বিদ্যালয়ৰ সফলতা আৰু ইয়াৰ মাপন কৌশল
~ বিকাশ দিহিঙ্গীয়া
সফলতা বুলিলে সাধাৰণে আমি কোনো ক্ৰিয়াৰ কৃতকাৰ্য্যতাক বুজো। যেতিয়া আমি কাংক্ষিত ফলাফল এটা লাভ কৰিবলৈ সক্ষম হওঁ তেতিয়া আমি সেই কামটোত সফল হোৱা বা সফলতা লাভ কৰা বুলি কওঁ।
বিদ্যালয়ৰ সফলতাই সহজ অৰ্থত জীৱন আৰু সমাজৰ ওপৰত বিদ্যালয়সমূহে তৈয়াৰ কৰা ফলাফলৰ প্ৰভাৱৰ কথাটোকে বুজায় ।
আমি জানো যে বিদ্যালয় হ'ল মানুহৰ সমাজ আৰু জীৱনৰ দিক নিৰ্ণায়ক তথা পথ প্ৰদৰ্শক । বিদ্যালয়ৰ শিক্ষাই মানুহৰ জীৱন, সমাজ, সংস্কৃতিত গুৰুতৰ প্ৰভাৱ পেলায় । বিদ্যালয় শিক্ষা বা বিদ্যালয়ৰ সহায় অবিহনে সামাজিক মূল্যবোধ, ৰীতি-নীতি, সামাজিক পৰম্পৰা, নৈতিক প্ৰমূল্যবোধ, সামাজিক সম্বন্ধ আদিৰ জ্ঞান তথা ব্যৱহাৰিক প্ৰয়োগ প্ৰশিক্ষণ ভৱিষ্যৎ প্ৰজন্মক প্ৰদান কৰাটো বৰ সহজ নহয় ।
সামাজিক আৰু ব্যক্তিগত জীৱনত বিদ্যালয়ৰ গুৰুত্ব উপলব্ধি কৰাৰ বাবে বিশ্ববিখ্যাত শিক্ষাবিদ তথা দাৰ্শনিক, চিন্তাবিদ সকলৰ দৃষ্টিভংগীসমূহ নিৰীক্ষণ কৰাটো খুবেই প্ৰয়োজনীয় । বিখ্যাত শিক্ষাবিদ জন ডিউৰ মতে, "বিদ্যালয়ে সামগ্ৰিকভাৱে মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱনক প্ৰতিনিধিত্ব কৰে । মানুহৰ জীৱনৰ বিভিন্ন স্তৰত লাভ কৰা অভিজ্ঞতা সমূহৰ মাজত, এটা শিশু বা এগৰাকী যুৱক হিচাপে ব্যক্তিজনে যেনেদৰেই সমাজৰ অংশীদাৰ নহওক কিয়, সকলোৰে মাজত এটা মৌলিক ঐক্য থাকে আৰু ইয়েই সমগ্ৰ জীৱনটোক চহকী কৰি তোলাত অৰিহণা যোগায় । আকৌ নানৰ মতে "বিদ্যালয়ক শিকনৰ প্ৰাথমিক ক্ষেত্ৰ হিচাপে উপলব্ধি কৰিব লাগিব কিন্তু ইয়াত বিশেষ কিছুমান নিশ্চিত জ্ঞানহে কেৱল শিকা নহয়, বিদ্যালয় হ'ল এনে এখন ঠাই য'ত নৱ প্ৰজন্মক নিৰ্দিষ্ট কাৰ্য্য কিছুমানৰ আৰ্হিত, যিবোৰ কাৰ্য্যৰ বৃহত্তৰ পৃথিৱীত অধিক স্থায়ী গুৰুত্ব আছে, ছাত্ৰসকলক অনুশাসিত কৰি তোলা হয় ।"
সাধাৰণতে বিদ্যালয়ৰ কাৰ্য্য সমূহ হৈছে –
1. ন-শিকাৰুসকলক ভিন্নমুখী শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰা,
2. গণতান্ত্ৰিক সমাজ জীৱনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা,
3. সংস্কৃতিৰ সংৰক্ষণত বিশেষভাবে সহায় আগবঢ়োৱা,
4. সমাজ সংস্কাৰৰ আহিলা হিচাপে কাম কৰা,
5. বিজ্ঞানসন্মত মনোভাৱৰ বিকাশ সাধন কৰা,
6. বৃহত্তম সামাজ জীৱনৰ সতে সম্পৰ্ক বৰ্তাই ৰখাত সহায় কৰা,
