বাল্যবিবাহ

বাল্যবিবাহ ছোৱালী জীৱনৰ বাবে এক অভিশাপ

(Child Marriage is a curse for Girls)

~ বিকাশ দিহিঙ্গীয়া



বাল্যবিবাহ কিঃ

বাল্যবিবাহ বুলিলে সাধাৰণতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, বিভিন্ন সমাজত; এগৰাকী নাবালিকাক, এজন প্ৰাপ্তবয়স্ক বা অপ্ৰাপ্তবয়স্ক পুৰুষলৈ বিয়া দিয়াটোকে বুজা যায়। ভাৰতৰ আন ঠাইৰ লগতে অসমতো বাল্যবিবাহৰ প্ৰচলন দেখা যায়। অসমৰ ভিতৰৰ চৰ অঞ্চলৰ লগতে চাহবাগান কিছুমানত এই বাল্যবিবাহৰ প্ৰচলন পৰিলক্ষিত হয়। বাল্যবিবাহক আইনমতে নিষিদ্ধ ঘোষণা কৰাৰ পিছত আগতকৈ যদিও বাল্যবিবাহৰ হাৰ কমিছে তথাপিও সমাজৰ পৰা ই শেষ হৈ যোৱা নাই ।

বাল্যবিবাহ এগৰাকী ছোৱালীৰ জীৱনলৈ এক অভিশাপ স্বৰূপ। বাল্য বিবাহৰ ঘটনা বৃদ্ধিৰ ফলত অকালতে মাতৃত্বৰ বোজা লোৱাৰ বাবে অপুষ্টিত ভোগা শিশুৰ হাৰ তথা প্ৰসৱজনিত মৃত্যুৰ হাৰো সমান্তৰালভাৱে বৃদ্ধি পাইছে৷

উন্নয়নকামী সংস্থাবিলাক বহু ঠাইত বাল্যবিবাহ বিৰোধী কাম কৰি আছে যদিও সেয়া পৰ্য্যপ্ত নহয়৷ ভিতৰুৱা অঞ্চলবোৰত (বিশেষকৈ চৰ অঞ্চলত) দেখা যায় অপৰাধ প্ৰৱণতাৰ ধাৰাবাহিকতা৷ তদুপৰি দিনে দিনে বাঢ়ি গৈ আছে যৌন নিৰ্যাতনৰ ঘটনা, কিন্তু চৰকাৰ বা সংস্থা সমূহে উপযুক্ত ব্যৱস্থা লোৱা নাই এতিয়ালৈকে৷ শিশু সুৰক্ষাৰ বিষয়ত পাৰিবাৰিক, সামাজিক পৰ্যায়ত কিমানদূৰ সি নিৰাপদ আৰু সুৰক্ষিত তাৰ খবৰ কোনেও নাৰাখে৷ সেয়েহ নিজৰ ছোৱালীজনীক ভালে ভালে সোনকালে বিয়া দিয়াটোৱে উচিত বুলি ভাবে৷


বাল্যবিবাহৰ কাৰণসমূহঃ

১) দৰিদ্ৰতা আৰু ঠেক মানসিকতাৰ ফলত অভিভাৱকে ছোৱালী এজনীক যিহেতু এদিন এঘৰলৈ উলিয়াই দিবই লাগিব, গতিকে উচ্চ শিক্ষা দি টকা পইচা খৰচ কৰাতকৈ সোনকালে এঘৰলৈ উলিয়াই দিয়াটোহে ঠিক বুলি ভাবে। আনফালে আৰ্থিক দুৰ্বলতাৰ বাবে দৰাঘৰেও সুযোগ লয়।

২) শিক্ষাৰ প্ৰভাৱ নথকা অঞ্চলত এই বাল্যবিবাহৰ হাৰ বেছি হোৱা দেখা যায়। নিৰক্ষৰতাই বাল্যবিবাহত অৰিহনা যোগায়।

