নুফুলা ফুলৰ ইতিকথা (বুৰঞ্জীমূলক গল্প)

নুফুলা ফুলৰ ইতিকথা (বুৰঞ্জীমূলক গল্প)

~ বিকাশ দিহিঙ্গীয়া ~

 


      আজি তাৰ এনায়েকলৈ খু-উ-ব মনত পৰিছে । এনায়েকৰ বুকুৰ উমত সোমাই আকৌ এবাৰ ফেঁ‌কুৰি উঠিবৰ মন গৈছে…।
     "ৰাজকোঁ‌ৱৰে কান্দিলে বেয়া দেখি ছ্যু…মোৰ সোণ, তই চাওফা হ'ব লাগিব । চাওফাই যদি কান্দে প্ৰজাই তোক জানো সন্মান কৰিব !! নাহাঁ‌হিবনে বাৰু কান্দুৰা ৰজা বুলি… !"
    এনায়েকে বুকুত সাবটি তাৰ জপৰা চুলিবোৰ আঙুলিৰে লিৰিকি লিৰিকি মৰমেৰে কৈছিল । সি জানিছিল, তাক বুজনি দিবলৈ গৈ এনায়েকেও কান্দিছিল… নিজৰ কলিজাৰ এফাল একমাত্ৰ জীয়াৰী চকুৰ সন্মুখতেই হেৰাই যোৱা দৃশ্য বাৰু কোন মাতৃয়ে পাহৰিব পাৰে !

    কান্দিছিল… একমাত্ৰ জী নাং মুঙ ব্লক খাম চেঙক বাধ্যত পৰি বয়সীয়াল ৰজাৰ সতে চকলঙ কৰাব লগা হোৱা দিনাও মাও লুঙৰ ৰাজৰাণীয়ে গোপনে কান্দিছিল । ৰাজতন্ত্ৰৰ চাৰিবেৰ মাজত, কাৰেঙৰ ওখ গড়ৰ ভিতৰত কোনেও দেখা নাছিল এগৰাকী মাতৃৰ চকুলো ।
    ছ্যুৱে বুজে তাৰ এনায়েকক । জন্মৰ তিনি দিনতে মাকক হেৰুৱাই মাউৰা হোৱা ছ্যু, মাও-লুঙৰ হ'ব লগা চাওফা ছ্যু-কা-ফা সি । মঙ মিতৰ পৰা দেউতাক আহে বহু বছৰৰ মূৰত কেতিয়াবা, আলহীৰ দৰে । ছ্যুৱে কেৱল চেহেৰাহে দেখিছে পিতাকৰ । তেজগোৰা মুখমণ্ডল, বয়সে আঁ‌চোৰা যদিও তজ-বজিয়া মঙ-মিত-কুপ-ক্লিং-নঙৰ চাওফা চাঙ ন্যেও। মঙৰি-মুঙ-ৰামৰ ৰাজকুমাৰ ফু-চাঙ-কাঙে পুথাওৱেক তাই-পুঙৰ মাও-লুঙ আক্ৰমন কৰিবলৈ আহি নাং-ব্লক-খামৰ পাণি গ্ৰহণ কৰি চাঙ-ন্যেও নাম লৈ মঙ-মিতৰ চাওফা হোৱা প্ৰৱল পৰাক্ৰমী তাৰ দেউতাকক সি ভালকৈ মাতবোলেই কৰি পোৱা নাই । দেউতাকৰ আঙুলিত ধৰি আবেলি পুখুৰীৰ পাৰে পাৰে খোজ কাঢ়িবলৈ তাৰো মন যায় । দেউতাকৰ সতে হাতীত উঠি প্ৰজাৰ মাজত ঘূৰিবলৈ বৰ মন যায় তাৰ । মঙ-মিতত তাৰ দুজন পী-চাই আছে বুলি সি শুনিছে । একেবাৰে নিজৰ পী-চাই, নয়-ছান-ফা আৰু ছ্যু-জত্-ফা; তাৰ দেউতাকৰ আন দুজনী ৰাণীৰ ফালৰ । কিমান যে সৌভাগ্যবান সিহঁত দুটা ! সদায় দেউতাকৰ সতে ফুৰিবলৈ পায়, কথা পাতিবলৈ পায় ।
     নিচাওদেৱেক প্যামেউপুঙে কেতিয়াও দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই যদিও কোনোবাখিনি ঐকান্তিক মুহূৰ্তত এক অজান বিষাদে ছানি ধৰে ছ্যুৰ মন আকাশ । নতুনকৈ চকলং কৰাই অনা এপাদেৱেকৰ চাৱনি তাৰ সহ্য নহয় । কিবা এটা কুটিলতা ফুটি উঠে সেই জিলিকা দুচকুত । ফুটি উঠে ঈৰ্ষাৰ দাৱানল ।
    "ছ্যু-কা-ফা হ'ব মাও-লুঙৰ ভৱিষ্যতৰ চাওফা" --- কথাটো যেন সজম কৰিব নাই আপাদেৱেকে । নিচাওৱেক, এনায়েক আৰু চাৰিজনী পী-ছাউৰ মাজত মাতৃহাৰা ছ্যু আলাসৰ লাৰু । শিক্ষা-দীক্ষাৰে সকলো দিশত তাক উপযুক্ত চাওফা কৰি তুলিবলৈ প্যামেউপুঙ প্ৰতিজ্ঞাবদ্ধ ।
     'মানুহে পাতে, বিধাতাই ভাঙে' --- এটি এটিকৈ দুটি ল'ৰাৰ পিতৃ হ'ল প্যামেউপুঙ, সৰু ৰাণী নাম আপৰ ফালৰ…! এনায়েক নিচায়েকৰ সপোনবোৰ তাচপাতৰ দৰে খহি পৰিল নাম-মাও উপত্যকাত ।
    নাই, ছ্যু-কা-ফাৰ মনত কোনো খেদ নাই । তাৰ মাত্ৰ বেয়া লাগিছিল এনায়েক-নিচাওৱেকৰ মনৰ কথা ভাবি । এফালে প্ৰাপ্তিৰ আনন্দ, আনফালে প্ৰতিশ্ৰুতি ! এফালে একমাত্ৰ জী নাতি, আনফালে বৃদ্ধকালত ফ্ৰা-ত্ৰাৰ কৃপা !!
