এক অনন্য অভিজ্ঞতাঃ ঢকুৱাখনা কলেজৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি পৰ্ব

 




এক অনন্য অভিজ্ঞতাঃ তথ্যচিত্ৰ নিৰ্মাণ



১৯ জানুৱাৰী ২০১৭, বৃহস্পতিবাৰ

      কলেজলৈ নগলো । শুই উঠাত পলম হ'ল, সেয়ে । আবেলি দুইমান বজাত কলেজৰ গ্ৰন্থাগাৰিক পাল ছাৰে ফোন কৰি ক'লে যে, মোক কিবা দায়িত্ব দিয়া আছে ২৮ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব লগা সোণালী জয়ন্তীৰ কিবা বিষয়ত । তিনি বজাত মিটিং এখন আছে সেই সম্পৰ্কে আৰু মই যদি পাৰো তাত উপস্থিত হ'ল লাগে ।


       যিহেতু মই ঘৰৰ পৰা কলেজলৈ অহা যোৱা কৰোঁ । প্ৰায় ১৩-১৫ কিলোমিটাৰ দূৰত্ব ঘৰৰ পৰা কলেজৰ । সেয়ে মই উপস্থিত হ'ব নোৱাৰিম বুলি কোৱাত ছাৰে জনালে যে, সোণালী জয়ন্তী উপলক্ষ্যে এখনি তথ্যচিত্ৰ নিৰ্মান কৰিব লাগে আৰু সেই দায়িত্ব মোৰ । কলেজৰ প্ৰাক্তন ছাত্ৰ পাৰ্থ দাক এই বিষয়ে জনাবকৈ ক'লে আৰু ইয়াকো ক'লে যে আৰু কম্পিউটাৰ জনা দুই এজনক লগত লবলৈ ।


     মই পিছদিনা কলেজ গৈ আলোচনা কৰিম বাৰু বুলি জনালো ।



২০ জানুৱাৰী ২০১৭, শুক্ৰবাৰ

      পাৰ্থ দাক ফোন কৰি কথাটো জনালো আৰু ১০ বজাত কলেজলৈ মাতিলো । কলেজলৈ আহি গম পালো যে কেৰিয়াৰ সম্পৰ্কে এটা কৰ্মশালা আছে ডিজিটেল ক্লাছ ৰূমত, উপস্থিত হ'ব লাগে । পাল ছাৰ তাতে আছিল । প্ৰায় ১১:৩০ মানত কৰ্মশালা অন্ত পৰিল । ইতিমধ্যে পাৰ্থ দা আহি পাইছিল । ছাৰক দুয়োটাই লগ কৰিলো ছাৰে আন দুজনমান ছাৰক মাতি কথাটো সম্পৰ্কে আলোচনা কৰি আমাক পিছদিনাৰ পৰা শ্বুট আৰম্ভ কৰিবলৈ নিৰ্দেশ দিলে । তেনেতে প্ৰদৰ্শনীৰ গেলাৰীৰ কথা উল্লেখ হোৱাত ময়ো মোৰ ফটোগ্ৰাফি প্ৰদৰ্শন কৰাৰ ইচ্ছাৰ কথা ব্যক্ত কৰিলো । ছাৰে জীৱন গগৈ ছাৰৰ সতে আলোচনা কৰি ফটো প্ৰিন্ট কৰি দিয়াৰ দায়িত্বটো ল'লে ।

আৰু ইয়াকো জনালে যে তেওঁ পিছদিনা কলেজত উপস্থিত নাথাকে, সেয়ে আমাৰ সতে ফিল্ডত সমাজতত্ব বিভাগৰ কাঞ্চন গগৈ ছাৰ যাব ।



২১ জানুৱাৰী ২০১৭, শনিবাৰ

       পাৰ্থ দা আৰু মই প্ৰায় ১০ মান বজাত কলেজত উপস্থিত হ'লো । কাঞ্চন ছাৰ কমন ৰূমত আছিল । গৈ ছাৰক সাক্ষাৎ কৰিলো । প্ৰথমে ৰিফ্লেক্টৰৰ বাবে থাৰ্ম'কল আৰু পেকিং পেপাৰ আনিলো গৈ । তাৰ পিছত ছাৰ আৰু ৰাজনীতি বিভাগৰ প্ৰসন্ন বাইকত আৰু পাৰ্থ দা আৰু মই স্কুটি লৈ গন্তব্য স্থানলৈ অগ্ৰসৰ হ'লো । 


     প্ৰথম দিনা তিনিজন ব্যক্তিক সাক্ষাৎ কৰিলো । কলেজৰ প্ৰাক্তন ছাত্ৰী চেনেহী দত্ত বাইদেউ, অৱসৰ প্ৰাপ্ত অধক্ষ্য জিতৰাম কলিতা ছাৰ আৰু কলেজৰ জন্মলগ্নৰে পৰা জড়িত বিদ্যাধৰ বৰুৱা দেৱৰ সতে কথা পাতি কলেজৰ ইতিবৃত্তি, অগ্ৰগতি পুৰণি দিনৰ নষ্টালজিক সয়মবোৰৰ বিষয়ে জানিলো । প্ৰত্যেকৰ ঘৰত চাহৰ জুটি লৈ লৈ প্ৰথম দিনাৰ শ্বুটিং সামৰিলো ।



