লা-চাই

|| লা-চাই ||

~ বিকাশ দিহিঙ্গীয়া

 


        “খাও থাম্-খাম্ না তাং ই” – গৰজি উঠিল চাওফা চুখ্ৰংফা, স্বৰ্গদেউ ৰুদ্ৰসিংহ৷ এখন হাতেৰে হেংদানখন বৰ টানকৈ খামুচি ধৰিছে তেওঁ৷ ৰাজসিংহাসন নহৈ যেন কুটকুৰা কাঁ‌ইটৰ ওপৰত হে বহি আছে, ঠিক তেনেকৈ চটফটাই উঠিছে ৰুদ্ৰসিংহ৷ সৰু সৰু চকুযুৰিত ভীৰ কৰিছেহি কেইটোপাল মান উতপ্ত লাভাই৷ বৰ কষ্টেৰে নিজক সংযত কৰিবলৈ গৈ অস্থিৰ হৈ পৰিছে চুখ্ৰংফা৷ শিমলুফুলৰ দৰে জিলিকি উঠিছে দুই নয়ন – ক্ৰোধত নে বিষাদত লা-চায়ে এই মুহূৰ্তত ঠিৰাং কৰিব নোৱাৰিলে৷

        বুঢ়াগোঁ‌হাইকে ধৰি বা-বিষয়া সকলোৱে ৰাজসভাৰ নিজ নিজ স্থানত বহি আছে৷ সকলোৰে চকু লা-চাইৰ ওপৰত৷ লা-চাইৰ চকু থিৰ হৈ ৰৈছে ঙি-ঙাও-খাম অংকিত সিংহাসনত বহি থকাজনৰ ওপৰত৷ পী-চাই মান লাইৰ সলনি তাত নে যেন মৈদামৰ পৰা উঠি আহি বহি আছে প’ খাউ গদাধৰ সিংহ ! সাইলাখ একেই ! একেই বজ্ৰৰ দৰে কণ্ঠ, ঠৰঙা চুলি, আঁ‌টিল শৰীৰেৰে ভীমাকায় চেহেৰা ! বুকুৰ পৰা কিবা এটা উজাই আহি ডিঙিত সোপা মাৰি ধৰিলে লেচাইৰ৷

       “বন্দীক পোতাশালত থোৱাৰ ব্যৱস্থা কৰা হওক !” – বৰগোঁ‌হায়ে স্বৰ্গদেউৰ এই সিদ্ধান্তত কিবা এটা ক’ব খুজিছিল৷ বুঢ়াগোঁ‌হাইয়ে ইংগিতেৰে বাধা দিলে, “স্বৰ্গদেউ বৰ্তমান মানসিক ভাবে ভাগি পৰিছে৷ তেওঁৰ সতে পাছত কথা পতাই ঠিক হ’ব৷”

       চাউদাং দুজন আগবাঢ়ি আহি স্বৰ্গদেউৰ আদেশৰ প্ৰতি সন্মান জনাই মূৰ দোঁ‌ৱালে৷ শিল পৰা কপৌৰ দৰে থিয় হৈ একেথিৰে ৰুদ্ৰসিংহলৈ চাই থকা লেচাইক টানি নিয়াৰ দৰে বাহিৰলৈ লৈ গ’ল৷

       “মে-মান –  আই !” – যোৱা দুটা দিন লেচাই শুব পৰা নাই৷ শৈশৱ-কৈশোৰৰ বহু স্মৃতিয়ে একেৰাহে অহা যোৱা কৰি আছে মনৰ মাজত৷ ‘ক’ত ভুল হ’ল তাৰ ? কোনখিনিত সি হেৰুৱাই পেলালে নিজক ?’  এইবোৰকে ভাবি থাকোতে চকুদুটা জাপ খাই আহিছিলহে, ৰিণিকি ৰিণিকি দূৰৈৰ পৰা ভাঁ‌হি অহা নিচুকনী গীত এটা শুনি খক-মকাই উঠি বহিল৷ কোনোবা ধাইয়ে নিচুকাইছে কাৰোবাৰ হিয়াৰ আমঠুক৷

“লাই মা লে কা লে

লিক্ খা পাই অন্ মা লে

পা খা মাউ পা ছাই আও খ,

মাউ তা মে বা মে

খাং না জুন্ অন্ তা লে

              ফা নু ৰু লেং দন্ খাও ক৷”

       “মে-মান – আই !!” – বহু চেষ্টা কৰিও সি মাকৰ মুখখন মনত পেলাব নোৱাৰিলে৷ আগতেওই চেষ্টা কৰিছে বহু বাৰ৷ মাকৰ সেই উমাল স্পৰ্শ আৰু নিচুকনী গীতৰ জান-নিজান সুৰ এটাৰ বাহিৰে একোৱেই মনত পেলাব নোৱাৰে৷ সি এতিয়াও অনুভৱ কৰিব পাৰে কোমল দুহাতে আলফুলে ঠৰঙা চুলিবোৰত হাত বুলাই বুলাই জয়াই গীত গাই শোৱাবলৈ চেষ্টা কৰা সেই মূহুৰ্তবোৰ৷

      চাৰিওফালে আন্ধাৰ, পোঁ‌তাশালৰ বেঁ‌ৰাৰ সৰু ফাঁ‌কেৰে ঢিমিকি ঢিমিকি জ্বলি থকা ভোতা একোটা দেখা যায় মাজে মাজে৷ বাহিৰত পহৰাদাৰী সৈন্য৷ হুক-হুকাই কান্দি উঠিল সি৷

       খেপিয়াই খেপিয়াই মাটিৰ কলহটোৰ পৰা পানী এঢোক গিলি বেৰত আওঁ‌জি মনত পৰালৈগে যিমান পাৰি ভটিয়াই যাবলৈ চেষ্টা কৰিলে৷ জীৱনৰ কোনটো কেঁ‌কুৰীত সি ফুল বুলি শূল এডাল বুটলি লৈছিল বাৰু ? কোনটো কেঁ‌কুৰীত বাৰু পিচলি পৰিছিল নিলাজি বনৰ ওপৰত ? সৌটো তাৰ পী চাই, লাই – কাঁ‌ড় জুৰিছে ধনুত৷ কঁ‌পি থকা টুকুৰা টুকুৰ খণ্ড চিত্ৰ কিছুমান ছাঁ‌য়াৰ দৰে মুদি থকা দুচকুৰ জিলমিল আন্ধাৰখিনিত জিলিকি উঠে লেচাইৰ৷

       “নং চাই, তই আমটো সৰাৰ লগে লগে তললৈ নদৌৰিবি কিন্তু৷ কাঁ‌ড়ডাল সৰি পৰাৰ পিছত হে যাবি৷” –- ধনুত যুৰি লোৱা কাঁ‌ড়ডাল পকি থকা সেন্দুৰীয়া আমটোলৈ পোনাই লাইয়ে লেচাইক উদ্দেশ্যি ক’লে৷ চোতালৰ এমূৰে থকা ডাঙৰ বকুলজোপাৰ তলত গদা কোঁৱৰে নাঙল চাঁ‌চিছে৷ মাজে মাজে লাই-লেচাইৰ আলেখলেখ চাইছে৷ বৰপীৰা পাৰি তাঁ‌তশালৰ কাষত মাক চুলি মেলি বহিছে৷

       সৰি পৰা আমটো বুটলি লগে লগে মাকৰ ওচৰলৈ দৌৰিব ধৰা লেচাইক পিছফালৰ পৰা লাইয়ে থাপ মাৰি ধৰিলে৷ যুঁ‌জ-বাগৰবোৰ কাজিয়াৰ ৰূপ পাব খোজোতেই কোনোবা এগৰাকী তাঁ‌তশালৰ পৰা উঠি আহিল৷ ছাঁ‌য়াটো ক্ৰমশঃ ওচৰ চাপিল৷ আৰু ওচৰ চাপিল৷ জিলমিল আন্ধাৰখিনিত মাকৰ মুখ চাব খোজা লেচাইয়ে, দৌৰিব খোজা ল’ৰাটোক আওকান কৰি ক্ৰমে ওচৰ চাপি অহা কঁ‌পা কঁ‌পা সেই নাৰীমূৰ্তিটো স্পষ্ট হোৱালৈ অধৈৰ্য্য হৈ পৰিল৷

