বান-কথা (সে.বে.ঠি.বি. - দ্বিতীয় অধ্যায়ঃ দুই)


বান-কথা

~ বিকাশ দিহিঙ্গীয়া

               নৈপৰীয়া হোৱাৰ বাবে এইটোৱেই লাভ যে স্কুলৰ বাৰাণ্ডা নগচকোতেই আমিবোৰ নদীত নিৰ্বিঘ্নে জলকেলি কৰিব পৰা হৈ যাওঁ‌। গতিকে বাৰিষা-খৰালিৰ কথা নাই, মুঠতে আমাৰ পানীলৈ ভয় নাই। গৰম বন্ধ মানেই আমাৰ ফালে বানপানী মহোৎসৱৰ আয়োজন। আমি সৰুবোৰৰ বাবে ই মহা আনন্দৰ কথা। বাঢ়নী পানীয়ে চোতাল উপচি পৰাৰ লগে লগে নদীৰ নাও আহি ঘৰৰ পিৰালিৰ লাগেহি। গৰু-গাইবোৰ ওখ ভেঁ‌টি বা ঘাইপথৰ ওপৰ পাইগৈ। কলগছ কাটি ভূঁ‌ৰ সাজি চোতালৰ পৰা নদী, নদীৰ পৰা চোতাললৈ অহা-যোৱা কৰি থকাৰ সমান আৰু কি মজা আছে!

               চোতালত জাল পতা, বাৰীত ভেঁ‌টা দি চেপা-ডিঙৰা, লেজু বৰশী, পুঙা বৰশী পতা - মুঠতে দিনটো জাল-বৰশীৰ দোহাই দি পানীত সাতুৰি-নাদুৰি খেলি ফুৰা, দেউতাৰ সতে নাৱত গৰুৰ বাবে ঘাঁ‌হ বিচাৰি যোৱা আদি কামবোৰৰ মাজত আমি বিচাৰি পাইছিলোঁ অনাবিল আনন্দ। আজিকালি অৱশ্যে বানপানীয়ে আমাক জুৰুলা নকৰে। কেৱল পথাৰ-সমাৰ বুৰাই, মাছ-পুথিৰ উজান পেলাই অহা বাটেই উভতি যায়। 

               তেতিয়া মই প্ৰথম নে দ্বিতীয় শ্ৰেণীত। সেইদিনা দেউতা দিনটো ঘৰত নাছিল। ৰাতিপুৱাই লাঙি জালখন নদীৰ সিপাৰৰ হাবিখনৰ কাষত পাতি থৈ তেওঁ কিবা কামত ক'ৰবালৈ গৈছিল। দেউতা যোৱাৰ পাছতে খবৰ আহিল যে 'মাতমৰাত ব্ৰহ্মপুত্ৰৰ মথাউৰি ছিগিল'। মাতমৰা মথাউৰি ছিগা মানে ৭-৮ ঘন্টাৰ ভিতৰত নদীৰ পানী আমাৰ চোতালত উঠা।

               তেতিয়া ভাত পানী খাই মা কিবা কামত ব্যস্ত হৈ আছিল। মই গৈ লগৰীয়াৰ লগত খেলিবলৌ লাগি গ'লো। অলপ দেৰি খেলি আমনি লগাত মনলৈ ভাব আহিল যে মথাউৰি ছিগিছে মানে হৰহৰাই পানী বাঢ়ি আহিছে। দেউতাই ইপিনে জাল পাতি থৈ গৈছে। বেছি পানী হ'লেটো জালখন মাছেৰে সৈতে উটি যাব ! তাতকৈ মই গৈ লৈ অনাই ভাল।

               যেনে চিন্তা তেনে কাম। ৰৈ থকাৰ নাই সকাম। নাও মেলি দিলো ভৰা নদীত। নদীৰ মাজত প্ৰচণ্ড পকনীয়া সোঁ‌ত। নাওখন চম্ভালা টান হৈ পৰিল। পকনীয়াত পৰি নাওখন চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে। মই মনলে আহিল - এইবাৰ আৰু নাবাচিম। নিশ্চয়কৈ নাওখন পকনীয়াই তললৈ সোমোৱাই নিব আৰু ডুব গৈ মই মৰিম। ভয়ত টেটুফালি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলো। মোৰ চিঞৰ শুনি মা গৈ নদীৰ পাৰ পালেগৈ। ইতিমধ্যে কোনোবা-কোনোবাই নদীৰ পাৰৰ পৰাও নাওখন এনেকৈ বা, তেনেকৈ বা বুলি শিকাবলৈ ধৰিছিল। মাক দেখি অলপ সাহস পালো আৰু তেওঁলোকে কোৱামতে নাও বাই মৰনত শৰণ দি গৈ নদীৰ সিপাৰৰ বোৱাল গছ এজোপা পাই সাবটি ধৰিলোঁ‌। প্ৰাণ ৰক্ষা কৰাৰ পিছত নিজৰ অত্যুৎসাহৰ বাবে নিজৰ ওচৰতে লাজ লাগিবলৈ ধৰিল আৰু পোক-পৰুৱা, জোক-শামুকেৰে ভৰি থকা গছজোপাত সাবটি ধৰি "দেতা ঔ" বুলি কান্দিবলৈ লাগিলোঁ‌। অলপ দেৰিৰ পিছত বৰতা (বৰদেউতা) নে দদাই (খুৰা) কোনোবাই আহি যেনিবা মোক উদ্ধাৰ আনিলে। তাৰপিছৰ কথা আৰু মোৰ মনত নাই।



