অসমীয়া বিয়ানাম

 


পানী তুলি ৰাধা ফুল চন্দন তুলসী

পাছলৈ নাচাবা ফুল চন্দন তুলসী

সাগৰো আহিব ঢলি হে

ফুল চন্দন তুলসী

ভৰিল নে নভৰিল

ৰাধা তোমাৰ কলচী

সাগৰো আহিব ফুল চন্দন তুলসী

জগৰো লাগিব ফুল চন্দন তুলসী

পানীৰে ওপচি যাব হে

ফুল চন্দন তুলসী

ভৰিল নে নভৰিল

ৰাধা তোমাৰ কলচী


অলনি দলনি হিমালয়ৰ নামনি

পকা চপৰানি হিমালয়ৰ নামনি

আমাৰ হাতে ভৰি ভাগে হে

হিমালয়ৰ নামনি

সেউজীয়া বননী

পানী তুলি আহিছো

আদৰি নিয়া হি

তেও নপঠিয়াই হিমালয়ৰ নামনি

আমাৰ আইদেউৱে হিমালয়ৰ নামনি

তথাপি ৰামচন্দ্ৰক লাগে হে

হিমালয়ৰ নামনি

সেউজীয়া বননী

পানী তুলি আহিছো

আদৰি নিয়া হি


উঠা উঠা আইদেউ তুমি নুঠিলে নহয়

আজি তোমাৰ শুভ বিবাহ দৈয়নৰ সময়

আয়তীসকলে আহি সিংহদুৱাৰতে ৰৈ

ৰৈ আছে তোমাৰ মাতৃক দৈয়ন দিবলৈ


দৈৱকী আহিছে আহা আইদেউ চোৱাহি

দুৱাৰ মেলি দিয়া আহা আইদেউ চোৱাহি

আমাকো নথবা ৰাখি হে

আহা আইদেউ চোৱাহি

গংগা জল আনিছো

মাথা দোৱাই লোৱাহি

আমাৰে দৈৱকী আহা আইদেউ চোৱাহি

হালিছে জালিছে আহা আইদেউ চোৱাহি

কালি দুপৰৰে ভাতে হে

আহা আইদেউ চোৱাহি

গংগা জল আনিছো

মাথা দোৱাই লোৱাহি


ওলাই আহা আইদেউৱে ঐ শশী

আঙুলিতে লেখি

অত প্ৰজা ৰৈ আছে ঐ শশী

তোমাকে নেদেখি

ওলাই আহা আইদেউৱে ঐ শশী

মাটিত মঙ্গল চাই

গণকে গণনা কৰে ঐ শশী

ক্ষণ চৰি যায়

ওলাই আহা আইদেউৱে ঐ শশী

দুৱাৰ দলিৰ বাজ

ঘৰতে নোৱাব মাৱে ঐ শশী

নকৰিবা লাজ


গা ধুই আইদেউৱে উৰণীয়া চিলনী

মাকক সুধিলে উৰণীয়া চিলনী

কি সাজ পিন্ধিব পাই হে

উৰণীয়া চিলনী

আইদেউ তুলি সলাই দিয়া

ভন্টিয়ে মেলক তিয়নী

ছাঁ‌তে শুকুৱা উৰণীয়া চিলনী

মুঠিতে লুকুৱা উৰণীয়া চিলনী

সেই সাজ পিন্ধিব পাই হে

উৰণীয়া চিলনী

মামন তুলি সলাই দিয়া

ভন্টিয়ে মেলক তিয়নী


গা ধুই আইদেউৱে কিয় আইদেউ কঁ‌পিছা

মাকক সুধিলে কিয় আইদেউ কঁ‌পিছা

কি ফুল পিন্ধিব পাই হে

কিয় আইদেউ কঁ‌পিছা

ৰামচন্দ্ৰৰ লগতে

