চাও-লুং ছ্যুকাফা -- চ্যালুইনৰ পৰা লুইতলৈ


চাও-লুং ছ্যুকাফা -- চ্যালুইনৰ পৰা লুইতলৈ

~ বিকাশ দিহিঙ্গীয়া


লেখকঃ ড° চন্দ্ৰধৰ চমুৱা

প্ৰকাশকঃ অৰূপ কলিতা, অধিবক্তা

প্ৰথম প্ৰকাশঃ ডিচেম্বৰ ২০০৫ 

পৃষ্ঠাঃ ১৯৫,   মূল্যঃ ৬৫ টকা


বুৰঞ্জী বিষয়টোৱে আমাৰ সকলোকে কোনোবাখিনিত নহয় কোনোবাখিনিত আকৰ্ষণ কৰে। আমাৰ পূৰ্বপুৰুষ সকলৰ আচৰিত যেন লগা কথাবোৰে আমাক অবাক কৰি দিয়ে। সময়ে আমাৰ বহুখিনি আগবঢ়াই আনিলে। তাহানিৰ প্ৰস্থৰ যুগৰ পৰা আহি আহি আজি আমি ডিজিটেল যুগত প্ৰৱেশ কৰিলোহি। এই পৰিবৰ্তনত অৰিহনা যোগোৱা বহুজনৰ বিষয়ে আজি বুৰঞ্জীও নিমাত।

কল্পনাৰ ঘোঁ‌ৰা চেঁ‌কুৰাই আমি যদি বুৰঞ্জীৰ ক'লা আখৰবোৰৰ মাজেৰে গুচি যাওঁ‌ উভতি, বাটে বাটে পাই যাম অসম আন্দোলনৰ বিভিষিকাময়ৰ দিনবোৰ, ১৯৫০ ৰ বৰভুঁ‌ইকঁ‌প, দেশপ্ৰেমত উফন্দি উঠা হাজাৰ যৌৱনৰ খামিডাঠ কন্ঠ, ইয়াণ্ডাবু সন্ধি, মানৰ ভয়ত কম্পমান জনতা, ক্ষমতাৰ মোহত অন্ধ শাসনকৰ্তাৰ বৰ্বৰতা, ভাই-ভাইৰ মাজৰ শত্ৰুতা। গৈ গৈ আমি জেৰেঙা পাম। বৰ্বৰতা আৰু অত্যাচাৰৰ সীমা চেৰাই যোৱা ক্ষমতালোভী লালুকসোলাক আমাৰ তাতে গুলি কৰি মাৰিবলৈ মন যাব। আমি গৈ থাকিম। লাচিতৰ ৰণচালি দেখি আমি শৰাইঘাটত গৌৰৱেৰে ক্ষন্তেক ৰ'ম। বিজয়ৰ আনন্দত আমাৰ বুকুবোৰ ফুলি উঠিব।

মূগাৰ সাজেৰে মূলা আইদেউক যুঁ‌জত নমা দেখি আকৌ তাতো অলপ ৰ'ম। পুৰুষ আৰু মহিলাৰ বুলি ভাগ ভাগকৈ কাম-কাজৰ সংবিধান সজা আজিৰ সমাজক ভেঙুচালি কৰি আমাৰ পূৰ্বপুৰুষে সমতাৰ জয়গান গাইযোৱা দেখি আধুনিক যুগৰ বুলি ক'বলৈ আমাৰ লাজ লাগিব।

নানা জাতি-জনগোষ্ঠী, নানা ভাষা-সংস্কৃতিৰ মাজত একতা, ভাতৃত্ববোধৰ এনাজৰীডাল দেখি আজিৰ খোৱা-কামোৰাবোৰলৈ মনত পৰিব। আমি আৰু অলপ ভটিয়াই যাম। ম্যুং-দুন-চ্যুন-খামৰ ৰাজধানী চে-ৰাই-ডয় পাম। য'ৰ পৰা চাৰিওদিশে বিয়পিছিল সম্প্ৰীতিৰ পোহৰ।

চে-ৰাই-ডয়ত সাতখলপীয়া সিংহাসনত বহি থকা স্বৰ্গদেউ ছ্যুকাফাক আমি সুধিম এই সম্প্ৰীতিৰ এনাজৰীডালৰ ৰসহ্য কি ! কিদৰে তেওঁ গঢ়ি তুলিছে ইমান একতা, ভাতৃত্ববোধ! তেওঁ ইমান দূৰৈৰ পৰা নিজ ৰাজ্য এৰি আহিলেই বা কিয় ! কিদৰে আহিলে বাটকুৰি-বাই অত দূৰ্গম পথ !