      সোঁ‌ৱৰণীৰ বৰপেৰা ভাঙি হুৰ-মুৰাই নামি আহিছে নাম-মাও নৈ । খৰস্ৰোতা স্মৃতিবোৰে ভাঙি পেলাই মনৰ বান্ধবোৰ । ভীৰৰ মাজত এযোৰ সলজ চকু, চাৱনিত বিজুলী…
     "চকু থৈ চকুত এবাৰ
      ক'বা নেকি
      নুফুলা ফুলৰ ইতিকথা…" ---- বুকুৰ উশাহ ঘন হৈ আহে ছ্যুকাফাৰ ! চকুযোৰ গৈ থাকে ভটিয়নী সোঁ‌তত । গৈ গৈ পাটত বহা বেলিৰ সতে একাকাৰ হৈ পৰে সেই চকু !
      চিল-মিলকৈ টোপনি আহিছিল হে । ঘন হৈ অহা উশাহবোৰত সাৰ পাই ছ্যু-কা-ফাই শোৱাপাটিৰ পৰা উঠি মুকলিলৈ ওলাল । পুঁ‌ৱতি তৰাটোৱে তালৈ চাই মিচিক-মাচাক হাঁ‌হি আছে । হাতীপতিৰ পৰা হঠাৎ খহি পৰিছে দুই এটা পপীয়া তৰা ।
   মাও লুঙৰ চাওফা ছ্যু-খান-ফাৰ সাম্ভাব্য আক্ৰমনৰ বতৰা লৈ গুপ্তচৰ অহা দিনাৰে পৰা ছ্যুকাফাৰ টোপনি নাই ।
   ছ্যু-খান-ফা…খান-ফা, সৌ সিদিনা তাক কোলাত লৈ ছ্যুকাফাই শোৱাইছিল হে ! এতিয়াও চকুমুদি অনুভৱ কৰিব পাৰে সি, খান-ফাক প্ৰথমবাৰ কোলাত লওঁতে ছ্যুৰ বুকু তিয়াই এৰি দিয়া পানীডোঙাৰ গৰম অনুভৱ ! তাৰ ঠেহ ভাঙিবলৈ গৈ কি কি যে ভাও কৰিব লগা নহৈছিল, নিজে গছত উঠি বান্দৰৰ নাচ দেখাব লগা হৈছিল…আৰু ক'ত যে কি ! খান-ফাৰ পিছে পিছে আহিছিল চাম্-লুঙ-ফা । এপাদেৱেক নাম-আপৰ মুখত জিলিকিছিল যুদ্ধজয়ৰ হাঁ‌হি ! যুদ্ধজয়…!
    ছ্যুকাফাই মনত পেলাবলৈ যত্ন কৰিলে আপাদেৱেকৰ সেই চাৱনি, সেই হাঁ‌হি । তাৰ কি ভুল আছিল ? সিটো কোৱা নাছিল মাও-লুঙৰ চাওফা হ'ম বুলি, তাৰটো হাবিয়াস নাছিল ৰজা হোৱাৰ । এনায়েক, নিচাওৱেকেহে সপোন দেখিছিল ! আৰু বলি হ'ব লগা হ'ল সি ! 'ফ্ৰা-ত্ৰা'ই বাৰু তাৰ মনৰ কথা বুজেনে, আনে নুবুজিলেও !
     "চাও নুৰু চাও কা ঐ…" ---- ফ্ৰা ত্ৰাক উদ্দেশ্যি ছ্যুই মনতে গুণ গুণাই উঠিল আই চিং লাউ ।

    "আমি চাওফা হ'ব লাগে কিয় ?"
    "যুদ্ধ কিয় কৰে মানুহবোৰে ?"
    "নাম-মাওখন ক'ৰ পৰা বৈ আহিছে আৰু ক'লৈ যাব ?"