       লাহে লাহে ছবিবোৰ জিলমিল এন্ধাৰখিনিৰ সতে একাকাৰ হৈ গ’ল৷ প্ৰায় লগে লগে চাউদাঙে ঘেৰি ধৰা ঘৰ এটাৰ মাজত ভয়াৰ্ত চাৱনিৰে ককায়েকৰ পিছফালে কুচি মুচি হৈ ঠিয় দি ৰোৱা অকণমানি ল’ৰাই এটাই এন্ধাৰ ফালি ভুমুকি মাৰিলে৷

      ‘মে-মান’ বুলি চিঞৰি উঠিব খোজা মুখখন দুহাতেৰে ধৰি লাইকোঁৱৰে ল’ৰাটোক ডাঙি লৈ ফুচ-ফুচাই ক’লে, “চু–চু–প ! মনে মনে থাক নং-চাই৷ বাহিৰত চাউদাঙে মে-মানক নিবলৈ আহিছে৷ তই চিঞৰিলে তোকো ধৰি নিব৷”

      কিংখাপৰ মেখেলা আৰু সোণালী বুটা বচা চাদৰ পিন্ধি কোনোবা এগৰাকী কোঠালৈ সোমাই অহাত লাইকোঁৱৰে ল’ৰাটোৰ মুখৰ পৰা হাত খন আঁ‌তৰাই বাহু বন্ধনৰ পৰা মুকলাই দিলে৷ “মে-মান” বুলি ফেঁ‌কুৰি উঠি ল’ৰাটোৱে দেৱীযেন লগা মহিলা গৰাকীক সাবটি ধৰিলেগৈ৷ লাইকোঁৱৰো ওচৰ চাপি আহিল৷ মহিলাগৰাকীয়ে দুয়োটাকে আকোঁ‌ৱালী লৈ চকুলো মচি দি কিবা এষাৰ ক’লে৷ পোতাশালৰ এন্ধাৰখিনিত বহি লেচাইয়ে সেই কন্ঠস্বৰ বহু চেষ্টা কৰিও মনত পেলাব নোৱাৰিলে৷ সি নিজৰ গাল দুখন চুই চালে৷ আহ্ – সেই স্পৰ্শ ! কোমল সেই মৰমৰ স্পৰ্শ যেন এতিয়াও অনুভৱ কৰিব পাৰিছে সি৷ তাৰ বুকুৰ ভিতৰৰ পৰা কিবা এটা উজাই আহি তাৰ ডিঙিত সোপা মাৰি ধৰিলে৷ চকুৰে দুটুপাল যন্ত্ৰনা তপত চকুলো হৈ বৈ আহিল৷

       জিলমিল এন্ধাৰখিনিৰ মাজত চিলমিলকৈ ভাঁ‌হি থকা কোঠাটোলৈ আইচু-দেউতাক সোমাই আহিল৷ তেওঁৰ লগত পদ্মাৱতী৷ লাই আৰু সেই ল’ৰাটোক নিজৰ বাহু বন্ধনলৈ নি পদ্মাৱতীয়ে ক’লে, “চিন্তা নকৰিবা সখী৷ কোঁৱৰহঁ‌তৰ সকলো দায়িত্ব তুমি নহালৈকে মই ল’লো৷”

       দুই কোঁৱৰৰ কপালত দুটা চুমা আঁ‌কি আইচু দেউতাকৰ সন্মুখত মানুহগৰাকী আঁ‌ঠু লৈ বহি পৰিল৷ দুইহাত যোৰ কৰি মূৰ ওপৰলৈ তুলি আশীৰ্বাদ আইচুৰ পৰা আশীৰ্বাদ লৈ কোঠাৰ পৰা নিশব্দে বাহিৰ হৈ গ’ল৷ মানুহ গৰাকী তাৰ মাক আছিল৷ জয়মতী !

      অত পৰে ডিঙিত সোপা মাৰি ধৰি থকা যন্ত্ৰনাখিনি এইবাৰ উচুপনি হৈ বাহিৰ হৈ আহিল৷ “মে-মান – মোকো লৈ যাওক” –লেচাই পোতাশালৰ এন্ধাৰখিনিৰ মাজত সেই লাইকোঁৱৰে মুখত সোপা দি ধৰা সৰু ল’ৰাটোৰ সতে একাত্ম হৈ গ’ল৷

       তিনিদিনৰ পিছত পোতাশালৰ দুৱাৰ খোল খালে৷ চন্তৰী এজনে লেচাইক সসন্মানে বাহিৰলৈ আহিবলৈ নিৰ্দেশ দিলে৷ যিমানেই যি নহওক, লেচাই স্বৰ্গদেউৰ ভাতৃ৷ ৰাজনীতিৰ মেৰপেচত যদি কাইলৈ এইজনাই ৰাজপাটত বহে তেনে সিহঁতৰ দৰে সৰু মানুহবোৰলৈকে কাল !

       ‘‘চন্তৰী’’ – লেচায়ে বাহিৰলৈ আহি এঙামূৰি দি মাত লগালে৷ নিজৰ সি কন্ঠ শুনি নিজে চক খালে৷ ইমান শুকান আৰু দূৰ্বল ! গত তিনিদিনতে তাৰ কন্ঠস্বৰত ভাগি পৰিছে৷

       “সৰু কোঁৱৰ !” – চন্তৰীটোৱে মূৰ দোৱাই আদেশৰ বাবে অপেক্ষা কৰিলে৷

       “গা ধুব লাগিছিল ! নিজকে ঘিণ লগা হৈছে৷ ব্যৱস্থা কৰিব পৰা যাব নেকি ?” – শুকান ভগা ভগা মাতেৰে লেচায়ে চন্তৰীৰ ফালে চালে৷ চন্তৰীয়ে লগৰজনৰ চকুলৈ চাই কিবা ইংগিত দিলে৷ লগে লগে ইজন চন্তৰী তাৰ পৰা আঁ‌তৰ হ’ল৷

      অলপ সময়ৰ পিছতেই লেচাইৰ গা ধোৱাৰ ব্যৱস্থা হৈ গ’ল৷ গা ধুই লেচাইয়ে নতুন কাপোৰ পিন্ধিলে৷ মূৰত ফাচু মাৰিলে৷ চৰাইদেউৰ ফালে মূৰ কৰি হাত দুখন ওপৰলৈ যোৰ কৰি মৃতকক উদ্দেশ্যি সেৱা জনালে৷

      লেচাইৰ বাবে আচুতীয়া চাংমাই শালত খোৱা-বোৱাৰ ব্যৱস্থা কৰা হৈছিল৷ চন্তৰীয়ে সৰুকোঁৱৰক তালৈ লৈ গ’ল৷ লেচাইক দুৱাৰলৈকে আগবঢ়াই দি চন্তৰী দুজন আঁ‌তৰি আহিল৷ দুৱৰীয়ে বাট এৰি দিয়াত সি লাহে লাহে ভিতৰলৈ সোমাই গ’ল৷ স্বৰ্গদেউ চুখ্ৰংফাই চৰাঘৰত পায়চাৰি কৰি আছিল৷ তাক দেখা মাত্ৰকে তেওঁৰ মুখৰ ভাব সলনি হ’ল৷ লেচাই তভক মাৰি স্বৰ্গদেউৰ মুখলৈ চাই ৰ’ল৷ নিদ্ৰাবিহীন তিনি ৰাতিৰ ধুমুহা তেওঁ‌ৰ দুচকুত স্পষ্ট ভাবে জিলিকি উঠিছে৷ স্বৰ্গদেউৰ আৱৰণ সলাই তাৰ সন্মুখত সেইয়া লাইকোঁৱৰ থিয় দি আছে৷ সি মূৰতল কৰি মাটিলৈ চালে৷ অপৰাধবোধে তাক খুলি খুলি খাইছে৷ বুকুৰ ভিতৰৰ পৰা এবোজা অভিমান এটা আহি ডিঙিত ৰৈ গ’ল৷ চকুৰে বৈ যাব খোজা নদীখন সি বাধা দিবলৈ যত্ন কৰিলে৷

