খঞ্জন পখীৰ গান

 

|| খঞ্জন পখীৰ গান ||

~ বিকাশ দিহিঙ্গীয়া

 


 

‘বিচৰা সকলো প্ৰশ্নৰে উত্তৰ পোৱা যায়নে ? উত্তৰবিহীন প্ৰশ্নৰ উত্তৰ বিচৰাটোৱেই জীৱন নে হাতত থকা প্ৰশ্নহীন উত্তৰৰ বাবে প্ৰশ্নৰ সন্ধান মানে জীৱন ? মৰহা ফুলবোৰ চিঙি দিয়াৰ পাছত ফুলনিৰ সৌন্দৰ্য্য যেনেকৈ ম্লান হৈ পৰে তেনেকৈ অতীতক পাহৰি নতুনৰ মাজত জী থাকিব বিচাৰিলেও কমি যায় নেকি জীয়াই থকাৰ মাদকতা ?...

ডায়েৰিখন জপাই চকুদুটা মুদি চকীখনত মূৰটো পিছলৈ হলাই গাটো এৰি দিওঁ‌ চিলিং ফেনখন লাহে লাহে ঘূৰি বতাহত মৃদু সুৰ এটা তোলে সৰু কোঠাটোত তললৈ মূৰ কৰি ডায়েৰিখন পঢ়িবলৈ চেষ্টা কৰি থকা টেবুল লাইটটোৰ বাহিৰে পাতলীয়া নীলাভ বিয়পাই ‘ডিম লাইট’টোৱে মোলৈ ৰ লাগি চাই থাকে খোলা খিৰিকিৰে দুই এজনী জোনাকী সোমাই আহি চুকে কোণে টিপ–টিপাই ফুৰে

সন্মুখত পৰীক্ষা। পঢ়াৰ প্ৰেচাৰ বাঢ়িছে দিনে দিনে

দিনত কলেজ, আবেলি টিউচন, ৰাতিলৈ এচাইনমেন্ট নিশা ভাত খাই উঠি এক–দুই বজালৈকে পঢ়ি পুনৰ ছয় বজাত উঠি দৈনিক ৰুটিনৰ বাবে সাজু হওঁ‌। একান্ত ব্যক্তিগত হিচাপে মাজনিশাৰ এই সময়কণ মোৰ বাৰ বজাৰ পিছত দিনটোত আমনি কৰি থকা অসংখ্য চিন্তা–ভাৱনাবোৰ সন্মুখত উবুৰিয়াই ডায়েৰিখন মেলি লওঁ‌

এইখিনি সময় মোৰ নিজৰ, ঐকান্তিক প্ৰতিদিনেই ডায়েৰি উলিয়াই বহো যদিও সদায়েই লিখা নহয়গৈ লিখিবলৈ বহিলেই জুমুৰি দি ধৰেহি হতাশাই, শূন্যতাই; কিছুমান ডুখৰীয়া ছবি আৰু বিশৃংখল কথাই

জীৱনক লৈ মোৰ প্ৰশ্নৰ অন্ত নাই ডায়েৰিখনেই প্ৰশ্নবোৰ বহন কৰি আহিছে সাম্ভাব্য উত্তৰো লিখি ৰাখো কেতিয়াবা তথাপিও দেখোন প্ৰশ্নবোৰ কমকচাৰি দিনে দিনে বাঢ়িহে যায়!

এনেসময়ত খুব মন যায় চিগাৰট এটা হুঁপিবলৈ মনত মাজৰ সকলো খেলি–মেলি ভাবনা ধোঁৱাৰ সতে উৰুৱাই দিবলৈ কিন্তু নোৱাৰোঁ, মানসিকভাবে সিমানখিনি সবল হ’ব নোৱাৰিলো আজিও

মন যায় চিঞৰি চিঞৰি কান্দিবলৈ, মই নোৱাৰোঁ

মই ল’ৰা – ল’ৰাই নাকান্দে

মই ভাল ল’ৰা – ভাল ল’ৰাই বেয়া বস্তু নাখায়, বেয়া মাত নেমাতে

মই আদৰ্শ ল’ৰা – আদৰ্শৱান ল’ৰাই ডাঙৰক সন্মান কৰে, মাক–দেউতাকৰ কথা আখৰে আখৰে পালন কৰে

 

“তোমাৰ ভিতৰৰ তুমি এটা আছা যাক তুমি মনৰ ভিতৰত বান্ধি ৰাখিছা। মই তোমাক অনুভৱ কৰিব পাৰোঁশিলকড়ী বৈ আছিল নীৰৱেহঠাতে নিৰ্জনতা ভাঙি সি লাহেকৈ কৈ উঠিছিল।

দূবৰিয়ে ছানি ধৰিব খোজা পাৰৰ বালিখিনি খুচৰি বালিমাহী কেইজনীমানে দেওদি ফুৰিছিল তাৰ মাজতে ঠিয় দি থকা হোলোং কেইজোপাৰ তলত আমি বহি আছিলো বৈ যোৱা নৈখন চাই।

 

বহুসময়লৈকে মোৰ কাণত বাজি ৰৈছিল কথাষাৰ


মোৰ ভিতৰৰ মই ? ই কেনে আচহুৱা কথা ? মোৰ ভিতৰত আন এটা মই থাকিব আৰু সেইটো মই অনুভৱ কৰাৰ সলনি আনে অনুভৱ কৰিব, ই জানো হ’ব পাৰে ?

