বিয়াৰ যোৰানাম


 

বিয়াৰ যোৰানাম
সংগ্ৰহ — বিকাশ দিহিঙ্গীয়া


         বিঃদ্ৰঃ— ইয়াত (ক) মানে কইনাঘৰীয়া আৰু (দ) মানে দৰাঘৰীয়া।


(ক)
ৰঘুপতি, ৰঘুপতি
যোৰানাম গাবলৈ দিয়া অনুমতি

(দ)
শিৱ কৈলাশ পতি
যোৰানাম আমিও গাম
কৰিম হে ধেমালী

(ক)
পাণ খালে পুৰিব
চূণ খালে ডাকিব
আমি গোৱা যোৰা নামৰ
উত্তৰ দিব লাগিব

(দ)
বাৰীৰ পিছৰ পকা আম
পাৰি দিলে ভগাই খাম
উত্তৰ বাৰু দিবলৈ
চেষ্টা আমি কৰি চাম

(ক)
জাৰ্মানে জাপানে
যুঁজ কৰিছিল সমানে
বহু দিনৰ আশা দৰাৰ
ভগৱানে পূৰালে

পূৰালে টো পূৰালে
দৰাৰ আশা পূৰালে
মা দেতাৰ আশাত যাতে

চেঁচা পানী নপৰে

(দ)

মাছৰ নামে লালুৱা

আমাৰ দাদা হালোৱা

নবৌ হ’ব ৰোৱনী

পথাৰ হ’ব শুৱনি

 

(ক)

এখুটি-দুখুটি নাঙলৰ খুটি

বাইদেউতকৈ ভিনদেউ এহাতৰ চুটি

সেইজন ভিনদেৱে কিনো হাল বাব

দমৰা গৰুৱে চোচোৰাই নিব

 

(দ)

অ মন তৰা

কইনা সজাবলৈ আহে ক’ৰ পৰা

শুনিছো আহিছে লণ্ডনৰ লেডী

কইনা সজাবলৈ আহিছে দৌৰি

চকুলৈ কি চাবা বোন্দাকৈ মেকুৰী

মুখলৈ কি চাবা সাইলাভ ভেকুলী

হাতলৈ কি চাবা ফৰিঙৰ ঠেং

ভৰিলৈ কি চাবা বাঁহৰে জেং


(ক)
আহু চাউল কলীয়া
আমিটো নাজানো
ঐ ৰাম শালি চাউল বদলাই দিয়া হে
দৰা কলা বুলি আমিটো নাজানো
ঐ ৰাম ভায়েকক বদলাই দিয়া হে

(দ)
আহু চাউল কলীয়া
আমি হলে জানো
ঐ ৰাম শালি চাউল বিচাৰি দিম হে
বদলায়ে বাৰু ভায়েকক দিম হে
ঐ ৰাম ভনীক দৰালৈ নিম হে