 

       নগাপাহাৰৰ পশ্চিমত বেলি পাটত বহিছিল৷ দিনটো যাঠী চালনাৰ প্ৰশিক্ষণ পিছত লেচাই ভাগৰি পৰিছিল৷ সৰুকোঁৱৰ অলপতে ভাগৰি পৰে৷ লাইকোঁৱৰে লেচাইলৈ চালে৷ ডাঙৰ হৈ আহিছে মানে লেচাইৰ মুখৰ বিষণ্ণ ভাবটো লাহে লাহে কমি আহিছে৷

     “ব’ল নং-চাই, তোক মই আজি দাঙিয়েই নিওঁ‌” – লাইকোঁৱৰে লেচাইক ধৰি দাঙিবলৈ ল’লে৷ খিল-খিলকৈ হাঁ‌হি লেচাই আগে আগে দৌৰ মাৰিলে৷ ঘৰমূৱা পখী এজাক সিহঁতৰ মূৰৰ ওপৰেৰেই হুলস্থুল কৰি উৰি গ’ল৷

       ইতিমধ্যে ল’ৰাৰজা চুলিকফাৰ নামত লালুকসোলাই চলাই থকা অপশাসনৰ অন্ত পৰিছিল৷ লাঙি গদাপাণি গদাধৰ সিংহ হৈ শাসনত বহিছিল৷ শিঙৰী ঘৰত উঠি নাম লৈছিল চুতাপফা৷ ৰাজ্যলৈ লাহে লাহে শান্তি ঘূৰি আহিছিল৷ প্ৰজাই মুকলিকৈ উশাহ লৈছিল৷ লালুকসোলাই বিধস্ত কৰি যোৱা ৰাজ্যখন ঠান-ঠিত লগাই মাদুৰীত এনায়েক-পুথাৱেকৰ ঘৰত থকা লাই-লেচাইক এদিন স্বৰ্গদেৱে কাৰেঙলৈ আনিছিল৷ ৰাজ্যৰ কাম-কাজত ইফালে সিফালে যাওঁ‌তে দুয়োটাকে লগত লৈ ফুৰিছিল৷ ইমান সৰুতেই অতখিনি কষ্ট সহিব লগা হোৱা এই সৰু ল’ৰা দুটিলৈ তেওঁৰ পিতৃসুলভ আবেগ উঠলি উঠিছিল৷ লাইকোঁৱৰে প্ৰায়েই ৰাজ্যৰ বিভিন্ন সমস্যাত দেউতাকক যুক্তিৰে মতামত দি নিজৰ যোগ্যতাৰ প্ৰমাণ দিছিল৷ স্বৰ্গদেউ চুতাপফাই ৰাজ্যৰ ভৱিষ্যৎ দেখিছিল লাইকোঁৱৰৰ মাজত৷ কিন্তু সৰুকোঁৱৰ ? কি হ’ব তাৰ ? মহুং-দেওধাইৰ ওচৰত শিক্ষা লাহে লাহে সমাপ্ত হৈ আহিছিল যদিও তাৰ মনটো যেন ক’ৰবাত আৱদ্ধ হৈ ৰৈছিল৷ দিন যোৱাৰ লগে লগে মাত-কথা কমি গৈছিল লেচাইৰ৷ সকলো সময়তে তাক চকুৰ আগত ৰাখিবলৈ যত্ন কৰিছিল গদাধৰ সিংহই৷ বৰ হেবাং ধৰণৰ এই সৰুপুতেকক লৈ চিন্তা বাঢ়িছিল তেওঁৰ৷ সি সকলো মানুহকেই তাৰ দৰে সঁ‌চা কয় বুলি ভাবে৷ ক’তবাৰ বুজোৱা হ’ল – ক’তবাৰ বুৰঞ্জীৰ উদ্ধৃতি দি দেখুওৱা হ’ল, সকলো বিফল৷ কথাবোৰ বুজাই দিয়াৰ দুদিনমানলৈ সি নিজৰ গাৰ ছাঁ‌টোকো বিশ্বাস নকৰা হৈ পৰে আৰু লাহে লাহে সেই আগৰ দৰেই সকলোকে ভৰসা কৰিবলৈ ধৰে৷ কি ঠিক, কোনোবা এদিন এই অজলা সৰুকোঁৱৰক আগত লৈয়ে নিজৰ স্বাৰ্থপূৰণৰ বাবে কোনো বিষয়াই যদি কুটনীতি আৰম্ভ কৰে ! চুতাপফাই এইলৈয়ে প্ৰায়েই দুচিন্তাত ভোগে৷ এফালে সত্ৰৰ গোঁ‌হাই-মহন্তৰ মই-মতালি, আনফালে মিৰিসকলৰ উৎপাত, মাজতে সৰুপুত্ৰৰ অজলা স্বভাৱ৷ কোনফালে এৰিব, কোনফালে ধৰিব ! “নাই, এনেকৈ নহ’ব – সৰু কোঁৱৰক ভালকৈ প্ৰশিক্ষণ দিব লাগিব৷” – গদাধৰ সিংহই মনতে গুণা-গঁ‌ঠা কৰিলে৷

       পিছদিনাই তেওঁ তিনিওজন ডাঙৰীয়াৰ সতে এইবিষয়ে আলোচনাত বহিল৷

      “দুইকোঁৱৰক পৃথকে ৰখাটো যুগুত নহ’ব৷ কথাতে কয় নহয়, ‘চকুৰ আঁ‌তৰ হ’লে মনৰো আঁ‌তৰ হয়’৷ গতিকে স্বৰ্গদেউৱে কথাটো যেন ভাবি চায়৷” – বৰগোঁ‌হাই ডাঙৰীয়াই ক’লে৷ শেষত সিদ্ধান্ত হ’ল যে লাইকোঁৱৰকো লগত পঠাব৷ যাতে অদূৰ ভৱিষ্যতে দুইভাইৰ মাজত এই দূৰত্বৰ সুযোগত কোনেও শূল পুতিব নোৱাৰে৷ দুয়োটা সদায়ে এক হৈ থাকক, সিহঁতৰ মাজত আন্তৰিকতা বাঢ়ক৷

      কথামতেই কাম৷ পলাই থকা সময়ত গদাধৰ সিংহ নগা পাহাৰত আছিল৷ গতিকে নগাসকলৰ লগত এক আন্তৰিক সম্পৰ্ক স্থাপন হৈছিল৷ সেই সূত্ৰেই স্বৰ্গদেৱে সকলো ঠিক-ঠাক কৰি এমাহৰ ভিতৰতে দুই কোঁৱৰক নগাপাহাৰলৈ পঠাই দিলে৷ নগাসকলৰ মাজতেই স্বৰ্গদেউ গদাধৰ সিংহই দুই কোঁৱৰৰ যুদ্ধৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে৷

       তিনিবছৰে লাই-লেচাই নগাপাহাৰত আছিল গৈ৷ নগাপাহাৰৰ মন হৰি নিয়া সৌন্দৰ্যৰ মাজত লেচাইৰ মনটো লাহে লাহে পাহ পাহ কৈ খোল খাবলৈ ধৰিছিল৷ তাৰ অজলা আচাৰ-আচৰণ লাহে লাহে শেষ হৈছিল৷ সি মন খুলি হাঁ‌হিবলৈ লৈছিল৷