২২ জানুৱাৰী ২০১৭, দেওবাৰ

      প্ৰসন্নৰ সতে ১০ মান বজাত কলেজত উপস্থিত হলো । ক্ষন্তেক পিছত পাৰ্থ দাও আহি পালে । পেণ্ডেল বনোৱা মানুহ, গেটৰ নিৰ্মাণ কাৰ্যত লাগি থকা মানুহ আৰু প্ৰশাসনিক ভৱনৰ সন্মূখত °অপেন ষ্টেজ°ৰ নিৰ্মাণ সম্পূৰ্ণ কৰাত ব্যস্তসকলৰ বাহিৰে আন কোনো নাছিল । পাল ছাৰ আৰু কাঞ্চন ছাৰলৈ ফোন কৰি আমাৰ উপস্থিতিৰ বিষয়ে জনালো । ক্ষন্তেক পিছত দুয়োজন ছাৰ আহিল । 


    আজি পাল ছাৰৰ গাড়ীত যাত্ৰা । পিছত চিটত আমি তিনিটা, সন্মূখত কাঞ্চন ছাৰ আৰু ড্ৰাইভাৰৰ আসনত পাল ছাৰ ।  গাড়ীত বাজি আছে °আচ্চা চলটা হু, দোৱাওঁ‌ মেঁ‌ য়াদ ৰখনা____চান্না মেৰেয়া° । 


     আজি আৰু তিনিজনৰ সাক্ষাৎ ললো ।


       কলেজৰ প্ৰথম স্নাতক ইন্দেশ্বৰ দাস ছাৰে অতীত ৰোমন্ঠন কৰি নষ্টালজিক হৈ পৰিছিল । তেওঁৰ দুচকুত চকুপানী হৈ জিলিকিছিল সেই দিনবোৰ । চাহৰ জুটি লোৱাৰ সময়ত তেওঁ আমাক, তেওঁ লিখি থকা সাধু কিতাপ এখনৰ এটা সাধু শুনালে ।


       কলেজৰ জন্মলগ্নৰে পৰা ওতঃপ্ৰোত ভাৱে জড়িত দেৱৰাম সুত ছাৰে আমাক জনালে কেনেকৈ স্থাপন হৈছিল খেৰ বাঁ‌হৰ পঁ‌জাৰে আজিৰ ঢকুৱাখনা কলেজ । ছাৰৰ ঘৰত চাহৰ জুটি লৈ সকলোৱে ফটো উঠিলো ।


      শেষত সাক্ষাৎ কৰিলো অসম আন্দোলনৰ সতে জড়িত কুলনাথ ভৰালীদেৱক ।



২৩ জানুৱাৰী ২০১৭, সোমবাৰ

       পাৰ্থ দা আজি শ্বুটিংত নাযায় । হৈ যোৱা শ্বুটবোৰক লাইন আপ কৰিব লাইব্ৰেৰীত বহি । পাল ছাৰ আৰু কাঞ্চন ছাৰো নাযায় । প্ৰসন্ন আৰু মই যাব লাগিব ৰাজনীতি বিজ্ঞান বিভাগৰ দীপক শৰ্মা ছাৰ আৰু ধ্ৰুৱজ্যোতি গগৈ ছাৰৰ সতে ।


       ধ্ৰুৱ ছাৰৰ বাইকত মই লগত কেমেৰা দুটা । দীপক ছাৰৰ বাইকত প্ৰসন্ন লগত ৰিফ্লেক্টৰ । পোনতে গৈ অৱসৰ প্ৰাপ্ত অধক্ষ্য শিৱ গগৈ ছাৰৰ ঘৰত সোমালো । ছাৰৰ দেহা ভাল নহয়, সেয়ে তেখেতক সাক্ষাৎ কৰিব নোৱাৰিলো ।


       এইবাৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ৰমেন বৰগোঁ‌হাই ছাৰক সাক্ষাৎ কৰিলো । ছাৰে আমাক কলেজত বিজ্ঞান শাখাৰ সংযোজনৰ সম্পৰ্কে জনালে । তাৰ পিছত ক্ৰমে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সতে জড়িত পূৰ্ণানন্দ মজিন্দাৰ বৰুৱাদেৱে জনালে, কেনেকৈ সমগ্ৰ অঞ্চলৰ মানুহে নিজে নাখাইয়ো মহাবিদ্যালয় স্থাপনৰ বাবে দান বৰঙনি আগবঢ়াইছিল, কেনেকৈ সেইসময়ৰ শিক্ষকসকলে মহাবিদ্যালয়ৰ পুঁ‌জিৰ বাবে নিজৰ মাহেকীয়া দৰমহা দান কৰিছিল । জিতেন গোঁ‌হাইদেৱ, নৰনাৰায়ন গগৈ ছাৰ আৰু একেবাৰে শেষত যোগেন দত্তদেৱে আমাক °কট্টাপা নে বাহুবলীকো কিওঁ‌ মাৰা° এনে এক প্ৰশ্নৰ উত্তৰৰ সন্ধান দিলে । তেখেতে ইয়াকো ক'লে যে, °মানুহ হ', মানুহ হ'--- মানুহ হ'ব নোৱাৰিলে বাঘ নহ'বি, শগুন হ'° । (ক্ৰমশঃ)

Post a Comment

Previous Post Next Post