               আন এটা ঘটনা ঘটিছিল মই তৃতীয় নে চতুৰ্থ শ্ৰেণীত থাকোঁ‌তে। সেইবাৰ বানপানীৰ সময়ত গৰুবোৰ ঘৰৰ পিছফালে বাঁ‌হনীৰ মাজত থকা ওখ গৰু ভেঁ‌টিটোত ৰখা হৈছিল। বাৰীত মোৰ জোখেৰে একাঠুমান পানী। বাঁ‌হনীলৈ যোৱাৰ বাটত মই ফটা জাল এখন পাতিছিলোঁ‌। সেইবাৰ ঢেৰ ডাঙৰ ডাঙৰ ৰঙা তোৰা মাছ লাগিছিল। দেউতাই ভাল জাল কেইখন মই ফালিম বুলি চুবলৈ নিদিছিল। সেয়ে মোৰ ভাগত পৰিছিল পুৰণা হোৱা ফটা জালবোৰ।

               ৰাতিপুৱা ঘাঁ‌হ কাটি আনি গৰুক দিয়াৰ পাছত ভাত-পানী খাই দেউতা বান সাহায্যৰ কামত ঘাইপথৰ ফালে যাব লগা হ'ল। মোক দায়িত্ব দিলে গৰুৱে ঘাঁ‌হ খাইছেনে নাই চাই থকাৰ। মই দেউতা যোৱাৰ পিছত কটাৰী এখন লৈ বাঁ‌হনীলৈ গ'লো। তাতে জাল পাতি পানী খেলিবলৈ লাগি গ'লো। অলপ দেৰিৰ পিছত আচল কামটো মনত পৰাত গৈ গৰু কেইটাক ঘাঁ‌হ খুৱাবলৈ ধৰিলোঁ‌। দেখিলোঁ‌ যে, দেউতাই আনি দিয়া ঘাঁ‌হবোৰ খাই গৰু কেইটাৰ আমনি লাগিছে; সিহঁতে খাবলৈ মন নকৰি ইফালে সিফালে চাই শুই আছে। তাকে দেখি মই চাপৰতে থকা বাঁ‌হপাত অলপ কাটি আনি সিহঁতৰ আগত দিলো। বৰ তৃপ্তিৰে খোৱা দেখি মই ভাবিলো ইহঁতক আজিৰ ভোজন মোৰ ফালৰ পৰা দিয়া যাওক !



               হাতেৰে ঢুকি পোৱাৰ থকা বাঁ‌হপাতবোৰ কাটি শেষ হোৱাত মই বাঁ‌হগছত বগাবলৈ আৰম্ভ কৰিলো। উদ্দেশ্য - ওপৰত থকা পাতবোৰ কাটি আনি দিয়া। ডবুৱা কটাৰীখন হাফপেন্টৰ খোচনিত ভৰাই লৈ বগাই গৈ  একেবাৰে ওপৰ পাই বাঁ‌হজোপাৰ পাত কাটিবলৈ লাগিলোঁ‌। কাটি শেষ হোৱাত তললৈ চাই দেখিলোঁ‌ গৰু কেইটায়ো বাঁ‌হপাতবোৰ আপোন মনে খাই খাই শেষ কৰিবৰে হ'ল। গতিকে গাতে লাগি থকা আনজোপা বাঁ‌হৰ পাতো কাটি দিবলৈ ঠিৰাং কৰিলো। তললৈ নামি গৈ আকৌ আনজোপাত উঠিবলৈ মন নোযোৱাত ওপৰৰ পৰাই আনজোপা বাঁ‌হলৈ জাপ এটা মাৰি দিলো। তাৰপিছত কি জানো হ'ল মাৰ মাত আৰু দেউতাৰ গালিত হে চকু মেল খালে! মই হেনো ওপৰৰ পৰা সৰি কাঠৰ টুকুৰা এটাত বেহুচ হৈ পৰি আছিলো। বহু দেৰি লৈকে মোৰ মাত কথাও নাছিল।...  (আগলৈ)




প্ৰকাশঃ মৌচাক, আগষ্ট ২০১৯


Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post