    "পশ্চিমৰ সৌ পাহাৰটোৰ সিপাৰে কি আছে নং চাই, বেলিটো যে সদায় তাতে লুকাই ?"
     ---- ছ্যু-খান-ফাৰ প্ৰশ্নৰ উত্তৰ দি দি ভাগৰি নপৰে ছ্যুকাফা । সৰু সৰু চকু আৰু থিং খোৱা চুলিৰে পকা মধুৰিআম যেন তাৰ এই কণমানী ককায়েকটোলৈ মৰম লাগি যায় । সকলো কথাতেই প্ৰশ্ন সৃষ্টি কৰিব পাৰে সি । প্ৰতিটো ক্ষেত্ৰতে ৰৈ যায় তাৰ খু-দুৱনি ।
  "আমাৰ ৰাজ্যৰ প্ৰজাবোৰৰ শান্তি-প্ৰগতি বাবে আৰু আনৰ আক্ৰমনৰ পৰা তেওঁলোকক সুৰক্ষা দিবলৈ চাওফাৰ প্ৰয়োজন । কিন্তু মনত ৰাখিবা, প্ৰজাৰ বাবেহে ৰজা । ৰজাৰ বাবে প্ৰজা আপোন ভাই-ভনীৰ সমান । চাওফা হ'বলৈ বুদ্ধি লাগিব, সাহস লাগিব, শিক্ষা লাগিব, জ্ঞান লাগিব আৰু লাগিব মানৱীয় গুণ । যদিও ক্ষত্ৰিয় হিচাপে আমি যুদ্ধ-বিগ্ৰহক প্ৰাধান্য দিওঁ‌ তথাপি যিমান দূৰ সম্ভৱ যুদ্ধৰ পৰা আঁ‌তৰি থাকিব লাগে । যুদ্ধৰ শেষত শান্তি আহিলেও সেই শান্তিত মিহলি হৈ থাকে নিজৰ প্ৰজা, নিজৰ ভাই-ককাইৰে তেজৰ চেঁ‌কুৰা । যুদ্ধ মানেই ধ্বংসৰ কিৰিলি, তেজৰ ফাকুখেলা । তেজৰ বিনিময়ত অহা শান্তিয়ে জানো মনৰ সুখ দিয়ে পী চাই খান ফা ?" ---- আবেলি আবেলি পুখুৰীৰ পাৰত ফুৰিবলৈ যাওঁ‌তে ছ্যু-কা-ফাই কণমানী ককায়েকৰ মনৰ খু-দুৱনিবোৰ মাৰিবলৈ যত্ন কৰে ।
    ষোল্ল বছৰীয়া ছ্যুকাফা ঘোঁৰাত উঠি নগৰ ফুৰিবলৈ যায় । লগত দহ বছৰীয়া ছ্যু-খান-ফা, আঠ বছৰীয়া চাম লুঙ ফা । প্ৰজাই মূৰ দোঁ‌ৱাই অভিবাদন জনায় । খান-ফাৰ মুখত জিলিকি উঠে ৰাজকীয় অহংকাৰ । গৈ গৈ সকলো নাম-মাও উপত্যকাৰ চিৰসেউজ অৰণ্যত সোমাই পৰে সেউজীয়াৰ মাজত । প্ৰাণভৰি উশাহ লয় ছ্যু-কা-ফাই । মন মগজুত ভৰাই লয় বনফুলৰ সুবাস ।
    "তোক যদি মঙ-মিতত তোৰ ককায়েৰ দুজনে ৰাজ্যৰ ভাগ নিদিয়ে তই কি কৰিবি ছ্যু ?" --- সেউজীয়া ফালি বনফুলৰ সুবাসত ভাঁ‌হি আহে এনায়েকৰ মাত ।
    ম'হুং পণ্ডিতৰ ওচৰত সেইদিনাৰ পাঠ সম্পূৰ্ণ কৰি আহি ছ্যুই এনায়েকৰ ওচৰত তাঁ‌তশালত বহিছিল । ম'হুঙে ছ্যুক পু-লান-চি, পু-চন-লান, লান-খিন-পু আদিৰ পাঠ শিকাইছে । তাই-বেতৰ পঞ্চ-প্ৰতিজ্ঞা বুজাইছে । 
   "চাই চাও মিৰু তাই । মিৰীতঙুন আও দাই । থুন নাং মি খুম লাউ । মি খুম বা থই । হুই মি ছুত কাউ । ---- বিনা কাৰণত জীৱহত্যা নকৰো । দুৰ্বল আৰু নাৰীৰ ওপৰত অত্যাচাৰ নকৰো । মিছা নকওঁ‌ । নাখাবলগীয়া বস্তু মুখত নিদিও ।" --- ছ্যুৱে পঞ্চ-প্ৰতিজ্ঞা এনায়েকৰ সন্মুখত আওঁ‌ৰাইছিল । সি কৈ গৈছিল ম'হুং আৰু কুন তাং ম্যুং কুন খী ফাই ম্যুং ফাই বানসকলৰ মুখত শুনা পশ্চিমৰ ৱৈছালি দেশৰ অদ্ভুত মানুহৰ অদ্ভুত কথাবোৰ ! শকুনি নামৰ মানুহ এটাই কেনেকৈ মাক দেউতাকৰ হাঁ‌ড়ৰ পাশা খেলিয়েই শেষ কৰিছিল একোটা জাতি-কুল ! কেনেকৈ ককায়েকে ভায়েকৰ লগত যুঁ‌জিছিল এটুকুৰা মাটিৰ বাবে !!
