এটা নঞৰ্থক কবিতা

এটা নঞৰ্থক কবিতা

~ বিকাশ দিহিঙ্গীয়া

https://www.shutterstock.com/image-vector/illustration-sad-black-kid-boy-rainbow-1207554832

(১)
জীৱনতকৈ কঠিন জী থকা,
মৃত্যুতকৈ সহজ মৰি যোৱা।

আমি অতি সহজে মৰো,
আৰু যন্ত্ৰনাৰ পথেৰে উজাই আহি জী থাকিব খোজোঁ।

জী থকা মানেনো কি,
প্ৰতি পল মৰিবলৈ গৈ থকা।

(২)
বুজন হোৱাৰ আগতে কোনোবাই সুধিছিল - "ডাঙৰ হৈ কৰিবি কি ?"
মুখত এসোপা নিলাজী ৰং আঁ‌কি সি কৈছিল "বিয়া পাতিম"।

চুবুৰীয়াই তাতে ৰস পাইছিল, মাক-পিতাকৰ মুখতো বিৰিঙিছিল হাঁ‌হি। গাঁ‌ৱৰ সিমূৰৰ শেৱালিক তাৰ সতে যোৰাইছিল সমনীয়াই - "দুইয়ে দুইয়ে চাৰি, শৰতত ফুলে শেৱালি"। কোনোওটো ডবিওৱা নাছিল "ফুকলিয়া ল'ৰা, এই বয়সতে এনে কথা!"

শেৱালিৰ অমল পাহিবোৰ সি হেমন্ত অহাৰ বাটত সিঁ‌চিছিল। টিউচনত লগ পোৱা হেমন্তক তাৰ ভাল লাগিবলৈ ধৰিছিল! হেমন্তৰ কহুঁ‌ৱা কোমল হাঁ‌হিটোত কি জানো বেজাৰ আছিল; আমাৰ নায়কৰ বুকু শাঁ‌ত পৰি গৈছিল।

জীৱননো ক'ত ?
জী থকাৰ হেঁ‌পাহ বাঢ়ে য'ত।

হেঁ‌পাহবোৰ বাঢ়ি অহাৰ বাটত থাকে লাজুকী লতাৰ দলিছা। সদায় নেদেখা কথা এটা জনাজনি হ'বলৈ লাগেনো কতবেলা। তাতে এইয়া যে ল'ৰাই ল'ৰাক ভালপোৱাৰ কথা !

শৰত-হেমন্তৰ যুটিক লৈ চুবুৰীয়াৰ সৰৱ আলোচনা। কথাই কথাই ককৰ্থনা, ঠাট্টা-মস্কৰা - "ছিঃ ইমান পাপ কথা !"

মাক-পিতাকে বুজালে তাক- "বয়ঃসন্ধিৰ পিচল ঘাট, হৈ যায় কেতিয়াবা।" নায়কে হেৰুৱালে টিউচনৰ বাট।

নায়কক ৰাখিলেগৈ দূৰৈৰ হেৰেমত - শৰত হেমন্ত কিম্বা বসন্ত একোৱেই চুব নোৱাৰে য'ত। নাম তাৰ - "ব'ৰ্ডিং স্কুল।"

কিছু বছৰৰ থাকি, হেৰেমত শেষ কৰি জীৱন নায়ক উভতিল যোৱা বাটে। তেতিয়া হেমন্ত কাল, শেৱালি সৰা পদূলিত খোজ দিওঁ‌তে নায়কৰ বুকুত বাজিছিল ৰাগ মেঘমল্লাৰ।

আহি ক'লে, "সেইয়া বয়ঃসন্ধিৰ ভুল নাছিল পিতা। মই যে সঁ‌চাকৈ এনেকুৱা। বুকুত ৰৈ ৰৈ নাচে ৰামধেনুবুলীয়া এখন চিলা।"

পিতাকে গৰজিলে, "এইলৈকে পঢ়ালো, হোষ্টেলত ৰাখিলো ?"

মাকে ক'লে, "ভাল স্কুলত পঢ়িলি-শুনিলি এইয়া হে শিকিলি ? নাভূত-নাশ্ৰুত কথা !"

আমাৰ নায়কে বুজাব খুজিলে, "এইয়া যে চৰাচৰ কথা।"

"ফুকলিয়া ল'ৰা, বৰ বৰ কথা। পাখি গজিল কি নাই আমাতকৈ হৈ গ'লি জনা ? ওঁ‌ঠ চেপিলে হয়তো এতিয়াও ওলাব গাখীৰ এসোঁ‌তা।" - সকলোৱে গৰকি ধৰিলে আৰু মোহাৰি পেলালে জী উঠিব খোজা
সপোন এটা !

(৩)
"জীৱনতকৈ কঠিন জী উঠা,
মৃত্যুত কৈ সহজ মৰি যোৱা !"
- মই নহয়, আমাৰ নায়কে কোৱা কথা।

হওঁ‌তে এককথাত এইটো হ'লগৈ এটা নঞৰ্থক কবিতা;
বুকুৰ বেথা ক'বলৈ যাওঁ‌তে খোকোজা লগাটো কিবা জানো
অস্বাভাৱিক কথা।



(২০২১)

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

13 Comments

  1. মইয়ে লিখিছোNovember 9, 2022 at 8:41 PM

    কবিতা নহ'লগৈ 😂

    ReplyDelete
    Replies
    1. নহ'লগৈ 😂 নোৱাৰি আৰু টানি থাকিব। বাদ দিয়াই ভাল।

      Delete
  2. Replies
    1. আফুঘাটৰ একচ্ছত্ৰী সম্ৰাটNovember 9, 2022 at 9:44 PM

      ছাৰ। হাঁ‌হি দিয়ক 😂

      Delete
  3. বাহ! সুন্দৰ কবিতা ৷

    ReplyDelete
  4. ধুনীয়া ♥️

    ReplyDelete
  5. ভাল লাগিল

    ReplyDelete
  6. ধুনীয়া হৈছে

    ReplyDelete
Previous Post Next Post