(ক)
ৰভাৰ লাইট জ্বলিছে
ৰভাৰ লাইট জ্বলিছে
দৰা ধৰা লৰাজনে
মিচিক মাচাক হাঁহিছে

(দ)
ৰভাৰ লাইট জ্বলিছে
ৰভাৰ লাইট জ্বলিছে
কইনাৰ ভনীয়েকে
চকু টিপ মাৰিছে

(ক)
ৰভাৰ লাইট জ্বলিছে
ৰভাৰ লাইট জ্বলিছে
দৰাঘৰৰ মানুহবোৰ
গেলা গেলা গোন্ধাইছে

(দ)
ৰাম তুমি পদুম পাত
সীতা তুমি কচু পাত
ওচৰ চাপি নবহিবা
খজুৱাব ৰামৰ গাত

(ক)
এৰোপ্লেনৰ পাইলট
দৰা বহি আছেহি
মোহনৰ ষ্টাইলত

(দ)
লাওৰ পাত লেৰেলা
কইনাৰে সখীয়েকে

দেখুৱাইছে চেহেৰা
নাচাও আমি চেহেৰা
আমাৰ লগত অনা নাই

ফটো তোলা কেমেৰা

(ক)
হাৰমনিয়াম তবলা
দৰাঘৰৰ মানুহবোৰ
টোপনী গল হবলা

(দ)
পাৰি দিছা বিচনা
তৰি দিছা আঠুৱা
বা দিছা বিচনীৰ আহি গৈছে টোপনী

(ক)
চাহ চেকা চেকনী
দৰাঘৰৰ নামতি
কিহৰ ইমান ফুটনি

(দ)
আলি নহয় ধূলীবাট
কইনাঘৰৰ নামতীৰ
মুখ নহয় কচুপাত

(ক)
ৰভাৰ খুটা সেলেকা
দৰাঘৰৰ লৰাকেইটাৰ

হুঁচেই নাই হবলা

(দ)
ৰভাৰ খুটা সেলেকা
কইনাঘৰৰ ছোৱালীবোৰৰ চকু কেইটা টেলেকা

(ক)
টেলেকা যদি টেলেকা
আমি খোৱা পাতবোৰ

তোমালোকে চেলেকা

(দ)
মাছ মৰা জুলুকি
কচুপাত সানি দিম
আমাক জোকাই নলবি

(ক)
দেখাত হে চুক ভেকুলী
দৰাঘৰৰ নামতি
ক্ষুৰ নহয় বটালি

(দ)
বটালি যদি বটালি
তোমালোকো কটাৰী
ওচৰ চাপি নাহিবা
পেলাম বাপ্পেকে ঘটালি

(ক)
কুঁ‌হিয়াৰশালৰ জাবৰি
দৰাঘৰৰ মানুহবোৰ
জংঘলৰ গাহৰী

(দ)
ভলুকা বাহৰ লেকেচি
বেচিকৈ মুখ নচলাবা
পেলাম বাপ্পেকে থেকেচি

(ক)
বাৰীৰ পিছৰ খুতুৰা
দৰাৰে সখীয়েক
বিচনাতে মুতুৰা

(দ)
আলু কাটোম দ

পিয়াঁজ কাটো দ’ম দ’ম
কইনাৰে সখীয়েকক
ৰভাৰ খুটাত বান্ধি থ

(ক)
বাৰীৰ পিছৰ শিলিখা
আমাৰ আইদেউ ডাঙৰ দীঘল
সমাজতে জিলিকা
ৰভাৰ খুটা সেলেকা
দৰাৰে সখীয়েকৰ

চকু কেইটা টেলেকা

(দ)
চাৰি ঐ পাঁচ
কইনাঘৰৰ ছোৱালীবোৰ চেঙেলি মাছ
জপিয়াই জপিয়াই খালতে পৰে
ডেকা যেন দেখিলে দৌৰি আহে

(ক)
এক দুইকৈ লেখিলো
বহু বিয়া দেখিলো
লং পেন্ট পিন্ধি ছোৱালী খোজা
এইয়াই প্ৰথম দেখিলো

(দ)
ধুন ধুন ধুন ধুনীয়া
কইনাৰ ভনী বতাহী
নিচেই লাজুকীয়া কইনাৰ ভনী বতাহী
আমালৈ কৰিছা লাজে হে
কইনাৰ ভনী বতাহী
তামোল এখন দিয়াহি
লগত দিবা আৰু লং
তেহে পাবা আমাৰ সংগ

(ক)
লাই হালে জালে
মোকাল বাহৰ লেকেচি
আবেলিৰ বতাহে
মোকাল বাহৰ লেকেচি
লফা হালে জালে গাতে হে
মোকাল বাহৰ লেকেচি
মোকাল বাহৰ লেকেচি
বৰকৈ নকবা ককাল ভাঙিম ঠেকেচি

