|| উদীপ্ত ||
~ বিকাশ দিহিঙ্গীয়া
কিমান আছিল তাৰ বয়স তেতিয়া ? চৌধ্য নে পোন্ধৰ ? হাইস্কুলৰ ওপৰ শ্ৰেণীৰ ছাত্ৰ সি। নাকৰ তলত জান-নিজানকৈ ৰেখা এডাল জিলিকাৰ সময়। মেগাজিনৰ শেষ পৃষ্ঠাৰ ফটো চাই, স্কুলত শিক্ষকে এৰি যোৱা বিজ্ঞানৰ বিশেষ পাঠটো চাই উত্তেজনাত উটি যোৱাৰ সময়।
কথাবোৰ অৱশ্যে পুৰণি হৈ পৰিল। সময়ৰ মেৰপেছত সলনি হ’ল পৰিবেশ, পৰিস্থিতি আৰু জীৱন।
‘সলনি হ’ল নে বাৰু মন ?’ – মাজে মাজে ‘পোনা’ই উদীপ্তক সোধে।
বহুদিনৰ মূৰত আজি নিজক কাষত পাইছে উদীপ্তই, ঐকান্তিক ভাবে। ৰূমমেট দীপাঙ্কৰ ৰূম এৰি দুদিনৰ আগতেই বেলেগলৈ ‘চিফ্ট’ হ’ল। কামৰ হেঁচা, দায়িত্ববোধ, পৰিস্থিতিৰ সতে ‘এদজাষ্টমেন্ট’, ঘৰুৱা সমস্যা, সহকৰ্মী-বন্ধুৰ সংগ, গতানুগতিক ব্যস্ততা, একঘেয়ামি দৈনন্দিনে তাক নিজৰ পৰা নিলগাই ৰাখে সাধাৰণতে।
চতুৰ্থ পেগটো হাতত লৈ উদীপ্তই ‘পোনা’লৈ মনত পেলাই।
সপোন খেদি খেদি আজি সি জীৱন তীৰ্থৰ ক্লান্ত যাত্ৰী। প্ৰাইভেট কোম্পানী এটাত ‘ডাটা এন্ট্ৰী অপাৰেটৰ’ৰ কাম কৰা উদীপ্তই কিমান তৰহৰ যে সপোন দেখিছিল সৰুৰে পৰা – ‘হাকিম হ’ম’, ‘পাইলট হম’, ‘এভাৰেষ্ট বগাম’, ‘পৃথিৱী ঘূৰিম’... আৰু ক’ত যে কি !
কোঠাৰ ব্লুটুথ বক্সত ৰিপিট ট্ৰেকত বাজি থাকে ‘ধিক্কাৰ এই জীৱন’। হিমাংশু প্ৰসাদৰ এই গানটো যেন তাৰ বাবেই সৃষ্টি !
জীৱনক লৈ দেখা প্ৰথমটো ডাঙৰ সপোন কি আছিল ? সি মনত পেলাবলৈ চেষ্টা কৰে। পোহৰতকৈ বেগেৰে উদীপ্ত ল’ৰালিৰ পদূলি পায়গৈ। হাতৰ গিলাচটো একেঘোটাই খালি কৰি স্মৃতিচাৰণত চকু দুটা মুদি দিয়ে।
“ডাঙৰ হ’লে কি কৰিবি ?”
“বিয়া পাতিম।”
সৰুতে কোনোবাই সুধিলে তাৰ মুখৰ আগত আছিল উত্তৰটো – ‘বিয়া পাতিম !’
