সুধাকণ্ঠ আৰু সমন্বয়


 সুধাকণ্ঠ আৰু সমন্বয়

                               ~ বিকাশ দিহিঙ্গীয়া  

       সমৰ উজনিৰ পৰা নামনিলৈ সিঁচৰতি হৈ থকা নানা জাতি-জনগোষ্ঠী, নানা ভাষা-সংস্কৃতিক একেডাল ডোলেৰে বান্ধি সৌ তাহানিতে জগতসভালৈ আগবঢ়াই দিছিল শ্ৰীমন্ত শংকৰদেৱে। গুৰুজনাৰ সেই অৱদানক স্মৰণ কৰি ষষ্ঠ শ্ৰেনীৰ এজন কণমানি শিশুৱে ১৯৩৭ চনত এটা গীত লিখিছিল -

       নামঘৰ সাজিলা, ৰাইজখন থাপিলা

              একতাৰ আসনত আনি,

       ভাওনা সোণতে বৰগীত সুৱগা

              প্ৰচাৰিলা দেৱবাণী, মোৰ গুৰু ঐ

              প্ৰচাৰিলা দেৱবাণী।

       ন বছৰ বয়সতে কুসুম্বৰৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱেশীৰ্ষক এই গীতটি ৰচনা কৰি নিজৰ অনন্য প্ৰতিভাৰ পৰিচয় দি জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংস্পৰ্শলৈ অহা সেই শিশুজন আছিল আমাৰ সকলোৰে চিনাকি সুধাকণ্ঠ ° ভূপেন হাজৰিকা। হাজৰিকাদেৱে নিজৰ জীৱনটো অসমৰ হকে, অসমীয়া সংস্কৃতিক জগতসভাত প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাতেই অৰ্পণ কৰিছিল।

       ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত বৰ্তমান অৰুণাচল প্ৰদেশৰ অন্তৰ্গত শদিয়া অঞ্চলত তেওঁৰ জন্ম হয়। সৰুৰে পৰা নিজৰ ঘৰখনতেই হাজৰিকাদেৱে এক সংগীতময় পৰিবেশ পাইছিল, যি তেওঁৰ অন্তৰ্নিহিত প্ৰতিভাক বাহিৰলৈ উলিয়াই আনি মৃসন ভাবে গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। তাৰেই চিন স্বৰূপে মাত্ৰ চাৰি বছৰ বয়সতে কটন কলেজিয়েট স্কুলৰ ৰাজহুৱা সভাত শিশু ভূপেন হাজৰিকাই নিজেই হাৰমনিয়াম বজাই গীত পৰিবেশন কৰি সেই সভাৰ সভাপতি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশিস পাবলৈ সক্ষম হৈছিল।

       পিতৃ নীলকান্ত হাজৰিকাৰ কৰ্মসূত্ৰে বিভিন্ন ঠাইত থাকিব লগা হোৱাত ভূপেন হাজৰিকাই দেউতাকৰ সতে ইঠাইৰ পৰা সিঠাইলৈ যাওঁ‌তে সৰুতেই প্ৰতক্ষ্য কৰিছিল বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-সংস্কৃতিৰ অপূৰ্ব সমন্বয়। সেয়ে তেওঁৰ গীত-মাত সমূহত প্ৰতিফলিত হয় প্ৰতিটো স্তৰৰ মানুহৰ দুখ-সুখ, মৰম-ভালপোৱা, জীৱন-সংগ্ৰামৰ নিভাঁজ ছবি।

       ভূপেন হাজৰিকাৰ গীতবোৰে সামৰি লৈছে প্ৰায় সকলোবোৰ বিষয়। তেওঁৰ গীতত এফালে যদি দেখিবলৈ পোৱা যায় ভক্তিৰস মৌ, আনফালে দেখিবলৈ পোৱা যায় অন্ধবিশ্বাস, কু-সংস্কাৰ আদিৰ ভেঁ‌টা ভাঙি পোহৰ মুখী হোৱাৰ যুঁজ। এফালে যদি প্ৰেম আনফালে দেখিবলৈ পোৱা যায় বুকুত লৈ ফুৰা বিল্পৱৰ যাতনা। এফালে যদি বুকুত বিক্ষোভৰ জুই আনফালে মাতৃভূমিৰ প্ৰতি অগাধ ভালপোৱা। হাজৰিকাদেৱৰ গীতে বাস্তৱতাবাদ, মানৱতাবাদ, জাতীয়তাবাদ, সাম্যবাদ আদি সকলো দিশ সামৰি লৈছে।