    সৰুৰে পৰা এনায়েকে লক্ষ্য কৰি আছে এই নাতিয়েকটোক । মৰম লগা নাতিয়েকৰ সুকোমলত মুখত যেন জিলিকি উঠে হেজাৰ সূৰ্য্য ! চকুত জিলিকি থাকে অযুত নক্ষত্ৰ ! মাও-লুঙত তাৰ স্থান নাই এই কথা জনাৰ পিছতো তাৰ মনত কেতিয়াও জাগি উঠা নাই নে প্ৰশ্ন !
    "মোক যদি ৰাজ্য নিদিয়ে নালাগে । যুদ্ধ জিনি চাওফা হোৱাৰ হেঁ‌পাহ মোৰ নাই । ককাই-ভাইৰ তেজেৰে দেশৰ মাটিত সীমা বহুৱাই প্ৰজাৰ ওপৰত বহি ৰজা হোৱাটো মই সমৰ্থন নকৰো এনাই । মই প্ৰজাৰ মাজত থাকি প্ৰজাৰ হকে কাম কৰিব বিচাৰো । এইখন উপত্যকাত যদি মোৰ স্থান নাই মই গৈ থাকিম ভটিয়ায় । বেলি শুই পৰা ঠাইখন চাবৰ মোৰ বৰ মন আছে । তাতেই সাজিমগৈ গাওঁ এখন । খেতি কৰিম, গৰু-গাহৰি পুহিম, মুগা পুহিম…নিজৰ ৰাজ্য গঢ়িম । ককাইদেউহঁ‌ত শান্তিত থাকক মাথোঁ‌ ।" --- নাতিয়েকৰ উত্তৰত চকু সেমেকি উঠিছিল বৃদ্ধা এনায়েকৰ । ইমান বিশাল তাৰ মনটো ! ছ্যুৱে দেখিছিল এনায়েকৰ হাঁ‌হিৰ মাজত লুকাই থকা বিষাদবোৰ ।    
    চিপাহীকেইজনৰ সতে চিকাৰৰ আনন্দত কিৰিলিয়াই উঠে চাম লুঙ ফা । ইমান সৰুতেই ধনুবিদ্যাত ভীষণ নিপুন তাৰ কণমানী দুহাত ! সেউজীয়া অৰণ্যত মৃত্যুৰ উদযাপন ! উশাহত তেজৰ গোন্ধ !

   "বেলিটো ৰাতিপুৱা য'ৰ পৰা উঠি আহে  তাৰ পৰাই ওলাইছে নাম মাও নৈ, গৈ গৈ বেলি ডুবাৰ দেশত সাগৰ হৈছেগৈ । বিশাল সাগৰ, যাৰ গভীৰতা জুখিব নোৱাৰি ।" --- কাইলৈ ছ্যুকাফা যাবগৈ পিতৃগৃহলৈ, মঙ-মিতলৈ, একেবাৰে । নিজৰ দুই পী চাইৰ কাষলৈ । মঙ-মিতখন তিনি পুত্ৰৰ মাজত ভগাই দি বৃদ্ধ পিতৃয়ে সামৰিব বিচাৰিছে নিজৰ দায়িত্ব । আজি শেষ বাৰৰ বাবে মাও লুঙত কটোৱা ওঠৰবছৰীয়া জীৱনটো ছ্যুকাফাই ৰৈ ৰৈ চাইছে । চিনাকি গছবোৰ, শিলত কটা ভাস্কৰ্যবোৰ, ফুলবোৰ…চুই চুই যেন বিদায় জনাইছে সি ! শেষ বাৰৰ বাবে একেলগে খোজ কাঢ়িছে খান ফা আৰু চাম লুঙে সিহঁততকৈ ডাঙৰ ভায়েকটোৰ সতে ।
    খান-ফাক সাগৰৰ কথা কওঁতে ছ্যুৰ মনত ভাঁ‌হি উঠিছিল সেই চকুযোৰ । পৃথিৱীৰ সমস্ত আবেগ অনুভূতি ডুব গৈ তৰা হৈ জিলিকি উঠা সেই চকুযোৰ । সাগৰৰ দৰেই গভীৰ সেই নয়নযুৰি…!