বিয়া পতাৰ সপোন এটা আগত লৈ সি ডাঙৰ হৈছিল ! হুমুনিয়াহ মিশ্ৰিত হাঁহি এটা বুকুৰ পৰা উজাই আহি খুন্দা মাৰে তাৰ ওঁঠত। ভাৰাঘৰৰ সৰু কোঠাটোত তলমূৰ কৰি চিলিঙত বাদুলি ওলোমা দি মৃদু ঘেৰ-ঘেৰনি তুলি তিনিআলি এটা ঘূৰি থাকে উদীপ্তৰ মূৰৰ ওপৰত।
তিনিআলিৰ মূৰৰ বাবাকণ খুৰাকৰ ল’ৰা নিৰূপম তেতিয়া কলেজত পঢ়া চফল ডেকা। পঢ়াই-শুনাই ভাল, গাঁৱৰ মানুহৰ বাবে আদৰ্শবান ল’ৰা ! উদীপ্তহঁত তেতিয়া সৰু। গাঁৱৰ আটাইতকৈ অঘাইতং বুলি বিতোপন, ভৱেন আৰু তাৰ এটা সুনাম থকা সময়ৰ কথা এইয়া।
পঢ়া-শুনা নকৰি ধিতিঙালি কোবাই ঘূৰি ফুৰা ল’ৰাকেইটাৰ মাক দেউতাকে নিৰূপমক খাটনি ধৰিছিল – “এই শনিপাত কেইটাক অকনমান গত লগাচোন। যি লাগে খৰচ দিম।”
দিন বাগৰিছিল। লাহে লাহে সিহঁত কেইটাৰ পৰা আৰম্ভ হোৱা নিৰূপমৰ টিউচন চেন্টাৰটোতো ভিৰ বাঢ়িছিল। তিনিআলিত দুখনমান দোকান বহিছিল।
লাহে লাহে উদীপ্তৰ পঢ়া-শুনাত মন লাগিছিল। নিৰূপমে তাৰ পঢ়াৰ প্ৰতি বাকীবোৰ ল’ৰা-ছোৱালীতকৈ অধিক গুৰুত্ব দিছিল। টিউচনৰ বাহিৰেও কেতিয়াবা সিহঁতৰ ঘৰলৈ আহি তাৰ পঢ়া ধৰিছিল। নিৰূপমে তাক বন্ধুৰ দৰে বুজিছিল। মৰম কৰিছিল। বাহিৰা কিতাপ পঢ়াৰ অভ্যাসটোও উদীপ্তক নিৰূপমেই লগাইছিল।
নিৰূপমৰ কোঠাৰ কিতাপৰ আলমাৰিত সজাই থোৱা কিতাপবোৰ প্ৰথম দেখি সি অবাক হৈ গৈছিল – “ইমান কিতাপ !”
তেতিয়া সি সৰু। দহ-বাৰবছৰীয়া মান আছিল চাগৈ !
কিতাপৰ মাজত অন্য এখন পৃথিৱী আৱিষ্কাৰ কৰিবলৈ উদীপ্তৰ বেছি দিন নালাগিছিল। টিংকলবোৰ পঢ়ি সি খুব ভালপাইছিল। সুপন্দিৰ কাণ্ড পঢ়ি অকলে অকলে হাঁহিত ফাটি পৰিছিল। নিৰূপমে তাক আনতকৈ কিয় বেছি মৰম কৰে, কিয় ইমান যত্ন লয় সেইয়া ভাবি চোৱাৰ বয়স তেতিয়া হোৱা নাছিল। উদীপ্তৰ ভাল লাগিছিল নিৰূপমক – তাক যে আনতকৈ বেছি মৰম কৰে, কেৱল তাকহে কিতাপৰ আলমাৰি চাবলৈ দিয়ে।
‘কেৱল এইবাবেই নে !?’ – তাৰ হাতত এই প্ৰশ্নৰ সঠিক উত্তৰ আজিও নাই।
কিবা এটা অনামী আকৰ্ষণ অনুভৱ কৰিছিল সি নিৰূপমৰ প্ৰতি। নিৰূপমৰ সংগত নিজকে সজীৱ অনুভৱ কৰিছিল উদীপ্তই। তাৰ মনটোৱে সকলো সময়তে যেন নিৰূমপক কাষত বিচাৰিছিল !
কৰ্কশ সুৰ এটাত সি বিৰক্তিৰে চকু মেলে। মোবাইলটো বাজিছে। ফোনটো বিচাৰি সি পকেটত হাত ভৰাই। নাই চোন ! ক’ত বা বাজিছে !
বিচনাখনত আওঁজি মজিয়াত বহি থকাৰ পৰা উঠিব খুজি উদীপ্তই অনুভৱ কৰে – ‘ৰিমঝিমকৈ নিচা লাগিছে।’ বিচনাখনত দলিয়াই থোৱা ফোনটো বেঙা মেলি আনি আকৌ মজিয়াতে বহি পৰে সি।
“সেই গেলাসোপা আগত লৈ বহি আছা ন ?” – গীতিমল্লিকাৰ মৌ-বৰষা মাতষাৰ ফোনৰ সিটো পাৰৰ পৰা আহি তাৰ বুকুত সোমাই পৰে। উদীপ্তৰ বুকুখন ৰমৰমাই উঠে – এক অবুজ বেদনাত !
“নাই! ক’তোনো আৰু – দীপাঙ্কৰে যোৱাৰ আগতেই আনি থৈ যোৱা বটলটো আজৰি কৰি পেলাওঁ বুলিহে...।” – কথাষাৰ কওঁতেও সি মন কৰে, তাৰ জিভাখন গধুৰ গধুৰ হৈ পৰিছে।
“হ’ব হ’ব। কৈফিয়ৎ দিব নালাগে।” – ক্ষন্তেক নিৰৱতাৰ পিছত তাই আকৌ মৰমেৰে সোধে, “দিনটো কেনে গ’ল তোমাৰ ?”