      চৰাঘৰৰ ভিতৰ সোমায়েই লেচাই ৰৈ গ’ল৷ পায়চাৰী বন্ধ কৰি লাইকোঁৱৰে লেচাইলৈ চালে৷ ৰাজদ্ৰোহৰ আৰোপত সি বৰ্তমান আৰোপী৷ অপৰাধ সাব্যস্ত হোৱা নাই এতিয়ালৈ৷ তিনিদিন পোতাশালত থাকি তাৰ গালৰ হনু ওলাই গৈছে৷ হাতে-ভৰিয়ে সকলোতে মহে কামোৰাৰ দাগ৷ অপৰাধবোধৰ যন্ত্ৰনা তাৰ চেহেৰাত স্পষ্ট৷ চকুলৈ আগৰ বিষণ্ণতা ঘূৰি আহিছে৷ নিজতকৈ পাঁ‌চবছৰ সৰু এই অজলা ভায়েকটোৱে কিদৰে বিদ্ৰোহ কৰিব পাৰে৷ তাকো সিংহাসনৰ বাবে !? লাইকোঁৱৰে কথাটো আকৌ ভাবি চালে৷

       তিনি ডাঙৰীয়াৰ পৰামৰ্শ মতে আজি লেচাইক আচুতীয়াকৈ সাক্ষাৎ কৰিবলৈ আহিছে ৰুদ্ৰসিংহই৷ মহাপ্ৰতাপী স্বৰ্গদেউৰ ৰূপেৰে নহয়, লেচাইৰ পী-চাই মান লাই হৈ৷

       লাইকোঁৱৰে তলমূৰ কৰি থিয়হৈ থকা লেচাইলৈ চালে৷ এটোপ-দুটোপকৈ মজিয়াত চকুলো সৰিছে৷ লাইকোঁৱৰত ভিতৰত ভায়েকৰ প্ৰতি লুকাই থকা মৰমবোৰ বাহিৰহৈ আহিব খুজিল৷ নিজকে সি চম্ভালি লৈ মাতদিলে – “নং-চাই !”

     লেচাইৰ ডিঙিত লাগি থকা অনুতাপবোৰ চেঁ‌পা উচুপনি এটা বাহিৰ হ’ল৷

     “ব’ল, আজি একেলগে খাওঁ‌৷” – লাইকোঁৱৰে লেচাইৰ বাহুত ধৰি চাংমাইশালৰ বৰপীৰাত বহিলগৈ৷ চাংমাই এজনে স-সন্মানে হাতীখোজীয়া বাতি এটাত এবাতি লুক-লাও আনিলে, শুকান মঙহৰ সতে৷ লোণ পানী চটিয়াই শুকোৱা পহুৰ মঙহ৷ অঙঠাত সেকি গৰম কৰি অনা হৈছে৷ তাত পকাতেল সানি জ্বলকীয়া, ধনীয়া আদি মছলা বটি দিয়া হৈছে৷

      লাইকোঁৱৰে হাত-চাপৰি বজালে৷ গা-চোৱা লিগিৰাটো সোমাই আহি স্বৰ্গদেউৰ আগত আঁ‌ঠু ল’লে আৰু খোৱা খিনি অকন অকনকৈ চেলেকি চালে৷ ঠিকেই আছে৷ কোনো বিষ মিহলি হৈ থকা নাই৷ খাব পাৰি৷

      লিগিৰাটো যোৱাৰ পিছত বাতিটো ডাঙি লাইয়ে লেচাইৰ মুখৰ আগত ধৰিলে৷ লেচাইয়ে মূৰ তুলি ককায়েকৰ চকুলৈ চালে৷ সৰুতে মাকে এৰি যোৱাৰ পিছত এই ককায়েকে ভাত খুৱাই সি নিদিলে ভাতে মুখতেই নিদিছিল৷ আৰু আজি এইজন ককায়েকৰ বিৰুদ্ধেই বিদ্ৰোহ কৰাৰ অপৰাধ কৰিলে সি, তাকো আনৰ কথা শুনি ! নিজকে শেষ কৰি দিয়াৰ তীব্ৰ ইচ্ছা হ’ল তাৰ৷ এই মূহুৰ্ততে যেন বিষ পান কৰি মুক্তি পাব অপৰাধবোধৰ পৰা৷ চকুৰে যন্ত্ৰনাবোৰ তপত ধাৰা হৈ বৈ আহিল৷ বাতিটো থৈ লাইকোঁৱৰে তাৰ চকুপানী মচি দিলে৷

     বিবিধ ব্যঞ্জনেৰে লাই-লেচাইৰ খোৱা-বোৱা হ’ল৷ লাইয়ে মাজে মাজে তালৈ চাই থাকিল৷ কোনেও একো কথা কোৱা নাই৷ খোৱাৰ শেষত তামুলীয়ে তামোল-চালি যোগান ধৰিলে৷ লেচাইৰ তল মূৰ ওপৰ হোৱা নাই৷

     ‘‘বল নং চাই, বাগিচাত বহোঁ‌গৈ৷ কেইবাবছৰেই হ’লহি, তোৰ সতে অকলে বাগিচাত বহা নাই৷” স্বৰ্গদেউ ওলাই অহা দেখি দোলাভাৰীয়ে দোলা পাতিবলৈ লৈছিল৷ ৰুদ্ৰসিংহই হাত তুলি বাধা দিলে, “খোজেৰেই যাব আজি৷” লেচাইয়ে মূৰ তল কৰি ককায়েকৰ সতে খোজ দিলে৷

     “তোৰ মনত আছেনে নং চাই, আমি এনাইদেউহঁ‌তত ঘৰত থাকোঁ‌তে এবাৰ যে মনে মনে দিখৌত সাঁ‌তুৰিবলৈ গৈছিলো৷ লগত নিছাদেউহঁ‌তৰ পী-চাই চাৰিটাও আছিল৷ তই তেনেকৈ পলাই আহিবলৈ ভয় কৰিছিলি আৰু আমি তোক এৰি আহিবও নোৱাৰিছিলো, নিছাদেউহঁ‌তক কৈ দিবি বুলি৷ তোক লগত আনিবলৈ আমি কমখন যুঁ‌জ বাগৰ কৰিব লাগিছিল নে ! শেষত যেনিবা কোনোমতে ফুচুলাই আনি আধাবাটমান পাইছিলোগৈ হে কোনোবাই যে চিঞৰিছিল – ‘সেইকেইজন বৰগোঁ‌হাই দেউতাৰ নাতি নহয়নে, এই ভৰদূপৰীয়া অকলে অকলে ক’লৈ যায় হঁ‌য়নে ?’ আমি প্ৰাণে-পনে দৌৰিছিলো নদীৰ ফালে৷ আৰু তই ভয়তে কান্দি দিছিলি৷”

       “আৰু সেই চিঞৰা মানুহজন আছিল পুথাদেউৰ ঘোঁ‌ৰাচোৱা৷” – লেচাইয়ে তল মূৰ কৰিয়েই ক’লে৷

       “অঁ‌ অঁ – মই পাহৰিছিলোৱেই কোন আছিল৷” – লাইৰ মাতটো স্ফূৰ্তিত ডাঙৰ হৈ ওলাইছিল৷ নিৰ্দিষ্ট দূৰে দূৰে আহি থকা সৈন্যবোৰ সষ্টম হৈ উঠিল৷ লাইয়ে ঘূৰি চাই ইংগিত দিলে, ‘একো হোৱা নাই৷’

      “তাৰপিছত তোক মানুহজনে মাজু নিছাদেউৰ ওচৰলৈ লৈ গ’ল৷ তোৰ পৰা সকলো গম লৈ আমাক বাটৰ পৰা ধৰি নিলেহি৷ আমি দিখৌৰ গৰা পাইছিলোগৈহে মাত্ৰ৷ নিছাদেউৱে খঙ কৰি আমাক পানীত নামিবলৈকে নিদিলে৷” – লেচাইয়ে এইবাৰ মূৰ তুলি ককায়েকলৈ চালে৷ তাৰ বুকুৰ একেবাৰে কাষত থকা, সকলোতকৈ আপোন মানুহজনলৈ৷ মাক-দেউতাকে এৰি যোৱাৰ পিছত যিজনে তাক কেতিয়াও মৰমৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই৷