   মাও লুঙৰ ৰাজধানী চেংচে নগৰৰ ভীৰত হেৰাই যোৱা সেই চকুযোৰ বহুদিন বিচাৰি ফুৰিছিল ছ্যুকাফাই । যৌৱনৰ প্ৰাকক্ষণত জাগি উঠিছিল আদিম হেঁ‌পাহ ! ৰজাঘৰীয়া বান্ধোনৰ শিকলি চিঙি ছ্যুকাফা গুচি যাব বিচাৰিছিল চকুযোৰৰ ঠিকনা বিচাৰি । প্ৰজাই ভাবে ৰজাঘৰীয়াৰ সমান সুখ নাই ক'তো ! সুখ কি বান্ধোনৰ মাজত থাকে ? সুখে কি কেৱল ভাল খোৱা আৰু পিন্ধাক চিনে ? সুখে জানো মনৰ খবৰ ৰাখে ? প্ৰজাই ভবাৰ দৰে সুখবোৰ কাৰেঙত সৰা হ'লে আজি ছ্যুই সেই দুচকুত চকু থৈ পঢ়িলেহেতেন কোনেও কোনোকালে নিলিখা কবিতাটো !
   ইকৰাৰ কলম লৈ সি পাট কাপোৰৰ পটত সযত্নে আঁ‌কিছিল সেই চকুযোৰ । চকুযোৰৰ পৰা চিঞাহী বিয়পী বৈ আহিছিল চকুপানী ! ইমান গভীৰ বিষাদ লুকাই আছিল নে সেই চকুযুৰিত (?)!
     "তুমি দেখুন কাইলৈ একেবাৰে যাবাগৈ ! কিন্তু এতিয়ালৈকেচোন নক'লাই পশ্চিমৰ সৌ পাহাৰটোৰ সিপাৰে কি আছে নং চাই ?" --- ছ্যু-কা-ফাই ইয়াৰ উত্তৰ দিব খোজা নাছিল । সৌ পশ্চিমৰ ভাতৃ সংঘাতক নাম মাও উপত্যকাত ঠাই দিব বিচৰা নাছিল । তাৰ এই কণমানী ককায়েক দুটা ডাঙৰ হৈ আহিছে । ফ্ৰা-ত্ৰাই নকৰক এদিন যদি ৱৈছালী দেশৰ ৰাজনীতিয়ে এই দেশ গ্ৰাহ কৰি লয় ! চানক্যৰ নীতিৰে যদি মাও লুঙৰ ভৱিষ্যতৰ চাওফা ছ্যু-খান-ফা সম্ৰাট অশোক হৈ উঠে ! কিদৰে অস্ত্ৰ তুলি ল'ব ছ্যু-কা-ফাই আপোন বংশজৰ বিৰূদ্ধে !
    "ম'হুং পণ্ডিতৰ ওচৰত পাঠ শিকিবলৈ গৈ আছা নহয় পী চাই, পণ্ডিতেই এদিন তোমাক দিব এইটো প্ৰশ্নৰ উত্তৰ । মোতকৈ ভালকৈ তেওঁহে জানে ।" --- খান-ফাৰ মুখমণ্ডলত জিলিকি উঠা সন্দেহৰ ভাৱ ছ্যু-কা-ফাৰ দৃষ্টিৰ পৰা সাৰি নগ'ল । স্পষ্টকৈ জিলিকি উঠিছিল অসন্তুষ্টি ।
    "ৰাউ মা কা কাই লুং, নং চাই ---- আমি বহুদূৰ আহিলো" --- চাম লুঙৰ মাতত ছ্যুই উভতি চালে । অলপ আঁ‌তৰতে ৰৈ গৈছিল খান ফা আৰু চিপাহী কেইজন । বেলি পাটত বহি শেষ হাঁ‌হি মাৰিছে নাম মাওৰ দাপোনত ।
     "উম, যাওঁ‌গৈ ব'লা !" -- ছ্যুই উভতিছিল ।
     পিছদিনা ওপজি পুৱাৰ বিদায়ৰ বেলিকাত মৃতকক উদ্দেশ্যি শলিতা জ্বলোৱা হৈছিল । এনায়েকে নিজ হাতে তৈয়াৰ কৰা লুক-লাও ছ্যুৰ ওঁ‌ঠত লগাই দিছিল । চেপি ৰখা বিষাদখিনি এনায়েকৰ চকুত জিলিকি উঠিছিল 'আই চিং লাউ' গোৱাৰ সময়ত…
    "চাও নুৰু চাও কা ঐ
     ফ্ৰা তু চিং ফং হুঙি ঐ
     ফ্ৰা লাই বেত ফ্ৰা পিন বেত
     ফ্ৰা ফুৰা তাৰা আলং চিকিয়া ৰাণী পান
     বয় মউ চাও কা ঐ
     চাও নুৰু চাও কা ঐ…" --- কাৰেঙৰ দেৱালবোৰেও যেন নিশব্দে উচুপি উঠিছিল, আই চিং লাউৰ কৰুণ সুৰৰ ৰাগিত !

