‘নিলিখিলেও চলে, নপঢ়িলেও চলে— মাঘৰ বিহু (আমাৰ/আজিৰ)

 ‘নিলিখিলেও চলে, নপঢ়িলেও চলে— মাঘৰ বিহু (আমাৰ/আজিৰ)

~ বিকাশ দিহিঙ্গীয়া

              


নৈপৰীয়া জীৱন এটাৰে সমৃদ্ধ হোৱা শৈশৱত সততে মনত কৌতূহল জাগিছিল “কেনেকৈ পাৰে নদী এখন অবিহনে দিনৰ পাছত দিন পাৰ কৰিবলৈ!”

পুৱা শুই উঠি ঘৰত পানীৰ সু-ব্যৱস্থা থকা স্বত্বেও মুখ ধুবলৈ নদীলৈ দৌৰ মৰাৰ পৰা ধৰি নদীতে ভৰি-হাত ধুই সন্ধিয়া ঘৰ সোমোৱালৈকে, সকলোতে নদীখন অপৰিহাৰ্য আছিল৷ অতি বেছি অপৰিহাৰ্য হৈ উঠিছিল মাঘৰ বিহুত৷

ডিচেম্বৰত নদীৰ সিপাৰৰ হাবিকে ধৰি কাৰ ঘৰৰ কোন বাৰীত ‘ভেলৌ’ গছ আছে, কোন কেইজোপা আমি চাৰে তিনিফুটিয়াবোৰে কাটি আনিব পাৰিম, কোনে ঘৰৰ গছ এজোপা দিব আদিবোৰৰ হিচাপ ডিচেম্বৰ সোমোৱাৰ পৰাই কৰি থকা হৈছিল৷ বছৰেকীয়া পৰীক্ষা শেষ হোৱা দিনা আবেলিলৈ হাতে হাতে দা কুঠাৰ লৈ ‘মেজিৰ খৰি কটা’ অভিযানত আমি নামি পৰিছিলো৷

গছ কটা, কুন্দাবোৰ নাৱত উঠাই নদীৰ পাৰৰ মেজি বনোৱা নিৰ্দিষ্ট ঠাইলৈ অনা, খৰি ফলা আদি কামবোৰ ডাঙৰবোৰৰ সহায়ত লাহে ধীৰে আগবাঢ়িছিল৷ মনে মনে কোনোবাই মেজিৰ ‘ঘাই’ চাই থৈছিল৷

উৰুকাৰ দিনা পুৱাই টকা-পইচা তুলি ৰাতিৰ ভোজলৈ ‘গাহৰি’ মাংস কিনা হৈছিল৷ সেইদিনা পিছবেলালৈ দূৰ-দূৰণিলৈ মাংসৰ অভাৱ ঘটিছিল৷ দুপৰীয়াৰ পৰা নল-বিৰিণা-নৰা-ইকৰা কটাৰ কাম চলিছিল৷ কোনোবা কেইটামানে ভেলা ঘৰ বনাবলৈ বাঁহ বিচাৰি গৈছিল৷ আবেলিলৈ নিশা শুব পৰাকৈ ভেলা ঘৰটো সাজু হৈ উঠিছিল৷ কোনোবাই খেৰ অলপ আনি ভেলাঘৰৰ ভিতৰখনত পাৰি দিছিল৷

ভেলাঘৰ সাজি ‘পানী মেজি’ৰ গাত খন্দা হৈছিল৷ সন্ধিয়া নমাৰ লগে লগে পানী মেজিত অতিৰিক্ত খৰিবোৰ, ফালিব নোৱাৰা কুন্দাবোৰ জাপি দি সকলোৱে নিজৰ নিজৰ গৰু-গাই বান্ধি আজৰি হৈ ভোজৰ বাবে সাজু হৈ আহিছিলগৈ৷

ওচৰ-চুবুৰীয়া ল’ৰা-ছোৱালী, ডেকা-বুঢ়া সকলো আহি পানী মেজিক কেন্দ্ৰ কৰি বহিছিলহি৷ কোনোবাই ‘ডেক’-ৰ ব্যৱস্থা কৰি গান বজাইছিল৷ কাষতে বৰমা-খুৰীহঁতৰ সহযোগত ভোজৰ আয়োজন চলিছিল৷ কোনোৱে গত বছৰেই ‘আগবঢ়াই থোৱা’ হিচাপত সাজৰ কলহ আৰু কুকুৰা বা মাংস আদিৰ যোগান ধৰিছিল৷ কোনোৱে মৰ্টন আদি বিলাইছিলহি৷