      “পী-চাই” – লেচায়ে লাহেকৈ মাত দিলে৷ লাইকোঁৱৰে অতীতত বাহুবন্ধৰ পৰা ওলাই আহি ভায়েকলৈ চালে৷

      “তই মোক কিয় মৰোৱাব খুজিছ ?” – লেচাইয়ে থোকা-থুকি মাতেৰে ক’লে৷

      “মৰোৱাব !” – লাইকোঁৱৰ চমকি উঠিল, “মই তোক মৰোৱাব খুজিলো, কি কথা কৈছ ? তইহে মোক আঁ‌তৰাবলৈ ষড়যন্ত্ৰ কৰিলি !” লাইকোঁৱৰ যেন স্বৰ্গদেউ ৰুদ্ৰসিংহ হৈ উঠিল৷ লেচাই খোজ কাঢ়িবলৈ এৰি ৰৈ গ’ল৷ নিজকে সংযম কৰি লাইয়ে মাতটো যিমান পাৰি কোমল কৰি ক’লে, “কথাবোৰ মই বুজা নাই নং-চাই৷”

       ইতিমধ্যে সিহঁত বাগিছা পাইছিলহি৷ ব’হাগলৈ বেছিদিন নাই৷ চাৰিওফালে বসন্তৰ মন উতলা বা৷ বতাহত কপৌ-কেতেকী ফুলৰ গোন্ধ বিয়পিছে৷ বাগিছাৰ প্ৰায় সকলোবোৰ ফুলেই ফুলি উঠিছে৷ লেচাইয়ে দীঘলকৈ উশাহ এটা ল’লে৷ পুথাদেউৱেকৰ ঘৰতো এখন ফুলনি আছিল৷ সি ফুলনিতে সোমাই থাকি ফুলে ফুলে উৰি ফুৰা পখিলাবোৰৰ সতে কথা পাতি থাকিছিল৷ ফুলনিৰ এচুকত থকা বকুলজোপাৰত তলত বহি অকলে খেলিবলৈ ভাল পাইছিল যদিও লাইয়ে তাক কেতিয়াও অকলে থাকিবলৈ নিদিছিল৷

        ইয়াতো এজোপা বকুল আছে৷ দুৱৰিবনত সৰা বকুলবোৰ সিঁ‌চৰিত হৈ আছে৷ লেচাই বকুল তললৈ আগবাঢ়িল৷ লাইকোঁৱৰে ক্ষন্তেক ৰৈ পিছলৈ চালে সৈন্য এটাক মাতিলে৷ তৎমূহুৰ্ততে চালপীৰা এখন আনি বকুলতলত পাৰি দিয়াৰ আদেশ দি সিও বকুলতললৈ আগবাঢ়িল৷

চালপীৰাত দুয়োটাই বহুসময় নীৰৱে বহি ৰ’ল৷ “মই কেতেকী” বুলি মাজতে বকুলজোপাৰ পৰা কেতেকী এজনী উৰি গ’ল৷ ওচৰৰ গাঁ‌ৱত কোনোবা ঢুলীয়াই ঢোলত চাপৰ দিছে৷

“নং চাই” – অসহ্যকৰ নীৰৱতা ভংগ কৰি লাইয়ে মাত দিলে, “কোনে ক’লে মই তোক মৰোৱাব বিচৰা বুলি ? প’ খাউৱে যোৱাৰ আগতে কি কৈছিল মনত নাই নে তোৰ ?”

নীৰৱে শুনিছে লেচাইয়ে৷ তাৰ সকলো মনত আছে৷ কিন্তু কোনখিনিত ভুল হৈ গ’ল সেইটো মনত পৰা নাই কেৱল !

নগাচাঙৰ পৰা অহাৰ পিছত দুইকোঁৱৰৰ ৰাজ্য ভ্ৰমণৰ ব্যৱস্থা কৰিছিল স্বৰ্গদেউৱে৷ প্ৰজাৰ মাজত থাকি তেওঁলোকৰ দুখ-কষ্টৰ বুজ ল’বলৈ পঠাইছিল৷ কলিয়াবৰ পাওঁ‌তেই খবৰ আহিল স্বৰ্গদেউৰ গা বেয়া, ভ্ৰমণ সামৰি তেওঁলোক কাৰেঙলৈ উভতিব লাগে৷ দুইকোঁৱৰে হাতী এৰি ঘোঁৰাত উঠি লগে লগে উভতনি বাট ল’লে৷

কাৰেং আহি পাওঁ‌তে বেলিয়ে পাটত বহাৰ যো-জা কৰিছিল৷ দুয়ো কোঁৱৰে ভাগৰ পাহৰি গা-পা ধুই স্বৰ্গদেউৰ কোঠালৈ গ’ল৷ লাই কোঁৱৰে ৰাজবৈদ্দ্যলৈ চালে৷ ৰাজবৈদ্দ্যই কোঁৱৰক একাষৰীয়াকৈ মাতি নি ক’লে, “কোঁৱৰ দেউতা, স্বৰ্গদেউৰ এই অসুখ পুৰণি৷ এতিয়া শেষ পৰ্যায়ত উপস্থিত হ’লহি৷ ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় আমাৰ হাতত নাই৷ আমি বহু দিনৰ পৰা চেষ্টা কৰিও ৰোগ নিৰ্মূল কৰিব নোৱাৰিলো৷ স্বৰ্গদেউৰ আদেশতেই আপোনাসবক ইয়াৰ ভূ দিয়া হোৱা নাছিল৷ যন্ত্ৰণা কমোৱাৰ লেপ দি থকা হৈছে৷ কিন্তু… !”

কিন্তু মানে কি লাইৰ বুজিবলৈ বাকী নাছিল৷ কোঁৱৰহঁ‌তে কাৰেং এৰি যোৱাৰ পিছত এই এমাহতে স্বৰ্গদেউৰ ভীমাকায় শৰীৰটো শুকাই হাঁ‌ড়ে চালে লগাৰ দৰে হ’ল৷ ডিঙিত এটা প্ৰকাণ্ড গাঁ‌ৰ৷ লৰচৰ কৰিব নোৱাৰা অৱস্থা৷ অলপ আগত ৰাজবৈদ্দ্যই লেপ লগাই গৈছে৷ কোঠাটোত দুই ৰাজকোঁৱৰ আৰু স্বৰ্গদেউক এৰি সকলো বাহিৰলৈ ওলাই গ’ল৷

দেউতাকৰ দুকাষে দুই পুত্ৰ বহি আছে৷ লেচাইৰ চকুৰ পৰা তপত পানী ধাৰ দুটা বৈ আহিল৷ স্বৰ্গদেউৱে হাত দুখনেৰে দুইকোঁৱৰৰ হাত দুখন খামুচি ধৰিলে৷ লাইয়ে পৰিস্থিতিৰ গম্ভীৰতা বুজি পাইছিল৷ সি মজিয়াতে বহি পৰিল৷ কোনোমতে কন্ঠলৈ প্ৰাণ আনি গদাধৰ সিংহই সেহাই সেহাই ক’লে, “লাইপম ! বৰকোঁৱৰ, লেচাই মোৰ তেনেই কুমলীয়া৷ সি একোকে নুবুজে৷ তই তাৰ হাতখন কেতিয়াও নেৰিবি৷ সি ভুল কৰিলেও শুধৰাই ল’বি৷ লেচাই, তই আনৰ কথা কেতিয়াও নুশুনিবি৷ ককায়েৰৰ বাদে আন কাকো বিশ্বাস নকৰিবি৷ এই পৃথিৱীত পদে পদে বিপদ ৰৈ আছে তোৰ বাবে৷ ককায়েৰৰ হাতখন ধৰিয়েই খোজ দিবি৷ জয়া মোৰ প্ৰিয়তমা – একোৱেই কৰিব নোৱাৰিলো মই জয়মতীৰ বাবে৷ ভাবিছিলো ৰাজ্যখন সুৰক্ষিত কৰি লৈ জয়াৰ স্মৃতি জীয়াই তুলিম৷ কোঁ‌চবিহাৰৰ সুনিপুন খনিকৰ ঘনশ্যামলৈ কটকীও পঠোৱা হৈছিল৷ মোৰ দ্বাৰা নহ’লহৈ লাইপম৷ তহঁ‌তৰ মে-মানক তয়েই সন্মান জনাবি৷ পথালি ফোঁ‌টাক কেতিয়াও ভৰসা নকৰিবি...৷”