       তেওঁৰ বাবে তেওঁৰ গীতৰ শ্ৰোতাসকলেই আছিল সৰ্বোচ্চ। সেয়ে তেওঁ গাইছে –

       মোৰ গীতৰ হেজাৰ শ্ৰোতা

       তোমাক নমস্কাৰ !

গীতৰ সভাত তুমিয়েটো প্ৰধান অলংকাৰ।

       ভূপেন হাজৰিকাই অসমীয়া কলা-সংস্কৃতিৰ জগতত এনে এক স্বকীয় বৈশিষ্ট্যপূৰ্ণ ধাৰা বোৱাই আনিলে যি ভূপেন্দ্ৰ সংগীত হিচাপে পৰিচিত। তেওঁৰ প্ৰতি সন্মান জনাই ১৯৬৯ চনত সাহিত্য সভাৰ সভাপতি আনন্দ চন্দ্ৰ বৰুৱাই ড° ভূপেন হাজৰিকাক ‘সুধাকণ্ঠ’ উপাধি প্ৰদান কৰে।

       ১৯৮০ চনত জাপানত গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰিত হৈ তেওঁ‌ জাপানীজ সাংবাদিক মহলৰ দ্বাৰা স্বীকৃত হয় পৃথিৱীৰ লোকসংগীতৰ গৱেষক আৰু শিল্পীবুলি। ইয়াৰ পিছৰ বছৰ পুনৰ জাপানলৈ আমন্ত্ৰিত হৈ আয়োজক RO-ON গোষ্ঠীৰ দ্বাৰা স্বীকৃত হয় বিশ্বৰ অন্যতম সুৰশিল্পী, কণ্ঠশিল্পী আৰু পৃথিৱীৰ অন্যতম ৰাষ্ট্ৰদূতবুলি। এনে কথাতেই আমি জানিব পাৰোঁ সুধাকণ্ঠ নামৰ সত্তাটোৰ বিশ্বজুৰি থকা প্ৰভাৱৰ কথা।

       শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা অসমীয়াৰ জগতমূখী যাত্ৰাক সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই প্ৰকৃতাৰ্থত সাঁকাৰ ৰূপ দিছিল। শংকৰদেৱে বৰ অসমৰ ভেঁ‌টি গঢ়িছিল নানা জাতি-জনগোষ্ঠীক সাহিত্য-সংস্কৃতি-ধৰ্মৰ একেডাল ডোলেৰে বান্ধি। এই ডোলডালক স্থায়ী ৰূপ দিবলৈ জ্যোতি-বিষ্ণুৰ যুটিৰ পিছতে ভূপেন হাজৰিকাদেৱে অহোপুৰুষাৰ্থ কৰিছিল।

       তেৰ বছৰ বয়সতে তেওঁ সকলো জাতি-জনজাতিৰ মাজত এখন সমন্বয়ৰ সৰগ ৰচাৰ সপোনেৰে নতুন অসম গঢ়িমগীতটিত লিখিছিল -

       হৰিজন, পাহাৰী, হিন্দু, মুছলমানৰ

       বড়ো, কোচ, চুতীয়া, কছাৰী, আহোমৰ

              অন্তৰ ভেদি মৌ বোৱাম

              ভেদা-ভেদৰ প্ৰাচীৰ ভাঙি

              সাম্যৰ সৰগ ৰচিম।

       হাজৰিকাদেৱৰ গীতত প্ৰতিফলিত হোৱা অসমমানে কেৱল বৰ্তমানৰ অসমৰাজ্যখন নহয়, ই সামৰি লৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল। তেওঁৰ গীতত ধ্বনিত হয় পাহাৰৰ পৰা ভৈয়ামলৈ বিয়পি থকা নানা জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ বতৰা।

