সেউজীয়া বেলিৰ ঠিকনা বিচাৰি
(দ্বিতীয় অধ্যায় - এক)
সৰু থাকোতে এনেকুৱা দিনত বেছিভাগ সময় নদীতেই কটাইছিলো । মা বা দেউতাই এচাৰি লৈ বিচাৰি আহি পিটন নিদিয়ালৈকে পানীৰ পৰা নুঠিছিলো । মাছ মৰা, পানীত চোৱা-চুই খেলা, বুৰ মাৰি মাটি অনা, উলোটা জাপ, পুতলা জাপ, বেং জাপ, চিলনী সাঁতোৰ, কোনে কিমান দেৰি পানীৰ তলত থাকিব পাৰে, কোনে কিমাম দূৰ সাঁতুৰিব পাৰে……আৰু ক'ত যে কি !
যেতিয়া সাঁতুৰি সাঁতুৰি চকু ৰঙা পৰিব তেতিয়া চকুৰ আগত কচুপাত এখিলা লৈ অস্তগামী বেলিলৈ চাইছিলো । আমাৰ বিশ্বাস আছিল তেনে কৰিলে চকু ৰঙা পৰা ভাল হয় আৰু ঘৰত গম নাপাব আমি যে নদীত খেলি আছিলো !! কিন্তু ঘৰত গৈ ধৰা পৰি গৈছিলো । মায়ে চোতালতে আঠুকঢ়াই থৈছিল । ৰাস্তাৰে যোৱা মানুহে মোৰ ফালে চাই হাঁহিছিল । কিমান যে লাজ লাগিছিল !!
আমাৰ এটা বিশেষ মন্ত্ৰ আছিল চুলি সোনকালে দীঘল কৰাৰ ! নদীত সাতুৰি ভাগৰ লাগি উঠি আহিবৰ সময়ত পাৰলৈ আহি নাকটো টিপা মাৰি লৈ উভোটাকৈ পিছফালে মূৰটো জুবুৰিয়াই গাইছিলো-----
"আইৰ চুলি, বাইৰ চুলি
মোৰ চুলি ডাংধৰা নৈৰ সমান দীঘল হ''
-------আমাৰ বিশ্বাস আছিল যে তেনে কৰিলে চুলি ক্ষিপ্ৰতাৰে বাঢ়ে (মনে মনে এইবুলিও ভাবিছিলো যে সঁচাকৈয়ে ডাংধৰা নৈখনৰ সমান দীঘল হৈ যাব আমাৰ চুলি ! কিন্তু কি কৰিম, মাহেকৰ মূৰত দেউতাই ধৰি বান্ধি টিউবেলৰ পাৰৰ খটখটিতে বহাই লৈ চুলি চুটি কৈ কাটি দিছিল । পিছদিনাৰ পৰা আকৌ মন্ত্ৰ মতা আৰম্ভ কৰিছিলো । জীৱনত যেন এবাৰ নহয় এবাৰ চুলি ডাংধৰাৰ সমান কৰিহে এৰিম !!)
আজি কালি মাক দেউতাকে ল'ৰা ছোৱালীক নৈৰ কাষেই চাপিবলৈ নিদিয়ে । পানীত পৰিব, সাঁতুৰিব নাজানে ল'ৰাটোৱে, খজুৱাব……উফ্ কিমান যে বাহানা !! আৰে জীৱনত নেঠেকিলে শিকিব কেনেকৈ ?? তাহানিটো আমাক দেউতা-দাদাহঁতেই পানীৰ মাজলৈ ঠেলি ঠেলি পথাইছিল । 'অলপ যদি পানী নাখায় ই সাঁতুৰিবলৈকে নাজানিব দেখুন'--- এইয়া আছিল দেউতা-দাদাহঁতৰ কথা । পকা আমৰ ভিতৰত ওলোৱা পোক খাবলৈ দিছিল সাঁতুৰিবলৈ নজনাবোৰক । সেইবোৰ খালে হেনো সোনকালে সাঁতুৰিব পাৰে !! কিমান আগ্ৰহেৰে খাইছিলো সেইয়া, এতিয়া মনত পৰিলে হাঁহি উঠে !!
পুনশ্চঃ এই দুদিনমান খু-উ-ব সাঁতুৰিছো আৰু এতিয়া চকুৰ পানী নাকৰ পানী বৈ বৈ এখন নৈয়ে হ'ব যেন লাগিছে !! লেপ এটা লৈ শুই আছো । বুজিছো, এইয়াই সময়ৰ পৰিবৰ্তন । সেই সময় এতিয়া আৰু ঘূৰাই পাবলৈ নাই । আমাৰ মাজত তাহানিৰ দৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতাও নাই । কোনে ক'ব আজি ক'ত হেৰাল তাহানিৰ সেউজীয়া বেলি ??