ইমান কষ্ট কৰিছা

সাগৰৰ মাজতে চালনীৰে বগৰী

আছে পাৰিজাতে চালনীৰে বগৰী

সেই ফুল পিন্ধিব পাই হে

চালনীৰে বগৰী

আইদেউ তোমাৰ ৰামচন্দ্ৰ

জীৱনৰে লগৰী


কৈকেয়ী আহিছে শৰাইত তামোল সজোৱা

সুমিত্ৰা আহিছে শৰাইত তামোল সজোৱা

ৰামৰে অলংকাৰ লৈ হে

শৰাইত তামোল সজোৱা

শৰাইত তামোল সজোৱা

জোৰোণ আহি ৰৈ আছে

কইনাৰ মাকক জগোৱা

আগৰখন ভাৰতে দবা শংখ বজোৱা

কি কি আনিছা দবা শংখ বজোৱা

ৰভাৰে তলতে থোৱা হে

দবা শংখ বজোৱা

জোৰোণ আহি ৰৈ আছে

আদৰোঁগৈ ব'লা

পাছৰখন ভাৰতে অ মন তৰা

কি কি আনিছা অ মন তৰা

ৰাইজৰ আগতে থোৱা হে

অ মন তৰা

টেকেলি আনোগৈ

পদূলিৰ পৰা


বাৰীৰ পিছৰ টেঙা আম

পাৰি দিলে ভগাই খাম

দৰাঘৰ কিমান ধনী

আজিহে বুজি পাম

শুনিছিলো আমি দৰাঘৰ বৰ ধনী

ঐ ৰাম সাজে মাছ-মাংস খায় হে

এতিয়া শুনিলো দৰাঘৰ দুখীয়া

ঐ ৰাম নদীতে বৰশী বাই হে

কি নো অলংকাৰ আনিলে শাহু আই

ঐ ৰাম আইদেউৰ গাতে নাটে হে

আমাৰে আইদেউলৈ কি সাজ আনিলা

ঐ ৰাম ৰাইজ কাণে পাতি শুনা হে

সোণৰ খাৰু মণি ৰামে দি পঠাইছে

ঐ ৰাম নেচাই থাকিব পাৰে কোনে হে

অতি মৰমৰে জানকীলৈ বুলি

ঐ ৰাম হাতে যোৰে কৰি লোৱা হে

অতিকৈ ধুনীয়া সূৱৰ্ণৰ অলংকাৰ

ঐ ৰাম নেচাই থাকিব পাৰে কোনে হে

ঐ ৰাম নেচাই থাকিব পাৰে কোনে হে


আহা আইদেউ বহাহি

ৰামে দিয়া অলংকাৰ

মূৰ দোৱাই লোৱাহি

আহা আইদেউ বহাহি

ৰামে দিয়া অলংকাৰ

শিৰ দোৱাই লোৱাহি


ৰাম ৰাম মাৰাৰ লংকাৰ

ৰাম ৰাম থোৱা কাটি কৰি

ৰাম ৰাম দেউতাৰৰ অলংকাৰ থোৱা হে

ৰাম ৰাম ৰামে দি পঠাইছে

ৰাম ৰাম বিচিত্ৰ অলংকাৰ

ৰাম ৰাম কৰ যোৰে কৰি লোৱা হে

ৰাম ৰাম মাৰাৰ আছিলা

ৰাম ৰাম লাচনি পাচনি

ৰাম ৰাম দেউতাৰাৰ কৰণি ধৰা হে

ৰাম ৰাম সৰু হৈ আছিলা

ৰাম ৰাম ওমলি ফুৰিছিলা

ৰাম ৰাম লগৰ লগৰীয়াৰ সতে হে

ৰাম ৰাম আজিৰে পৰা

ৰাম ৰাম বোৱাৰী হলাহে

ৰাম ৰাম চলিবা স্বামীৰে মতে হে

ৰাম ৰাম চৰায়ে তুলিলে

ৰাম ৰাম চকুৰি পোৱালি

ৰাম ৰাম গছৰডাল শুৱনি কৰি হে

ৰাম ৰাম তোমাকে তুলিলে