৩) বিবাহৰ প্ৰকৃত অৰ্থ নুবুজি নাৰীক ভোগৰ সামগ্ৰীৰ দৰে ভাবি, প্ৰেম আৰু বিয়াক পণ্য সামগ্ৰী হিচাপে গণ্য কৰাৰ প্ৰৱণতা।

৪) শিশু নিৰ্যাতনো বাল্যবিবাহৰ অন্যতম কাৰণ। বৰ্তমান প্ৰায়ে দেখা যায় শিশুৰ যৌন নিৰ্যাতন, ধৰ্ষণ আদি ঘটনা। এইবোৰৰ পৰা হাত সাৰিবলৈকো অভিভাৱকে বাল্যবিবাহৰ আশ্ৰয় লোৱা দেখা যায়।


বাল্যবিবাহৰ কুফলঃ

১) কম বয়সত বিয়া হোৱা ছোৱালীয়ে অপৈনত বয়সত যৌনকাৰ্য্য আৰু শিশুৰ জন্ম দিয়াৰ ফলত এইচ, আই, ভি আৰু প্ৰসূতিজনিত ফিষ্টুলাকে ধৰি স্বাস্থ্যজনিত সমস্যাত আক্ৰান্ত হয়।

২) মৰ্য্যদা, ক্ষমতা আৰু পৰিপক্কতাৰ অভাৱত কম বয়সীয়া ছোৱালীবোৰ ঘৰুৱা হিংসা, যৌন নিৰ্যাতন আৰু সামাজিক বিচ্ছিন্নতাৰ চিকাৰ হয়।

৩) কম বয়সত বিয়া হোৱাৰ ফলত ছোৱালীবোৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হয়, যি দৰিদ্ৰতা বৃদ্ধিত ইন্ধন যোগায়।

৪) বাল্য বিবাহে পুষ্টিহীন মাতৃৰ লগতে পুষ্টিহীন শিশুৰ সৃষ্টি কৰে । ফলত এখন ৰুগীয়া সমাজৰ সৃষ্টি হয়।

৫) স্বামী, সংসাৰ, সম্পৰ্কে বুজি উঠা আগতেই সংসাৰ আৰু সংসাৰৰ দায়িত্বভাৰ বোৱাৰীজনীৰ ওপৰত পৰে৷ শহুৰৰ ঘৰৰ চাপত পৰি সৃষ্টি হয় অশান্তি, পাৰিবাৰিক কলহ৷ ইয়াৰ ফলত আৰম্ভ হয় নিৰ্যাতন৷ এই নিৰ্যাতনে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে পৰিয়ালৰ সকলোৰে ওপৰত প্ৰভাৱ পেলায়৷ বিশেষকৈ শিশুসকলৰ ওপৰত বেছিকৈ প্ৰভাৱ পেলায়৷ শিশুসকল ভোগে নানা মানসিক অশান্তিত৷ যি সিহঁতৰ বাবে অত্যান্ত ক্ষতিকাৰক৷

৬) বাল্য বিবাহৰ বাবে ছোৱালীজনী শাৰীৰিকভাৱে পৰিপক্ব হোৱাৰ আগতে গৰ্ভধাৰণ কৰাৰ বাবে শিশুটিৰ গঠন ভালকৈ নহয় বা মগজুৰ বিকাশ নহয়, যাৰ বাবে বহু ক্ষেত্ৰত শিশু পংগু, মানসিক বিকাৰগ্ৰস্ত হোৱা দেখা যায়৷


বাল্যবিবাহ প্ৰতিৰোধৰ ব্যৱস্থাসমূহঃ

১) নাৰী শিক্ষা বাধ্যতামূলক কৰিব লাগিব৷ তাৰ বাবে শিশুশিক্ষা আইন ২০০৯ সম্পূৰ্ণভাৱে কাৰ্যকৰী কৰিবলৈ উচিত পদক্ষেপ লোৱা উচিত৷ এই আইন সংবিধানৰ ২১(ক) নং অনুচ্ছেদত অন্তৰ্ভূক্ত হৈছে৷ এই আইন অনুসৰি প্ৰতিজন শিশু ৬- ১৪ বছৰলৈ শিক্ষা বিনামুলীয়া৷ বয়সৰ এই সময়সীমা বৃদ্ধি কৰা উচিত আৰু বাধ্যতামূলক কৰা উচিত৷

