Dear December 🤍
পুৱা উঠিয়ে ঘন কুঁৱলীৰ চাদৰে গা ঢাকি ঠিয় দি থকা শাৰী শাৰী তামোল গছৰ মাজৰ লুংলুঙীয়া বাটেৰে নদীলৈ খোজ লোৱাৰ চেঁচা অনুভৱৰ নাম ডিচেম্বৰ। মকৰাই জালত গুঁঠি থোৱা নিয়ৰৰ মুকুতামালাত সোণ ছটিয়াই শেতেলিৰ পৰা উঠি আহে ডিচেম্বৰৰ বেলি। হালধীয়া সুগন্ধিবোৰ ধোঁৱাৰ দৰে উৰুৱাই বৈ থাকে ডিচেম্বৰৰ নদী। বেলি আহি মুখপখালে এঙামুৰি দি।
সৰিয়হবুলিয়া সপোন এগাল গালে-মুখে আঁকি আৰম্ভ কৰা দিনবোৰৰ নাম ডিচেম্বৰ। উদং পিঠিত চোকা ৰ’দে ডকা সময়ত নৈৰ পাৰত ৰবাব টেঙাৰ জুতি লৈ নদীত জঁপিওৱা দুপৰবোৰৰ নাম ডিচেম্বৰ। স্কুলৰ পৰা আহি কাণে-মুখে ভাত কেইটা গুজি হাতত দা লৈ মেজিৰ বাবে খৰি কাটিবলৈ যোৱা আবেলিবোৰৰ নাম ডিচেম্বৰ। উদং হ’বলৈ ধৰা পথাৰত নৰা পেঁপা বজাই বজাই পকমৌৰ লানি চিলাই গো বাটৰ ধূলি উৰুৱাই ঘৰমুৱা হোৱা গধূলিবোৰৰ নাম ডিচেম্বৰ।
ডিচেম্বৰ, ডিচেম্বৰ, ডিচেম্বৰ।
বছৰেকীয়া পৰীক্ষা দি বছৰটোৰ কিতাপৰ বোজা জোকাৰি পেলাই পিছৰ বছৰলৈকে স্বাধীন হ'ব পৰা আমাৰ ডিচেম্বৰ। গোটেইখন পকা ধান পকা ধান গোন্ধোৱা ডিচেম্বৰ। পিতাইৰ পিছে পিছে জেওৰাৰ গোজ এটাৰ দুমুৰে দুটা মুঠি লৈ ডাঙৰি কঢ়িওৱাৰ আমেজ দিয়া ডিচেম্বৰ। আইৰ সতে ধান কাটিবলৈ গৈ কাচিৰে হাত কটা ডিচেম্বৰ। গধূলি ভৰি ধুবলৈ গৈ ধান পাতে কটা ভৰিৰ বিজবিজনিৰ নাম ডিচেম্বৰ।
পুৱা শোৱাপাটীৰ উমাল কাপোৰৰ মায়াই এৰিব নোখোজা মৰমৰ ডিচেম্বৰ। এজাক বগলী আৰু এজাক পানী কাউৰীৰ অৰিয়া-অৰিত হুলস্থূলীয়া হৈ পৰা নৈৰ পাৰৰ বাহনীডৰাৰ নাম ডিচেম্বৰ।
এনেকুৱা ডিচেম্বৰৰে এটা Christmas Eve ৰ পুৱতি নিশা এক দুৰ্ঘটনা ঘটে। ঠেঁটুৱৈ ধৰা শীতকো আওকান কৰি ল'ৰা এটাই পৃথিৱীত প্ৰথম চকু মেলে। এনেকুৱা ডিচেম্বৰতেই Christmas Eve ৰ পিছদিনা নেদেখা সপোন এটাও হঠাতে দিঠক হৈ গজে। সেই ল'ৰাটো গোটেই দেশখনত (নিজৰ ৰাজ্যখন বাদ দি) এজন যুৱ লেখক হিচাপে জিলিকে। ডিচেম্বৰটো এইখিনিতে বিশেষ হৈ পৰে।
বছৰৰ শেষত ডিচেম্বৰে আশা সিঁচে - “অহা বছৰটো ইয়াতকৈ ভাল হ’ব। মাথোঁ ডিচেম্বৰটো পাৰ কৰিলেই শান্তি।”
ডিচেম্বৰত মানুহবোৰে জীৱনটো উপভোগ কৰিবলৈ শিকে। ডিচেম্বৰে পিকনিকবোৰ সেইবাবেই সৃষ্টি কৰে। বছৰটোৰ হাই-কাজিয়া, ভালপোৱা-বেয়াপোৱা, মান-অভিমান শেষ কৰি ডিচেম্বৰত মানুহবোৰ এক হৈ থাকিব বিচাৰে।
ডিচেম্বৰত হেঁপাহবোৰ নকৈ জাগি উঠে। ডিচেম্বৰত সংকল্প লয় মানুহবোৰে - অহাবছৰ অমুকটো কৰিম, অহাবছৰৰ পৰা তমুকটো এৰি দিম। কিন্তু ডিচেম্বৰ যে প্ৰতিবছৰেই আহে, সেয়ে অহাবছৰটোও অহাবছৰলৈকে ৰৈ থাকে (যদিও সকলোৰে বাবে কথাবোৰ একে নহয়)।
December, December, December......🤍
(বিঃদ্ৰঃ- ডিচেম্বৰ আহিলে আবেগ, অনুভৱে ভীৰ কৰেহি বুকুত। বহুদিনৰ পৰা গান শুনিব পৰা নাই, কিতাপ পঢ়িব পৰা নাই, চিনেমা চাব পৰা নাই, মন-মগজুত চলি থকা কথাবোৰ লিখিব পৰা নাই - একোৱেই কৰিব পৰা নাই। কিয় এনে হৈছে সেয়াও ভাবি পোৱা নাই। আজি ডিচেম্বৰ সোমাল। হেঁপাহৰ ডিচেম্বৰ। ডিচেম্বৰে সকলো ঠিক কৰিব, সেয়াই ভৰষা। #DearDecember )










