মোৰ কোনো বন্ধু নাই
মূল বাংলাঃ- সাদাত হোসাইন
অসমীয়াঃ বিকাশ দিহিঙ্গীয়া
মোৰ কোনো বন্ধু নাই;
যাৰ ওচৰত নিজকে ভাঙি-চিঙি
খুচুৰা পইচাৰ দৰে জমা কৰিব পাৰি,
যি যত্ন কৰি সাঁচি ৰাখিব খুচুৰা টুকুৰাবোৰ,
প্ৰয়োজনত ঘূৰাই দিব এটা এটাকৈ আধলি।
সঁচা ক’বলৈ গ’লে মোৰ কোনো বন্ধু নাই।
বন্ধু বুলি যিবোৰক জানিছিলো,
সিহঁত যে আছিল যাত্ৰা পথৰ হে সংগী।
দূৰভ্ৰমণৰ ৰেলযাত্ৰাত ওচৰৰ চিটত বহে যি, সহযাত্ৰী;
কথা হয়, আড্ডা জমে,
দুই পিয়লা নেমু চাহৰ দাম দিবলৈ ল’লে
‘মই দিম, মই দিম’ বুলি হেঁতা-ওপৰা লাগে।
ভগাই লোৱা চিগাৰেটৰ টুকুৰা হুঁপি ‘এইটো লওক
মোৰ ফোন নম্বৰ, এইফালে আহিলে
কল কৰিব’ বুলি কৈ
অচিনাকি ষ্টেশ্যনত নামি পৰে।
এই যে মই গৈ আছো, প্ৰতিনিয়ত
ঘটিছো বুকুৰ ভিতৰত যাতনা, ক্লেদ;
এই যে মই ভীষণ ভাগৰুৱা হৈ পৰিছো,
বুকুৰ ভিতৰত সাঁচিছো কেৱল দুঃখৰ মেদ !
তাৰপিছতো মোৰ নিজা এজোপা গছ নাই
প্ৰখৰ ৰ’দৰ দিন এটাৰ শেষত, যাৰ ছাঁত জিৰাম বুলি
ঘূৰি অহাৰ হেঁপাহে আকুল কৰে হৃদয়;
তেনেকুৱা একোটা ছাঁৰ দৰে, দুৱাৰৰ আঁৰনিৰ দৰে
মোৰ কোনো বন্ধু নাই।
নিৰ্জন দুপৰ এটা ঢলি পৰিলে বিষাদে আছন্ন নদীৰ দৰে,
ভাৱনাত উৰা, নিৰুদ্দেশ হোৱা বধিৰ দৰে,
হাতৰ মুঠিত হাত ৰাখিবলৈ কোনো মানুহ নাই।
মোৰ কোনো বন্ধু নাই।
ভীৰৰ মাজত, কোলাহলত হেৰাই যাওঁ,
বুকুত গজা ফুলবোৰ, ভুল মানুহৰ হাতত তুলি দিওঁ।
নিসংগ জীৱনটো হুমুনিয়াহৰ দৰে গৈ থাকে।
মোৰ কোনো বন্ধু নাই।
যাৰ ওচৰত নিজকে ভাঙি-চিঙি
খুচুৰা পইচাৰ দৰে জমা কৰিব পাৰি,
যি যত্ন কৰি সাঁচি ৰাখিব খুচুৰা টুকুৰাবোৰ,
প্ৰয়োজনত ঘূৰাই দিব এটা এটাকৈ আধলি।