7. শিশুৰ পূৰ্ণ বিকাশৰ বাবে সকলো ধৰণৰ সুবিধা প্ৰদান কৰা,
8. সামাজিক ন্যায়ৰ স্পৃহা জগাই তোলা,
9. নৈতিক আৰু বৃত্তিমুখী শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰা,
10. আত্মবিকাশৰ বাবে স্বাধীনতা প্ৰদান কৰা ।
গতিকে সামগ্ৰিক ভাবে বিদ্যালয়ৰ সফলতা বুলিলে উক্ত সকলো দিশতে ব্যক্তিৰ জীৱন তথা সমাজক এখনক কৃতকাৰ্য্য কৰি তুলিব পৰা দিশ বা বিদ্যালয়ে পেলোৱা ইতিবাচক প্ৰভাৱৰ কথাকে ক'ব পাৰি ।
বিদ্যালয় সমূহৰ ভূমিকা আৰু দায়বদ্ধতাসমূহৰ সফলতা চিনাক্ত কৰা প্ৰক্ৰিয়াটো বৰ্তমানৰ শিক্ষা জগতত বিদ্যালয়সমূহৰ সাফল্যৰ বিজ্ঞানসন্মত মূল্যাংকনৰ এটা মুখ্য বিষয় হিচাপে পৰিগণিত হৈছে । বিদ্যালয়সমূহৰ সফলতা শিক্ষাৰ উদ্দেশ্যসমূহ আৰু সমাজৰ প্ৰতি শিক্ষাৰ বাঢ়ি অহা দায়িত্বসমূহৰ সাফল্যৰ ওপৰত নিৰ্ভৰশীল ।
বিদ্যালয়ৰ সফলতা জোখা প্ৰক্ৰিয়াটো যথেষ্ট পৰিমাণে সাফল্যৰ স্তৰবোৰৰ ওপৰত নিৰ্ভৰশীল । এই বিদ্যালয় সফলতাৰ ধাৰণাটো সূত্ৰ বদ্ধ কৰাটো এক জটিল কাম । এই প্ৰক্ৰিয়াটো বিদ্যালয়ৰ পৰিবেশ, নিৰ্দেশ দিয়া নেতৃত্ব, উচ্চাকাংক্ষা আদি আৰু পৰিমাণত চলক অৰ্থাৎ সাফল্যৰ ৰাশিসমূহৰ পৰিভাষাৰে প্ৰকাশ কৰা হয় ।
বিদ্যালয়ৰ সফলতা জোখাৰ পদ্ধতিসমূহৰ বিশ্লেষণ কাৰ্য্য চাৰিটা স্তৰৰ মাজেৰে সম্পাদন কৰা হয় ---
1. সমষ্টিকৰণৰ স্তৰ,
2. সফলতাৰ নিৰ্ণায়কসমূহ,
3. বিশ্লেষণৰ সময়সীমা,
4. জনসংখ্যা (শিক্ষাৰ্থীৰ সংখ্যা) ।
বিশেষজ্ঞ সকলে অতি উচ্চ সাধন ক্ষমতা থকা অৰ্থাৎ সফলতা চুব পৰা বিদ্যালয় সমূহৰ যিবোৰ উপাদানক বিশেষ বৈশিষ্ট্য হিচাপে গণ্য কৰিছে সেই উপাদান সমূহ হ'ল –
1. শক্তিশালী প্ৰশাসনিক নেতৃত্ব । এনে নেতৃত্বই পাঠক্ৰম ৰচনাৰ প্ৰক্ৰিয়া, পাঠ্যক্ৰমৰ বজাৰ মূল্য বিবেচনাৰ কথাটো আৰু বজাৰৰ চাহিদা অনুসৰি মানৱ গুণাৱলীৰ বিকাশ বাবে নিৰ্দেশনা প্ৰদান প্ৰক্ৰিয়াসমূহ অন্তৰ্ভুক্ত কৰি লয় ।
2. ব্যক্তিত্বৰ প্ৰণালীবদ্ধ বিকাশৰ বাবে শিকনৰ কাৰণে সহায়ক এটা শৃখলাবদ্ধ আৰু নিৰাপদ পৰিবেশ ।
3. জ্ঞানৰ বজাৰত উচ্চতম চাহিদা থকা বুনিয়াদী দক্ষতা বৃদ্ধিৰ ওপৰত জোৰ দিয়া ব্যাপক আৰু বহলভাৱে বুজি পোৱা নীতি ।