       তেওঁ গাইছে -

       চিয়াঙৰে গালং, লোহিতৰে খামতি;

       টিৰাপৰে ৱাঞ্চুৱে মোক কিয় মাতিছে।

              অসমীৰে পদূলি উদুলি যে মুদুলি

              মৰম চেনেহৰ হাট বহিছে।

গালং, খামতি, ৱাঞ্চু ভাইহঁতৰ আহ্বান পাই হাজৰিকাদেৱে বুজিছে যে আজিও ‘অসমী’ৰ মৰম-চেনেহৰ টান অতীজৰ দৰেই বৈ আছে। একেই আছে তাহানিৰে পৰা একতাঅ আৰু সমন্বয়। তেওঁ আপাটানি গাভৰুৰ কাষলৈ গৈ মৰমতে ভনী বুলি সাবটি ধৰিছে, ভনীজনীয়ে ভৈয়ামৰ ককাইটি বুলি আথে-বেথে মাতি বহু দিনৰ পিছত ৰ্লগ পোৱাৰ আনন্দত চকুলো বোৱাইছে।

       তেওঁ গৈ মনপাসকলৰ কাষ পাই ককাই বুলি সাবটি ধৰিছে। আদৰ সাদৰ কৰি ভৈয়ামৰ ভাই বুলি পদম, ইটু, নক্তেই ককাইহঁতে হিয়া উজাৰি মৰমৰ ঢালিছে। অভূতপূৰ্ব মৰম-চেনেহ পাই উভতিবৰ সময়ত ঘূৰি চাই ভূপেন হাজৰিকাই গাইছে -

       একতাৰে বেহা কৰি ভাবিলো ওভতোঁ

       উভতি চাই দেখো আহিছে সিহঁতো;

       ৰিঙিয়াই কলে মোক - কিছু বেলি ৰবি

              উভতি গৈ তই অসমীকে কবি -

              আজি পাহাৰে ভৈয়ামে কলিজা চিনিছে;

       চৰদুকপেন আৰু টাংচাই

       অঁ‌কা আৰু বৰীৰে

       চেনেহ এনাজৰীৰে বাটি কাঢ়িছে।

       গালং, খামতি, ৱাঞ্চু, আপাটানি, মনপা, পদম, ইটু, নকটেই, চৰদুকপেন, অঁ‌কা, বৰী আদিবোৰ হল অবিভক্ত অসমৰ অৰুণাচলৰ একো একোটা জনজাতীয় শাখাগোষ্ঠী। সম্প্ৰীতিৰ এনাজৰীডাল কিদৰে আজিও পাহাৰ-ভৈয়ামৰ জাতি-জনজাতিৰ মাজত কট-কটীয়া হৈ আছে, মৰম-চেনেহবোৰ কিদৰে আজিও নিভাঁজ হৈ আছে সেই কথা ভূপেন হাজৰিকাদেৱে এই গীতটোৰ জৰিয়তে কৈ গৈছে।

       তেওঁ অৰুণাচলৰ জনগোষ্ঠীয় ভাই-ভনীহঁতৰ কথাৰে কেইবাটাও গীত ৰচিছিল। যিহেতু হাজৰিকাদেৱৰ জন্মস্থান টিৰাপ সীমান্তৰ কাষতে আছিল গতিকে সেইফালৰ পৰাও তেওঁৰ ভিতৰত জনগোষ্ঠীয় সমন্বয়ৰ বাৰ্তা কঢ়িওৱা এখন নৈ জন্মৰ পৰাই বৈ আছিল।

টিৰাপ অঞ্চলত নক্তে, ৱাঞ্চু, টাংচা, য়ুগলি, লুংচাং আদি জনজাতিয়ে বাস কৰে। আহোম ৰাজত্বকালত নক্তে সকলে ভৈয়ামলৈ লোণৰ যোগান ধৰিছিল। শ্ৰীমন্ত শংকৰদেৱে পাহাৰ-ভৈয়াম এক কৰি সকলো জাতি-জনগোষ্ঠীক একেডাল ডোলেৰে বান্ধিবলৈ প্ৰচাৰ কৰা এক শৰণ নাম ধৰ্মৰ বাবে গীত-মাত, কলা-সংস্কৃতিকে সাৰথি কৰি লৈছিল। গুৰুজনাৰে শিষ্য শ্ৰী শ্ৰী ৰাম আতাই নক্তেনৃপতিক শৰণ দি নৰৰো উত্তম নৰোত্তমনামেৰে নামকৰণ কৰি সমন্বয়ৰ জৰীডাল নিগাজী কৰি গৈছে। ভূপেন হাজৰিকাই তেৰাসৱৰ পদপথেৰেই যাত্ৰা কৰি গীতত কৈছে –