     ৰাঙলী আভাৰ লাজুকীয়া হাঁ‌হি মাৰি ওলাই অহা বেলিটোক দেখি কেতিয়ানো পুঁ‌ৱতি তৰা লুকাল কেনিবা চাওফা ছ্যুকাফাই গমকে নাপালে । ৰাণী আই-মেৰ স্পৰ্শত হে ছ্যুকাফাই লক্ষ্য কৰিলে, কাৰেঙৰ বাহিৰে ভিতৰে পুৱাৰ ব্যস্ততা আৰম্ভ হৈ গৈছে ইতিমধ্যে ।
    "বঙৰহদেউ" --- সদ্যস্নাতা নাৰীৰ স্নিগ্ধ ৰূপ কিমান মোহনীয়া ছ্যুই আজিহে যেন দেখিলে ! কঁ‌পি উঠা দুই ওঁ‌ঠ ফালি ওলাই আহিছে বুকুৰ গভীৰৰ পৰা সেই শব্দ, --- "বঙহৰদেউ…আপোনাক বৰ অশান্ত যেন দেখাইছে । ৰাতি টোপনি নগ'লেই নেকি ?" ---  কন্ঠত আকুলতা । ডালিমবুলীয়া দুই ওঁ‌ঠৰ পৰা বগাই গৈ ছ্যুকাফাৰ চকু ৰৈ গ'ল নাঙ চঙ আই-মেৰ চিন্তাক্লিষ্ট দুচকুত ।
    "চকু থৈ চকুত এবাৰ
     ক'বা নেকি
     নুফুলা ফুলৰ ইতিকথা
     ----------------------
     হাতত থৈ হাত
     উশাহত নিশাহ
     কোৱাচোন এবাৰ
     দুচকুৰ গভীৰতাত লুকাই থকা
     হাতীপতিৰ কথা…!" --- মাও-লুঙৰ এৰি অহা দিনবোৰৰ পৰা সেই চকুযোৰ চকু ভাঁ‌হি আহি একাকাৰ হৈ যায় আই মেৰ দুচকুত ।
    "বঙহৰদেউ…!" --- চকুত চকু থৈ নাঙ চাঙ আই মেয়ে ছ্যু-কা-ফাৰ ভিতৰৰ যুদ্ধখন যেন চাব খুজিলে ।
    "…মাও লুঙৰ পৰা আহিবৰ বেলিকা এনায়ে মোক সমস্ত মৰমবোৰ উজাৰি দুটি উপহাৰ দি পথাইছিল । চুমদেউ আৰু চেঙদেউ…" --- ছ্যুকাফাই প্ৰিয়তমা পত্নী আই-মেৰ পৰা আৰু লুকুৱাই ৰাখিব নোৱাৰিলে বুকুৰ ভাৰ, "এনায়ে মোক চাওফা হোৱা চাব খুজিছিল । দুইজনা কুলদেৱতাৰ ৰক্ষাৰ ভাৰ সঁ‌পিছিল । কিন্তু আজি এই সংকটৰ সময়ত তেওঁ নাই, নিচাও নাই…! ভাল মানুহবোৰ বাৰু কিয় ইমান সোনকালে ঢুকায় !"  গধুৰ হৈ আহে ছ্যু-কা-ফাৰ কন্ঠ ।
    নয়-ছান-ফাক নৰা, ছ্যু-জত্-ফাক তাইপো আৰু ছ্যু-কা-ফাক মঙ-মিতৰ মূলখণ্ড দি তিনি ভাগত মঙ-মিতখন ভগাই চকু মুদিছিল চাওফা চাও ন্যেউৱে । তাৰ আগতেই ইহসংসাৰৰ পৰা বিদায় লৈছিল ছ্যুৰ এনায়েক আৰু মাও-লুঙৰ চাওফা নিচাওৱেক প্যামেউপুঙ । মাও-লুঙৰ নাং ছ্যং নাং ম্যুঙত বহিল ছ্যু-খান-ফা । সেনাপতি হ'ল চাম্-লুঙ-ফা ।
    "যেতিয়ালৈকে আকাশ মাটি নহয়, মাটি পানী নহয়, কাউৰী বগা নহয়, বগলী ক'লা নহয়, যেতিয়ালৈকে বৰশিল পানী নোপঙে তেতিয়ালৈকে থাকিম পী-নঙ হৈ" --- ছ্যু-কা-ফাই শপত লৈছিল এনায়েক নিচাওৱেকৰ সন্মুখত তাক মাও-লুঙৰ পৰা আনিবলৈ যোৱা নয়-ছান-ফা, ছ্যু-জত্-ফা আৰু ছ্যু-খান-ফা, চাম্-লুঙ-ফাৰ সতে, আই চিং লাউৰ শেষত; ফ্ৰা-ত্ৰাক সাক্ষী কৰি ।
    আজি সেই ছ্যু-খান-ফায়েই মাও-লুঙৰ সীমা বিস্তাৰৰ বাবে যুদ্ধ ঘোষণা কৰিছে আপোন পী-নঙৰ বিৰূদ্ধে ! চাম্-লুঙ-ফাৰ নেতৃত্বত অহা বিশাল সেনাই তেজৰ গোন্ধ বিয়পাই আহি আছে  মঙ-মিত অভিমুখে । তাইপো আক্ৰমন কৰি হত্যা কৰিলে চাওফা ছ্যু-জত-ফাক ! নাই, ছ্যু-কা-ফা আৰু থাকিব নোৱাৰে এই দেশত । এই মাটিৰ কোঁ‌হে কোঁ‌হে আপোন ভাই-ককাইৰ তেজ, প্ৰজাৰ চকুলো । নিজৰ স্বকীয়তা এৰি ৱৈছালীৰ ৰাজনীতিৰ আদৰ্শত চলিবলৈ আৰম্ভ কৰা নাম মাও উপত্যকাত এতিয়া বাজি উঠিছে গৃহযুদ্ধৰ দমদমা । এডোখৰ মাটিৰ বাবে ককায়েকে ভায়েকৰ বুকুত হেংদান বহাবলৈও কুন্ঠাবোধ নাই কৰা এবাৰলৈও কঁ‌পি উঠা নাই দুহাত !
