সাত টকাৰ কাহিনী
ভাবানুবাদঃ বিকাশ দিহিঙ্গীয়া
ন'বেল বিজয়ী প্ৰফেচৰ চি ভি ৰমণে অৱসৰৰ পিছত বাংগালুৰত এখন গৱেষণা প্ৰতিষ্ঠান খুলিবলৈ মন কৰিলে । ভবা মতেই কাম আগবাঢ়িল । তেওঁ প্ৰতিষ্ঠানখন চলাবলৈ অভিজ্ঞ ব্যক্তি তিনিগৰাকী বিচাৰি বাতৰি কাকতত বিজ্ঞাপনো দিলে ।
বহুতো অভিজ্ঞতাপুষ্ট আৰু গুণী জ্ঞানী বিজ্ঞানীয়ে সেই চাকৰিৰ বাবে আবেদন কৰিলে । তেওঁলোকে এইটো ভাবি আবেদন কৰিছিল যে, যদিও চাকৰিটো তেওঁ নাপায় তথাপি অন্ততঃ ন'বেল বিজয়ী মহান বিজ্ঞানী গৰাকীৰ সতেটো দেখা-সাক্ষাতৰ সুযোগ পাব !
প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰীক্ষাত ৫ গৰাকীৰ পৰা চূড়ান্ত পৰীক্ষা পাতি তিনি গৰাকীক চাকৰি দিয়া হ'ল ।
পিছদিনা যেতিয়া প্ৰফেচৰ চি ভি ৰমণে খোজ কাঢ়ি গৱেষণা প্ৰতিষ্ঠানলৈ গৈ আছিল, তেওঁ দেখিলে যে ব্যক্তি এজনে তেওঁক লগ পাবলৈ ৰৈ আছে । তেওঁ ভাবিলে এইগৰাকী নিশ্চয়কৈ পৰীক্ষাৰ পৰা বাদ পৰা কোনোবা পৰীক্ষাৰ্থীয়েই হ'ব ।
প্ৰফেচৰ ৰমণে তেওঁ ৰৈ থকাৰ কাৰণ সোধাত মানুহজনে জনালে যে পৰীক্ষা দিয়া দিবলৈ অহা সকলক প্ৰতিষ্ঠানৰ ফালৰ পৰা দিয়া মাননিত তেওঁলৈ পাব লগাতকৈ ৭ টকা বেছি আহিল । আৰু যেতিয়া মানুহজনে সেই প্ৰাপ্যত বেছিকৈ পোৱা ৭ টকাটো ঘূৰাই দিব খুজিলে তেতিয়ালৈ অফিচ বন্ধ হৈ গৈছিল । কৰ্মচাৰীসকলে ৭ টকাটো তেওঁকেই ৰাখি থবলৈ ক'লে ।
"তেতিয়া হ'লে তুমি সেই ৭ টকাটো উভতাই দিবলৈ মোক লগ ধৰিছা ?"
"হয় । মই এনে কোনো বস্তু ৰাখিব নোৱাৰিম যিটো মোৰ প্ৰাপ্য নহয় !" --- এই বুলি মানুহজনে ৰমণৰ হাতত ৭ টকাটো আনন্দমনেৰে উভতাই দিলে ।
৭ টকাটো লৈ প্ৰফেচৰ ৰমণে কিছুদূৰ গৈ উভতি চাই মানুহজনক পিছদিনা পুৱা চাৰে দহ বজাত তেওঁৰ অফিচত লগ ধৰিবলৈ ক'লে । অতিৰিক্ত ৭ টকাটো ঘূৰাই দিবলৈ অহা মানুহজন খু-উ-ব আনন্দিত হ'ল এই ভাবিয়েই যে তেওঁ এই মহান ন'বেল বিজয়ীজনক আকৌ এবাৰ লগ পাব !
পিছদিনা অফিচত প্ৰফেচৰ ৰমণে ব্যক্তিজনক ক'লে, "তুমি যদিও ফিজিক্সৰ পৰীক্ষাত ফেইল কৰিলা আৰু আমাৰ প্ৰতিষ্ঠানত যোগ দিয়াৰ বাবে অনুপযোগী হ'লা, তথাপি কিন্তু তুমি সততাৰ পৰীক্ষাত উত্তীৰ্ণ হ'লা । গতিকে তোমাৰ কাৰণে আমাৰ প্ৰতিষ্ঠানৰ দুৱাৰ সদায়েই খোলা ।" এই অনাকাংক্ষিত শুভবাৰ্তাৰ বাবে মানুহজন প্ৰস্তুত নাছিল । তেওঁ নিজকে বস্তুত ভাগ্যৱান অনুভৱ কৰিলে আৰু আনন্দেৰে প্ৰফেচৰ ৰমণৰ গৱেষণা প্ৰতিষ্ঠানত যোগ দিলে ।
সততাৰ বলত নিজৰ ভাগ্যৰ দুৱাৰ খুলিবলৈ সক্ষম হোৱা এই ব্যক্তিজনে পিছত নিজৰ বাবে আঁজুৰি আনিলে ন'বেল বঁটা !
৭ টকাৰ বাবেই জীৱন সলনি হোৱা এই মহান ব্যক্তিজন আছিল প্ৰফেচৰ সুব্ৰমণিয়াম চন্দ্ৰশেখৰ । তেখেতে সেই সাত টকাৰেই কেনেকৈ নিজৰ জীৱন সলনি কৰিছিল এই বিষয়ত এখন গ্ৰন্থও লিখে ।
এইয়াই আছিল ৭ টকাৰ কাহিনী । কিদৰে সততাই শতিকাত এজন মহান বিজ্ঞানীক জন্ম দিছিল, যাক লৈ আজি আমি সকলোৱে গৌৰৱ কৰিব পাৰোঁ ।
_____×_____
মূল লেখাঃ https://www.speakingtree.in/blog/7-rupees
প্ৰকাশঃ নতুন আৱিষ্কাৰ, মে ২০১৯