আহোম স্বৰ্গদেউৰ দিনতে

       লোণ বান্ধি নামিছিল নক্তে

       তাহানিৰ শ্ৰী শ্ৰী ৰাম আতাই

       নক্তে নৃপতিক দিছিলে শৰণ

       কৰি নক্তে শিষ্যৰে নামাকৰণ

       নৰৰো উত্তম নৰোত্তম

       কৈছিল মানুহ মানুহ হলে

       ইজনে সিজনক সাৱটিলে

       নহয় জাতিকুল ভ্ৰষ্ট।

পাহাৰ আৰু ভৈয়ামৰ মাজত অতীজৰে পৰা বেহা-বেপাৰকে ধৰি ৰণকৌশল আদিলৈকে আদান-প্ৰদান চলি আহিছে। এই সমন্বয় হাজৰিকাদেৱে তেওঁৰ গীতত প্ৰকাশ কৰিছে এইদৰে -

       বাঁহৰ ওলোমা সাঁকোৰে

       টাংচা খেতিয়ক পাৰ হৈ

       সৌৱা দেখোঁ দলে দলে

       পিঠিত হোৰা লৈ নামিছে।

       বোলো ককাই কলৈনো যোৱা?

       সি কলে - মাৰ্ঘেৰিটাৰ হাটলৈ।

       হাজৰিকাদেৱে পাহাৰ-ভৈয়ামক একতাৰ জৰীৰে বান্ধি অসমীয়াৰ মান বঢ়াবলৈ প্ৰয়াস কৰিছিল। অৰুণাচলৰ জনগোষ্ঠীয় ভাই-ভনীহঁতৰ ওচৰৰ পৰা গৈ তেওঁ খাচী পাহাৰৰ পাইছেগৈ। তাত দেখিছে অসমৰ সোণালী সূতাৰে খাচী গাভৰুৱে জেনচেইম (খাচী গাভৰুৱে পিন্ধা একধৰণৰ কাপোৰ)বয় আৰু আমি তেওঁলোকে ধূপ কাঠিৰ সুগন্ধিৰে আমাৰ চৌপাশ পবিত্ৰ কৰি ৰাখো। আমাৰ নাগধাৰী শিৱৰ দৰেই তেওঁলোকৰ ঈশ্বৰ হল উব্লেই। গীতৰ মাজেৰে ভূপেন হাজৰিকাই এই বিষয়ে কৈছে -

       মুগা সোণালী শুৱালকুচিৰে

       হয় জেনচেইম খাচী ৰূপহীৰে

              সৰল গৰছে ধূপ কাঠিৰে

       সুগন্ধি সুবাস্ব ভুলায় আমাক।

       ........................

       ৰঙা পাহাৰৰে মাটি কাটি

       খাচী কৃষকে খাটে দিনে ৰাতি

              ভৈয়ামৰো খেতিৰ হেজাৰ ৰংমনে

       আঁকোৱালি ধৰিব সেই কৃষকক।

       ........................

       কৃষ্ণ গৰখীয়াই বায় বাঁহী

       খাচী গৰখীয়াই বায় শ্বৰাতি

              দুয়োটি বাঁহী বাঁহৰে বাঁহী

       দুয়ো প্ৰকাৰে একেটি সুৰক।

       ........................