লাহে লাহে স্বৰ্গদেউৰ নিমাত হৈ আহিল৷ লাইকোঁৱৰে ৰাজবৈদ্দ্যক চিঞৰিলে৷ তিনি ডাঙৰীয়া সহিতে ৰাজবৈদ্দ্য সোমাই আহিল৷ ডাঙৰীয়াসকললৈ চাই স্বৰ্গদেউৱে বৰ কষ্টেৰে চকু মেলিলে৷ স্বৰ্গদেউক সেৱা জনাই আশাৰে তিনিও স্বৰ্গদেউলৈ চালে৷ গদাধৰ সিংহই লাইৰ ফালে মূৰ কৰি চকু মুদিলে৷

গদাধৰ সিংহৰ মৃত্যুৰ এমাহৰ পিছত আহোম ৰাজ্যৰ ৰাজপাটত বহিল লাইকোঁৱৰ৷ তেতিয়া ফাগুন মাহ৷ চৌদিশে মন উৰুৱাই নিয়া পচোৱা বলিছে৷ যেনিয়েই চোৱা যায় তেনেই ৰঙা আৰু কেৱল ৰঙা৷ শিমলু-পলাশৰ সৰা পাপৰিৰে বাট-পথ ৰঙীন৷ এই ৰঙা বতাহজাকতেই লেচাই অকলশৰীয়া হৈ পৰিল৷ পছোৱাজাকে যেন লাইৰ হাতখন লেচাইৰ পৰা আঁ‌তৰাই নিলে৷

শাসন ভাৰ নিজৰ হাতত লোৱাৰ পিছত ভীষন ভাবে ব্যস্তহৈ পৰিল স্বৰ্গদেউ ৰুদ্ৰসিংহ৷ মাজতে এবাৰ চাৰিঙৰ ৰজাই ষড়যন্ত্ৰ কৰিছিল সিংহাসনৰ বাবে৷ চাৰিঙৰ ৰজাক ভিতৰুৱা খবৰ যোগাইছিল চূঙীৰ বৰুৱাই৷ সেইবাৰ স্বৰ্গদেউৱে চৰাইদেওৰ পৰা নগৰলৈ উভতি আহিছিল৷ সৈন্য-সামন্ত লৈ চাৰিঙ ৰজাই টিংখাঙত খাপ দি থকাৰ বাতৰি চোৰাংচোৱাৰ পৰা আগতীয়াকৈ পাই স্বৰ্গদেউৱে দুয়োটাকে ধৰাই আনিলে৷ ৰাজসভাত বিচাৰ হ’ল৷ কেঁ‌চু খান্দোতে সাপ ওলোৱাৰ দৰে আন বহুকেইজন বিচাৰত পৰিল৷ বিষয়ববীয়াৰ সতে আলচি স্বৰ্গদেউৱে সকলোৱে প্ৰাণদণ্ড বিহিলে আৰু পৰ্ব্বতীয়া ফুকনৰ ঘৰ-পৰিয়াল সমস্তকে নি নামৰূপত থাপিলেগৈ৷ নামৰূপৰ দৰে দূৰ্গম ঠাইত থাকিবলৈ দিয়া মানে এক ভয়ংকৰ শাস্তি আছিল৷

বিদ্ৰোহৰ আঁ‌ত-গুৰি উভালি ৰুদ্ৰসিংহই কোঁ‌চবিহাৰলৈ কটকী পঠাই ঘনশ্যাম খনিকৰলৈ খবৰ দিলে৷ মাক জয়মতীৰ খ্যাতি ৰখাৰ হেতু জয়দৌল বনোৱা হ’ব৷ তাৰ আগেয়ে তাত এটা পুখুৰী খন্দা হ’ব৷ মাকৰ স্মৃতিত খন্দোৱা এই পুখুৰীত নানা ৰঙী পদূম ফুলিব৷

খবৰবোৰে লেচাইক সুখী কৰিছিল যদিও লাহে লাহে সি পুনৰ সংকোচিত হৈ গৈ আছিল৷ ৰাজকাৰ্য্যৰ পৰা আহৰি নোপোৱা ককায়েকৰ সতে বকুল তলত বহিবলৈ তাৰ প্ৰায়েই মন গৈছিল৷ লাই তাৰ বাবে ককায়েকতকৈ বেছি অন্তৰংগ বন্ধু আছিল৷ নিসংগতাই তাক ক্ৰমশঃ চেপি আনিবলৈ ধৰিছিল৷

এদিন ভিতৰুৱা ফুকনে লেচাইক বাগিছাত অকলে দেখা পাই আহি মাত লগালে, “কোঁৱৰ দেউতা, কুশলে আছেনে  ?”

সেইয়াই আৰম্ভণি৷ ভিতৰুৱা ফুকনৰ সতে লাহে লাহে তাৰ বন্ধুত্বতা বাঢ়ি গ’ল৷ হয়তো লাইৰ সতে আহি লৰা দূৰত্বতাৰ বাবেই  লেচাই সহজে ভিতৰুৱা ফুকনৰ সতে মিলি গ’ল৷ ভিতৰুৱা ফুকন প্ৰায়েই আহিবলৈ ল’লে বাগিচালৈ৷

“কোঁৱৰ দেউতা, বেয়া নাপায় যদি কথা এটা কওঁ‌ ?” – এদিন ঘোঁ‌ৰাৰে একেলগে নগৰ ফুৰিবলৈ যোৱা লেচাইক ভিতৰুৱা ফুকনে সুধিলে৷

“কোৱা, ইয়াত কিনো বেয়া পোৱাৰ কথা আছে !” – লেচায়ে সহজভাবে ধেমেলীয়া সুৰত ক’লে৷

“আপুনি আজ্ঞা দিছে যেতিয়া কৈছো, দায় হ’লে ক্ষেমিব৷” – লেচায়ে ভ্ৰু কোঁ‌চাই ভিতৰুৱাল ফুকনলৈ চালে৷  “মানে__ মোৰ কিন্তু আপোনাৰ বাবে  চিন্তাহে হৈছে৷ অহুকাণে-পহুকাণে কথা কিছু শুনিছো৷” – কথা কেইটা কৈয়ে ফুকনে ভয়ে ভয়ে লেচাইলৈ চালে৷

লেকামডাল টানি লেচাই ৰৈ গ’ল৷ লেচাই ৰোৱা দেখি ফুকনেও ঘোঁ‌ৰাটো ঘূৰাই ল’লে, “কোঁৱৰ দেউতা__!”

“কি ক’ব খুজিছা স্পষ্টকৈ নোকোৱা কিয় ?” – লেচাইয়ে সন্দেহজনক দৃষ্টিৰে ফুকনলৈ চালে৷ দেউতাকে শেষ সময়ত কৈ যোৱা শব্দ কেইটাই তাৰ মনত খুন্দিয়াবলৈ ধৰিলে – “...এই পৃথিৱীত পদে পদে বিপদ ৰৈ আছে তোৰ বাবে৷...” কিন্তু ককায়েকৰ বাদে কাকো বিশ্বাস নকৰিবলৈ কৈছিল দেউতাকে৷ কি কৰিব এতিয়া সি !

