰ প্ৰতি আগ্ৰহ বাঢ়িল। সকলোৱেপাৰিলে মইনো কিয় নোৱাৰিম, চেষ্টা কৰি চাওঁচোন বুলি যিমান পাৰো লিখিবলৈ চেষ্টা কৰিলোঁ। লিখিবলৈ লোৱাৰ পৰা মোৰ শব্দৰ ভঁৰালো টনকিয়াল হ'ল। গ্ৰুপটোৰ পৰাই বহুকেইখন কিতাপৰ বিষয়েও জানিব পাৰিলো আৰু নতুন কিতাপ পঢ়িবলৈ উৎসাহ পালোঁ। এই গ্ৰুপতে মৌচাক মামাৰ লগতে সৰু ডাঙৰ সকলোৰে পৰা বহুত শিকিলোঁ, বুজিলোঁ।…” – ৰিয়া হাতীবৰুৱা, যোৰহাট
মৌচাক, মৌচাকমামা আৰু ‘আমি মৌচাকৰ মৌগুটি’ সম্পৰ্কে মৌগুটিসকলৰ অসংখ্য মতামতৰ এইয়া মাথো কিছু উদাহৰণহে। মৌচাকমামা, শ্ৰদ্ধাৰ শান্তনু তামূলীদেৱৰ সম্পাদনাৰে ৩৭ বছৰ গৰকা মৌচাকে এতিয়াও তাহানিৰ দৰেই মৰম আকলুৱা, আলফুলিয়া কোমল পৰশেৰে প্ৰজন্মৰ পিছৰ প্ৰজন্মক পোহৰৰ বাটেৰে আগবঢ়াই নি আছে। প্ৰথাৱস্থাৰ মৌগুটিসকল আজিৰ বহুটো মৌগুটিৰ পিতৃ-মাতৃ। ভাবিলেই ভাল লগা কথা।
আজিৰ নামজ্বলা বহু কবি-সাহিত্যিকৰ সৃষ্টিৰ আখৰাৰ প্ৰথম ভেঁটি আছিল মৌচাক। মৌচাকৰ আঙুলিত ধৰিয়েই সাহিত্যৰ মৌ-পান কৰাৰ অভ্যাস গঢ়ি উঠিছিল অসমৰ অকনিহঁতৰ। তেওঁলোকৰ প্ৰায়সকলেই আজি নিজৰ নিজৰ জীৱনত সফলতা অৰ্জন কৰিছে। এইসকলোবোৰৰ বাবে মৌচাকমামাক মাথো শ্ৰদ্ধা, কৃতজ্ঞতা আৰু ধন্যবাদ।
বৰ্তমানৰ যি এক প্ৰতিযোগিতামূলক মনোভাব, স্বাৰ্থপৰ সময়, অমানৱীয় আচৰণ – এই অন্ধকাৰসমূহ আঁতৰ কৰিবলৈ আমি আমাৰ উত্তৰপুৰুষক পোহৰৰ বাট দেখুৱাব পাৰিব লাগিব। ‘আমি মৌচাকৰ মৌগুটি’ৰ প্ৰয়াস এইটোৱেই যে উত্তৰ প্ৰজন্মক পোহৰৰ বাটে, সুন্দৰৰ পথে, মানৱীয়তাৰ দিশে আগুৱাই নিয়া। পুৰণি মৌগুটিসকললৈ এটাই অনুৰোধ যে তেওঁলোকে যেন তেওঁলোকৰ দৰে শৈশৱ-কৈশোৰকাল এটা পিছৰ প্ৰজন্মক উপহাৰ দিবলৈ যত্ন কৰে।
______*______