গীতিমল্লিকাৰ এই মৰমত উদীপ্তই সকলো সমস্যা পাহৰি যাব পাৰে। কিমান যে ভালপোৱাৰে তাক আৱৰি ৰাখিছে তাই। যি সময়ত সি হতাশাত ভাগি পৰিছিল, নিজকে শেষ কৰি দিয়াৰ চিন্তাবোৰে তাৰ মানসিক সন্তোলন দোলাই তুলিছিল, সেই সময়ত গীতি তাৰ সাহস হৈ কাষত থিয় দিছিল – তাৰ মনৰ যুদ্ধখনৰ বিষয়ে একো নজনাকৈয়ে !
“ভালেই ! অফিচতে খালো আজি দুপৰীয়া। ‘বছ’ ছোৱালী এজনীৰ বাপেক হ’ল কালি। তাৰে পাৰ্টি দিছিল।” – কন্ঠৰ পৰা জড়তা আঁতৰাবলৈ চেষ্টা সি কয়, “তোমাৰ কেনে গ’ল ? ধনটি স্কুললৈ গৈছিল নে আজি ?”
গীতিমল্লিকাই কৈ যায় কথাবোৰ। সি শুনি যায়। ধনটিৰ দুষ্টালিবোৰ শুনি তাৰ মুখত হাঁহি বিৰিঙে। গীতিয়ে তাক ডবিয়াই, “পুতেৰাই কিমান হাৰাহাস্তি কৰে আমি হে জানো। তোমাৰ লাই পাই তাৰ অতপাল বেছি হৈ গৈ আছে।”
“বাপেক জানো কম আছিল ! বাপেকৰ পুতেকহে সি !” – পিতৃত্বৰ গৌৰৱ সনা হাঁহি এটা তৰংগ হৈ ফোনটোৰ মাজেৰে গীতিৰ কাষ পায়গৈ। ধনটিয়ে টিভি চাই থকা ককাক আইতাকৰ কাষৰ পৰা দৌৰি আহি মাকৰ ওচৰ পায়হি।
‘দেতা শুনাচোন’ বুলি গীতিয়ে ডাইনিং টেবুলত থৈ পাচলি কাটি কাটি কথা পাতি থকা ফোনটো লৈ ধনটি ড্ৰয়িং ৰূম পাইহি। আৰম্ভ হৈ যায় তাৰ ওজৰ-আপত্তি।
“জানানে দেতা মায়ে আজি মোক এনেয়ে পিটিলে। মই একো কৰাই নাছিলো। মায়ে মোক মৰমেই নকৰে জানা দেতা।” – ধনটিৰ কপাহ কোমল মাতটো সেমেকি আহে। ভৰিৰ কলাফুলত পৰা এচাৰিৰ কোবকেইটাই এইবাৰ মনত তাৰ ফৰফৰনি তোলে।
“মোৰ ধনটিক মাৰিছে ! ৰ’বা মই মাক ইয়াৰ পৰা গৈ ঠিকচে দিম নহয়। এনেয়ে এনেয়ে কোনোবাই মাৰে নেকি। বেছিকৈ দুখ পালা নেকি ?” – উদীপ্তৰ মনটো ভৰি উঠে।
“উম, এচাৰিৰেও মাৰিছে, হাতেৰেও মাৰিছে আৰু মোক আঁঠু কাঢ়িবলৈও দিছে।” – উষ্ণ আবেগ সনা উচুপনি এটাই উদীপ্তক ঘৰখনলৈ হাতবাউলী মাতে। যেন এতিয়াই উৰি গৈ ধনটিক কোলাত লৈ চকুপানী মচি দিব !
“হেৰৌ কিমান মিছা নলগাৱ বাপেৰক।” – ধনটিৰ হাতৰ ফোনটোৰ পৰা দেউতাকৰ মাতটো ভাঁহি আহে। উদীপ্তই ঘৰৰ পৰা শ মাইল দূৰৈত থাকিয়ে উপভোগ কৰে সময়বোৰ।
উদীপ্তৰ মাকে ধনটিৰ কোলাত লৈ বোৱাৰীয়েকক উদ্দেশ্যি মিছা বকনি তোলে, “নাকান্দে মোৰ সোণে। দিম নহয় সেইজনীক। ইমানকে মাৰে নেকি সৰু ল’ৰাটোক।” টপা-তপ চুমা দুটামান খাই কোচতে বহাই কথাবোৰ পাহৰাবলৈ কিবা কিবি কৈ ফুচুলাই তাক।
ফোনটো এইবাৰ দেউতাকে লয় – “কি কৰিছ ‘পোনা’ ? ভাত বনাইছনে ?”