“কোঁৱৰ দেউতা, আজিলৈ বিদায় হে৷ পিছে পৰে কথা হম আপোনাৰ সতে” – দোধোৰ-মোধোৰ অৱস্থা দেখি ভিতৰুৱাল ফুকনে সৰুকোঁৱৰৰ আজ্ঞালৈ বাট নাচাই ঘোঁ‌ৰা চেঁ‌কুৰাই আঁ‌তৰ হ’ল৷

লেচাইৰ মনত ঘূৰি থাকিল ভিতৰুৱা ফুকনৰ কথা৷ আচলতে কি ক’ব বিচাৰিছিল বাৰু ভিতৰুৱা ফুকনে ? কি কথা শুনিছে ফুকনে ? এনেকুৱা অৱস্থাত লাইকোঁৱৰেহে লেচাইক বাট দেখুওৱাব পাৰে৷

স্বৰ্গদেউ যোৱা মাহজুৰি ধৰি কাৰেঙত নাই৷ হিন্দু ধৰ্মৰ প্ৰতি হঠাতে বেছি আসক্ত হৈ পৰা ৰুদ্ৰসিংহই বিভিন্ন দেৱ দেৱীৰ মূৰ্তি বনোওৱা, ব্ৰাহ্মণ-পূজাৰী অনোওৱা, দৌল বনোওৱা আদি সকলো কাম নিজে তদাৰক কৰিছে৷ ঘনশ্যাম খনিকৰক আনিবলৈ বুলি স্বৰ্গদেউ নিজেই নাওলৈ ভটিয়াই গৈছে৷ স্বৰ্গদেউ গদাধৰ সিংহই ৰাজ্যখনত শান্তি স্থাপন কৰি যোৱাৰে পৰা ৰাজ কাৰ্য্যত তেনে কোনো বিশেয সমস্যাৰ সৃষ্টি হোৱা নাই৷ মাজতে চাৰিঙৰ ৰজাই বিদ্ৰোহ কৰিব খুজিছিল৷ কিন্তু স্বৰ্গদেউৰ বিশ্বস্ত গুপ্তচৰে চাৰিওফালে তীক্ষ্ণ দৃষ্টি ৰখাত বিদ্ৰোহ কলিতে মৰহিল৷

এসপ্তাহমানলৈকে ভিতৰুৱাল ফুকনৰ কোনো দেখা দেখি নোহোৱাত লেচাই চিন্তাত পৰিল৷ সৰুকোঁৱৰে উৰহীৰ ওৰ বিচাৰি ঘোঁ‌ৰাচোৱা লোচন বৰাৰ সতে ভিতৰুৱাল ফুকনৰ ঘৰ পালেগৈ৷ ফুকন ঘৰত নাছিল৷ ফুকননীয়ে আথে-বেথে জনালে যে ফুকন চেখাম হাজৰিকাৰ সতে নামৰূপলৈ গ’ল৷

উভতনিৰ পথত ঘোঁ‌ৰাচোৱা বৰাই ক’লে, “কোঁৱৰ দেউতা৷ আপুনি নামৰূপলৈ নিজে গৈ চাই অহাই ভাল হ’ব৷ মই খবৰ পাইছো নাওবৈচা ফুকন আৰু ডেকাফুকনো নামৰূপৰ ফালে গৈছে হেনো৷”

লেচাইয়ে এবাৰ ভাবিলে৷ কথাটো বুঢ়াগোঁ‌হাইৰ লগত আলোচনা কৰিলে কেনে হয় ? নামৰূপৰ দৰে ঠাইলৈ গৈছে মানে নিশ্চয় কিবা গুৰুতৰ কথাই হ’ব৷ কিন্তু তেওঁলোকটো ৰাজ্যৰ কামতো যাব পাৰে ! স্বৰ্গদেউৰ অনুপস্থিতিত ৰাজ্যখন ডাঙৰীয়া কেইজনৰ দায়িত্বতেই আছে৷ তেওঁলোকেই পঠাইছে যদি ! এনেয়েও নামৰূপৰ ফালে সৰু সুৰা ঘটনা ঘটিয়েই থাকে৷ এই বোলে মিৰিৰ আক্ৰমণ, এই নগাৰ আক্ৰমণ৷

লেচাইৰ নামৰূপলৈ যোৱা নহ’ল৷  দুদিনমান পিছতে ঘনশ্যাম খনিকৰক লৈ স্বৰ্গদেউ ৰাজধানী পালেহি৷ প্ৰথমে পুখুৰী খন্দাৰ কাম আৰম্ভ হ’ল৷ পুখুৰীৰ মাটিৰে ঘনশ্যামৰ তত্ত্বাৱধানত বিশেষ পদ্ধতিৰে ইটা বনোৱা হ’ল৷ লেচাই ঘনশ্যামৰ লগতে দৌল নিৰ্মানৰ কামত ব্যস্ত হৈ গ’ল৷ লেচাইৰ সংগী হ’ল ঘোঁ‌ৰাচোৱা বৰা৷

লাহে লাহে দৌল সম্পূৰ্ণ হৈ উঠিল৷ মহাযজ্ঞৰ আয়োজনেৰে ৰুদ্ৰসিংহই মাক জয়াৰ নামত দৌল উৎসৰ্গা কৰিলে৷ কেইবাদিনলৈকে ব্ৰাহ্মণ-পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ ধ্বনিৰে মুখৰিত হৈ থাকিল ৰংপুৰ নগৰখন৷ ঘনশ্যামৰ কামত প্ৰসন্ন হৈ স্বৰ্গদেউৱে ভাৰ-ভেঁ‌টিৰে বিদায় দিয়াৰ দিনচেৰেকৰ পিছতেই মেচাগৰীয়া দামোদৰ ফুকনে খবৰ আনিলে যে তিনি ফুকনৰ আজি কালি পৰ্ব্বতীয়া ফুকনৰ ঘৰৰ সতে আহ-যাহ বেছি চলিছে৷ স্বৰ্গদেউৱে চোৰাংচোৱাৰ হতুৱাই কথাৰ আঁ‌তি-গুৰি ল’ব লাগে৷

“পৰ্ব্বতীয়া ফুকন ?”

“হয় স্বৰ্গদেউ, নামৰূপলৈ নিৰ্ব্বাসন দিয়া পৰ্ব্বতীয়া ফুকন৷”

আকৌ ষড়যন্ত্ৰ ! ৰুদ্ৰসিংহই তৎক্ষণাৎ তিনি ডাঙৰীয়াৰ সতে গোপন বৈঠকৰ আয়োজন কৰিলে৷ দামোদৰ ফুকনৰ পৰা কথা গম লৈ ডাঙৰীয়াসবে বিশেষ চোৰাংচোৱা নিয়োগৰ ব্যস্থা কৰিলে৷ স্বৰ্গদেউৱে সৰুকোঁৱৰক লগ পাব খুজিলে৷ নাই, যোৱা কেইবাদিনো ধৰি লেচাই নগৰতেই নাই !

ৰাতিটোৰ ভিতৰতে চোৰাংচোৱা ঘূৰি আহিল৷ তিনি ফুকনে পৰ্ব্বতীয়া ফুকনেৰে মিলি ষড়যন্ত্ৰ ৰচিছে৷ চেখাম হাজৰিকা আৰু লোচন বৰাৰ সতে সৰুকোঁৱৰে ফুকনহঁ‌তৰ লগ লাগি স্বৰ্গদেউৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভিছে৷ তেওঁলোকৰ লগত মিৰিসকলকো আছে৷ লগতে চাৰিঙৰ ৰজা প্ৰজা সকলোতো আছেই !

“অসম্ভৱ !” – ৰুদ্ৰসিংহই চিঞৰি উঠিল, “সৰুকোঁৱৰে বিদ্ৰোহ কৰিব খুজিছে, তাকো মোৰ বিৰুদ্ধে ! সকলোকে বন্দী কৰি কাইলৈ পুৱা ৰাজসভাত হাজিৰ কৰিব লাগে৷”

স্বৰ্গদেউৱে বন্দীসকলৰ ভিতৰত সৰুকোঁৱৰৰ বাদে বাকী সকলক লগে লগে কাৰাগাৰলৈ প্ৰেৰণ কৰিলে৷ ৰাজসভাত হাজিৰ কৰোৱা হ’ল লেচাইক৷

“সৰুকোঁৱৰ” – বজ্ৰকন্ঠেৰে স্বৰ্গদেউ মুখামুখি হৈছে লেচাইৰ, “কথাটো সঁ‌চানে ? তই ৰাজ্য বিচাৰি বিদ্ৰোহ কৰিছ মোৰ বিৰুদ্ধে ?”