ৰাম ৰাম তোমাকে তুলিলে

ৰাম ৰাম মাৰা দেউতাৰাই

ৰাম ৰাম লোকৰে ঘৰলৈ বুলি হে


ঔ গছৰ কোমল কুঁ‌হি হাইঠা পৰি খায়

দেউতাই পোহা মইনা চৰাই

উৰি গুচি যায়

আখৈ দিয়া আখৈ দিয়া মৰমৰে ভাই

আজিৰ পৰা তোমাৰ বাইদেউ

গোত্ৰ চিঙি যায়

নাকান্দিবা নাকান্দিবা মৰমৰে আই

আজিৰ পৰা বিদায় লৈছো

নিজৰ সংসাৰ পায়

বিদাই দিয়া বিদাই দিয়া চেনেহৰ পিতাই

আজিৰ পৰা তোমাৰ জী হৈ

নাথাকিম সদায়


পূবে পশ্চিমে দুটিকৈ ৰূম

বাইদেউ গ'লেগৈ কাৰ লগত শোম

পুৱাতে দেউতায়ে হালখন নিব

বাইদেউক নেদেখি বিয়াকুল হ'ব

এপুৰা এবিঘা ৰোবলৈ দিব

মৰমৰ বাইদেউৱে কেনেকৈ ৰোব

সকলো ৰোৱনী ঘৰলৈ যাব

বাইদেউৰ দুগালেদি চকুলো ব'ব

কুলু কুলু কৰি নৈ জান ব'ব

বাইদেউৰ দুখৰ কথা কাৰ আগত ক'ব

ছমাহ বছৰেকত দেউতা যাব

দেউতাৰ আগতেই সকলো ক'ব

শুনকচোন দেউতা পাতকচোন কাণ

সেইখন ঘৰত মই কেনেকৈ খাম

দিনৰে দিনটো কৰোঁ‌ মই কাম

এদিন নকৰিলেই নকৰাৰ নাম


যৌৱন এখন ডাঙৰ নৈ

পাৰে হ'বা কেনেকৈ

সেইখন বাইদেউ লোকৰ ঘৰ

চলাই খাবা কেনেকৈ

নন্দাই দিব তিতা মাত

নাপাবা বাইদেউ শুভ মাত

ডালত কুলি বিনাব

ঘৰলৈ মনত পৰিব


নীলা চৰাই অ নীলা চৰাই

আনিব লাগিব দূৰণিৰ পানী

ল'বগৈ লাগিব ওৰণি টানি

পুৱতি নিশাতে উঠিবা শুই

বাহি-বন কৰি লৈ ধৰিবা জুই

জুইকুৰা ধৰি লৈ চাহৰ ডেক তুলি

শাহু আইক জগাবা উঠক মা বুলি

তেতিয়া শাহু আয়ে তোমাক ভাল পাব

বোৱাৰী বুলিয়ে আদৰি ল'ব

সাৰিব লাগিব চোতালৰ জাবৰ

পেলাব লাগিব গোহালিৰ গোবৰ

বান্ধিব লাগিব গোহালিৰ গৰু

হ'বগৈ লাগিব সবাতকৈ সৰু

কাটিব লাগিব পথাৰৰ ধান

ৰাখিব লাগিব বংশৰ মান


মৰমৰ মা ঐ যাবলৈ ওলালো

যাবৰে সময়ত সেৱাহে জনালো

হাতত পাণ বটা লৈ দেউতাক মাতোঁ‌গৈ

চেনেহৰ দেউতা ঐ যাবলৈ ওলালো

যাবৰে সময়ত প্ৰণামহে জনালো

কেতিয়াবা যদি দোষ কৰিছিলো

যাবৰে সময়ত ক্ষমাহে মাগিলো


(সংগ্ৰহঃ বিকাশ দিহিঙ্গীয়া)


Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post