       খাচীৰ ঈশ্বৰ উব্লেই মহান

       নাগধাৰী শিৱ আমাৰো ভগৱান

              খাচী আৰু আমি ভেদাভেদ এৰি

       বঢ়াও অসমীয়াৰ মহান একতাক।

পাহাৰীয়া জাতি-জনগোষ্ঠীসমূহৰ কাষৰ পৰা আহি ভূপেন হাজৰিকা ভৈয়ামত ৰৈছেহি। পাহাৰৰ দৰেই আমাৰ ভৈয়ামখনিও নানা জাতি-জনগোষ্ঠীৰে ভৰপূৰ। সকলোৰে ভাষা-সংস্কৃতি ভিন ভিন যদিও ইয়েই গঢ়ি তুলিছে ঐক্যতানৰ অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ ভেটি। হাজৰিকাদেৱে গাইছে -

       বড়ো, ৰাভা, মিচিঙৰ ৰূপে-ৰসে ভৰপূৰ

              জীয়া জীয়া আমাৰ ভাষাৰ।

       লিখাবোৰ কিয় বাৰু পঢ়ি পঢ়ি

              চোৱা নাই পামেগাম বিষ্ণুৰাভাৰ।

দিচাং মুখৰ মিচিং ডেকাৰ পেঁপাৰ মাত, পাহাৰ ভৈয়ামৰ সংগমস্থলৰ বড়ো ডেকাটি, আমচৈৰ তিৱা খৰলা, দেউৰী, হাজং, ৰাভা, কছাৰী, মিকিৰি, খামতি, আহোম, কোচ, চুতীয়া, মৰাণ আদি ভৈয়ামৰ জনজাতিসকলকে ধৰি ডিফুৰ কাৰ্বি গাভৰু, গাৰো, খাচী, ৱাঞ্চু, মিজো, কুকি, চিংফৌ, আপাটানি আদি দেধাৰ জনগোষ্ঠীৰ মিলনভূমি আমাৰ বৰ অসমখনি। ৰাজনৈতিক কাৰণত ভাগ ভাগ হৈ পৰিলেও যি আন্তৰিকতা, আপোন ভাব তাহানি আছিল সেয়া আজিও অটুত আছে। ভূপেন হাজৰিকাদেৱে সৰুৰে পৰা এই সম্প্ৰীতি মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। যাৰ ফলত তেওঁৰ গীতৰ বিষয়বস্তুবোৰৰ ভিতৰত জনগোষ্ঠীয় সমন্বয়ৰ এক অন্যতম বিষয় হৈ ধৰা দিছে।

       হাজৰিকাদেৱে যি ঠাইলেই গৈছিল সেই ঠাইৰ মানুহলৈ কঢ়িয়াই নিছিল সমন্বয়ৰ বাৰ্তা আৰু উভতি আহোঁতে লগত আনিছিল একতাৰ ডোলেৰে বন্ধা মৰম-চেনেহে গঢ়া সম্প্ৰীতি পেৰা। কাঃ মঙাইহ্ চেঃ মিজোৰামবুলি কৈ তেওঁ গাইছে –

       মিজো আৰু হমাৰ, পৈ, লাখেৰে

       নানা ৰহণৰ এয়া জাতি অগণন,

       কুকি আৰু চাকমাৰো মিঠা বচন

       পূৰ্ব ভাৰতীৰে শিৰৰ ভূষন।

       সমাজত মিলা-প্ৰীতি বৰ্তাই ৰাখিবলৈ, জাতি-জনগোষ্ঠীৰ মাজত একতা বৰ্তাই ৰাখিবলৈ প্ৰেম হল সবাতোকৈ উৎকৃষ্ট মাধ্যম। সকলো স্তৰৰ, সকলো সম্প্ৰদায়ৰ মানুহৰ মাজত উচ্চ-নীচৰ ভেদা-ভেদ পৰিহাৰ কৰি হাতত হাত ধৰি আগবঢ়া সমাজ এখনহে প্ৰকৃত সমাজ। প্ৰেমে যে কেৱল দুজন ব্যক্তি বা দুখন ঘৰক হে এক কৰে এনে নহয়। প্ৰেমে দুটা জাতিক, দুখন ঠাইকো একতাৰ ডোলেৰে বান্ধি পেলাই। সেইকথা আমি বুৰঞ্জীৰ পাত মেলিলেই দেখিবলৈ পাওঁ। আহোম ৰাজকোঁৱৰ গদাপাণি আৰু নগা গাভৰু ডালিমীৰ মাজেৰে আহোম আৰু নগা জনগোষ্ঠীৰ মাজত পোখা মেলিছিল মিতাৰ সম্পৰ্ক। যি ৰাজনৈতিক ক্ষেত্ৰখনক বাদ দি আজিও দেখিবলৈ পোৱা যায়।