    এই দেশ এৰি গুচি যাব সি পশ্চিমৰ ফাললৈ । চাবগৈ ককাই-ভাইৰ তেজেৰে ৰাঙলী হোৱা দেশখনত কিদৰে জীয়াই আছে প্ৰজা । কেনেকুৱা বৰ্তমান তাৰ ৰজা । ৰাজতন্ত্ৰৰ উন্মাদ বাসনাৰ বলি হোৱা অজস্ৰ প্ৰজাৰ বাবে হাঁ‌হাকাৰ কৰি উঠে ছ্যুকাফাৰ হিয়া ।
     "যেতিয়ালৈকে আকাশ মাটি ………থাকিম পী-নঙ হৈ" --- এনায়েকে ছ্যুক বুকুত সাবটি শেষ বাৰৰ বাবে চুমা খাইছিল । আশীৰ্বাদ দিছিল ।
    "আনে এই শপত বাক্য পালন কৰে বা নকৰে নাজানো । কিন্তু তই পাৰিবি…, পাৰিব লাগিব ছ্যু !" --- তামোলৰ পাক উঠা ৰাঙলী পিকেৰে ৰঙা হোৱা এনায়েকৰ ওঁ‌ঠৰ দাগ ছ্যু কপালত পশ্চিমৰ বেলি যেন জিলিকি উঠিছিল ।
    "মঙ-মিত-কুপ-ক্লিং-নঙত মই আৰু থাকিব নোৱাৰিম । নিজৰ তেজৰ বিৰূদ্ধে হেংদান উঠাই নিজৰ বংশৰ তেজেৰে দেশৰ মাটি ভিজাই সীমা ৰক্ষাৰ কথাষাৰ মনে চোন সমৰ্থন নকৰে । এনে অৱস্থাত কি কৰোঁ মই তুমিয়েই কোৱাচোন ?" --- ছ্যুকাফাই মনৰ কথাষাৰ নাঙ চাঙ আই মেৰ সন্মুখত ব্যক্ত কৰিলে । 
    ৰাণীয়ে ক্ষন্তেক সময় ছ্যুকাফাৰ ৰঙা হৈ উঠা দুচকুৰ গভীৰতালৈ জুমি চালে আৰু আশ্বাসৰ হাঁ‌হিৰে দুগাল পুটুকা পেলাই ক'লে, ---- "যদি বঙহৰদেৱে মোৰ ৰায় বিচাৰিছে তেনে ক'ব বিচাৰিম যে এই কথাখিনি আপুনি থাও-মঙ-বান-ৰুই আৰু থান-মঙ-কং-ঙানৰ সতে এবাৰ অকলে আলোচনা কৰা ভাল হ'ব । যিহেতু মাকে পোৱালিক পাখিৰে আৱৰি ৰখাৰ দৰে সকলো প্ৰজাকে নিজ সন্তানৰ দৰে সংকটৰ সময়ত আৱৰি ৰখাটো ৰজাৰ দায়িত্ব । আপোনাৰ চিন্তা অমূলক নহয় । প্ৰজাই নিশ্চয় আপোনাৰ সিদ্ধান্তক আকোঁ‌ৱালী ল'ব । ময়ো ব্যক্তিগত ভাবে এনে ঠাইত থাকিব নিবিচাৰিম য'ৰ বতাহত বঙহৰ তেজৰ গোন্ধ ভাঁ‌হি থাকে ।"
    ছ্যু-কা-ফাই আবেলি সময়ত আছুতীয়া কোঠাত দুই মন্ত্ৰীৰ সতে আলোচনাত বহিল । মঙ-মিত এৰি নতুন ঠাইত ৰাজ্য স্থাপনৰ কথাটো মন্ত্ৰীদ্বয়ে সমৰ্থন কৰিলে । পশ্চিমৰ ফালৰ পৰা অহা কুন ম্যুং নক এজনৰ সহায়ত পাট কাপোৰৰ পটত মেপ অংকন কৰা হ'ল । পিছদিনা বৰমেল চপাই প্ৰজাৰ মাজত ৰাজকীয় সিদ্ধান্ত প্ৰচাৰ কৰা হ'ল । প্ৰজাই আনন্দত কিৰিলি পাৰি উঠিল । চাওফা ছ্যু-কা-ফাৰ দৰেই তেওঁৰ প্ৰজাগণ শান্তি প্ৰিয় । বঙহৰ তেজ পি মনৰ পিয়াহ মাৰ নিয়াব নোৱাৰে তেওঁলোকে ।