“বনাবলৈ লৈছো আৰু।” – উদীপ্তই চুটি উত্তৰেৰে সামৰিব খোজে কথা।
“ই জাননে বৰ দুষ্ট হৈছে। দিনে দিনে অতপালি বাঢ়ি গৈছে। স্কুললৈ যাবৰ বেলিকা যিহে তাৰ ভাওনা ! কাৰো কথাই নামানে। একেবাৰে তোৰ দৰেই !” – দেউতাকৰ কথা কেইটাত তাৰ বুকুখন চিৰিং কৰি উঠে। অসহায়, অব্যক্ত শূন্যতাই হাঁহাকাৰ লগাই।
‘সকলোৰে দৰে হ’লেও মোৰ দৰে নহওক সি !’ – নেদেখাজনক সুঁৱৰি উদীপ্তই মনে মনে ভাবে, ‘ধনটিয়ে কেতিয়াও কঢ়িয়াই ফুৰিব লগা নহওক উত্তৰবিহীন প্ৰশ্নৰ মেটমৰা সম্ভাৰ !’
মেট্ৰিকৰ দেওনা পাৰহৈ বহল পৃথিৱীখনত খোজ দিওঁতে সি অলেখ নতুন নতুন মানুহ লগ পাইছিল, নতুন নতুন কথাৰ শিকিছিল।
“তই ‘লেডিজ’ নেকি ব্বে ?” –- লগৰ ল’ৰাই যেতিয়া মনৰ চকুৰে সন্মুখত দেখা ছোৱালী-বোৱাৰীৰ দেহৰ খলা-বমাৰ জোখ লয়, অশ্লীল ইংগিত দিয়ে; সি তাৰ পৰা ফালৰি কাটিব খুজে। সিহঁতে তাক শব্দৰে বিন্ধে, “ল’ৰা হৈ ছোৱালী এজনী জোকাবলৈ সাহস নাই, ‘মাইকী’ নেকি তই ?”
উদীপ্তই উভটি ধৰে –- “ল’ৰা হ’লেই বাটে-পথে অশ্লীল কথা পাতিবই লাগিব নেকি ? ছোৱালী-বোৱাৰী নুজোকালেই সি ‘মাইকী’ হৈ যায় নেকি ? বাটে-ঘাটে অভদ্ৰামী কৰি থকাতকৈ অলপ পঢ়া-শুনাও কৰিবি। মেণ্টেলিটি ঠিক কৰ অলপ।”
এদিন ল’ৰাৰ দৰে হ’বলৈ গৈ সি মদৰ গিলাচ হাতত তুলি লৈছিল। একপ্ৰকাৰৰ জেদত – ‘সিহঁতৰ দৰে মই কিয় নহম !’ গিলাচৰ চেঁচা ৰঙা পানীকণত নিজৰ অব্যক্ত বেদনা মিহলি কৰি পি পেলাইছিল সমস্ত যাতনা।
উদীপ্ত যিখন সমাজত ডাঙৰ হৈছে তাত মদ খোৱাটো অপৰাধ ! মদ খোৱা মানুহবোৰ বেয়া মানুহ, অপৰাধী।
‘তেনে মানুহে মদ খাই কিয় ? বেয়া মানুহ হ’ব খোজে কিয় ?’ – প্ৰশ্নবোৰে তাৰ পিছ নেৰিছিল, যেতিয়ালৈকে নিজেই মদৰ আশ্ৰয় ল’ব লগা হোৱা নাছিল। নিজক পাহৰি থাকিবলৈ নে প্ৰশ্নবোৰৰ পৰা পলাবলৈ শিকিছিল সঠিক নাজানে, কিন্তু মদৰ খাবলৈ আৰম্ভ কৰাৰে পৰা সি নিজক নিয়ন্ত্ৰণ কৰিবলৈ শিকিছিল।
‘নিচাই মানুহক সমস্যাৰ সতে যুঁজিবলৈ সাহস দিয়ে।’ – সি মাথো এইয়াই বুজিছিল।
নিৰূপমলৈ উদীপ্তৰ মাজে মাজে ভীষণ খং উঠে।
‘কিয় সি মোক কিতাপ পঢ়িবলৈ শিকাইছিল ? কিয় সি মোক ইমান মৰম কৰিছিল ?’
প্ৰশ্নবোৰৰ সঠিক উত্তৰ সি কোনোদিন পোৱা নাই। নিৰূপমক সুধিবলৈয়ো তাৰ স্বভিমানে অনুমতি নিদিয়ে। নিজস্ব ধাৰণাৰে সজাই লোৱা উত্তৰবোৰে তাক বেছি অস্বস্তিতহে পেলাই।
“আজি বাৰাণ্ডাৰ মাটিৰ টাবকেইটা মৰিয়াই মৰিয়াই ভাঙিলে। বোলে ভাগেনে নেভাগে চাইছিলহে সি !” – দেউতাকে নাতিয়েকৰ দুষ্টালিবোৰ কয়। উদীপ্তই বুজে, মাক দেউতাক দুয়োয়ে খুব উপভোগ কৰে ধনটিৰ কাণ্ডবোৰ। একমাত্ৰ সন্তানক দ্বিতীয়বাৰৰ বাবে ডাঙৰ হোৱাহে যেন চাইছে তেওঁলোকে !