ভূপেন হাজৰিকাদেৱে বৰ্তমান নাগালেণ্ড আৰু অসমৰ মাজৰ সমন্বয়ৰ বিষয়ে তেওঁৰ মই কোহিমাহে আধুনিকানামৰ গীতটিৰ জৰিয়তে প্ৰকাশ কৰিছে। গীতটিত ডালিমী প্ৰতিকী কোহিমাৰ গাভৰু এগৰাকী আৰু ভৈয়ামৰ গদাপাণি প্ৰতিকীৰ ডেকা এজন গুৱাহাটিমুখী নিশাৰ ৰেলত লগ হয়। দুয়ো কথাবতৰা পাতে। গাভৰুৱে কয় -

       পৰদেশ বুলি মোৰ ভয় লগা নাই,

       তুমি হলা মোৰ নিচে কাষৰ

ৰাজনৈতিক কাৰণত বিভক্ত হলেও আজিও আমাৰ মাজত মিলা-প্ৰীতি, সমন্বয় একেই আছে। তাৰে সাহতে গাভৰুৱে এইদৰে কৈছে। যি জনগোষ্ঠীয় সমন্বয়ৰ সুবাদত গাভৰুগৰাকীয়ে এই আত্মীয়তা অনুভৱ কৰিছে সেই সমন্বয়ক আজিৰ প্ৰেক্ষাপটত ভূপেন হাজৰিকাই প্ৰকাশ কৰিছে এইদৰে -

       গাভৰুঃ আজি মই হলো অসমৰ ন-বোৱাৰী

       ডেকাঃ জোঁৱাই হলো মই টুৱেনচাঙৰ

       দুয়ো একেলগেঃ আমি দুয়ো পূৰ্ব ভাৰতীৰে

                       জীয়া প্ৰতীক সমন্বয়ৰ।

ইষ্ট-ইণ্ডিয়া কোম্পানীৰ আমোলত ১৮৩৯ চনত অসমত চাহ খেতি আৰম্ভ হয়। চাহ খেতিত কামৰ বাবে ইংৰাজে থলুৱা শ্ৰমিকৰ সলনি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা জনজাতীয়মূলৰ শ্ৰমিকৰ আমদানি কৰে। নিজৰ জন্মভূমি এৰি থৈ আহি লাহে লাহে তেওঁলোকে এই অসমমূলুকৰ হাৱা-পানী খাই নিজকে অসমীয়া ৰূপে গঢ়িবলৈ আৰম্ভ কৰে আৰু চাহ জনগোষ্ঠী হিচাপে পৰিচিত হয়। তেওঁলোকে লগত লৈ অহা ভাষা-সংস্কৃতি আৰু অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ সংমিশ্ৰণত এটা নতুন ভাষা-সংস্কৃতিয়ে গা কৰি উঠে; যিয়ে আমাৰ বাৰে-ৰহনীয়া অসমীয়া সংস্কৃতিত সোণৱ সুৱগা চৰোৱা কাম কৰিলে।

       শাৰী শাৰী শিৰিখৰ তলে তলে সেউজীয়া দলিচা যেন চাহগছৰ মাজে মাজে মাদলৰ চেৱত জুগনু, লছমী, বুধুৱা, জানকী, চম্পা, চামেলীহঁতে ঝুমুৰ নাচে; গাই প্ৰেম আৰু সমন্বয়ৰ গীত। তাহানিতে কোনোবা মূলুকত এৰি অহা পূৰ্বপুৰুষ আৰু আজিৰ এই মূলুকৰ উত্তৰ পুৰুষৰ যোগসূত্ৰৰে ভূপেন হাজৰিকাৰ কথাৰে চামেলীয়ে গোটেই জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি কৈছে -