এইখিনিৰ পৰা লেখক ড° চন্দ্ৰধৰ চমুৱাই আমাক লৈ যাব বুৰঞ্জীৰ ছাঁ‌য়া-মায়া পথেৰে। গৈ গৈ মাও-লঙত ৰ'ম, য'ত এনায়েকৰ ঘৰত জন্ম হ'ব কণমানি 'ছ্যু', ছ্যু-কা-ফা।

নাট্যকাৰ হিচাপে বিশেষভাবে পৰিচিত ঢকুৱাখনাৰ সুযোগ্য সন্তান ড° চন্দ্ৰধৰ চমুৱাৰ এইখনেই একমাত্ৰ পূৰ্ণাংগ উপন্যাস। ড° চমুৱাই উপন্যাসখনৰ আৰম্ভণিতে লিখিছে যে "সোণালী শইচৰ দেশ" নামৰ একাধিকবাৰ আকাশবাণীযোগে প্ৰচাৰিত তেখেতৰে নাটকখনি শুনি বহুজনে উপন্যাস হিচাপে লিখিবলৈ অনুৰোধ কৰিছিল। সেইসূত্ৰেই তেওঁ‌ অতি যত্নেৰে তথ্য-পাতি যুগুতাই উপন্যাসৰ পাণ্ডুলিপিটো প্ৰস্তুত কৰে। কোনো প্ৰকাশন প্ৰতিষ্ঠানৰ অবিহনেই ব্যক্তিগতভাবে উত্তৰ লখিমপুৰৰ 'অৰূপ কলিতা'দেৱে উপন্যাসখন ২০০৫ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ কৰে।

উপন্যাসখন আৰম্ভ হৈছে ম্যুঙ-মিতৰ শাসনকৰ্তা তথা মুঙৰি-ম্যুং-ৰামৰ ৰাজকুমাৰ ফু-চাং-কাং বা চাও ন্যেউৰ সন্তান-সম্ভৱা পত্নী নাং-ম্যুঙ-ব্লক-খামৰ মাতৃভূমি মাও-লুঙলৈ অহাৰ পৰা। পুত্ৰসন্তানহীন ককায়েক পামেও-প্যুঙৰ ৰাজকাৰেঙত কণমানি ছ্যু-কা-ফাক জন্মদিয়ে মৃত্যুক আঁ‌কোৱালি লয় নাং-ব্লক আইদেউৱে। ছ্যুকাফাক ডাঙৰ দীঘল কৰাৰ দায়িত্ব কান্ধ পাতি লয় এনায়েক আৰু নিচায়েক পামেও-প্যুঙে। ভৱিষ্যতে ৰাজ্যৰ শাসনভাৰ ছ্যুকাফাৰ হাততে গটোৱাৰ সপোন দেখি থকাৰ সময়তে পামেও-প্যুঙ এটি এটি কৈ দুটি পুত্ৰ সন্তানৰ পিতৃ হয়।

ডাঙৰ হোৱাৰ পিছত পিতৃ ৰাজ্যলৈ আহি ছ্যুকাফাই পিতাকে তিনি ভাতৃৰ মাজত ভগাই দিয়া ৰাজ্যৰ শাসন চম্ভালি লোৱাৰ পিছতে আৰম্ভ হয় গৃহকণ্ডল। ককাই-ভাইৰ লগত সামান্য ৰাজ্য এখনৰ বাবে কাজিয়া কৰাতকৈ সেই ৰাজ্য এৰি দিয়াৰ সিদ্ধান্ত ল'লে ছ্যুকাফাই।

এইদৰেই সাৱলীল বাক্যগাঁ‌ঠনিৰে সুখপাঠ্যভাবে আগবঢ়া উপন্যাসখনিত আহোম সকলৰ ৰীতি-নীতি, সংস্কৃতি সকলো নিখুটভাবে ফুটি উপস্থাপন কৰা হৈছে। ছ্যুকাফাৰ যাত্ৰাৰ আগত এনায়েকৰ পৰা পোৱা আশীৰ্বাদ বা যাত্ৰা পথৰ সংঘাত --- সকলোবোৰ লেখকৰ কাপেৰে ইমান সুন্দৰ ভাবে নিগৰিছে যে পঢ়ি থাকোঁ‌ এনে লাগে যেন পঢ়োঁতাজনো ছ্যু-কা-ফাৰ পিছে পিছে গৈ আছে, নিজ চকুৰে দেখিহে আছে।

ছ্যুকাফাৰ জন্মৰ আগৰ পৰা আহি আহি উপন্যাসখন শেষ হৈছে নানা সংঘাত সমস্যাৰ পিছতো হাৰ নামানি ভাতৃত্ববোধ আৰু সম্প্ৰীতি ধ্বজা উৰুৱাই ডয়-পাটকাই পাৰ হৈ আহি চে-ৰাই-ডয়ত প্ৰথমখন নগৰ স্থাপন কৰাত।

বুৰঞ্জী পঢ়ি বহুসময়ত আমি বিৰক্ত হওঁ‌ বিভ্ৰান্তিপূৰ্ণ বৰ্ণনাই হওক বা ভাষা আৰু বাক্যগাঁ‌ঠনিৰ বাবেই নহওক কিয়। এনে ক্ষেত্ৰত পাঠকক বুৰঞ্জীমূলক উপন্যাসে যঠেষ্ট সহায় কৰে বুজি মোৰ ধাৰণা হয়। বহু কেইখন বুৰঞ্জীমূলক উপন্যাসৰ ভিতৰত এই উপন্যাসখনো অতি গুৰুত্বপূৰ্ণ। আনকি বুৰঞ্জীৰ প্ৰতি অনাগ্ৰহী সকলো এই উপন্যাসখনে মোহিত কৰি ৰাখিব বুলি আমাৰ বিশ্বাস হয়।

নতুন সংস্কৰণৰ অভাৱত হেৰাই যাব ধৰা উপন্যাসখনি ২০১৯ চনৰ অক্টোবৰ পৰা অন্যযুগ আলোচনী ধাৰাবাহিকভাবে প্ৰকাশ কৰি থকা হৈছে।


Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post