মই জানো যে সি মোতকৈ বেছি কথা বুজি পায়, জানে মই তাৰ দৰে অনুভৱী নহয় আচলতে মই অনুভৱী হ’বলৈ শিকাই নাই হয়তো ! হয়তো শিকাৰ সুৰুঙা পোৱা নাই

সি মোৰ কোলাত মূৰ থৈ শুই পৰিছিল বালিমাহী কেইজনীয়ে ৰৈ ৰৈ চাইছিল উশাহত তাৰ নাকৰ পাহি কেইটা উঠা–নমা কৰিছিল মোৰ বুকুত কিছুমান আগতে অনুভৱ নকৰা আবেগে দোলা দি গৈছিল

“বছৰেকীয়া পৰীক্ষাৰ পিছত মই ইয়াৰ পৰা যাবগৈ লাগিব” – কওঁ‌ নকওঁ‌কৈ তাক কৈছিলো, মোৰ প্ৰিয় বন্ধুক; সূৰ্যদীপক তাৰ চুলিত মই আঙুলি বুলাই আছিলো কথাষাৰ কওঁ‌তে

ঘপকৈ মোৰ হাতখন ধৰি সি তাৰ বুকুত ৰাখিছিল মোৰ কোলাত পৰি থাকিয়েই চকু মেলি মোৰ চকুত চকু থৈ সুধিছিল – “ক’লৈ !”

তাৰ কলিজাৰ সেই ঢপ–ঢপ শব্দ হাতৰ তলুৱাৰে সৰকি মোৰ কলিজাৰ গতিৰ সতে মিলি গৈছিল তাৰ চকুৱে তেতিয়া কি ক’ব খুজিছিল মই বুজা নাছিলো মই বুজা নাছিলো সি মুখেৰে নোকোৱা কথাবোৰ

“দেউতাই ট্ৰেঞ্চফাৰ লৈছে গুৱাহাটীলৈ...” মই তাৰ চকুলৈ চাই থাকিব পৰা নাছিলো তাৰ চকু দুটা চল–চলিয়া হৈ আহিছিল যেন সেই জলপথেৰে সি মোৰ চকুৰ মাজেৰে বুকুৰ কোনোবা কোণলৈ সোমাই যাব খুজিছিল !

মোৰ নিজকে অচিনাকি যেন লাগিছিল কথাষাৰ কওঁ‌তে, তাৰ চকুলৈ চাওঁ‌তে; মোৰ ভিতৰত খপজপাই উঠা আচহুৱা অনুভৱটোৰ বাবে

 

সিপাৰৰ ঘাটত নাও এখন শিলকড়ীৰ পানীত ভাঁহি আছিল

কোনোবাই নাৱত বহি বৰশী বাই আছিল

 

মোৰ সূৰ্যক সাবটি ধৰিবৰ মন গৈছিল মই পৰা নাছিলো মই জানিছিলোঁ যে ল’ৰাই ল’ৰাক সাবটি নধৰে, ল’ৰাই ল’ৰাৰ প্ৰতি এনে আকৰ্ষণ অনুভৱ নকৰে মোৰ নিজলৈ ভয় লাগি আহিছিল

তেনে মই কি ল’ৰা নহয় নেকি ! সি যে ক’লে মোৰ ভিতৰৰ মই, সেইয়া কি পল্লৱৰ দৰে!? কিয় মোৰ বুকুখন গধুৰ হৈ আহিছিল মই বুজা নাছিলো মই বৰ অসহজ অনুভৱ কৰিছিলো

লগৰ পল্লৱক বহুতে ‘মাইকী’ বুলি মাতিছিল, ‘লেডিছ’ বুলি জোকাইছিল এচামৰ বাবে পল্লৱ হৈ পৰিছিল পল্লৱী ! সি ছোৱালীবোৰৰ লগতে থাকিছিল আৰু অলপতে কান্দি দিছিল

‘মই পল্লৱৰ দৰে মুঠেই নহয় মই আন ল’ৰাৰ দৰেই সাধাৰণ ল’ৰা মোৰ ভিতৰত অইন কোনো মই নাই’ – মই নিজকে বুজাইছিলোঁ

 

সূৰ্যদীপ আৰু মোৰ বন্ধুত্ব গভীৰ, সেইটো গোটেই ক্লাছৰ ল’ৰা ছোৱালীয়ে জানে কোনোবা এটা স্কুললৈ কিবা কাৰণে নাহিলে আনটোৰ মন দিনটো মৰি থাকে – এই কথা ছাৰ–বাইদেউহঁ‌তেও জানে

স্কুলখন হায়াৰ চেকেণ্ডেৰী হোৱা বাবে ছাত্ৰ–ছাত্ৰীৰ সংখ্যাও সৰহ আছিল। অষ্টম শ্ৰেণীৰে সকলোবোৰ ছাত্ৰ-ছাত্ৰীক একেটা কোঠাত নধৰে বাবে শাখা হিচাপে ভাগ কৰি তিনিটা কোঠাত বহাইছিল।