(দ)
কাঁ‌হি বাতি জাপ জাপ
কইনাঘৰৰ নামতীৰ
মুখে কৰে কাপ কাপ

(ক)
বেৰত বগায় মকৰা
দৰা ঘৰৰ লৰাবোৰ

একেবাৰে অকৰা

(দ)
দলি চপৰা
কইনাঘৰৰ নামতীক
দিম চুলি জোকোৰা

(ক)
নলৰ তলৰ মেটেকা
দৰা ঘৰৰ লৰাবোৰ
একেবাৰে খেচেৰা

(দ)
আমি খেলো লুডু
কইনাঘৰৰ নামতী
গছৰ ডালৰ হুদু

(ক)
নাদৰ পানী চেঁচা
দৰাঘৰৰ নামতি
বাঁ‌হৰ তলৰ ফেঁচা

(দ)
দোকানৰে গজা
কইনাঘৰৰ ছোৱালী
নাম গোৱাত কেঁচা

(ক)
ভগা লৰি ভগা জীপ
দৰা ঘৰৰ লৰা বোৰে
বোৱাৰীক মাৰে চকুটিপ

(দ)
বকৰানিৰ মাটি মাহ
কইনাঘৰৰ নামতী
খালত চৰা পাতিহাঁহ

(ক)
ভঁ‌ৰালৰে ঠুকুৰা
দৰাঘৰৰ লৰাবোৰ
ডাক দিয়া কুকুৰা

(দ)
কি কলা ঐ কি কলা
ধেমালীহে কৰিছো
কিয় বুজি নোপোৱা

(ক)
তিনিআলিৰ কেঁকুৰী
দৰাঘৰৰ লৰাবোৰ
মাছ খোৱা মেকুৰী

(দ)
দলি চপৰা
কইনা ঘৰৰ নামতীৰ
চুলিবোৰ জপৰা

(ক)
উঘা লেটাই চেৰেকী
দৰা ঘৰৰ লৰাবোৰৰ
কঁকাল ভাঙিম থেকেচি

(দ)
দুৱাৰ দলিত উজুতি
দুৱাৰ দলিত বিজুতি
কইনাঘৰৰ ছোৱালীবোৰৰ
ভেম দেখি বিচুৰ্তি

(ক)
বাৰীৰ ঢাপৰ মিঠা আম
পাৰি দিলে আমি খাম
দৰাঘৰৰ লৰাবোৰক

ঠেঙত ধৰি চোচৰাম

(দ)
কাঁহি বাতি জাপ জাপ
পেক পেকাই নাথাকিবি
ঢাৰি পাৰি বহি থাক

(ক)
চটিত বগাই নিগনী
নিগনীৰে পোৱালী
দালশলীয়াৰ পুতেকলৈ

নিদিওঁ আমি ছোৱালী

(দ)
চটিত বগাই নিগনী
নিগনীৰে পোৱালী
পইতাচুৰুণীৰ জীয়েকক
নকৰো আমি বোৱাৰী

(ক)
কাঁহি ঘূৰণীয়া বাতি ঘূৰণীয়া
জোৰোণৰে ভাৰখন কেই লাখ টকীয়া
ভিনদেউ নহয় ধনী
নেকলেচ দিছে নকলী
বাইদেউক দিয়া নেকলেচডাল

হাতী বন্ধা শিকলী

(দ)
বিলত পদূম ফুলিছে
কইনাঘৰৰ নামতীয়ে

সোণ চিনি পোৱা নে
যোৱা নামতী যোৱা গৈ
সোণাৰীৰ ঘৰলৈ যোৱাগৈ
আচল নে নকলি
সোণাৰী সুধি চোৱাগৈ

(ক)
অ পকা বিলাহী
ছোৱালী লুভীয়া
সন্ধ্যাতে পালেহি

(দ)
কেঁচা পকা বিলাহী
সম্প্ৰদানৰ সময় হ
আমি আহি পালোহি

(ক)
শিৱসাগৰ নাজিৰা
দৰাৰ সখীয়েকৰ

কেইটকাৰ হাজিৰা

(দ)
শিৱসাগৰ নাজিৰা
বন্ধু বুলি আহিছে
কিয় লব হাজিৰা

(ক)
এটি দুটি পদুপাত
দৰাঘৰৰ নামতিৰ মুখ নহয় কচুপাত
ওচৰ চাপি নাহিবা

খজুৱাব আমাৰ গাত

(দ)
হৈছে ঐ হৈছে
আমি গোৱা গান কেইটা
ঘূৰাই পকাই গাইছে

(ক)
আম দালি গাঁঠিছো
দুৱাৰমুখত আঁ‌ৰিছো
বেয়া নাপাবা দেই
ধেমালীহে কৰিছো

(দ)
আম দালি গাঁঠিছা
দুৱাৰতে আঁ‌ৰিছা
নাপাওঁ‌ দেই বেয়া
ধেমালীহে কৰিছা

 ___×___

(ব্যৱহাৰ কৰা ছবিঃ https://in.pinterest.com/pin/631418810243557138/)

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

Post a Comment

Previous Post Next Post