পুৰিয়া খেল


 পুৰিয়া খেল



        ক্লাছত ছাৰে Axes আৰু Coordinates বোৰৰ বিষয়ে বুজাই আছিল । মাজতে আহিল Tension; "The tension T and P acting along the tangent…………", … ব্লা… ব্লা… ব্লা……।


      লগে লগে আৰম্ভ হৈ হ'ল পুৰিয়া দলিওৱাৰ খেল । আপুনি খেলিছেনে নাই নাজানো, আমি কিন্তু তামাম খেলোঁ ! বিশেষকৈ যেতিয়া শ্ৰেণীত মন নবহে, আৰম্ভ হৈ যাই কাগজৰৰ পুৰিয়া দলিওৱাৰ খেল । ছাৰ-বাইদেউৰ অজ্ঞাতে ক্লাছ শেষ হোৱালৈকে চলি থাকে এই খেল । আজি আপোনক দিম পুৰিয়া খেলৰ Basic Training !


     কোনো নিৰ্দিষ্ট বিষয় নাথাকে এই খেলৰ । এই ধৰক আপোনাৰ গালৰ সৰু পিম্পলটো অথবা আপোনাৰ বেঁ‌কা আঙুলিটো নতুবা ভাত খাই উঠি টয়লেট যোৱা স্বভাৱটোৰ পৰা আৰম্ভ কৰি ISL-ৰ টিকট বিক্ৰী বিষয়টোলৈকে ধৰি আমিৰ খানৰ Switch Bord° লৈকে এই সৰু সৰু কাগজৰ টুকুৰাবোৰত স্থান পাই । টুকুৰাবোৰে এজনৰ পৰা সিজনলৈ বহন কৰে মৌন বাৰ্তা ।


     কোনোবা এটা পুৰিয়া পঢ়ি এই ধৰক আপোনাৰ হাঁ‌হি উঠি গ'ল ! হাঁ‌হিব কিদৰে ? হাঁ‌হিলেই ছাৰ বা বাইদেউৱে গম পাব, গম পালেই ধৰা পৰিব লাগিব, ধৰা পৰিলেই শ্ৰেণীত পৰা বাহিৰ হ'ব লাগিল, বাহিৰত আন ল'ৰা-ছোৱালীয়ে দেখিব, দেখিলেই হাঁ‌হিব……!! বা-প্--ৰে--- ! ইয়াতকৈ আপুনি পুৰিয়াটোত সৰুকৈ আলু এটা আঁ‌কিব, আলুটোৰ ভিতৰত দুটা সৰু সৰু ফুটা কৰি দিব । তাৰপিছত ফুটা দুটাৰ বাহিৰত দুয়োফালে কেইডাল মেকুৰীৰ মুখৰ নোম ! সেয়া হৈ গ'ল আপোনাৰ হাঁ‌হি !! অৱশ্যে আমি সেইবোৰৰ ভাৰ্চুৱেল দুনীয়াত Smaily বুলি কওঁ !! একো নাই দিয়ক, চলি যায় ! নে কি !??


       পুৰিয়াবোৰৰ কোনো নিৰ্দিষ্ট আকাৰ বা আকৃতিও নাথাকে । বচ, আপোনাৰ নোটবুকখনৰ শেষৰ পৃষ্ঠালৈ যাওক । সৰু সৰুকৈ লিখক (মেক্সিমাম চাইজঃ ছাৰ-বাইদেউৰ হাতত বাইচাঞ্চ পৰি গলেও যাতে তেওঁলোকে পঢ়িব নোৱাৰে) লিখা খিনি যাতে নষ্ট নহয় এনে জোখত ফালক আৰু যালৈ পথাব লাগে তেওঁৰ নাম কৈ কাষৰ জনৰ দ্বাৰা বাই-পাছ কৰক ।


      আজিৰ ক্লাছ ইমানেই, পুনৰ কেতিয়াবা ল'গ পাম । ধৰা পৰিলে কিন্তু ৰিক্স আপোনাৰ, So be carefull and খেলি থাকক পুৰিয়া দলিওৱাৰ খেল । আপোনাৰ অভিজ্ঞতা মোৰ সতে শ্বেয়াৰ কৰিব বুলি আশা ৰাখি আজিলৈ সামৰিলো ।


(ছেপ্টেম্বৰ, ২০১৬)

_________________________________

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post