জুলী বৰুৱা


জীৱন যুদ্ধত কৃতকাৰ্য্য হ'বলৈ সক্ষম হোৱা এগৰাকী বিশেষভাবে সক্ষম ব্যক্তি

~বিকাশ দিহিঙ্গীয়া



জুলী বৰুৱা


(২০০৬ চনৰ ১৩ মেৰ পুৱতি নিশা কটন কলেজৰ হোষ্টেলৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত জুলী বৰুৱাই দুয়োখন হাত হেৰুৱাই পংগুত্বক আকোঁ‌ৱালী ল'ব লগা হয়)


জন্মঃ ২৬ জানুৱাৰী, ১৯৮৪

জন্মস্থানঃ দুলীয়া গাওঁ, ঢকুৱাখনা

পেছাঃ অসম চৰকাৰৰ জনসংযোগ বিষয়া, লেখিকা

বৰ্তমানৰ ঠিকনাঃ গুৱাহাটী




দুচকুত অযুত সপোন লৈ গৈ ঢকুৱাখনাৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ দূৰৈত কটন কলেজত ছোৱালীজনীয়ে সপোনৰ বীজবোৰক অংকুৰিত কৰিব খুজিছিল। মাক-দেউতাকৰ প্ৰথম সন্তান ছোৱালীজনীৰ নাম আছিল জুলী, জুলী বৰুৱা। ১৯৮৪ চনৰ ২৬ জানুৱাৰী দিনা ঢকুৱাখনাৰ দুলীয়া গাঁ‌ৱত জন্মগ্ৰহণ কৰা জুলীয়ে কটন কলেজত উদ্ভিদবিদ্যা বিষয়ত এম এছ চি কৰি আছিল ।

ককাকৰ মৃত্যুৰ খবৰ পাই ঘৰলৈ ঢপলিয়াই অহা জুলী যিখন নৈশ বাছত আহিছিল, সেই বাছখনে ১৩ মে' ২০০৬ তাৰিখে লালুকত দুৰ্ঘটনাত পতিত হৈছিল। সেই দুৰ্ঘটনাতেই জুলীয়ে হেৰুৱাই পেলাইছিল দুয়োখন হাত!

দুয়োখন হাত হেৰুৱাই জুলী সম্পূৰ্ণৰূপে ভাগি পৰিছিল। ২২ বছৰধৰি আলফুলকৈ সজোৱা সপোনবোৰ যেন হঠাতে তাজপাত ঘৰ দৰে থানবান হৈ পৰিছিল।

তেওঁ ইমান ভাগি পৰিছিল যে ডাক্তৰক বাৰে বাৰে অনুৰোধ কৰিছিল, তেওঁক বেজি দি মাৰি পেলাবলৈ। অৱশেষত বহুত জটিল অস্ত্ৰোপচাৰৰ অন্তত জুলী লাহে লাহে সুস্থ হৈছিল যদিও চিৰকাললৈ পংগু হৈ পৰাৰ দুখে তেওঁ‌ক খুলি খুলি খাইছিল। আত্মীয়-স্বজন, বন্ধু-বান্ধৱী, ডাক্তৰ-নাৰ্চ, শিক্ষক-শিক্ষয়ত্ৰী আদি সকলোৰে উৎসাহ, প্ৰেৰণাত লাহে লাহে জুলীয়ে হেৰুৱা মনোবল ঘূৰাই পালেম জুলীয়ে যুঁ‌জি গ'ল জীৱনৰ কুৰুক্ষেত্ৰত, য'ত শত্ৰু আজিল অকাল পংগুত্ব!



সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এদিন জুলীয়ে হাত দুখন ঘূৰাই পালে, দুখন কৃত্ৰিম হাত! জুলীয়ে তেনেদৰেই শেষ কৰিলে নিজৰ আধৰুৱা শিক্ষা। মানসিক ভাবে বহু সবল জুলী হৈ পৰিল হাজাৰ জনৰ বাবে আদৰ্শ। হোমেন বৰগোঁ‌হাঞিৰ সতে হোৱা এটা সাক্ষাৎকাৰত তেখেতে জুলীক লিখিবলৈ উপদেশ দিয়ে। সেই উপদেশ শিৰোধাৰ্য্য কৰিয়েই জুলীয়ে লিখি উলিয়ালৰ তেওঁৰ আত্মজীৱনী "বিজয়িনী"। জীৱন যুঁ‌জত হাৰ নামানি অক্লান্ত সৈনিকৰ দৰে যুঁ‌জি যুঁ‌জি বিজয়ী হোৱা জুলী বৰুৱাৰ আত্মজীৱনী, "বিজয়িনী"।



জুলীৰ জীৱন যুদ্ধৰ মাজতেই ফুলিছিল প্ৰেমৰ গোলাপ, আলফাৰ প্ৰাক্তন উপসভাপতি প্ৰদীপ গগৈৰ মন বাগিছাত। বৰ্তমান অসম চৰকাৰক জনসংযোগ বিষয়া হিচাপে কৰ্মৰত জুলীৰ প্ৰেমত পৰি প্ৰদীপ গগৈয়ে আলফা ত্যাগ কৰি জুলীৰ সতে বিবাহপাশত আবদ্ধ হয়।

বৰ্তমান জূলীৰ জীৱনত জোনাকেই জোনাক। মনৰ জোনাক, প্ৰেমৰ জোনাক। হয়, জুলী বৰুৱা আৰু প্ৰদীপ গগৈৰ একমাত্ৰ সন্তানৰ নাম "জোনাক"।

জুলীৰ জীৱন যুঁ‌জৰ কাহিনীয়ে আমাক যি যায় অফুৰন্ত প্ৰেৰণা, অদম্য সাহস। সৰু সুৰা ঘটনা-দুৰ্ঘটনা, সমস্যা আদিত হাৰ নামানি, সেইবোৰৰ সতে যুঁ‌জি যে এদিন সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰি জুলীয়ে প্ৰমাণ কৰি দেখুওৱালে।



____×____

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post