আগৰবাৰ সি ‘গ’ শাখাত আছিল। সেইবাৰ তাক ছাৰহঁ‌তে আমাৰ ‘খ’ লৈ আনিছিল। ‘খ’ লৈ অহাৰ আগত তাৰ সতে বৰ বিশেষ চিনাকি নাছিল। ক্লাছৰ আন ল’ৰা–ছোৱালীৰ দৰেই সিও মোৰ সাধাৰণ লগৰীয়া আছিল। দেখিলে মাত দিয়া, পিঠিত ঢকা এটা দি দৌৰি আঁ‌তৰা – এনেধৰণৰ ধেমালী কৰিব পৰা এটা সাধাৰণ লগৰীয়া।

এদিন ক্লাছ চলি থাকোঁতে পিয়াহ লগাত ছাৰক সুধি বাহিৰলৈ গৈছিলো। সিহঁতৰো তেতিয়া বিজ্ঞানৰ ক্লাছ চলি আছিল। কৰিডৰত থকা খিৰিকিখনৰ গাতে লাগি সূৰ্যই অন্যমনষ্ক হৈ বাহিৰলৈ চাই আছিল। কাষেৰে পাৰহৈ আঁ‌হোতে লক্ষ্য কৰিছিলো বিজ্ঞানৰ কিতাপখনৰ মাজত অইন এখন সৰু কিতাপ সোমাই আছিল ! হঠাতে কোনোবাই তেনেকৈ দেখা বুলি অনুভৱ কৰি সি খপজপাই কিতাপখন লুকুৱাবলৈ চেষ্টা কৰিছিল। মোক হয়তো কোনোবা শিক্ষক অহা বুলি ভাবিছিল। মই বুলি জানি সি সেই চেষ্টা বাদ দি চকু কেইটা সৰু কৰি মুখত হাত দি খুক–খুকাই হাঁহি উঠিছিল। মোৰ কিবা এটা ভাল লাগি গৈছিল !

নিয়মমাফিক জীৱনটোত প্ৰথম কাৰোবাৰ প্ৰতি এনে ভাল লগা অনুভৱ হৈছিল কাৰোবাৰ প্ৰতি আগ্ৰহ অনুভৱ কৰিছিলো

মই জানিবলৈ উৎসুক হৈ পৰিছিলো – সেইখন কি কিতাপ আছিল সিনো কিয় ক্লাছত মন নিদি সেইখন পঢ়ি আছিল !

মোৰ বহুত কথা পাতিবলৈ মন গৈছিল তাৰ সতে সুধিবলৈ মন গৈছিল – মোৰ দৰে তাকো মাক দেউতাকে মৰম কৰেনে ? এনেকৈ কিতাপৰ মাজত কিতাপ লুকুৱাই পঢ়ি ধৰা পৰিলে চোতালত আঁ‌ঠুকঢ়াই ৰাখেনে ? সি মিছা কথা কয় নে ? সাঁতুৰিব জানেনে ? আদি আদি আদি...।

সি আমাৰ শাখা লৈ অহাৰ পিছৰে পৰা আমি দুটা ভাল বন্ধু হৈ উঠিছিলো। মাজে মাজে জিৰণিৰ সময়ত স্কুলৰ ৱাল বগাই নৈ পাৰলৈ গুচি গৈছিলোঁ। শিলকড়ীৰ শীতল পাৰত বহি সি পঢ়া বাহিৰা কিতাপবোৰৰ কাহিনী মোক শুনাইছিল আৰু মই তাক সি নুবুজা স্কুলৰ পঢ়াবোৰ বুজাই দিছিলো।

সি শিকাইছিল গছ বগাবলৈ, নদীত উপঙি সাঁতুৰিবলৈ; আকাশ চাবলৈ – মই তাক একো শিকাব পৰা নাছিলো।

“তোমাৰ লগত থাকিলে ঘৰলৈ মনতেই নপৰে।” – ঘৰলৈ উভতিব খুজিলে সি কৈ উঠিছিল প্ৰায়ে।

 

মা–দেউতাৰ গতানুগতিক পৃথিৱীৰ বিপৰীতে সূৰ্যদীপে মোৰ সন্মুখত উন্মুক্ত কৰি দিছিল মই আগতে নেদেখা এখন বহল পৃথিৱী তাৰ লগত থাকিলে পাহৰি গৈছিলো মা–দেউতাৰ বাধা–নিষেধাজ্ঞা মই পাহৰি গৈছিলো মা দেউতাই মোক লৈ কৰা চিন্তাবোৰৰ কথা, এচাৰিৰ কোববোৰৰ কথা

কিন্তু এদিন আমি ধৰা–পৰি গৈছিলো

স্কুলৰ পৰা পলাই যোৱা বাবে পিছদিনা অভিভাৱক মতাই প্ৰিন্সিপাল বাইদেৱে আমাক সকলোৰে আগত লাজ দিছিল। সেইদিনা প্ৰথম মই দেউতাৰ চকুত বিষাদৰ এচমকা ডাৱৰ টগবগাই উঠা দেখিছিলো।

