ৰাম-কৃষ্ণ মিছনৰ সন্যাসীজনৰ কথাৰে


"ৰাম-কৃষ্ণ মিছনৰ সন্ন্যাসীজনৰ কথাৰে"

ভাবানুবাদঃ বিকাশ দিহিঙ্গীয়া


       এবাৰ নিউয়ৰ্কৰ সাংবাদিক এজনৰ দ্বাৰা ৰাম-কৃষ্ণ মিছনৰ সন্ন্যাসী এজনৰ সাক্ষাৎকাৰ লোৱা হৈছিল । সাংবাদিকজনে পূৰ্ব পৰিকল্পনা অনুসৰিয়েই আৰম্ভ কৰিলে, "ছাৰ, আপুনি যে আপোনাৰ শেষৰ বক্তৃতাত কৈছিল যোগাযোগ (Contacts) আৰু সংযোগ (Connection) ৰ বিষয়ে, আজি সেই বিষয়ত অলপ বহলাই ক'ব নেকি ?"

       সন্ন্যাসীজনে উত্তৰত মাথোঁ হাঁ‌হিলে আৰু প্ৰশ্নৰ পৰা ফালৰি কাটি সাংবাদিকজনক সুধিলে, "আপুনি নিউয়ৰ্কৰ পৰা আহিছে, নহয় জানো ?"

      সাংবাদিকজনে হয় বুলি কোৱাত সন্ন্যাসীজনে আকৌ সুধিলে, "আপোনাৰ ঘৰত কোন কোন আছে ?"

      সাংবাদিকজনে অনুভৱ কৰিলে যে সন্ন্যাসীজনে তেওঁ সোধা প্ৰশ্নটো এৰাই চলিবলৈ চেষ্টা কৰিছে, কাৰণ প্ৰশ্নটো হয়তো ব্যক্তিগত আছিল নতুবা অনাৱশ্যকীয় ! তথাপি তেওঁ সন্ন্যাসীজনৰ প্ৰশ্নৰ উত্তৰ দি গ'ল, "মোৰ মা ঢুকাল । বৰ্তমান ঘৰত মোৰ দেউতা, তিনিজন দাদা আৰু এগৰাকী বাইদেউ আছে। সকলোৰে ইতিমধ্যে বিয়া-বাৰু কৰোৱা হৈ গৈছে ।"

       সন্ন্যাসীজনে মিচিকিয়া হাঁ‌হিৰে আকৌ সুধিলে, "তুমি দেউতাৰাৰ লগত কথা পাতানে ?"

   সাংবাদিকজনক বিৰক্ত যেন দেখা গ'ল । সন্ন্যাসীজনে তথাপি সুধি গ'ল, "শেষবাৰৰ বাবে তুমি তেওঁৰ লগত কেতিয়া কথা হৈছিলা ?"

     সাংবাদিকজনে কোনোমতে নিজৰ বিৰক্তিবোধ সামৰি উত্তৰ দিলে, "প্ৰায় এমাহ মান আগত !"

     সন্ন্যাসীজনে আকৌ সুধিলে, "তোমালোক ককাই-ভাই-ভনীবোৰ প্ৰায়েই লগ হোৱা নে ? শেষবাৰৰ বাবে গোটেই পৰিয়ালটো কেতিয়া একেলগ হৈছিলা ?"

    সাংবাদিকজনৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙি আহিল । এনে লাগিছিল যেন সন্ন্যাসীজনেহে সাংবাদিকজনৰ সাক্ষাৎকাৰ লৈ আছে ! হুমুনিয়াহ এটাৰে সাংবাদিকজনে উত্তৰ দিলে, "দুবছৰৰ আগৰ খ্ৰীষ্টমাছত আমি সকলোবোৰ একেলগ হৈছিলো !"

     "তেতিয়া কিমান দিন একেলগে কটাইছিলা ?"

     "তিনি দিন…!"

     "তুমি দেউতাৰাৰ কাষত ৰৈছিলানে ? সেই তিনিদিনৰ কিমান সময় দেউতাৰাৰ কাষত বহি কটাইছিলা ?"

   সাংবাদিকজন যেন বিবুধিত পৰিল আৰু নিজকে এক লজ্জাজনক পৰিস্থিতিত আৱিষ্কাৰ কৰিলে । তেওঁ তলমূৰ কৰি কাজগত কিবা কিবি আঁ‌কি থাকি প্ৰশ্নবোৰৰ পৰা পলাবলৈ যেন বাট বিচাৰিবলৈ ধৰিলে !