দুই-চাৰিটা ঘৰুৱা কথা পাতি সি ভাত বনোৱাৰ অজুহাতত ফোন ৰাখে। বুকুভেদি কান্দোন এটা বাহিৰ হৈ আহিব খোজে – অব্যক্ত বেদনাত। সুখবোৰ হাতত পাইয়ো সুখী হ’ব নোৱাৰাৰ যাতনাত। ইচ্ছা কৰিলেও কান্দিব নোৱাৰে সি।
‘ল’ৰাই কান্দিলে শোভা নাপায় !’ – চুবুৰীৰ মানুহবোৰৰ উৰি অহা কথাবোৰ উদীপ্তৰ কৰ্ণগহ্বৰত বাজি উঠে।
‘মানুহে বাৰু শোভাবৰ্ধনৰ বাবে কান্দে নেকি ? চকুপানীবোৰ সৌন্দৰ্যবৰ্ধক নেকি ? দুখ যাতনা এইবোৰ ছোৱালীৰ হে সম্পদ নেকি ? ল’ৰাবোৰে বুকুত কি শিল লৈ থাকে ? আমাৰ কি অন্তৰ নাই ?’
ওখ জিঅ’ টাৱাৰটোৰ ওপৰত উঠি চিঞৰি চিঞৰি মানুহবোৰক সুধিবৰ মন যায় উদীপ্তৰ – 'কোনে নিৰ্ধাৰণ কৰিলে কান্দোন ছোৱালী-তিৰোতাৰ শোভাবৰ্ধক অলংকাৰ বুলি !'
মনতেই হওক বা দেহত, আঘাত পাই সৰুতে কান্দি উঠিলে সকলোকে জোকাইছিল – “তই মাইকী নেকি ? ছোৱালীয়েহে এনেকৈ কান্দে !”
লাজে-অপমানে জৰ্জৰিত হৈ জোৰ কৰি কান্দোন বন্ধ কৰিছিল সি। মাকে তাক ঘৰ সৰা, মোচা, বাচন ধোৱা, ৰন্ধা-বঢ়া সকলোতে লগাইছিল। লাগনি-পাচনি কৰিবলৈ বুলি ঘৰখনত মাক-দেউতাক আৰু তাৰ বাহিৰে আন মানুহ নাছিল। চাপৰিৰ পামত ব্যস্ত থকা দেউতাক দিনটো, কেতিয়াবা ৰাতিও ঘৰত নেথাকিছিল। সুবিধাই-অসুবিধাই মাকক সহায় কৰিবলৈ সি সদায়ে সাজু আছিল।
ঘৰলৈ অহা আলহীৰ লগত কথা পাতি থকাৰ পৰত মাকে তাকে চাহ বনাবলৈ পাচিছিল। সি বনোৱা চাহ কাপ হাতত লৈয়ে মানুহবোৰে শব্দৰ বাণেৰে আকৌ তাকে খুচিছিল – “ছোৱালী হোৱা হ’লেই ভাল আছিল অ’ ই। বৰ ধুনীয়াকৈ বনাব জানে চাহটুপি!”
মাকে গৌৰৱেৰে কৈছিল – “মোৰ অসুবিধা হ’লে ঘৰ মোচা, চোতাল সৰা এইবোৰো আমাৰ পোনায়েই কৰে।”
ভীষণ লাজ লাগিছিল তাৰ। মানুহবোৰে তালৈ কৌতুক-মিহলি চাৱনিৰে চাইছিল। তাৰ অসহ্য লাগিছিল। কামবোৰো মানুহে ভাগ কৰি পেলাইছিল লিংগ বিশেষে ! ল’ৰাৰ কাম, ছোৱালীৰ কাম !
লাহে লাহে সি ঘৰত কথা-বতৰা নমনা হৈ আহিছিল। ‘মাইকীৰ দৰে’, ‘ছোৱালীৰ নিচিনা’ – এই শব্দবোৰে তাক শেলে বিন্ধাদি বিন্ধিছিল। ল’ৰাৰ দৰে হ’বলৈ গৈ নাম পাইছিল অঘাইতং, অসভ্য !