মোৰ বুকুখন হাঁহাকাৰ কৰি উঠিছিল – মা-দেউতাই মোৰ বাবে মনত দুখ পোৱা দেখি। মই ফেঁকুৰি ফেঁকুৰি কান্দিব খুজিছিলো আৰু কান্দিব নোৱাৰি যন্ত্ৰণাত ছটফটাইছিলো।

তই ‘মাইকী’ নেকি ঐ, অলপতে কান্দি দিয় যে ? ধেমালীও কৰিব নোৱাৰি নেকি তোৰ লগত। ‘লেডিছ’ চাল্লা।”

পল্লৱক এদিন কোনোবাই জোকাওঁ‌তে কান্দি দিয়াত সি সেইদিনাৰ পৰা ‘মাইকী’ হৈ পৰিছিল সেয়ে মই কান্দিব খুজিও কান্দিব পৰা নাছিলো

সূৰ্যই কোনেও নেদেখাকৈ মোৰ হাতখন খামুচি ধৰিছিল

ঘৰলৈ আহি মায়ে মোক চোতালত আঁ‌ঠু কঢ়াই থৈছিল মই বিনাপ্ৰতিবাদে আঁ‌ঠু কাঢ়ি আছিলো

মায়ে মোক বাৰে বাৰে সুধিছিল – “তই এনেকুৱা কিয় হ’লি ? কিয় গৈছিলি তাৰ লগত নদীলৈ ? তোৰ কিবা এটা হোৱা হ’লে আমাৰ কি হ’লহেতেনে ভাবিছনে কেতিয়াবা...”

মোৰ হাতত একো উত্তৰ নাছিল দিবলৈ মই আঁ‌ঠু কাঢ়ি তলমূৰ কৰি পিঠিত পৰা এচাৰিৰ কোববোৰ হিচাপ কৰিছিলো আচৰিত যে মোৰ চকুপানী ওলোৱা নাছিল ! হয়তো সেই তেতিয়াই মই ক্ৰমশঃ শিল হ’বলৈ আৰম্ভ কৰিছিলো

জানিব হোৱাৰে পৰা অত্যধিক মৰম আৰু শাসনৰ মাজত পাৰ কৰিছো দিন মোক ডাঙৰ কৰাৰ ক্ষেত্ৰত বা শাসন কৰাৰ ক্ষেত্ৰত মাক সকলো স্বাধীনতা দিছিল দেউতাই ককা–আইতা, বৰতা–বৰমায়ো এইক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ অপাৰগ আছিল কাৰণ – তেনে কৰিলেই গৃহযুদ্ধৰ অৱতাৰনা হৈছিল !

মই লাহে লাহে ডাঙৰ হৈ আহিছিলো মা দেউতাই মোক তেনেই সৰু ল’ৰাৰ দৰে ব্যৱহাৰ কৰিছিল একো এটা নিজাকে কৰিবলৈ নিদিছিল, ভাবিবলৈ নিদিছিল মোৰ ইচ্ছা–অনিচ্ছা মা–দেউতায়েই নিৰ্দ্ধাৰন কৰিছিল

মা–দেউতাই মোৰ বাবে কৰা কষ্টবোৰ, ত্যাগবোৰ প্ৰতি নিয়ত মোক সোঁৱৰাই আহিছিল মোৰ প্ৰতিটো ইচ্ছাৰ বিপৰীতে তেওঁলোকৰ দহটামান ‘ত্যাগ’ থিয় কৰাই দিছিল মই বুজি উঠিছিলো – মা দেউতাৰ সকলো ত্যাগৰ ফল মই তেওঁ‌লোকৰ সকলো অপূৰ্ণ সপোন পূৰ কৰাটোৱেই মোৰ জীৱনৰ উদ্দেশ্য

 

তোমাৰ ভিতৰৰ তুমি এটা আছা।’ – সূৰ্যৰ কথাষাৰে মোৰ ভিতৰত খলকনি তুলিছিল

আমি স্কুলৰ পৰা পলাই আহি ধৰা পৰাৰ পিছত সেইদিনা শেষ বাৰৰ বাবে তেনেকৈ ওলাই গৈছিলোঁ বছৰেকীয়া পৰীক্ষালৈ মাজত মাথোঁ এসপ্তাহ আছিল

মোৰ তাৰ প্ৰতি খং উঠি আহিছিল অকাৰণে হয়তো সি মোক মোৰ সতে চিনাকি কৰি দিব খুজিছিল বাবে; হয়তো মই মোক চিনি পাবলৈ প্ৰস্তুত নাছিলো বাবে

আমি তেতিয়া সৰু আছিলো। সি মোৰ সমান হৈয়ো মোতকৈ বেছি কথা জানিছিল, বেছিকৈ অনুভৱ কৰিব পাৰিছিল। সি মোতকৈ স্বাধীনমনৰ আছিল। হয়তো এইবোৰ কাৰণতে মই নজনাকৈয়ে তাৰ প্ৰতি মোৰ মনত সংগোপনে ঈৰ্ষা ভাব এটা পালন কৰিছিলো।

যিটোৱে সেইদিনা খঙৰ দৰে মনত খুন্দিয়াইছিল। কাৰণ সি মোক মোতকৈ আগত বিচাৰি পাইছিল।

যিটো হয়তো মোৰ বাবে কেতিয়াও কাংক্ষিত নাছিল !