      "তোমালোকে একেলগে খোৱা-বোৱা কৰিছিলানে ? তুমি তেওঁক এবাৰলৈও সুধিছিলানে কেনে আছে বুলি ? মাৰাৰ মৃত্যুৰ পিছত কেনেকৈ দিন কটাইছে দেউতাৰাই সেইবোৰৰ বিষয়ে এবাৰলৈও বুজ লৈছিলানে ?"

    এইবাৰ সাংবাদিকজনৰ চকু পানীৰে উপচি পৰিল । তেওঁ নিজৰ পৰিয়ালৰ কথা, দেউতাকৰ কথা ভাবি নিজকে সংযম কৰি নোৱাৰিলে ।

     সন্ন্যাসীজনে সাংবাদিকজনৰ অৱস্থা দেখি তেওঁৰ হাতখনত ধৰি লাহে লাহে বুজালে, "বিচলিত নহ'বা বা দুখ অনুভৱ নকৰিবা । মোক ক্ষমা কৰি দিবা যদিহে মোৰ প্ৰশ্নবোৰে অজানিতে তোমাৰ মনত আঘাত কৰিছে । কিন্তু মই এইবাবেই তোমাক এইবোৰ সুধিব লগা হ'ল যে তুমি মোক যোগাযোগ (Contacts) আৰু সংযোগ (Connection) ৰ বিষয়ে ক'বলৈ কৈছিলা । এতিয়া চোৱা তোমাৰ দেউতাৰাৰ স'তে তোমাৰ যোগাযোগ আছে কিন্তু সংযোগ নাই । তুমি দেউতাৰাৰ স'তে সংযোগত নাই, যদিও যোগাযোগত আছা ! সংযোগ মনৰ পৰা মনৰ মাজত হে স্থাপন হয়, সংযোগ হৃদয়ৰ পৰা হৃদয়লৈ শিপাই থাকে ! সংযোগ মানে হ'ল একেলগে বহা, ইজনে সিজনৰ সতে মনৰ ভাৱবোৰ, খু-দুৱনিবোৰ আদান প্ৰদান কৰা, ইজনে সিজনৰ স্পৰ্শক অনুভৱ কৰা… চকুৰ মাজেৰে মনৰ অৱস্থাত বুজ লোৱা, প্ৰত্যেকটো সুখ-দুখৰ মুহূৰ্তত সংগ দিয়া……আদি । তোমাৰ ককাইদেউ-বাইদেউহঁ‌তো তোমাৰ সতে যোগাযোগতহে আছে, সংযোগত নাই ! এতিয়া বুজিলানে যোগাযোগ আৰু সংযোগৰ বিষয়ে ভালদৰে ?"

       সাংবাদিকজনে চকুপানী মচি সন্ন্যাসীজনক অশেষ ধন্যবাদ জনালে আৰু ক'লে যে এইটো এটা তেওঁ জীৱনৰ আটাইতকৈ মূল্যৱান শিক্ষা !

       বৰ্তমান আমি সকলোৱে যোগাযোগ (Contacts) আৰু সংযোগ (Connection) ৰ মাজৰ প্ৰভেদ নুবুজি আগবাঢ়ি গৈ আছো । সদায় নতুন নতুন মানুহৰ সতে যোগাযোগ ৰাখিবলৈ বা বনাবলৈ চেষ্টা কৰি আছো । কিন্তু কাৰোৱেই সংযোগত থাকিবলৈ আহৰি নাই ! সকলোৱে কেৱল নিজৰ পৃথিৱীখনক লৈয়ে ব্যস্ত !

     কিন্তু এনেকৈ জানো আমি সঁ‌চা অৰ্থত সুখী হ'ব পাৰোঁ‌ ? আমি কেৱল যোগাযোগত থাকিলেই জানো হ'ব যদিহে আমাৰ মাজত মনৰ সংযোগেই নাথাকে, মনৰ টানেই নাথাকে !!

      এনেকুৱা এটা জীৱনৰ পাঠ দিব পৰা সন্ন্যাসীজন আন কোনো নহয়, তেওঁৱেই আছিল স্বামী বিবেকানন্দ ।

___________________


মূল লেখাঃ https://dontgiveupworld.com/story-by-swami-vivekananda-contact-and-connection/

প্ৰকাশঃ নতুন আৱিষ্কাৰ, অক্টোবৰ ২০১৮

প্ৰকাশঃ সাহিত্য ডট অৰ্গ, ছেপ্টেম্বৰ ২০১৮, https://bit.ly/2W68xYR

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post