লেচাইয়ে বিস্ময়েৰে চাই আছে খঙত কঁ‌পি থকা স্বৰ্গদেউলৈ চাই৷ বিদ্ৰোহ ! তাকো লাইকোঁৱৰৰ বিৰুদ্ধে ! যিজনে তাক সকলোসময়তে মাক-দেউতাক, ভাই-বন্ধু হৈ আৱৰি ৰাখিছিল ইমান দিনে, সেই পী চাই মান লাইৰ বিৰুদ্ধে ! যাৰ হাতেৰে ভাত নাখালে পেট নভৰিছিল সেই সহোদৰৰ বিৰুদ্ধে ! ৰাজনীতিৰ মেৰপেচত এইয়া নতুন কথা নহয়, কিন্তু যি গৰাকী নাৰীৰ গৰ্ভত জন্ম হৈছে সেই মহাসতী জয়মতীৰ পুত্ৰ হৈ আপোনতকৈ আপোনজনৰ বিৰুদ্ধে কিদৰে যাব পাৰিলে সি !

“সৰুকোঁৱৰ, নিমাত কিয় ?” – গৰজি উঠিল চাওফা চুখ্ৰংফা– স্বৰ্গদেউ ৰুদ্ৰসিংহ৷ এখন হাতেৰে হেংদানখন বৰ টানকৈ খামুচি ধৰিছে তেওঁ৷ ৰাজসিংহাসন নহৈ যেন কুটকুৰা কাঁ‌ইটৰ ওপৰত হে বহি আছে, ঠিক তেনেকৈ চটফটাই উঠিছে ৰুদ্ৰসিংহ৷ সৰু সৰু চকুযুৰিত ভীৰ কৰিছেহি কেইটোপাল মান উতপ্ত লাভাই৷ বৰ কষ্টেৰে নিজক সংযত কৰিবলৈ গৈ অস্থিৰ হৈ পৰিছে চুখ্ৰংফা৷ শিমলুফুলৰ দৰে জিলিকি উঠিছে দুই নয়ন – ক্ৰোধত নে বিষাদত লেচায়ে এই মুহূৰ্তত ঠিৰাং কৰিব নোৱাৰিলে৷

লেচাইৰ মন মগজু শূন্য হৈ পৰিল৷ চকুৰে কেৱল চাই ৰ’ল স্বৰ্গদেউৰ ফালে৷ লাই ৰাজ্যৰ কামত ব্যস্ত হৈ থকা সময়তেই ফুকন, বৰা আৰু হাজৰিকাৰ দৰে কেতবোৰৰ সতে বন্ধুত্ব গঢ়ি উঠিছিল লেচাইৰ৷ এদিন ভিতৰুৱা ফুকনে লেচাইক কৈছিল, “স্বৰ্গদেউৱে কোঁৱৰ দেউতাক মৰোৱাই পথৰ কাঁ‌ইট আঁ‌তৰাব বিচৰা বুলি খবৰ পোৱা গৈছে৷ কোঁৱৰ দেউতা যেন সাৱধানে থাকে !”

“এই অসম্ভৱ ! এনে কথা ক’বলৈ সাহস ক’ত পালে আপুনি ?” – শান্ত লেচাই ক্ৰোধত তগবগাই উঠিছিল৷

“ক্ষমাহে কোঁৱৰ দেউতা, কিন্তু বুৰঞ্জী লুটিয়ালেই আপুনি দেখিব সিংহাসনৰ বাবে পুত্ৰই পিতৃৰ হত্যা কৰাটোও সাধাৰণ ঘটনা৷ আমি আপোনাৰ মিত্ৰ, আপোনাৰ ভালেই আমাৰ ভাল৷ মোৰ কথা বিশ্বাস হোৱা নাই যদি বৰাকে সুধিব পাৰে৷ সি মহলৰ ভিতৰুৱা কথা জানে৷”

       

বেলি আহি বকুলজোপাৰ মূৰত উঠিল৷ ৰুদ্ৰসিংহই চাপৰি বজাই লেচাইক ঘোঁ‌ৰাত উঠাই ৰাজসভালৈ নিবলৈ চন্তৰীক আদেশ দিলে৷ কাৰাগাৰৰ পৰা আন বন্দীবোৰকো বিচাৰৰ বাবে হাজিৰ কৰাবলৈ নিৰ্দেশ দিয়া হ’ল৷ চোৰাংচোৱাকেইজনকো মতোৱাই অনা হ’ল৷

       ন্যায়সোধা ফুকনে তিনি ডাঙৰীয়াৰ সতে আলোচনা কৰি ৰাজসভাত বিচাৰ আগবঢ়ালে৷ সৰুকোঁৱৰক নগৰৰ পৰা আঁ‌তৰাই নি ৰাজদ্ৰোহত চামিল কৰোৱাৰ বাবে বৰা, হাজৰিকা, পৰ্ব্বতীয়া ফুকনক মৃত্যুদণ্ড দিয়া হ’ল৷ তিনিফুকনক চক্ৰান্ত ৰচনাৰ বাবে চকু কাঢ়ি, জিভা কাটি পদচ্যুত কৰি মাটি-বাৰী বাজেয়াপ্ত কৰা হ’ল৷ ডাঙৰীয়া কেইজনৰ পৰামৰ্শ মতেই নামৰূপৰ স্পৰ্শকাতৰ অঞ্চলসমূহ চোৱা-চিতা কৰিবলৈ সৰু কোঁৱৰ লেচাইক দায়িত্ব দিয়া হ’ল৷ দামোদৰ ফুকনক লেচাইৰ সুৰক্ষাৰ দায়িত্ব অৰ্পন কৰি বিচাৰ সামৰা হ’ল৷

ফাগুনমাহৰ পূৰ্ণিমা ৰাতি, জোনাকৰ বৰষুণে ৰাজমহল বুৰাই পেলাইছে৷ পহৰাদাৰী সৈন্যবোৰৰ খোজৰ শব্দ আৰু ৰিব ৰিব কৈ বলি থকা বতাহজাকে পৰিবেশটো উপভোগ্য কৰি তুলিছে৷ দিনটোৰ ব্যস্ততাৰ শেষত বকুলতলৰ চালপীৰাত বহি তৰা ভৰা আকাশৰ শূন্যতাখিনিত এৰি অহা দিনবোৰ মনত পেলাই লাই-লেচাই নিজতেই মগ্ন হৈ আছে৷ আইচু দেউতাকে এনেকুৱা জোনাকত চোতালৰ একাষে থকা ডাঙৰ বকুলজোপাৰ তলত  ফুলকোঁৱৰৰ সাধু কৈছিল সিঁ‌হঁতক৷

________★________

 

শব্দাৰ্থঃ-

খাও থাম্-খাম্ না তাং ই = ইয়াৰ বিচাৰ হ’ব (ৰাজসভাৰ ক্ষেত্ৰত)

চাওফা = ৰজা

লা-চাই = চতুৰ্থ পুত্ৰ সন্তান (মুখবাগৰি হ’ল লে-চাই)

ঙি-ঙাও-খাম = মুখেৰে জুই উলিয়াই থকা উৰণীয়া সিংহৰ প্ৰতীক, আহোমৰ ৰাজচিহ্ন

পী- চাই = দাদা/ককাইদেউ

পী চাই মান = ককায়েক

নং-চাই = ভাইটি

প’-খাউ = পিতাই/দেউতা

মে-মান = আই/মা

আইচু দেউতা = দেউতাকৰ মাক

এনাইদেউ = মাকৰ মাক

পুথাদেউ = মাকৰ দেউতাক

নিছাদেউ = মাক বা দেউতাকৰ ককায়েক

নিচুকনী গীতটিৰ অসমীয়া ভাবাৰ্থঃ

নাচি নাচি টোপনী আহ কাষ চাপি

অকনমানী মইনা আমাৰ আছে পাটিত পৰি...

 

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post