কিন্তু সূৰ্য যেন আছিল তাৰ নামৰ দৰেই এক উজ্জ্বল জ্যোতিষ্ক; যি ঢাকি ৰাখিব নোৱাৰে নিজৰ পোহৰ ! মই গুচি অহা দেখি সি পিছৰ পৰা সুধিছিল – “তুমি নিজৰ পৰা পলাইছা নে মোৰ পৰা ?”

মোক আৰু অলপ খঙে (!) আৱৰি ধৰিছিল।

 

***

 

মহানগৰখন মোৰ বাবে একেবাৰে অচিনাকী নাছিল মামাহঁ‌তৰ ঘৰ গুৱাহাটীতে আছিল বন্ধ পালেই মাৰ সতে ফুৰিবলৈ আহিছিলো এই কংক্ৰিটৰ অৰণ্যলৈ দেউতাই বকুলবাৰী এৰি মহানগৰলৈ ট্ৰেঞ্চফাৰ লৈছিল ওপৰ মহলত লাগি-ভাগি মামাহঁ‌তৰ সহায়ত গুৱাহাটীত নিজাকৈ মাটি এডোখৰ হৈছিল আমাৰ খৰ খেদাকৈ ঘৰ বনোৱাৰ কাম চলিছিল

ক’ত যে সপোন এৰি আহিছিলো বকুলবাৰীত !

মেট্ৰিক পৰীক্ষাৰ বন্ধত প্ৰিয় বন্ধুৰ ঘৰত দীঘলীয়াকৈ থাকিবলৈ যোৱাৰ কথা আছিল কথা আছিল বিহুত একেলগে নিশা হুঁচৰি গাবলৈ যোৱাৰ, শিলকড়ীৰ সিপাৰৰ হাবিডৰাত ভাটৌ পোৱালি বিচাৰি যোৱাৰ...

বকুলবাৰী এৰি মা–দেউতাই মহানগৰ বাচি লৈছিল

মই জানিছিলো – মা বকুলবাৰীত কেতিয়াও সুখী নাছিল অতি বেছি ৰক্ষণশীল গাঁৱৰ সমাজখনৰ বাবে স্বাধীনমনা মাই ইচ্ছা মতে পিন্ধা–উৰাও কৰিব নোৱাৰিছিল

তথাপি মায়ে সকলো সহিছিল – হয়তো দেউতাক ভালপাইছিল বাবেই আৰু দেউতাই ভালপাইছিল নিজৰ ওপজা ঠাইক

মায়ে মাজে মাজে মোৰ পঢ়া–শুনাৰ কথাটোৰে দেউতাক কাণ চোৱাই থাকিছিল – “ইয়াক মেট্ৰিকৰ আগত ভাল স্কুলত দিব লাগিব ইয়াত থাকিলে ই দিনে দিনে হাতৰ পৰা পিচলিহে গৈ থাকিব

ওচৰৰে পাঁ‌জৰে মাৰ সংজ্ঞাবদ্ধ ‘ভাল স্কুল’ নাছিল

মামাহঁ‌তৰ ঘৰৰ পৰাও প্ৰেচাৰ বাঢ়ি আহিছিল – “দুবছৰৰ পিছত সি মেট্ৰিক দিব, তাত কি ৰিজাল্ট কৰি দিব তাক ইয়ালৈ পঠাই দিয়া আমি পঢ়াম ইয়াত

মায়ে মোক অকলে এৰি দিয়াৰ প্ৰশ্নই নুঠে আৰু দেউতা…!

অৱশেষত বহুত বুজা-পৰাৰ পিছত দেউতাই ট্ৰেঞ্চফাৰৰ বাবে সৈমান হৈছিল। কাৰণ দেউতাই সকলোতকৈ বেছি ভালপাইছিল মোক !

 

মোৰ উজ্জ্বল ভৱিষ্যতৰ বাবে দেউতাই বকুলবাৰী এৰিছিল

মোৰ বাবে মা–দেউতাই কৰা ত্যাগৰ তালিকাত আৰু অলপ ওজন যোগ হৈছিল


মহানগৰৰ জাকজমক পৰিবেশত নামি–দামী স্কুলৰ নৱম শ্ৰেণীত আৰম্ভ হ’ল মোৰ জীৱনৰ নতুন অধ্যায়

কিমান যে বিচিত্ৰ এই মহানাগৰিক জীৱন !

লগৰবোৰৰ মোক গঁ‌ঞা বুলি জোকাইছিল নিষিদ্ধ কথা শিকাইছিল মই সিহঁতৰ পৰাই শিকিছিলো নিত্য নতুন বিচিত্ৰ শব্দ ভাণ্ডাৰ !

“ঐ সপোনৰ পৰা সাৱধানে থাকিবি দেই সি গে’ হয়” – লগৰ ‘শুভাকাংক্ষী’ দুজনমানে মোক সাৱধান কৰি দিছিল, যেতিয়া মই এৰি অহা দিনবোৰ মনত পেলাই সকলোৰে পৰা আঁ‌তৰি থাকিবলৈ চেষ্টা কৰোঁতে সপোনে মোৰ সতে বন্ধুত্ব গঢ়িবলৈ বিচাৰিছিল

“গে’ ? মানে ?” – মোৰ কথাত সিহঁত হাঁহিত ফাটি পৰিছিল গঁ‌ঞা হিচাপে সেইদিনা সিহঁতৰ মাজত মই স্বীকৃত হৈছিলো

“মানে সি ল’ৰা ভাল পায় ল’ৰাৰ প্ৰেমত পৰে

মই জিকাৰ খাই উঠিছিলো সূৰ্যৰ সতে নৈপাৰত কটোৱা সময়বোৰ মনত ঘূৰিবলৈ আৰম্ভ কৰিছিল !

