সকলোৰে বাবে বিজ্ঞান
~ বিকাশ দিহিঙ্গীয়া
"সকলোৰে বাবে শিক্ষা" শ্লোগানটোৰ দৰেই "সকলোৰে বাবে বিজ্ঞান" হৈছে এটা শ্লোগান। বিজ্ঞান বিষয়টোৱে জাতি ধৰ্ম, লিংগ নিৰ্বিশেষে যাতে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে চাহিদাসমূহ পূৰণ কৰিব পাৰে সেইয়াই হৈছে ইয়াৰ মুখ্য উদ্দেশ্য। এই উদ্দেশ্য পূৰণ কৰিবৰ বাবে বিদ্যালয়ত বিজ্ঞান বিষয়টো হ'ব লাগে সামগ্ৰিক প্ৰকৃতিৰ।
আমি জানো যে বৰ্তমান বিদ্যালয় সমূহত বিজ্ঞান বিষয়টো এটা অপৰিহাৰ্য আৰু অতি প্ৰয়োজনীয় বিষয়। প্ৰাথমিক পৰ্য্যায়ত পৰিবেশ বিজ্ঞানৰ এটা অংশ হিচাপেহে ইয়াক শিকোৱা হয় যদিও পিছৰ পৰ্য্যায় ই এটা সুকীয়া বিষয় হিচাপে গুৰুত্ব লাভ কৰিছে। বিজ্ঞান বিষয়টোৰ গুৰুত্ব কেৱল শ্ৰেণীকোঠাতেই নহয়, দৈনন্দিন জীৱনটো ইয়াৰ ভূমিকা অপৰিসীম। সেয়েহে শ্ৰেণীকোঠাত "সকলোৰে বাবে বিজ্ঞান" শ্লোগানটো জনপ্ৰিয় কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে, যাতে বিজ্ঞান বিষয়টোৱে ছাত্ৰ-ছাত্ৰীৰ মাজত বৰ্তি থকা বৈচিত্ৰ্যৰ ওপৰত প্ৰাধান্য দিয়াৰ উপৰিও সামাজিক-সাংস্কৃতিকভাবে বিজ্ঞানৰ পৰা আঁতৰত থকা ছাত্ৰ-ছাত্ৰীসকলকো এই বিষয়টোৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে।
প্ৰায়েই শুনা যায় যে 'বিজ্ঞান বিষয়টো ছোৱালীৰ বাবে নহয়, ই ল'ৰাৰ হে বিষয়' কাৰণ 'বিজ্ঞান এটা কঠিন বিষয়' আদি। কাৰণসমূহ লক্ষ্য কৰিলে আমি দেখা পাওঁ --
ক) সাধাৰণতে এটা প্ৰচলিত ধাৰণা আছে যে বিজ্ঞান বিষয়টো এটা কঠিন বিষয়। বিজ্ঞান বিষয়টো প্ৰকৃতিগত ভাবে বস্তুনিষ্ঠ হয়। সেয়ে বিজ্ঞান ল'ৰাৰ হে বিষয়, ছোৱালীৰ নহয়। আনহাতে যিহেতু সমাজত ছোৱালীবোৰক কোমল হিচাপে গণ্য কৰা হয়; সেয়ে কলা, সাহিত্য, দৰ্শন আদি বিৱৰণাত্মক বিষয়সমূহক ছোৱালীৰ বিষয় হিচাপে ধৰা হয়।
খ) বিজ্ঞান বিষয়ৰ পাঠ্যপুথিসমূহত বিভিন্ন বিষয়ৰ উদাহৰণ হিচাপে ল'ৰাৰ অভিৰুচী বা ল'ৰাৰ সতে জড়িত ক্ৰিয়াকলাপ আদি লোৱা হয়। যেনে মটৰগাড়ীৰ ইঞ্জিন বা তেনেকুৱা খেল আদি, যিবোৰ সাধাৰণতে ল'ৰাৰ হে প্ৰিয় বিষয়। বিশিষ্ট গৱেষক কেলিৰ (Kelly) মতে, বিজ্ঞান বিষয়সমূহৰ এনেধৰণৰ পুৰুষসুলভ প্ৰকৃতিয়েই হৈছে ছাত্ৰীসকল বিজ্ঞান বিষয়ৰ প্ৰতি আঁতৰি থকাৰ একমাত্ৰ কাৰণ।