স্কুল নথকা সময়চোৱাত উদীপ্তই ঘৰত থকা বাদ দিছিল। ইতিমধ্যেই ‘চয়তানৰ পোৱালি’ বিভূষণেৰে বিভূষিত বিতোপন, ভৱেনহঁতৰ লগ লোৱা আৰম্ভ কৰি দিছিল। ল’ৰাৰ দৰে ল’ৰা হ’ব খুজি সি এখন নিষিদ্ধ পৃথিৱী উদ্ঘাটন কৰিছিল। যি পৃথিৱীয়ে তাক প্ৰাকযৌৱনৰ কালচোৱাত উত্তেজিত কৰি ৰাখিছিল !
হঠাতে কোঠাটোত এন্ধাৰে চানি ধৰাত ‘ঘট’ কৈ শব্দ এটা তুলি চিলিং ফেনখনে গতি মন্থৰ কৰি আনে।
‘কাৰেণ্টটো এতিয়াহে যাব পালে’ বুলি ভোৰভোৰাই উদীপ্ত বিচনাৰ পৰা উঠিব খুজে। মজিয়াত থোৱা গিলাচটো ভৰিত লাগি টিঙ-টিঙিয়া শব্দ এটা এন্ধাৰত এৰি অলপ আঁতৰলৈ বাগৰি যায়।
মোবাইলৰ ফ্লাছ অন কৰি সি কোঠাৰ এচুকৰ টেবুলখনত থকা মম ডাল জ্বলাই খিৰিকিখনৰ এফাল মেলি দিয়ে। ভাৰাঘৰৰ দ্বিতীয় মহলাত থকা তাৰ সৰু কোঠাটোৰ খিৰিকিৰে চহৰখনৰ ব্যস্ততা জিলিকি উঠে।
আজি ৰন্ধা-বঢ়া কৰিবলৈ একেবাৰে ইচ্ছা যোৱা নাই উদীপ্তৰ। চকীখনতে গাটো এৰি দি সি ‘Swiggy’-ত চিকেন বিৰিয়ানী অৰ্ডাৰ দিয়ে।
চিগাৰেট এটা জ্বলাই সি বেলকনিলৈ ওলাই আহে। শূন্যত ধোঁৱাবোৰ উদ্দেশ্যহীন ভাবে এৰি দি বেলকনিৰে দেখা আকাশ টুকুৰালৈ চাই পঠিয়াই। তৰা ভৰা আকাশখনৰ এই টুকুৰাটোত জোন নাই। তৰাবোৰ বিশৃংখল ভাবে সিঁচৰিত হৈ আছে। আকাশৰ ফালে মুখ কৰি সি ধোঁৱাবোৰৰ কুণ্ডলী বনাবলৈ চেষ্টা কৰে।
হাতত চিগাৰেট এটা গুজি দি কলেজ হোষ্টেলৰ প্ৰথম নিশা চিনিয়ৰ বিদ্যুতে তাক এই ধোঁৱাবোৰৰ সতে পৰিচয় কৰাই দিছিল। সেইয়াই আৰম্ভণি। অস্থিৰ মনক স্থিৰ কৰিবলৈ, মন সাগৰৰ জোৱাৰ-ভাটাক শান্ত কৰিবলৈ তাৰ পিছৰে পৰা সি চিগাৰেটৰ ওপৰত ভৰসা কৰিবলৈ ল’লে। মনৰ অৱসাদ দূৰ কৰিবলৈ ধোঁৱাবোৰই এতিয়া বিশ্বস্ত সংগী !
জহকালিৰ নিৰ্জন দূপৰ এটাত উদীপ্তই নিৰূপমৰ কিতাপবোৰৰ এচুকত সহজে চকুত নপৰাকৈ লুকুৱাই ৰখা চিগাৰেটৰ পেকেট এটা উদ্ধাৰ কৰিছিল। যিটো পেকেট নিসন্দেহে বহু দামী আছিল।
‘নিৰূপম দাই চিগাৰেট খাই !’