মই সপোনৰ দৰে হ’বলৈ ৰাজী নাছিলো। মই আন ল’ৰাবোৰৰ দৰে হ’ব বিচাৰিছিলো – যাক কোনেও যেতিয়াই তেতিয়াই ইতিকিং নকৰে, ঠাট্টা নকৰে, যাক কোনেও কৌতুকৰ সামগ্ৰী বুলি নাভাবে।

মই বহুত বেয়া কথা শিকিছিলো অইন ল’ৰাবোৰৰ লগত মিলিবলৈ গৈ খাব নলগা বস্তুও মুখত দিছিলো, চাব নলগা বস্তুও চকু মেলি চাইছিলো নিষিদ্ধতাৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িছিল মই নিজকে সাধাৰণ ল’ৰাৰ শাৰীলৈ তুলিবলৈ সকলোৰে অগোচৰে নিজৰ সতে মোকাবিলা কৰি গৈছিলো আৰু সমান্তৰাল ভাবে মা–দেউতাৰ ভাল ল’ৰা হ’বলৈ প্ৰাণে–প্ৰাণে চেষ্টা কৰিছিলো

মাজে মাজে বৰ ভাগৰুৱা অনুভৱ হৈছিল খুব অকলশৰীয়া যেন লাগিছিল নিজকে মোৰ সূৰ্যলৈ মনত পৰিছিল সকলো এৰি থৈ নৈৰ পাৰত তাৰ সতে নদীৰ পাৰত বহিবলৈ মন গৈছিল !

বহু দেৰিকৈ মই বুজিবলৈ আৰম্ভ কৰিছিলো যে পৃথিৱীত একমাত্ৰ সিয়েই আছিল, যি মোক বুজিব পাৰিছিল মই নোকোৱা কথাবোৰো সি জানিব পাৰিছিল, মোৰ ভিতৰৰ যুঁজখনৰ উমান মোতকৈ আগতেই সি পাইছিল নৈৰ পাৰত সেইদিনা আচলতে সি মোক এই যুঁজখনৰ বাবে প্ৰস্তুত হ’বলৈ সঁ‌কিয়াই দিছিল, যিটো মই তেতিয়া বুজিবলৈ অপাৰগ আছিলো


 

বকুলবাৰী এৰাৰ পিছত লাহে লাহে মই তাৰ স্মৃতিবোৰো পাহৰিবলৈ যত্ন কৰিছিলো

মহানগৰমূখী হোৱাৰ পিছত বিগত দিনবোৰত এবাৰো মই বকুলবাৰীলৈ যোৱা নাছিলো ইতিমধ্যে মই প্ৰেমত পৰিছিলো (নে পৰিবলৈ যত্ন কৰিছিলো ?) যৌৱনৰ নিষিদ্ধ সোৱাদো পাইছিলো তথাপি যেন মই সুখী হ’ব পৰা নাছিলো

প্ৰেমিকাৰ সতে কটাব খোজা নিবিড় মুহূৰ্তবোৰতো সূৰ্যৰ উশাহত ফুলি উঠা নাকৰ পাহি দুটাই মোৰ চকুত তিৰ-বিৰ কৰিছিলহি প্ৰেমিকাৰ উঠন কোমলতাই মোৰ চেপেটা বুকুত খুন্দা খাওঁ‌তে সূৰ্যৰ বুকুৰ উঠা নমাক হে যেন মই অনুভৱ কৰিছিলো আগবাঢ়িবলৈ অপাৰগ আছিলো প্ৰেমিকাৰ সতে

সিহঁতে মোক এৰি গৈছিল বাৰে বাৰে

মই মনৰ এই অস্থিৰতাবোৰ ভগাই ল’বলৈ কাকো বিচাৰি পোৱা নাছিলো এনে নহয় যে মই চেষ্টা কৰা নাছিলো – কিন্তু মই কাৰো হাঁহিয়াতৰ পাত্ৰ হ’ব বিচৰা নাছিলো মই সাধাৰণ জীৱন এটা জীব খুজিছিলো

 

প্ৰায়েই মই মোক বুজি পোৱা মোৰ মনত পোহৰ সিঁচিব পৰা কাৰোবাক বিচাৰি হাবাথুৰি খাওঁ‌মোৰ সূৰ্যক লগ পাবৰ মন যায়

বকুলবাৰী, বৈ যোৱা শিলকড়ী, দেও দি ফুৰা বালিমাহী... এইবোৰ যিমানে পাহৰিবলৈ যত্ন কৰোঁ, যিমানে স্পষ্ট হৈ ধৰা দিয়ে

চছিয়েল মেডিয়াত তাক বিচাৰি পাত–পাত কৰোঁ নাই, সি ক’তো নাই

‘সি জীয়াই আছেটো !’