হাঁহি-স্ফুৰ্তিৰে ভোজ খাই মানুহবোৰ ঘৰা-ঘৰি হৈছিল৷ চেঙেলীয়া ডেকাবোৰ ভেলাঘৰতে ৰৈছিল৷ এঘাৰ-বাৰ মান বজাৰ লগে লগে ল’ৰাবোৰ এইবাৰ আচল ‘খেল’ত নামিছিল৷ কেইটামান গৈছিল মূল মেজিৰ বাবে বাঁহৰ খুটা বিচাৰি জানৰ সিপাৰৰ বাঁহনিলৈ, কেইটামান গৈছিল পুৰণা জেওৰা-জপনা বিচাৰি, কোনো গৈছিল আলুৱনীত আলু খান্দিবলৈ, কোনোৱে কাৰ ঘৰত খাব পৰা ফল-মূল আছে তাক আনিবলৈ, কোনোৱে হাঁহ-কুকুৰাৰ সন্ধানত৷ তাৰে দুটামান গৈছিল মেছিৰ ‘ঘাই’ গছডাল বিচাৰি৷ আমাৰ ফালে মেজিৰ সোঁমাজত শিমলু পুলিৰ ঘাই দিয়া হয়৷ যদি পোৱা নাযায় তেনে বিকল্প হিচাপে বাঁহগছ থাকেই৷ (মাজনিশা জয়াল বাঁহনিত বাঁহ কাটিবলৈ গৈ ভূতৰ কথা পতাটো সকলোতকৈ বেছি আমোদজনক জয়াল আনন্দ আছিল।)

এইবোৰ গোটাই মেলি আনি থাকোঁতে নিশা এক-দেৰ বাজে৷ আলুবোৰ, মাংস জুইত পুৰি খোৱা হয়৷ কলহৰ সাঁজ থাকিলে লগত সেয়া সুন্দৰ যুটি হৈ পৰে৷ দুটামানে মূল মেজিৰ বাবে গাঁত খান্দে৷ সকলোৰে সহযোগত হৰি ধ্বনি দি খুটা পুতি মেজি বনাবলৈ আৰম্ভ কৰা হয়৷ মেজি বনাই শেষ হয় মানে তিনি বাজিবৰ হয়৷

একেবাৰে নুশুৱা কেইটাই ভেলাঘৰত এঘুমতি মাৰে৷ ইতিমধ্যে শুই থকা কেইটাক জগাই মেজি ৰখিবলৈ দিয়া হয়৷

চৰায়ে সাৰ পোৱা সময়তে কোনোবা দুটামানে কাৰোবাক ধৰি নি নদীত পেলাই দিয়ে৷ যি পৰিব সি মেজি জ্বলাব৷ ঠাণ্ডাত কঁপি কঁপি নদীৰ পৰা উঠি আহি ঘাই মেজিৰ জুই দিয়ে৷ লাহে লাহে মেজি জ্বলি উঠে৷ ইপিনে নদীত দলিওৱা কাৰবাৰটো চলি থাকে৷ নদীৰ পৰা উঠি অহা কেইটা ঘাই মেজিলৈ যোৱাৰ সুবিধা পায়৷ গা নুধোৱা কেইটাই ঘাই মেজিলৈ গ’লে নদীত গা ধোৱা কেইটাই জুই লৈ খেদে৷ গা নুধোৱা কোনোবাই গা ধোৱা কাৰোবাক চুলে সি আকৌ গা ধুব লাগে৷ লাহে লাহে পোহৰ হৈ আহে৷ চুৱা-চুই-গা ধোৱা খেলখন চলি থাকে৷ হিলৈবোৰ ধুম-ধাই ফুটি উঠে৷ হিলৈ ফুটিলে সকলোৱে কিৰিলি পাৰে৷ নৈখনে আমাক চাই নীৰৱে হাঁহে৷

পোহৰ হোৱাৰ পিছত মানুহবোৰে মাহ কৰাই, পিঠা পনা আদি আনি মেজিত দি সেৱা কৰে৷ আমাক খাবলৈ দিয়ে৷ পাৰ হোৱা ৰাতিটোৰ আনন্দই ল’ৰাবোৰক সজীৱ কৰি ৰাখে৷ ভেলা ঘৰত জুই দি সকলো লাহে লাহে ঘৰমূৱা হয়৷

আমি সৰুৰ পৰা শিকি আহিছিলো যে ভেলা ঘৰ উৰুকাৰ দিনা বনোৱা হয় আৰু বিহুৰ পুৱা জ্বলাই দিয়া হয়৷ কিন্তু ‘অলৰ্গদ্ধ’ নিউজ চেনেলবোৰৰ সংস্কৃতি ধ্বংসকাৰী চমৎকাৰী আচনি তথা ময়ূৰৰ পাখি লগাই ম’ৰা সাজিবলৈ যোৱা কাউৰী অসমীয়াৰ আগভাগত ভেলা ঘৰে ভাস্কৰ্য ৰূপ ল’লে৷ মাঘৰ বিহুৰ সময়ত ভাব হয় যে অসমত ইমান প্ৰতিভাৱান শিল্পীবোৰ যে আছে বিহুত আগলৈকে ‘ইহঁত’বোৰ ক’ত সোমাই থাকে? ইহঁতৰ বাবেই আজি মেজিটোও পণ্য সামগ্ৰী হৈ পৰিল৷

বিহু এতিয়া বৰবিহ হে৷ আমি দেখা, আমি পোৱা বিহুৱেই এতিয়া নাই, পূৰ্বৰ কথা নক’লোৱেই যেনিবা!!

এতিয়াও বিহুক ‘বিহু’ হিচাপে পালন কৰি অহা সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা যাঁচিলো৷

 

                                   ~ বিকাশ দিহিঙ্গীয়া

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

1 Comments

  1. Amru bihu ankua asil ami horute but atia nai

    ReplyDelete
Previous Post Next Post