       এ বাপ দাদ আছিলে কোনোবা মূলুকত

       পিছে, আমি বিহু গাব জানো -

এইবুলি তাই গাই শুনাইছে গা-মন ৰাইজাই কৰা এফাঁকি বিহু -

       হাঁহে হৈ চৰিমগৈ অমইনা

       তোমাৰেনো পুখুৰীত

       পাৰ হৈ নো পৰিমগৈ চালত।

       এ ঘামে হৈ সোমামগৈ অমইনা

       তোমাৰেনো শৰীৰত

       মাখি হৈ নো চুমা দিম গালত।

       ইয়াৰ মাজতো অৱশ্যে পাহৰি যোৱা নাই নিজৰ সংস্কৃতি। যৌৱনৰ ভৰ দূপৰত বাগানীয়া ডেকাহঁতে সেয়ে গাইছে -

       শিশিৰে কি ফুটে ফুল বিনা বাৰিষণে

       পিৰিতি কি মজে মন বিনা দৰিশনে

       লাল লাল শ্যালুকেৰ ফুল

       ৰে ৰাত্ৰি ফুটে লাল গ

       .........................

       ৰাত্ৰি কদম ছালকে, আৰে জীয়া মোৰ ললকে

       ভৰ যৌৱন কলসীৰ পানী চলকে

       আৰে জীয়া মোৰ ললকে।

আমাৰ এই অসমভূমি কেৱল নানা জাতি-জনগোষ্ঠীৰেই বাৰেৰহণীয়া নহয়, নানা ধৰ্ম-বৰ্ণৰো মিলনভূমি। বিহুৱেই হওক কিম্বা পূজা বা ঈদ, সকলোৱে মৰম-চেনেহেৰে ইজন সিজনক চেনেহেৰে আঁকোৱালি লৈ হাতে  হাত ধৰি আগবাঢ়ে। সেয়েটো পোৱা-মক্কাৰ দৰে হিন্দু-মুছলমানৰ মিলনৰ পবিত্ৰ তীৰ্থভূমি আমাৰ এই অসমমূলুকতে আছে। ভূপেন হাজৰিকাই এই অভূতপূৰ্ব সমন্বয়ৰ কথা জগতক জনাই গাইছে –

আজি ঈজ মজলিচতে ৰহিম চাচাও বহিছে

আজি ঈজ মজলিচতে শ্ৰী ৰাম কুমাৰো বহিছে

আজি ঈজ মজলিচতে ফাতেমা পেতীও বহিছে

আজি ঈজ মজলিচতে জেকব খুৰাও বহিছে

.........................

শংকৰে ইছলামকো সন্মান যাচিছে

আজানে জিকিৰ ৰচি ভাষা চহকী কৰিছে

ভকতক ফকীৰে চেলাম গীতেৰে জনাইছে

দিলোৱাৰ দোসায়ে শ্ৰী হস্তী পুথি আঁকিছে

দেশৰ সিপাৰে আৰু বহুতো দেশ আছে। দেশ দেশে নানা লোক আছে, লোকসংস্কৃতি আছে।

সেইবোৰে ভূপেন হাজৰিকাৰ মনটো উৰণীয়া কৰি তোলে। সেয়ে তেঁও গাইছে –

              মই এটি যাযাবৰ, মই এটি যাযাবৰ

                     ধৰাৰ দিহিঙে দিপাঙে লৱৰোঁ

                            নিবিচাৰোঁ নিজা ঘৰ।

       তেওঁ যদি লুইতৰ পৰা গৈ মিচিচিপিৰ পাৰত বহি লুইতৰ কথা ভাবিছে তেনে ভল্গাৰ পাৰত ৰৈ গংগাৰ সৈতে ৰিজাই চাইছে বৈ যোৱা পানী। বিশ্বৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি অনুভৱ কৰিছে সমন্বয়ৰ এক সুৰ। তেওঁ দেখিছে গগণচুম্বী অট্টালিকাৰ শাৰী আৰু নিজৰ দেশত দেখাই দৰেই প্ৰতক্ষ্য কৰিছে  গৃহহীন বিভুক্ষ মানুহৰ দীনতাৰে ভৰা দৈনন্দিন জীৱন যুঁজ। য’লৈকে গৈছে অনুভৱ কৰি পৃথিৱীৰ সকলো প্ৰান্ততে বিৰাজ কৰিছে একধৰণৰ সমন্বয়ৰ চিত্ৰ। যি চিত্ৰ ক’ৰবাত কৰুণ, ক’ৰবাত ‘দাৰুন’। তেওঁ লক্ষ্য হৈ পৰিছে – দুখীয়া, দূৰ্বল, অসহায়, শোষিত, মুমূৰ্ষজনৰ মুখত এধানিমান হাঁহি আনি দিয়া; তেওঁলোকৰ মুখৰ ‘মাত’ হোৱা।