গাঁৱৰ সকলোতকৈ ভাল ল’ৰা হিচাপে স্বীকৃত নিৰূপমৰ গোপন কথা এটা আৱিষ্কাৰ কৰি উদীপ্ত ৰোমাঞ্চিত হৈ উঠিছিল। পেকেটটো পুনৰ আগৰ দৰে লুকুৱাই থৈ সি ভিতৰৰ ফালৰ কিতাপবোৰ খুচৰিছিল। নিৰূপম তেতিয়া ভিতৰত নাছিল।
যেতিয়া নিৰূপম কোঠাত সোমাইছিল উদীপ্তৰ হাতত আছিল নগ্ন শৰীৰ দুটা বিশেষ ভংগিমাত আলিংগনবদ্ধ ফটোৰ বেটুপাতেৰে সৰু কিতাপ এখন ! কিতাপখন হাতত লৈ কঁপা কঁপা হাতেৰে সি পৃষ্ঠাবোৰ চকু বহল কৰি চাই আছিল। উত্তেজনাত তাৰ গালমূখ ৰঙা পৰিছিল। শৰীৰত অনুভৱ কৰিছিল অস্থিৰতা।
নিৰূপমে থাপ মাৰি তাৰ পৰা কিতাপখন আঁজুৰি আলমাৰিৰ দুৱাৰ বন্ধ কৰি দিছিল। উদীপ্তক লাজে বেৰি ধৰিছিল। নেদেখিব লগা কিবা দেখা বাবে নে নিৰূপমৰ হাতত ধৰা পৰা বাবে সি ভবা নাছিল।
তলমূৰ কৰি গুচি আহিব ধৰোঁতে নিৰূপমে তাক হাতত ধৰি নিজৰ ফালে টানি নিছিল। কিবা এটা ক’ব খোজোতেই তাৰ ওঁঠত গুজি দিছিল চিগাৰেটৰ ধোঁৱাৰে সিক্ত দুই ওঁঠ !
‘তাৰ তেতিয়া ঘিন লগা নাছিল কিয় ? সেই সময়ত চিঞৰ এটাও বাহিৰ হোৱা নাছিল কিয় ? কিয় চেষ্টা কৰা নাছিল নিৰূপমৰ বাহুবন্ধনৰ পৰা ওলাবলৈ ?’ – প্ৰশ্ন মাথো প্ৰশ্ন !
ফোনটো বাজি উঠে টেবুলত। দীঘলীয়াকৈ টান এটা মাৰি চিগাৰেটটো শেষ কৰে উদীপ্তই। ডেলিভাৰী বয়টোক তাৰ ৰূমলৈ অহা বাটতো ভালকৈ বুজাই দিয়ে সি। কাৰেন্টটো অহাত মমডাল নুমুৱাই ল’ৰাটোলৈ অপেক্ষা কৰে।
পোনাক নিজৰ মাজতে সামৰি সি কাইলৈ দিনটোৰ কথা ভাবে।
বহুদিন চেষ্টা কৰিছে কথাবোৰ গীতিমল্লিকাক ক’বলৈ। নোৱাৰে সি ক’ব ! জীৱনসংগী হ’লেও সকলো কথা জপাৰ পৰা আঁজুৰি কৈ দিব নোৱাৰি। কোনোমতে শৃংখলিত হোৱা জীৱনটোত আউল লগাৰ ভয়ত বা জী থকাৰ সাহস হেৰুৱাৰ ভয়ত !
মনৰ প্ৰশ্নবোৰ - সুপ্ত হৈ থকা ভাববোৰ খোলা-খুলিকৈ পাতিবলৈ বহুদিন বন্ধু-বৰ্গৰ সতে চেষ্টা কৰিছে। নাই, এনে কোনো নাই যি শুনিব তাৰ কথা; যি বুজিব তাৰ বুকুৰ বেথা।
‘কাক কম, কোনে শুনিব ? যাকে কম সিয়ে লঠিয়াব।’
প্ৰত্যেক মানুহেই বুকুত লৈ ফুৰে একোখন নিজা পৃথিৱী। য’ত চলি থাকে মন মগজুৰ তয়াময়া ৰণ, মাজে মাজে হৈ থাকে শান্তি চুক্তি। নোৱাৰি – সকলো কথা কাকো ক’ব নোৱাৰি ! একান্তই ব্যক্তিগত বুলি সকলোৱে মনত লৈ ফুৰে একোখনকৈ এন্ধাৰ ডায়েৰী – য’ত লিখা থাকে নিজৰ লগতো পাতিব নোৱাৰা অলেখ কাহিনী !