মনত গোপনে পালি ৰখা তাক পুনৰাই লগ পাব খোজা হেঁপাহটোৱে তেনে কথা মনলৈ আনিবলৈ হাক দিয়ে। সি কিদৰে আছে, কেনেকৈ কটাইছে মই বিহীন দিনবোৰ - মোৰ জানিবলৈ খুব ইচ্ছা যায়। কাৰোবাক তাৰ বিষয়ে সুধিবলৈকো কিবা এক সংকোচবোধে বেৰি ধৰে (তাৰ নামেই কি অভিমান ?)

 

‘তাৰ বাৰু মোলৈ মনত নপৰেনে এবাৰো ?’

 

মা দেউতাৰ সপোনবোৰ পূৰ কৰিবলৈ অহৰহ যত্ন কৰোঁ। মোৰ বাবে মা–দেউতাই বহুত ত্যাগ কৰিছে। নিজকে বুজাওঁ – আনকি একমাত্ৰ মোক ভালপায় বাবেই মোৰ ভাই–ভনীও নাই।

মনৰ অস্থিৰতাক কাবু কৰিবলৈ মই ডায়েৰী লিখা আৰম্ভ কৰিছিলো। হয়তো কোনোবাখিনিত মই মা–দেউতাৰ প্ৰতি মনত প্ৰচণ্ড ক্ষোভ পুহি ৰাখিছো। হয়তো মই মা–দেউতাক সিমান ভাল নেপাওঁ‌ যিমান পাব লাগে। কিন্তু মই জানো, মা দেউতাই কেতিয়াও মোৰ বেয়া চিন্তা নকৰে। মোৰ ভালৰ বাবেই তেওঁলোক কঠোৰ হ’ব বিচাৰে।

‘মই ডাঙৰ হ’লো মা, মই বিচাৰ কৰিব পৰা হ’লো কি ভাল কি বেয়া। বাট কি, অবাট কি মই চিনি পাব পৰা হ’লো। দেউতা মোক অকণমান মুকলিকৈ উশাহ ল’বলৈ দিয়া। নিজাকৈ চিন্তা কৰিবলৈ দিয়া, সিদ্ধান্ত ল’বলৈ দিয়া।…’ – মোৰ চিঞৰি চিঞৰি ক’বলৈ মন যায়।

চিঞৰবোৰ ডায়েৰিৰ কোনোবা পৃষ্ঠাত ক’লা আখৰ কিছুমান হৈ পৰি ৰয়।

‘…মই দিনে দিনে বেয়া হৈ গৈ আছো জানা মা। মই তোমালোকৰ প্ৰতি কোনো আবেগ অনুভৱ নকৰা হৈ গৈ আছো দেউতা। মই জানো এইয়া বৰ বেয়া কথা। কিন্তু মই বহু চেষ্টা কৰিয়ো তোমালোকক ভাল পাব নোৱাৰা হৈ আহিছো। কিন্তু মই প্ৰতিবাদো কৰিব নোৱাৰো – তোমালোকে মোক জন্ম দিছা, মোৰ বাবে বহুখিনি ত্যাগ কৰিছা। মই ঋণী তোমালোকৰ ওচৰত। ঋণ পৰিশোধ কৰিব লাগিব – তোমালোকক কোনোপধ্যেই দুখী কৰিব নোৱাৰো মই।’

 

মৃদু জোকাৰনি এটাৰ সতে মোবাইলটোৰ ‘ডিচপ্লে’খন পোহৰ কৰি ‘নটিফিকেচন’ এটা ‘লকস্ক্ৰীণ’ত জিলিকি উঠে।

মন সাগৰৰ জোৱাৰ–ভাটা আতিক্ৰম কৰি বৰ্তমানত লংগৰ পেলাবলৈ মোক কিছুসময় লাগে।

Surya Deep sent you a friend request.’

অনাকাংক্ষিত নটিফিকেচনটোৱে মোক হতভম্ব কৰি তোলে। ঢপ–ঢপ, ঢপ–ঢপ... বুকুৰ গতি খৰ হয় !

মই তাৰ প্ৰফাইললৈ সোমাই যাওঁ‌। মোৰ ভিতৰচৰা যেন এক অজান আকাংক্ষাত পুলকিত হৈ উঠে। প্ৰায় পাঁচ বছৰৰ পিছত প্ৰিয় বন্ধুক চাবলৈ অধৈৰ্য হৈ পৰোঁ।

প্ৰফাইলটো খুলিয়েই মই সংকুচিত হওঁ‌ – এজনী ছোৱালীৰ সতে একেলগে হাঁহি থকা তাৰ প্ৰফাইল ফটোখন দেখি কিয় জানো বুকুত বিষ এটা অনুভৱ কৰোঁ !

মোৰ এই অনুভৱটোৰ বাবেই নিজক ভাল পাব পৰা নাই কোনোদিন, সহজ হ’ব পৰা নাই নিজৰ ওচৰতেই।

চচিয়েল মেডিয়াত তাৰ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ মোক কিবা এটাই বাধা দিয়ে।

কিয় এনেকুৱা হৈছে মোৰ ! কিয় মই গ্ৰহণ কৰিব নোৱাৰা অনুভৱ এটাই মোক সূৰ্যৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰোৱাই বাৰে বাৰে ! কিয় ?