4. শিক্ষকৰ আচৰণ --- ইয়াৰ দ্বাৰা চাকৰিৰ বজাৰখনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নূন্যতম নৈপুণ্য আহৰণ কৰৰ আকাংক্ষা কৰাৰ সামৰ্থ আৰু এটা সুন্দৰ জীৱন নিৰ্বাহ গঢ়ি তোলাৰ ইচ্ছা প্ৰকাশ ঘটে । শিক্ষাৰ্থীয়ে জ্ঞানৰ ব্যৱহাৰৰ নূন্যতম দক্ষতা আহৰণ কৰে, আৰু সময় আৰু অৱস্থা অনুসৰি পৰিশোধনৰ বাবে আঁচনিৰ মূল্যাংকনৰ ছাত্ৰৰ সাফল্যক ভেটি হিচাপে গ্ৰহণ কৰে ।
বিদ্যালয়ৰ এখনৰ সফলতাই বিদ্যালয়খনৰ শিক্ষাৰ মানদণ্ডক প্ৰতিফলিত কৰে । কোনো এখন বিদ্যালয়ে যদিহে তাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক, সামাজিক আৰু আবেগিক ফলাফল হিচাপে তেওঁলোকক বিশাল পৰিসৰত ভালভাৱে জীৱন নিৰ্বাহ কৰাৰ বাবে উপযুক্ত তথা উন্নত কৰি তোলাত কৃতকাৰ্য হয় তেনে সেই বিদ্যালয়খনক সফল বিদ্যালয় বুলি গণ্য কৰা হয় । এখন সফল বিদ্যালয়ে তাৰ ছাত্ৰ-ছাত্ৰীসকলক জীৱন সুন্দৰ কৰি তুলিবলৈ আৰু জীৱনৰ সকলো প্ৰত্যাহ্বান সাহসেৰে মোকাবিলা কৰাৰ বাবে সহায় আগবঢ়ায় ।
এখন সফল বিদ্যালয়ৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল –
1. অনুষ্ঠানটোৰ মূৰব্বীৰ শক্তিশালী নেতৃত্ব,
2. শিকন আৰু শিক্ষণ অনুশীলনসমূহৰ ক্ষেত্ৰত ব্যাপক আৰু বিশাল মনোযোগ,
3. শিকন আৰু শিক্ষনৰ বাবে অনুকূল এটা নিৰাপদ আৰু শৃংখলাবদ্ধ পৰিবেশ,
4. সকলো ছাত্ৰ-ছাত্ৰী আৰু সিহঁতৰ অভিভাৱকসকলৰ সাফল্যএ উচ্চাকাংক্ষা,
5. গৃহকাৰ্য্য, পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে পাঠসমূহ শিকাত সহায় আগবঢ়োৱা প্ৰক্ৰিয়া পিতৃ-মাতৃৰ অংশগ্ৰহণ,
6. অধিক প্ৰণালীবদ্ধভাবে শিক্ষণ কাৰ্যসূচী আৰু বিদ্যালয়ৰ কৃতকাৰ্যতাৰ মূল্যাংকনৰ বাবে ছাত্ৰ সাফল্য পৰীক্ষা কৰা তথ্যসমূহৰ ব্যৱহাৰ,
7. শ্ৰেণীকোঠা আৰু বিদ্যালয় পৰিসৰৰ ভিতৰৰ সমাজ, দল, নেতৃত্ব, ব্যক্তিত্ব প্ৰকাশৰ বাবে সুপ্ৰতিনিধিত্বমূলক অৱস্থাত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ,
8. একে বিষয়ৰ ক্ষেত্ৰত পাঠসমূহৰ মাজত বা একে বছৰতে নানা বিষয়ৰ মাজত সামঞ্জস্য স্থাপন কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলে বছৰত দেখুওৱা শিকন অভিজ্ঞতাসমূহৰ মাজত সামঞ্জস্য স্থাপন কৰা ।
সমাজৰ নৱপ্ৰজন্মই জীৱন প্ৰক্ৰিয়া আৰু সমাজৰ ওপৰত বিদ্যালয়ৰ প্ৰভাৱৰ বিষয়ে জনাটো এটা বৰ জটিল প্ৰক্ৰিয়া । সকলো কথা পুংখানুপুংখ ভাবে জনাৰ কাৰণে আমি বিদ্যালয়সমূহৰ প্ৰভাৱ ক্ষেত্ৰবোৰ চিনাক্ত কৰাৰ লগতে বিদ্যালয়সমূহে পালন কৰি থকা ভূমিকাৰ বিষয়ে উপযুক্ত মূল্যায়ন কৰাৰ বাবে বিদ্যালয় সমূহক শ্ৰেণীবিভক্ত কৰিব লাগিব । ***