‘কামৰ পৰা চাৰিদিন ছুটি লোৱা হৈ গৈছে। গীতিক কোৱা নাই।’
উদীপ্তই ঘপকৈ ঘৰলৈ গৈ চাৰপ্ৰাইজ এটা দি দিয়াৰ কথা ভাবে। হঠাতে তাক দেখি আনন্দত নাচি উঠিব লগা ধনটিৰ ছবিখন মনলৈ আহে।
‘ধনটিক অন্তৰঙ্গ বন্ধু হিচাপে ডাঙৰ কৰিব লাগিব। তাক তাৰ দৰে বুজিব লাগিব।’ – উদীপ্তই ভাবে, ‘আজি দেতা দেতা বুলি আব্দাৰ কৰা ল’ৰাটোৱে এদিন তাক নিসংকোচে সকলো কথা ক’ব পৰা হ’ব ! ধনটিৰ মনৰ সকলো ভাৰ ল’বলৈ সি নিজকে প্ৰস্তুত কৰিব লাগিব।
খবৰ নিদিয়াকৈ ঘপকৈ গৈ ওলালে কেনে হ’ব গীতিৰ মুখৰ ৰং ? নোকোৱাকৈ যোৱাৰ অভিমানত সেমেকীব নে তাইৰ নয়ন ? – নিজে কল্পনা কৰি লোৱা দৃশ্যটোৱে তাৰ ওঁঠত হাঁহি এটা বিৰিঙাই যায়।
গীতিমল্লিকাৰ প্ৰতি থকা অনুৰাগবোৰ ভালপোৱা নে কৃতজ্ঞতা সি ভবা নাই কোনোদিন। কলেজত পঢ়ি থাকোতে লগ পোৱা ছোৱালীজনীয়ে দুমাহ চিনাকিৰ পিছতে চেমিষ্টাৰৰ শেষ পৰীক্ষাৰ দিনা কি সাহসত তাৰ সতে গুচি আহিছিল সি গমি চোৱা নাই এবাৰো। কাহানিও জুমি চাব বিচৰা নাই গীতিৰ মনৰ এন্ধাৰ ডায়েৰিত লিখা আছে কি ! মৰম বুলি যি দি গৈছে অতদিনে সেইখিনি তাৰ দায়িত্ববোধ নে আন কিবা তাকো সি ভবা নাই।
একপ্ৰকাৰৰ জেদত, ভিতৰৰ দূৰ্বলতাখিনি লুকুৱাই নিজৰ সাহস দেখুওৱাবলৈ গৈ সি গীতিক প্ৰেমৰ প্ৰস্তাৱ দিছিল। অনাকাংক্ষিত ভাবেই গঢ়ি উঠিছিল এটা সম্পৰ্ক !
‘ভালপাওঁ বুলি কোৱা আৰু ভালপোৱা একে নহয়।’ – বহু দেৰিকৈ সি অনুভৱ কৰিছিল।
“...প্ৰথম মৰমে যদি সঁহাৰি নাপায়
কাষৰ ৰূমৰ পৰা টিভিত চলি থকা ভূপেন্দ্ৰ সংগীতৰ ৰিয়েলিটি শ্ব’ এটাৰ মাত ভেন্টিলেটৰে সৰকি আহি উদীপ্তৰ ৰূমত উৰি ফুৰে।
উদীপ্তই নিজক জানে, বুজে। কেৱল ভয় কৰে নিজকে আৱিষ্কাৰ কৰিবলৈ, পোনাক খোলাৰ পৰা বাহিৰলৈ আনিবলৈ।
কথাবোৰ ইমান গভীৰলৈ ভাবিব নোখোজে সি। তাৰ ভয় লাগে চাৰিওফালৰ মানুহবোৰলৈ।
“নিৰূপমৰ প্ৰতি এতিয়াও বুকুত কঢ়িয়াই ফুৰিছ ভালপোৱাৰ অনুৰাগ। আজিও মুক্ত হ’ব পৰা নাই তই ভৰ দূপৰৰ বাহুবন্ধন এটাৰ পৰা !” – পোনাই খোলাৰ পৰা মাত দিয়ে।
দুৱাৰত হোৱা খট্-খট্ শব্দত উদীপ্ত উচপ খাই উঠে।***
ভাল লিখিলা
ReplyDeleteপঢ়ি ভাল পাবা বুলি জানি ভাল লাগিল মোৰ। ধন্যবাদ তোমালৈ
Deleteবৰ্ণনাশৈলী খুব সুন্দৰ... তথাপি বৰ্ণনাত দুই এঠাইত দোষ থাকি গ'ল | বিষয়বস্তু সুন্দৰ... নিৰূপম আৰু পোণাক কম সময়হে লগ পোৱা হ'ল কিন্তু স্মৰণীয়... আকৌ দুয়োকে আগলৈ লগ পাম বুলি আশাৰে
ReplyDeleteধন্যবাদ আপোনালৈ
Deleteশব্দৰ গাঁথনি ভাল , নিভাঁজ
ReplyDeleteধন্যবাদ এনেকুৱা গল্প আমাক লাগে , শুভকামনা❤️
❤️মন্তব্যই সুখী কৰিলে। ধন্যবাদ❤️
Deleteবহুত ভাল লাগিল। বিষয়বস্তু সুন্দৰ। আৰু লিখন শৈলী অতুলনীয়।
ReplyDeleteআন্তৰিক ধন্যবাদ ❤️
Deleteপঢ়ি বহুত ভাল লাগিল দাদা
ReplyDeleteধন্যবাদ তোমালৈ
Deleteভাল লাগিল
ReplyDeleteধন্যবাদ
Deleteধন্যবাদ
Deleteবৰ ভাল লাগিল।
ReplyDeleteধন্যবাদ
Delete