       ১৯৬২ ৰ চীন-ভাৰতৰ যুদ্ধৰ বিভীষিকাই ভূপেন হাজৰিকা দেৱৰ মনত হেন্দোলনি তুলি গৈছে। ‘যুদ্ধই বিভীষিকাৰ লগতে আনি দিয়ে নতুনত্বৰ এক জাগৰণ।’ – এই কথাই তেওঁ মনত প্ৰতিধ্বনি হৈ ভাঁহি থাকে। তেওঁ পাহাৰ ভাই-ভনীসকলৰ মনত নৱজাগৰণৰ উচাহ জগাই তুলিবলৈ গাইছে –

       শেষ হ’ল কোনো নিশাৰ সাধু কথা

       শেষ হ’ল কোনো ৰংমনৰ কঠিয়াতলীৰ ব্যথ্যা

       ……………………………

চকুৰ আগৰ কুঁৱলীবোৰ ভয়ত উৰা মাৰে

       জাগি উঠা মানুহে হেজাৰ চিঞৰ মাৰে

       তাতে ঠেকা লাজি হাজাৰ পাহাৰ ভাঙি পৰে

       মানৱ সাগৰত কোলাহল শুনো।

       নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো।

মানুহেই যদি মানুহৰ বাবে নাভাবে ভবিব কোনে ? ভূপেন হাজৰিকাদেৱে কৈছিল - “দিয়া আৰু লোৱা নীতিৰেই ভুল বুজা-বুজি দূৰ কৰে। একতা সুদৃঢ় কৰে, সমন্বয় গাঢ় কৰে। এই সমন্বয় কেৱল স্কৃতি-সংস্কৃতিৰ ক্ষেত্ৰতে আৱদ্ধ নাৰাখি যদি আমি অৰ্থনৈতিক, ভাষিক আদি ক্ষেত্ৰতো দেখুৱাওঁ তেনে যুগ যুগ ধৰি আমাৰ একটা অটুত থাকিব।”

       তেওঁ নানা জাতি-জনজাতিৰ মাত-কথাবোৰ শিকি-বুজি গীত ৰচি সমন্বয়ৰ বাৰ্তা কঢ়িয়াইছিল পৃথিৱীৰ এমূৰৰ পৰা আন এমূৰলৈ, এটাৰ পৰা আনটো জনগোষ্ঠীলৈ। জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে চাৰিওফালে বজাই তুলিছিল একতাৰ গান। তেওঁৰ এই সমন্বয়ৰ বাৰ্তা কঢ়িওৱা সত্তাটোৰ বাবেই লোকসংস্কৃতিৰ এজন সাধক ৰূপে গোটেই বিশ্বত পৰিচিত হৈ উঠিছিল।

সুধাকণ্ঠই বিচাৰিছিল চাৰিওফালে বলক সমন্বয়ৰ বা। ভেদাভেদ আঁতৰাই থিয় দিয়ক ‘মানুহে মানুহৰ বাবে’। সেয়ে তেওঁ গাইছিল –

              ভাষা সমন্বয় মঞ্চ হওক সঞ্জীৱিত

সৰ্বজাতি-জনজাতি হওক মিলিত

.........................

সমন্বয় সমন্বয় হে মাথোঁ সমন্বয়

              সমন্বয়ে প্ৰগতিক কৰে জ্যোতিৰ্ময় হে।


(প্ৰকাশ: দীপ-শিখা, বাৰ্ষিক মুখপত্ৰ, চত্বাৰিংশ সংখ্যা, ২০২৫, যোৰহাট জিলা প্ৰাথমিক শিক্ষকক সন্মিলনী)

Post a Comment

Previous Post Next Post