ৰেডিঅ’ নষ্টালজিয়া
~ বিকাশ দিহিঙ্গীয়া
“এইয়া ‘আকাশবাণী’।” – কংসই
দৈৱকীক বসুদেৱৰ ঘৰত থ’বলৈ ওলোৱাৰ পৰত শুনা মাতটো কাৰ ধৰিব নোৱাৰি কৌতুহলেৰে জেষ্ঠজনলৈ
চাইছিলো।
উত্তৰ আছিল – ‘আকাশবাণী’।
তেতিয়া আমি সৰু। ৰেডিঅ’ত প্ৰায়ে
শুনা ‘আকাশবাণী’টো ৰাসৰ মাজলৈ কেনেকৈ আহিল সেয়ে ভাবি পাৰ নাপাইছিলো।
ৰেডিঅ’ই আৱৰি ৰাখিছিল আমাক
শৈশৱ-কৈশোৰত। তেতিয়া হাতে-হাতে মোবাইলফোন নাছিল। তেতিয়া ঘৰে ঘৰে টেলিভিশ্যন নাছিল।
তেতিয়া গাঁৱে গাঁৱে টাৱাৰ বহা নাছিল। আৰু আমাৰফালেটো বিদ্যুতৰ খুটা কেইটাটো তাঁৰ বন্ধা
হোৱা নাছিল।
‘বন্দে মাতৰম্’ বুলি কৈ ৰেডিঅ’টো
সদায় পুৱা মোতকৈ আগতেই সাৰপাইছিল। ভক্তিগীত বাজি থাকোঁতে পিতাই হেঁচুকি জগাছিল। কথাতে
কয় নহয়, ‘মাছৰ চিকুন মোৱা, টোপনিৰ চিকুন পুৱা’। চিকুন টোপনিৰ আমেজ ভাঙি দিয়া পিতালৈ
তেতিয়া বৰ খং উঠিছিল।
মূখ-হাত ধুই আইয়ে যতাই দিয়া
জলপান খাই আজৰি হওঁমানে ৰেডিঅ’খনে পঢ়া টেবুলত মোৰ বাবে ৰৈ থাকিছিল। ‘বিদ্যাৰ্থীৰ অনুষ্ঠান’
শুনি শুনি কিতাপ মেলিছিলো। জু-শালত ৰেডিঅ’খনে হিন্দী গীত গোৱা শুনিলেই কিতাপ সামৰি
স্কুল যাবলৈ সাজু হৈছিলো। তেতিয়া ৰেডিঅ’খনেই আমাক সময় জনাইছিল, আজিৰ দৰে ঘনে ঘনে ঘড়ী
চোৱাৰ প্ৰয়োজন হোৱা নাছিল।
নাটক, উপন্যাস পাঠ শুনিবলৈ
নিশা দেৰিলৈকে সাৰ পাই থকা মোৰ আজিও মনত পৰে। টোপনিটোৱে পিছে শুনিবলৈ দিবকে নুখোজে।
এইলৈয়ে কিমান যে যুঁজ শৈশৱত টোপনিৰ সতে !
ৰেডিঅ’ শুনি সাৰ পোৱা, ৰেডিঅ’ শুনিয়ে টোপনী যোৱা –
পাৰহৈ অহা সেই সময়চোৱা আজিও অতুলনীয়। আজি হাতে হাতে স্মাৰ্ট ফোন। ৰেডিঅ’, টেলিভিশ্যন,
ঘড়ী আদি আজিকালি মুঠিতে সোমাল। পিছে আবেগবোৰ হে জানো ক’তবা হেৰাল !
🔘 আকাশবাণী যোৰহাটত ৩১ জানুৱাৰী, ২০২১ ত সম্প্ৰচাৰিত হোৱা সৰু লেখাটো বিশ্ব ৰেডিঅ' দিৱস উপলক্ষ্যে আগবঢ়ালো।
আমাৰ শৈশব অতি মধুৰ আছিল ৰেদিঅ' ৰ বাবেই ।
ReplyDelete