    যুদ্ধংদেহি প্ৰস্তুতিৰে সকলোৱে নিজৰ নিজৰ প্ৰয়োজনীয় সা-সামগ্ৰী, শুকান খোৱা বস্তু, নিব পৰা লাম লাকটু আদি বান্ধি দুদিনৰ ভিতৰতে সাজু হ'ল যাত্ৰাৰ বাবে । নৰা ৰাজ্যৰ চাওফা পী চাই নয় ছান ফালৈ খবৰ পঠিওৱা হ'ল । যাত্ৰা পথৰ বাকীবোৰ আয়োজন তেওঁ কৰি ৰাখিব । 
    ব্লক ৰাম, নীঙ ছি, নাঙ তিউ, পাত ম্যুঙ আদি ফুলেৰে আমোল-মোলাই আছে কাৰেঙৰ বাগিছা । ছ্যু-কা-ফা সোমাই লাহে লাহে সোমাই গ'ল বাগিছাৰ মাজলৈ । অস্তাচলত আবেলিৰ বেলি । সোণালী আভাৰে জিলিকি শেষ হাঁ‌হি মাৰিছে সূৰ্য্যমূখী -- ব্লক নীঙ ছি কেইজোপাই । ফুলে ফুলে ভোমোৰা, মৌ-মাখিৰ গুঞ্জন । এপাহ এৰি আনপাহত বহিছে নানা ৰঙী পখিলাই । মৃদু বতাহত ডেউকা মেলি দিছে ভিন ভিন ফুলৰ সুবাসে । ছ্যু-কা-ফাই চকু মুদি দীঘলকৈ উশাহ ল'লে । মহন, দেউধাই সকলে মঙল চাই নিশাৰ চতুৰ্থ প্ৰহৰত যাত্ৰাৰ বাবে সময় ঠিক কৰিছে । বা-বিষয়াকে ধৰি হাজাৰ হাজাৰ প্ৰজা, সৈনিক… সকলোবোৰ উলহ-মালহেৰে সাজু হৈছে । চাৰিওফালে এক ব্যস্ত পৰিবেশ ।
    কোলাহলৰ পৰা আঁ‌তৰত বাগিছাৰ এই নিৰিবিলি ঠাইকণ ছ্যুৰ সদায়েই প্ৰিয় আছিল । বিভিন্ন সমস্যাবোৰ এই ঠাইকণতে আহি বিশ্লেষণ কৰিছিল । মালীৰ হতুৱাই এই বহা ঠাইকণত ব্লক পাত ম্যুঙ --- পাৰিজাত কেইজোপামান ৰুৱাইছিল । কলিয়াইছিল ফুল দুপাহমান । ছ্যু-কা-ফাই কলি এটা চিঙি ল'লে । ফুলো ফুলোকৈ নুফুলা ফুলৰ কলিটো হাতৰ মুঠিত ককবকাই উঠিল । ছ্যুৰ এনায়েকৰ মুখখনলৈ মনত পৰি গ'ল । ছ্যু-খান-ফাৰ জন্মৰ সময়তো বাৰু এনেকৈয়ে ছটফটাই উঠিছিল নেকি তেওঁ…?!
    এই মুহূৰ্তত এনায়েকৰ বুকুৰ উমত সোমাই আকৌ এবাৰ ফেঁ‌কুৰি উঠিবৰ মন গ'ল চাওফা ছ্যু-কা-ফাৰ…অকণমানী ছ্যু হৈ…।

 
শব্দাৰ্থঃ
  চাওফা = ৰজা, (চাওফা ছ্যুকাফাই মুং দ্যুং চুন খামলৈ অহাৰ পিছত প্ৰজাই স্বৰ্গদেউ বুলি অভিহিত কৰিছিল, চাওলুং = স্বৰ্গদেউ । তাৰ আগলৈকে তেওঁ চাওফাহে আছিল ।)
   এনায় = মাকৰ মাক
   পুথাও = মাকৰ দেউতাক
   নিচাও = মাক বা দেউতাকৰ ককায়েক
   এপাদেউ = মাক বা দেউতাকৰ বৌৱেক বা বায়েক
    পী-চাই = ককাইদেউ/দাদা
    পী-ছাউ = বাইদেউ
     নং-চাই = ভাই/ভাইটি
     পী-নং = ককাই-ভাই
     ফ্ৰা-ত্ৰা = আৰাধ্য দেৱতা
    আই-ছিং-লাও = প্ৰাৰ্থনা


(প্ৰকাশিতঃ অন্যযুগ, জানুৱাৰী ২০১৯)

Bikash Dihingia

স্বপ্ন ৰাজ্যত বাস কৰা মই এটা ভৱিষ্যতহীন নষ্ট ল'ৰা । আফুঘাটঃ The Forbbiden Kingdom মোৰ ঠিকনা । মই মানুহৰ শৰীৰত অমানুহ এটা !

2 Comments

Previous Post Next Post