ই কি ভালপোৱা !!

মই চমকি উঠো।

নাই, এইয়া হ’বলৈ দিব নোৱাৰোঁ ! মা–দেউতাৰ সন্মানৰ কথা আছে। লগৰবোৰে কি বুলি ক’ব মোক ! আৰু মোক এৰি যোৱা প্ৰেমিকাবোৰে ! মই এটা বাতৰি হৈ কাণে কাণে বিয়পিব নোখোজো ! সিহঁতৰ হাঁহি–তামাচা, আড্ডাৰ এটা বিষয় কোনোপধ্যেই হ’ব নোৱাৰোঁ।

খিৰিকিখন জপাই, ডায়েৰি সামৰি, টেবুল লাইটটো ‘অফ’ কৰি মই বিছনাত বাগৰ দিওঁ‌।

 

‘...মই তোমাক অনুভৱ কৰিব পাৰোঁ।’ – কিশোৰ সূৰ্যৰ মাত ভাঁহি আহে।

শিলকড়ীত পানী বাঢ়ে। নৈৰ পাৰে পাৰে এজাৰ ফুলে হালে–জালে।

সূৰ্যই মোক সাবটি ধৰে হোলোং গছৰ তলত। দেও দি ফুৰা বালিমাহী আহি তাৰ কান্ধত পৰে। মোৰ ঘন হৈ অহা উশাহবোৰত তাৰ নিশাহ এক হয়। তাৰ ঘামত তিতা নাকটোৱে মোৰ নাকৰ পাহি স্পৰ্শ কৰে।

শিলকড়ীৰ পানীফালি নাওখন আমাৰ কাষ চাপি আহে। নাও বাই অহা ছোৱালীজনীৰ হাতত ধৰি সূৰ্যই মোৰ ফালে চাই হাঁহে।

শিলকড়ীৰ পানীত এজাৰ ফুল সৰে।

মই হোলোং গছৰ তলত ৰৈ চাই থাকোঁ সিহঁতলৈ। নৈ খন বৈ থাকে, মই চাই থাকোঁ। সিহঁত গৈ থাকে এজাৰবুলীয়া পানীৰ মাজে মাজে।

বুকুখন এসোপা শূন্যতাই ভৰাই তোলে।

বালিমাহীজনী উৰি আহি মোৰ কান্ধত পৰে। বুকুভেদি কান্দোন এটা বাহিৰ হ’ব খোজে...’

মই সাৰ পাই যাওঁ‌।

সূৰ্যোদয়ৰ আগলৈকে টোপনিত আমনি কৰি থকা সূৰ্যদীপক মোৰ বহু কথা সুধিবলৈ মন যায়।

সুধিবলৈ মন যায় – ‘সিও অনুভৱ কৰে নেকি মোৰ প্ৰতি এনেকুৱা টান..!’

সুধিবলৈ মন যায় – ‘ইমানদিনে সি ক’ত কেনেকৈ আছিল, মোলৈ মনত পৰা নাছিল নে তাৰ ?’

You have a new Message Request.’

মোবাইল ডাটা অন কৰাৰ লগে লগে মৃদু জোকাৰণি এটা হাতৰ মুঠিত খপজপাই উঠে। ততাতৈয়াকৈ মই খুলি চাওঁ‌।

সূৰ্যৰ মেছেজ –

“কিয় পকিলেই সৰি পৰে পাত ?

কিয় বিচ্ছেদৰ ইমান বিষাদ ?

কিয় বৈ যায় নদী, ৰৈ থাকে ঘাট ?...”

তাক দিবলৈ মোৰ হাতত একো উত্তৰ নাথাকে, মাথোঁ কিল–বিলাই থাকে থাকে এশ–এবুৰি প্ৰশ্ন।

মোৰ অভিমানবোৰ মুহূৰ্ততে ধোঁৱা হৈ উৰে। তাৰ বন্ধুত্বৰ প্ৰস্তাৱটো গ্ৰহণ কৰি ‘ইনবক্স’ত ত ‘টাইপ’ কৰোঁ –‘সূৰ্য...’।

 

কংক্ৰিটৰ অৰণ্যৰ টোপনি ভাঙি ইতিমধ্যে সূৰ্য উঠি আহে মিচিকি হাঁহি মাৰি।

মই পূৱৰ খিৰিকিখন খুলি দিওঁ।‌ এচেৰেঙা ৰ’দে হুৰমূৰাই সোমাই আহি মোৰ গালে–মুখে হাত ফুৰাই দিয়ে।

 


________×________


Click here to read the story in English (Published in WWB)

4 Comments

  1. বৰ ভাল লাগিল।

    ReplyDelete
  2. ইমান ভাল লাগিল। আৰু অলপ দীঘল হোৱা হ'লে(!) ভাব এটা ৰৈ‌ গ'ল😊

    ReplyDelete
  3. বুজা নুবুজাৰ সন্ধিক্ষণৰ অনুভৱ সমৃদ্ধ এটি অপূৰ্ব সুন্দৰ গল্প।

    ReplyDelete
Previous Post Next Post