২) যৌতুক ব্যৱস্থা নিৰ্মূল কৰিব লাগে৷ যৌতুক বিৰোধী আইন ১৯৮০ বলবৎ কৰিব লাগে৷ প্ৰায়ে দেখা ছোৱালীৰ বয়স হ’লে যৌতুক বেচিকৈ দাবী কৰে৷ গতিকে কম বয়সতে বিয়া দিয়ে৷

৩) নাৰী সংস্থাপনৰ ব্যৱস্থা কৰা উচিত৷ প্ৰত্যক নাৰীয়ে যাতে স্বনিৰ্ভৰশীল হোৱাৰ সুযোগ পায়৷

৪) গ্ৰাম বা চৰ চাপৰি সমূহত নানা ধৰণৰ সজাগতা সভা দিয়া উচিত, বিশেষকৈ নাৰীমেল আদি পাতিব লাগে৷ বাল্যবিবাহ প্ৰতিৰোধ কৰাৰ বাবে প্ৰশাসনৰ সহযোগিতা লোৱা উচিত৷

৫) বাল্য বিবাহ নিষিদ্ধ আইনখন বাস্তৱত ব্যাপক প্ৰচাৰ কৰা প্ৰয়োজন৷ লগতে ৰেডিঅ’, টেলিভিশন আৰু সংবাদপত্ৰত বাল্য বিবাহৰ কুফল সম্পৰ্কে আলোচনা কৰিব লাগে৷



১৯২৯ চনত ভাৰতীয় আইনৰ অধীনত ভাৰতত বাল্য বিবাহ নিষিদ্ধ কৰা হয়৷ ১৯৭৮ চনৰ পৰা বিবাহৰ নূন্যতম আইনগত বয়স মহিলাৰ ক্ষেত্ৰত ১৮ আৰু পুৰুষৰ ক্ষেত্ৰত ২১ বছৰ কৰা হয়৷ তথাপিও এই একবিংশ শতিকাতো বাল্যবিবাহ নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই৷ একবিংশ শতিকাৰ ভাৰতত তথ্যপ্ৰযুক্তিৰ প্ৰসাৰণে অনা পৰিৱৰ্তনৰ ফলত নাৰীয়ে পুৰুষৰ লগত সমানে খোজ মিলাইছে বুলি কোৱা হয় যদিও কিমান শতাংশ মহিলাই পাৰিছে? আজিও মহিলা সকল ঘৰৰ চাৰিবেৰৰ মাজত থাকিবলৈ বাধ্য হয়৷ মহিলা সাবলীকৰণ, ৩৩ শতাংশ মহিলাৰ আসন সংৰক্ষণ, নাৰীৰ অধিকাৰ নিশ্চিতকৰণ, নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বন আদি বিষয়বোৰৰ প্ৰসংগ দেশত সঘনাই উত্থাপিত হৈ আছে কিন্তু সিমান কাৰ্যকৰী হোৱাগৈ নাই৷ দেশৰ চুকে-কোণে নাৰী নিৰ্যাতন আৰু যৌন আতিশয্যৰ বিৰুদ্ধে প্ৰতিবাদৰ জনমত গঢ়ি উঠিছে৷ যদিও গ্ৰাম্য সমাজত প্ৰচলন হৈ থকা বাল্য বিবাহৰ দৰে কুপ্ৰথাৰ বহুল চৰ্চা হোৱা নাই৷

-----xxx----

(২০২০)

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

2 Comments

Previous Post Next Post