গ) বিদ্যালয়ত সাধাৰণতে ছাত্ৰীৰ তুলনাত ছাত্ৰৰ সংখ্যা সৰহ হোৱা দেখা যায়। গতিকে ছাত্ৰীৰ তুলনাত বেছি সংখ্যক ছাত্ৰই বিজ্ঞান বিষয়সমূহ অধ্যয়ন কৰে। ইয়াৰ উপৰিও বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমসমূহ ছাত্ৰসকলৰ ৰুচী বা অভিজ্ঞতাৰ ভিত্তিত বা উপযোগীকৈ সজোৱা হয় ফলাত শ্ৰেণীকোঠাত ছাত্ৰসকলৰ উপযোগীকৈ আদান-প্ৰদানৰ পৰিবেশ এটা সৃষ্টি হয়। যাৰ ফলত ছাত্ৰীসকলে অৱজ্ঞা অনুভৱ কৰে আৰু বিজ্ঞান বিষয়ৰ প্ৰতি আগ্ৰহ হেৰুৱাই।
ঘ) বিদ্যালয়ত প্ৰৱেশ কৰাৰ আগত শিশুসকল কেৱল পৰিয়াল আৰু সমাজৰ মাজত ডাঙৰ হয়। সেইসময়চোৱাত শিশুসকলৰ প্ৰতি পৰিয়াল আৰু সমাজে কৰা ব্যৱহাৰ তথা শিকোৱা কথাবোৰে তেওঁলোকৰ মনৰ গভীৰত ক্ৰিয়া কৰে। দেখা যায় যে শিশু অৱস্থাত ল'ৰা সন্তানক বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰিবলৈ নানা ধৰণৰ খেলা সামগ্ৰী ক্ৰয় কৰি দিয়ে, যিটো কন্যা সন্তানৰ ক্ষেত্ৰত খুবেই কম দেখা যায়। ফলত পিছৰ পৰ্য্যায়ত বিদালয়ত বিজ্ঞান বিষয়টোৰ প্ৰতি স্বাভাৱিকতেই ছাত্ৰীসকল অনাগ্ৰহী হৈ পৰে আৰু বিজ্ঞান বিষয়টো ল'ৰা বিষয় হৈ উঠে।
ঙ) সৰুৰে পৰা ল'ৰাক স্বাধীনতা প্ৰদান কৰা হয়। ল'ৰাবোৰক যুক্তিবাদী আৰু অনুসন্ধিৎসু মনৰ কৰি গঢ়ি তুলিবলৈ অভিভাৱক বা সমাজখনক উঠি পৰি লগা পৰিলক্ষিত হয়। তাৰ বিপৰীতে ছোৱালীবোৰক সহনশীল, পৰাধীন, হ'বলৈহে শিকোৱা হয়। এই লিংগ বৈষম্যমূলক আচৰণে পিছৰ পৰ্যায়ত বিজ্ঞান বিষয়টোক কঠিন বা কেৱল ল'ৰাৰ বিষয় হিচাপে স্বীকৃত হোৱাত অৰিহণা যোগায় আহিছে।
চ) হাডছন নামৰ গৱেষক গৰাকীয়ে চলোৱা এক অধ্যয়নত দেখা গৈছিল যে বিজ্ঞান বিষয়ৰ শ্ৰেণীকোঠাত শিক্ষকৰ পৰা ছাত্ৰসকলে ছাত্ৰীসকলতকৈ অধিক সময় আৰু মনোযোগ লাভ কৰে। ছাত্ৰ সকলে উচ্চস্তৰৰ প্ৰশ্নাৱলীৰ সন্মুখীন হোৱাৰ লগতে প্ৰশংসা লাভ কৰে। ফলত স্বাভাৱিকতেই ছাত্ৰীসলকে বিজ্ঞান বিষয়ক কৈ অনিচ্ছয়তা আৰু হতাশাত ভোগাৰ লগতে তেওঁলোকৰ মনত হীনমন্যতাবোধৰ সৃষ্টি হয়।
______***_____
